অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ভাল কলেষ্টেৰল বেয়া কলেষ্টেৰেল

ভাল কলেষ্টেৰল বেয়া কলেষ্টেৰেল

 

চৰ্বি বা কলেষ্টেৰল বুলি ক’লেই আমাৰ মনত শংকা বা ভয়ৰ সৃষ্টি হয়।অথচ খাদ্যৰ আন আন উপাদান,যেনে-কাৰ্বোহাইট্ৰেড,প্ৰ’টিন,ভিটামিন,মিনাৰেলৰ নিচিনা কলেষ্টেৰলো আমাৰ শৰীৰৰ বাবে অত্যন্ত প্ৰয়োজনীয়।কলেষ্টেৰল হৈছে আমাৰ শৰীৰৰ কোষবোৰৰ অত্যন্ত প্ৰয়োজনীয়,এক অংশ।কিন্তু এই কলেষ্টেৰলৰ পৰিমাণ যেতিয়া বেছি হৈ যায় তেতিয়া নানান ধৰণৰ বেমাৰৰ উপসৰ্গই দেখা দিয়ে।সেয়েহে তেজত কলেষ্টেৰলৰ পৰিমাণ সীমিত সীমাৰ ভিতৰত থকাটো সুস্থ শৰীৰৰ বাবে খুবেই প্ৰয়োজনীয়।

কি কি খাদ্য খালে কলেষ্টেৰল কমি যায়

 

ওট,বাৰ্লি,বীন,বেঙেনা আদি উদ্ভিদৰ পৰা পোৱা তেল যেনে কেনোলা,ছানফ্লাৱাৰ,ছে’ফ্লাবাৰ,সেউজীয়া শাক-পাচলি,ফল-মুল যেনে ষ্ট্ৰেবেৰী,আপেল,আপেল,আঙুৰ আদি খালে কলেষ্টেৰলৰ পৰিমাণ কমি থাকে।ছয়াবিন,চৰ্বিজাতীয় মাছ ইত্যাদি খালেও মানুহৰ শৰীৰত বেয়া কলেষ্টেৰল কমে আৰু ভাল কলেষ্টেৰল বৃদ্ধি হয়।মাছৰ তেলত ওমেগা ফেটী এচিড নামৰ এবিধ পদাৰ্থ থাকে।এই ওমেগা ফেটী এচিড হৃদযন্ত্ৰৰ বাবে খুব উপকাৰী।

কেনে ধৰণৰ খাদ্য খালে কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হয়?

 

ৰেড মীট,অৰ্থাৎ ৰঙা মাংস যেনে ছাগলী,ভেড়া ,গৰু,গাহৰি,ঘোঁৰা ইত্যাদিৰ মাংস খালে আমাৰ তেজত চৰ্বিৰ পৰিমাণ বাঢ়ি যায়।কণীৰ কুহুম,দুগ্ধজাতীয় সামগ্ৰী যেনে ঘিউ,বাটাৰ,চীজ,ফাষ্টফুড,যেনে-চাওমিন,ৰোল ইত্যাদি স্বাস্থ্যৰ পক্ষে হানিকাৰক।কেক,পেষ্ট্ৰি,চকলেট,আইচক্ৰীম,শীতল পানীয় যেনে-কোকা-কোলা,পেপছি আদি খালেও বেয়া কলেষ্টৰেল বাঢ়ি যায়।

ভাল কলেষ্টেৰল আৰু বেয়া কলেষ্টেৰল মানেনো কি?

 

চৰ্বি বা কলেষ্টেৰল নোহোৱাকৈ মানুহৰ কোনো কোষৰ গঠন নহয়,ই আমাৰ শৰীৰৰ এটা অবিচ্ছেদ্য অংশ।কলেষ্টেৰল দুই ধৰণৰ থাকে।যেনে-এল ডি এল (LDL),ভি এল ডি এল (VLDL),ট্ৰাইগ্লিচাৰাইড (JRY glyceride tel)আদি হৈছে বেয়া কলেষ্টেৰল।আনহাতে এইচ ডি এল(HDL) হৈছে ভাল কলেষ্টেৰল।

কিহৰ কাৰণে তেজত কলেষ্টেৰল বেছি হয়-

 

বয়স বাঢ়ি যোৱাৰ লগে লগে মানুহৰ শৰীৰত কলেষ্টেৰলৰ পৰিমাণ বাঢ়ি যায়।কিছুমান মানুহৰ জিনৰ বিসংগতি বা বংশগত কাৰণতো কলেষ্টেৰলৰ পৰিমাণ বেছি থাকে।শাৰীৰিক পৰিশ্ৰমৰ অভাৱ বা অত্যাধিক মাংস-দুগ্ধজাতীয় সামগ্ৰী খালে কলেষ্টেৰলৰ পৰিমাণ বাঢ়ি যায়।ধুমপান কৰা,ধঁপাত সেৱন কৰা আৰু মদ্যপান কৰাও হৈছে কলেষ্টেৰল বৃদ্ধি হোৱাৰ অন্যতম কাৰণ।

কলেষ্টেৰলৰ পৰিমাণ বেছি থাকিলে শৰীৰৰ কি কি বেমাৰ হোৱাৰ সম্ভাৱনা থাকে?

 

আমাৰ তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধি হ’ল লাহে লাহে ই শৰীৰৰ অন্যান্য অংগত জমা হ’বলৈ ধৰে আৰু তাৰ ফলত নানা বেমাৰৰ উৎপত্তি হয়।যেনে-আমাৰ হাৰ্টৰ কৰ’নেৰী ধমনীত চৰ্বি জমা হ’লে মানুহৰ হাৰ্ট এটেক হ’ব পাৰে।মগজুৰ ধমনীত কলেষ্টেৰল জমা হ’লে ষ্ট্ৰোক হোৱাৰ সম্ভাৱনা থাকে।আনহাতে লিভাৰ আৰু অগ্ন্যাশয়,অৰ্থাৎ পেনক্ৰিয়াচত চৰ্বি জমা হ’লে পেটৰ নানান সমস্যাই দেখা দিয়ে।উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছৰ লগত কলেষ্টেৰল ওতপ্ৰোতভাৱে জড়িত।

হৃদযন্ত্ৰৰ ধমনীত কলেষ্টেৰল জমা হৈছে নে নাই তাক চাবলৈ কি কি পৰীক্ষা কৰিব লাগে?

সামান্য পৰিমাণৰ কলেষ্টেৰল জমা হ’লে মানুহজনৰ একো লক্ষণ নাথাকে।যদি মানুহজনৰ বেছি পৰিমাণৰ চৰ্বি জমা হয়,তেন্তে মানুহজনৰ খোজ কাঢ়োতে বুকুৰ বিষ,ভাগৰ লগা,হৃদস্পন্দন বাঢ়ি যোৱা ইত্যাদি লক্ষণে দেখা দিব পাৰে।তেনে ক্ষেত্ৰত চিকিৎসকে প্ৰথম অৱস্থাত ট্ৰেড মিল ষ্টেণ্ট,অৰ্থাৎ TMT পৰীক্ষা কৰাবলৈ পৰামৰ্শ দিয়া হয়।যদিহে টি এম টি টেষ্ট পজিতিভ হয়,তেন্তে মানুহজনৰ কৰ’নেৰী ধমনীত চৰ্বি জমা হোৱাৰ সম্ভাৱনা বেছি থাকে।তেনে ক্ষেত্ৰত তাক ধৰা পেলাবলৈ কৰ’নেৰী এঞ্জিঅ’গ্ৰাফী কৰাব লাগে।

কৰ’নেৰী এঞ্জিঅ’গ্ৰাফীৰ দ্বাৰা মানুহৰ হৃদযন্ত্ৰৰ কেইডাল কৰ’নেৰী ধমনী সংকুচিত হৈছে বা কিমান শতাংশ সংকুচিত হৈছে তাৰ সম্পুৰ্ণ তথ্য লাভ কৰিব পাৰি।

কলেষ্টেৰল পৰীক্ষা কৰাৰ আগতে কি কি প্ৰস্তুতি ল’ব লাগে?

 

তেজত কলেষ্টেৰলৰ পৰিমাণ জানিবলৈ আমি ফাষ্টিং লিপিড প্ৰ’ফাইল টেষ্ট কৰাব লাগে।এই পৰীক্ষা খালী পেটত থাকি তেজৰ নমুনা প্ৰদান কৰিব লাগে আৰু আগদিনাৰ নিশাৰ পৰা নমুনা দিয়াৰ দিনাখন ৰাতিপুৱালৈকে অন্তত: ৮ ঘণ্টা পানীৰ বাহিৰে একো আহাৰ গ্ৰহণ কৰিব নালাগে।তেজৰ নমুনা দিয়াৰ আগদিনাখন ৰাতি পৰাপক্ষত ফাষ্ট ফুড,মাংস,কণী,মদ বা অন্য নিচাজাতীয় সামগ্ৰী সেৱন কৰিব নালাগে।ফাষ্টিং লিপিড প্ৰ’ফাইলত (সম্পুৰ্ণ) বা টোটেল কলেষ্টেৰল,এল ডি এল,ডি এল ডি এল,ট্ৰাইগ্লিচাৰাইড আৰু এইচ ডি এলৰ পৰিমাণ পৰীক্ষাৰ দ্বাৰা নিৰ্ধাৰণ কৰা হয়।

কলেষ্টেৰল হ্ৰাস কৰাবলৈ কেতিয়া দৰব ব্যৱহাৰ কৰিব লাগে

 

মানুহৰ তেজত কলেষ্টেৰলৰ পৰিমাণ বেছি থাকিলেও সকলো সময়তে ঔষধৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন নাথাকে।প্ৰথম অৱস্থাত খাদ্যাভ্যাসৰ পৰিৱৰ্তন কৰি বা শাৰীৰিক পৰিশ্ৰম বৃদ্ধি কৰি ইয়াক সাধাৰণ অৱস্থালৈ অনাৰ চেষ্টা কৰিব লাগে।তাৰ পিছতো যদি কলেষ্টেৰলৰ পৰিমাণ বহুত বেছি থাকে,যেনে-এল ডি এলৰ পৰিমাণ ১৯৫ মি: গ্ৰাম বা ততোধিক বেছি থাকে,ট্ৰাইগ্লিচাৰাইডৰ পৰিমাণ ৫০০ মি: গ্ৰামতকৈ বেছি থাকে বা অলপতে হাৰ্ট এটেক হৈ গৈছে বা হোৱাৰ সম্ভাৱনা আছে,তেনে ক্ষেত্ৰত দৰব ব্যৱহাৰ কৰাটো প্ৰয়োজনীয় ।মধুমেহ ৰোগত আক্ৰান্ত ৰোগীয়ে ৪০ বছৰ বয়সৰ পিছৰ পৰাই কলেষ্টেৰল হ্ৰাস কৰা দৰব ব্যৱহাৰ কৰাটো খুবেই প্ৰয়োজনীয়।

সম্পুৰ্ণ কলেষ্টেৰল

প্ৰয়োজনীয় সাধাৰণ

সামান্য বিসংগতি

বিপজ্জনক

টোটেল কলেষ্টেৰল

২০০

২০০-২৩৯

২৪০

LDL

১৩০

১৩০-১৫৯

১৬০

T6

২০০

২০০-৩৯৯

৪০০

এল ডি এল

৬০-১৩০ মিলিগ্ৰাম

১৩০-১৫৯

১৬০ তকৈ বেছি

ট্ৰাইগ্লিচাৰাইড

২০০ তকৈ কম

২০০-৩৯৯

২০০তকৈ বেছি

এইচ ডি এল

৬০

৩৫-৪৫

৩৫ তকৈ কম

পুৰুষৰ তুলনাত মহিলাৰ এইচ ডি এল ১০ মিলিগ্ৰাম বেছি থাকিব লাগে।

লেখক:ডা: বিপ্লৱ পাল (জি এনআৰ চি স্বাস্থ্য)

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate