স্বাস্থ্যৰক্ষাত কাজুবাদামৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। শৰীৰত উপকাৰী কলেষ্টেৰলৰ মাত্ৰা বৃদ্ধি কৰাৰ উপৰি অনেক গুণ আছে কাজুবাদামৰ। শেহতীয়া চেন্নাইৰ জাৰ্নেল অৱ নিউট্ৰিচনত প্ৰকাশ পোৱা তথ্য অনুসৰি নিতৌ এমুঠি কাজুবাদাম খোৱা লোকসকলৰ ৰক্তচাপ হ্ৰাস পায়। ইয়াৰ উপৰি কলন কৰ্কট প্ৰতিৰোধ কৰাতো সহায় কৰে কাজুবাদামে। প্ৰচুৰ পৰিমাণে কেলছিয়াম, মেগনেছিয়ামসমৃদ্ধ কাজুবাদামে হাড় মজবুত কৰাত যথেষ্ট পৰিমাণে সহায় কৰে। একেদৰে প্ৰচুৰ পৰিমাণে ভিটামিন থকাৰ ফলত এনিমিয়াকে ধৰি বহু ৰোগ প্ৰতিৰোধ কৰাৰ লগতে চুলি সুন্দৰ কৰে কাজুবাদামত থকা উপাদানে। গলব্লাডাৰ ষ্টোন প্ৰতিৰোধ, অতিৰিক্ত ওজন হ্ৰাস কৰা, টোপনি ভাল কৰাত গুৰুত্বপূৰ্ণ ভূমিকা আছে এই কাজুবাদামৰ।
উৎস: নিয়মীয়া বাৰ্তা