আপোনালোকৰ বহুতৰে প্ৰিয় খাদ্য ভেণ্ডিৰ বিষয়ে কিমান কথা আপুনি জানে বাৰু? সদায় দেখি থকা ভেণ্ডিৰ বৰণ সেউজীয়াৰ উপৰি ৰঙচুৱাও হ’ব পাৰে বুলি আপুনি জানেনে?
ভেণ্ডি ডায়েবেটিছ উপকাৰী বুলি হয়তো আপুনি শুনিছে। কিন্তু ভেণ্ডিৰ আৰু কি কি ঔষধি মাহাত্ম্য আছে জানেনে? ভেণ্ডিৰ কেতিয়াবা আচাৰ বা ছুপ বনাই খাইছেনে?
ভেণ্ডিৰ বৈজ্ঞানিক নাম হ’ল- Abelmoschus Esculentus Moench/Hibiscus Esculentis Linn.
বুৰঞ্জীত ভেণ্ডিৰ বিষয়ে পোৱা তথ্য: আজিকালি বিশ্বৰ প্ৰায়বোৰ ঠাইতেই উৎপাদন হোৱা ভেণ্ডিৰ প্ৰাথমিক উৎপত্তিস্থল সম্বন্ধে ঐকমত্য পোৱা নাযায়। কোনোৰ মতে দক্ষিণ আফ্ৰিকা, ইথিঅ’পিয়া, কোনোৰ মতে দক্ষিণ এছিয়া। আকৌ ১২১৬ চনত স্পেইনৰ পৰিব্ৰাজকে ইজিপ্ত আৰু ভুমধ্য সাগৰৰ পাৰৰ লোকসকলে ভেণ্ডিৰ খেতি কৰিছিল বুলি লিপিবদ্ধ কৰি থৈ গৈছে। ব্ৰাজিল, ৱেষ্টইণ্ডিজ, মেক্সিকো , আমেৰিকাৰ উত্তৰ অঞ্চললৈ কিছু পলমকৈ ভেণ্ডিৰ সঁচ যায়।
১০০ গ্ৰাম ভেণ্ডিত থাকে- শক্তি ৩০ কেলৰি, ডায়েটেৰী ফাইবাৰ ৩ গ্ৰাম, কাৰ্বোহাইড্ৰেট ৭ গ্ৰাম, প্ৰটিন ২ গ্ৰাম, ফেট ১০০ মিলিগ্ৰাম। পটাছিয়াম থাকে ২৯৯ মিলিগ্ৰাম, ছ’ডিয়াম ৭ মিলিগ্ৰাম, মেগনেছিয়াম ৫৭ মিলিগ্ৰাম, কেলচিয়াম ৮১ মিলিগ্ৰাম, ভিটামিন- কে ৫৩ মিলিগ্ৰাম, ভিটামিন চি ২১ মিলিগ্ৰাম। আন আন তত্ত্বসমুহ হ’ল-আইৰন, জিংক, মেংগানিজ, ফছফৰাছ, ভিটামিন-বি-৬, ভিটামিন-বি ১২, ভিটামিন এ, ভিটামিন-ডি আৰু ভিটামিন –ই। ইয়াত থকা এণ্টিঅক্সিডেণ্টসমুহ হ’ল-Quercetin, Catechin, Epicatechin, Procyanidin আৰু Rutin। ঘুলনশীল আৰু অঘুলনশীল (Insoluble) দুয়ো প্ৰকাৰৰ ডায়েটেৰী ফাইবাৰ ভেণ্ডিত থাকে। খাদ্য বিশেষজ্ঞসকলে সেয়ে ভেণ্ডিক পাক প্ৰণালীৰ বাবে অত্যন্ত লাগতিয়াল বুলি গণ্য কৰে। ভেণ্ডি কাটিলে বা কাটি পানীত অলপ সময় ডুবাই থ’লে ইয়াৰ পৰা আঠাৰ দৰে বিজলুৱা পিছল পানী (Mucilage) নিৰ্গত হয়। এই মিউচিলেজৰ বাবে পাক প্ৰণালী পিছলুৱা (Lubricated) হৈ থাকে, যাৰ ফলত মল নিষ্কাশন সহজ হয়।
প্ৰাচীন কালৰ পৰা নানান দেশত লোক বিশ্বাসমতে বিভিন্ন ৰোগৰ ক্ষেত্ৰত ভেণ্ডিক চিকিৎসাত ব্যৱহাৰ কৰি অহা হৈছে। তাৰে কিয়দাংশ তলত উল্লেখ কৰিলোঁ-
*ভাৰতবৰ্ষত হিন্দুসকলে এই সুগন্ধিযুক্ত ফলক শৰীৰ শীতল কৰা, পেটৰ বায়ু আঁতৰ কৰা আৰু শক্তিবৰ্ধক টনিক হিচাপে ব্যৱহাৰ কৰি আহিছে।
*ভিয়েটনামৰ আন্নান অঞ্চলত, দক্ষিণ আমেৰিকাৰ গুৱেনা আৰু কেৰিবিয়ান সাগৰৰ এণ্টিলিচ দ্বীপপুঞ্জত ভেণ্ডিক এণ্টিস্পাচম’ডিক্ আৰু শক্তিপ্ৰদ দ্ৰব্য বুলি গণ্য কৰা হয়।
*শ্বাস প্ৰণালীৰ ইনফ্লমেচন কমোৱাৰ ক্ষেত্ৰত ভেণ্ডিৰ ভুমিকাৰ হেতু ইয়াক ব্ৰ্ংকাইটিছ, ডিঙিৰ বিষ, কাহ আদিত দেশে দেশে প্ৰাচীন কালৰ পৰা ব্যৱহাৰ কৰা হৈ আহিছে।
*পাত আৰু ভেণ্ডি উতলাই শীতল কৰা ঘোল ব্যৱহৃত হৈ আহিছে জ্বৰ, বাত বিষ, ভেৰিক’জ ভেইন, প্ৰস্ৰাৱৰ সংক্ৰমণত।
*গনোৰিয়া, ছিফিলিছ আদি যৌন ব্যাধিৰ চিকিৎসাত প্ৰয়োগ কৰি অহা হৈছে।
*পাত আৰু সিদ্ধ কৰা গুটি মাংসপেশীৰ সংকোচন কমাবলৈ ব্যৱহৃত হয়।
*শিপা আৰু পাতৰ ৰস ঘাঁত প্ৰলেপ দি চিকিৎসা কৰা হয়।
*ভেণ্ডিৰ ৰস ডায়েৰীয়া, পেটৰ বিষ আৰু শৌচ কচাৰ চিকিৎসাত ব্যৱহৃত হৈ আহিছে।
*ছালৰ ৰোগ আৰু খজুৱতিত ভেণ্ডিৰ গুটি পিচি গাখীৰৰ সৈতে মিহলাই প্ৰয়োগ কৰি অহা হৈছে।
*বহুমুত্ৰৰ উপশম ঘটাবলৈ ভেণ্ডিৰ প্ৰয়োগ প্ৰাচীনকালৰ পৰা কৰি অহা হৈছে।
*প্ৰস্ৰাৱৰ সৈতে ‘ধাতু’ নিৰ্গত হোৱা ৰোগত কুমলীয়া ভেণ্ডি আৰু ভেণ্ডিৰ গুটি সেৱন কৰাৰ পৰামৰ্শ দিয়া হয়।
*শালমন, ঘামচিৰ চিকিৎসাত ভেণ্ডিৰ প্ৰয়োগ কৰি অহা হৈছে।
২০১১ চনৰ (Journal of Pharmacy $ Bioallied Sciences) ত প্ৰকাশিত তথ্য মতে ভেণ্ডিয়ে ডায়েবেটিছ নিয়ন্ত্ৰণ কৰে আৰু তেজৰ অপকাৰী কলেষ্টেৰল হ্ৰাস কৰে। ভেণ্ডিৰ গ্লাইচেমিক ইনডেক্স কম। সেইবাবেও ডায়েবেটিছ ৰোগীৰ বাবে ই নিৰাপদ খাদ্য। (দৈনিক দুটা ভেণ্ডি ডোখৰ ডোখৰ কৰি এটা আইনাৰ গিলাচৰ পানীত ৰাতিটো ডুবাই ৰাখক। গিলাচটো ঢাকি থ’ব। পুৱা চেকি লোৱা পানীখিনি খালি পেটত খাব। এনে কৰিলে দুসপ্তাহৰ পৰা সুফল লাভ কৰিবলৈ আৰম্ভ কৰিব। ভেণ্ডিত থকা ফাইবাৰ আৰু মিউচিলেজৰ বাবে পাক প্ৰণালীৰ পৰা কাৰ্বোহাইড্ৰেটৰ শোষণ ধীৰ গতিৰে হয়।
*ভেণ্ডিয়ে পাকস্থলীত হেলিকবেক্টৰ পাইলৰি বেক্টেৰিয়াক ক্ৰিয়া কৰাত বাধা প্ৰদান কৰে আৰু এইদৰে গেষ্ট্ৰাইটিছ ৰোধ কৰে।
*ভেণ্ডিয়ে কিডনীক সুৰক্ষা প্ৰদান কৰে। (Jiltin Medical Journel 2005)।
*ভেণ্ডিয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা অৰ্থাৎ ইমিউনিটী বঢ়ায়।
*গৰ্ভৱতী মহিলাৰ সন্তানৰ জন্মগত বিসংগতি (যেনে স্পাইনা বাইফিডা) ফলিক এচিডে ৰোধ কৰে।
*গৰ্ভৱতী মহিলাৰ শৌচ খোলোচা কৰিবৰ বাবে ভেণ্ডি হ’ল নিৰাপদ খাদ্য।
*ভেণ্ডিৰ এণ্টিঅক্সিডেণ্টসমুহে হৃদৰোগৰ পৰা সুৰক্ষা দিয়ে। ভেণ্ডিয়ে অপকাৰী কলেষ্টেৰল কমাই শৰীৰক ষ্ট্ৰ’কৰ পৰা সুৰক্ষা দিয়ে।
*ভেণ্ডিয়ে হজম শক্তি বঢ়ায়।
*ভেণ্ডিয়ে দৃষ্টিশক্তি বঢ়ায়।
*ভেণ্ডিয়ে উফি আঁতৰায়। চুলিৰ ৰং উজ্জ্বল কৰে।
*ভেণ্ডিত থকা ভিটামিন-চিয়ে ছালৰ উজ্জ্বলতা বঢ়ায়।
*ছাল আৰু চুলিৰ শুষ্কতা আঁতৰায়। ছানবাৰ্নত সুৰক্ষা দিয়ে।
*ভেণ্ডি হাঁপানী ৰোগ কম কৰাত সহায়ক।
*ভিটামিন-কেৰ উপস্থিতিয়ে হাড় শক্তিশালী কৰে আৰু তেজ গোট মৰা ক্ৰিয়া নিয়ন্ত্ৰণত ৰাখে।
*কল’নৰ কৰ্কট ৰোগ প্ৰতিৰোধ কৰে।
*নিয়মীয়াকৈ ভেণ্ডি খালে মেদবহুলতা হ্ৰাস হয়।
*এনিমিয়া ৰোধ কৰা কেইবাবিধো তত্ত্ব ভেণ্ডিত থাকে।
*লিউকোৰিয়াৰ ঘৰুৱা চিকিৎসাত ভেণ্ডি ডোখৰ ডোখৰকৈ কাটি ভালদৰে সিজাই মৌজোল মিহলাই খাবৰ পৰামৰ্শ দিয়া হয়।
মোখনিত এটি সৰু কথা ভেণ্ডিৰ সৰ্বোচ্চ গুণ পাবলৈ হ’লে ৰন্ধন যিমানে কমকৈ কৰে সিমানে ভাল।
ভেণ্ডি এবিধ নিৰাপদ পাচলি- শিশু আৰু গৰ্ভৱতী মহিলায়ো নিৰ্ভয়ে খাব পাৰে। থাইৰয়ডৰ অসুখত ভোগা ৰোগীয়ে পৰিহাৰ কৰা ভাল। ২০০৯ চনত প্ৰকাশিত ‘Journal of Phytology’ ৰ এটি প্ৰবন্ধত উল্লেখ কৰিছে যে প্ৰয়োগশালত মতা এন্দুৰৰ উৰ্বৰতা ভেণ্ডিয়ে সামান্য হ্ৰাস কৰা দেখা গৈছে।
লেখক: ডা: ভুপেন শইকীয়া (নিয়মীয়া বাৰ্তা )