মৌৰ বহুতো গুণ আছে। মৌৰ শুদ্ধতা জানিবলৈ হ’লে এগিলাচ পানী লৈ তাত এচামুচ মৌ দি চাব পাৰে। মৌচামুচ তললৈ গৈ তলিত বিয়পি পৰিলে সেয়া শুদ্ধ মৌ বুলি নিশ্চিত হ’ব। তদুপৰি হাতৰ তলুৱাত সামান্য চূণ লৈ তাত মৌ মিহলি কৰি মোহাৰি তাপ অনুভৱ কৰি শুদ্ধতা চোৱাৰো কিটিপ প্রচলিত।
মৌজোলত ফল শর্কৰা, দ্ৰাক্ষ শৰ্কৰা, ইক্ষু শৰ্কৰা, ক্ষাৰ, মাংসসাৰ, অম্লজ ০.৮% আৰু পানী ১৭% থাকে। খনিজ লৱন হিচাপে লো, চূণ, ছ’ডিয়াম, মেগনেছিয়াম, পটাছিয়াম আদিৰ লগতে ভিটামিন এ, ভিটামিন বি, ভিটামিন চি আৰু ভিটামিন কে থাকে। এশ গ্ৰাম মৌজোল, ছটা কণী, ছশ মিলিলিটাৰ গাখীৰ বা আঠশ গ্রাম মাংসৰ সমতুল্য। মৌ সিতাৰ পৰা মৌ মম, লিপষ্টিক পাল্টিটিক পলিচ, মালিচৰ তেল আদি তৈয়াৰ কৰা হয়। মৌ আঠাৰ পৰা এন্টিবায়’টিক তৈয়াৰ কৰি মানুহৰ বিভিন্ন ৰোগৰ চিকিৎসা কৰা হয়।ই প্ৰাণীৰ খাদ্য, কাৰণ মৌত প্ৰ'টিন বহুত থাকে। মবু অৱলেশ বিভিন্ন দেশত কেপচুল আকাৰত বজাৰত বিক্ৰী কৰা হয়। আনহাতে মৌ বিষ (venom) বৈজ্ঞানিকভাৱে আহৰণ কৰি মানুহৰ বাতবিষ, সিৰা ৰোগ, গাঁঠিৰ বিষ, বিভিন্ন ৰোগ উপশম হ’বৰ বা কেপচুল বা বেজীৰ দ্বাৰা বিষৰ চিকিৎসা কৰা হয়। মৌ বিষৰ এই চিকিৎসাক 'Apitherapy' বুলি কোৱা হয়। চীন দেশত জীৱন্ত মৌক বিন্ধিবলৈ দি চিকিৎসা কৰা হয় যাক Apipuncture বোলে। পিচে মৌমাখিৰ শুং যদি ছিঙি যায় তেতিয়া মৌ মৰি যায় বা আত্মঘাতী হয়। প্রতি এক মিলিলিটাৰ এনে বিষৰ মূল্য প্ৰায় আঠশৰ পৰা এএহেজাৰ টকা আন্তর্জাতিক বজাৰত।
মধুমেহ ৰোগীয়ে সামান্য মৌজোল নেমুৰস সানি খাব পাৰে। ইয়াত শর্কৰা বা চেনি খুব কম পৰিমাণে থাকে। পুৰণি কাহৰ পৰা সকাহ পাবলৈ মৌৰ লগত তুলসীৰ ৰস, আদা, জালুকৰ গুৰি দি খালে কাহ ভাল হয়।
লিখক: মনজিৎ তালুকদাৰ, সাদিন।