অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মধুফল অমিতা :

মধুফল অমিতা :

আমাৰ  সকলোৰে অতি চিনাকি এবিধ ফল হৈছে অমিতা। অমিতা সংস্কৃতমূলীয় শব্দ ‘অমৃত’ ৰ পৰা অহা। অমৃত শব্দই আকৌ অমৰ সুধাৰ উপৰি সুমিষ্ট খাদ্যকো বুজায়। আমাৰ অমিতাও হৈছে এবিধ ফল। ইয়াৰ সোৱাদ পকা অৱস্থাত মিঠা হোৱাৰ হেতুকেই হয়তো নামনি অসমৰ ফালে ইয়াক মধুফল, মইধফল আদি নামেৰেও বুজোৱা হয়। ইংৰাজীত ইয়াক  Papow,Papaya  আদি শব্দৰে আৰু বৈজ্ঞানিকভাৱে Curica Papaya  নামেৰে জনা যায়।

অমিতাক আমাৰ থলুৱা ফল যেন লাগিলেও বোলে ই অসমৰ থলুৱা ফল নহয়। আনকি আমাৰ দেশৰ কোনো ৰাজ্যৰে ই থলুৱা নহয় বুলি কোৱা হৈছে। ইয়াৰ আদিভূমি দক্ষিণ আমেৰিকাহে, য’ৰ পৰা প্ৰায় ৪,০০০ বছৰ পূৰ্বে কোনো পৰ্তুগীজ লোকৰ দ্বাৰা আমদানি ঘটোৱা হৈছিল বুলি তথ্য পোৱা যায়। তাৰ পিছত অৱলীলাক্ৰমে হাত বাগৰি এদিন হয়তো ই অসমভূমি পালেহি। আৰু তাৰ পিছৰ পৰাই অসমৰ পৰ্বতে-ভৈয়ামে ইয়াৰ প্ৰচলনে প্ৰাধান্য পাবলৈ ধৰে। ইয়াৰ গছ বহুবৰ্ষজীৱী যদিও গুৰিত পানী জমা হোৱা ঠাই ইয়াৰ বৃদ্ধি হানিকাৰক হয়। ওখ, সাৰুৱা আৰু কিছু পৰিমাণ  বালিচহীয়া মাটি ইয়াৰ খেতিৰ বাবে উপযোগী। ইয়াৰ গছ ১-৩ মিটাৰমান দীঘল হয় আৰু প্ৰায় এবছৰৰ ভিতৰতে গছত ফল ওলাব ধৰে। বহু সময়ত গছত স্ত্ৰীপুষ্পৰ অভাৱত ফুল ওলালেও সেই ফুলৰ পৰা ফল নোলায়। কেতিয়াবা পলমকৈ তেনে গছত ফল ওলালেও সেই ফুলবোৰ আকাৰত ভালেখিনি সৰু হয়।

অমিতাক কেঁচা অথবা পকা- দুয়ো অৱস্থাতে খাব পাৰি। কেঁচা অমিতাক পাচলি আৰু পকা অমিতাক ফল হিচাপে বিভিন্ন উপায়েৰে খাব পাৰি। কেঁচা অৱস্থাত ভাজি, তৰকাৰি কৰি নতুবা খাৰৰ লগত খাৰুৱা কৰি খাব পৰা যায়। পকা ফল কাটি টুকুৰা কৰি, পিটিকি, চালাড কৰি নতুবা অন্য ফলৰ লগত মিহলায়ো খাব পাৰি। পকা অমিতাক মাহ-প্ৰসাদৰ লগত ফলাহৰ হিচাপে সকাম-নিকামতো ব্যৱহাৰ কৰা হয়। সম্ভৱত: ফলবিধ আমাৰ দেশৰ থলুৱা প্ৰকৃতিৰ নোহোৱাৰ হেতুকেই আমাৰ আয়ুৰ্বেদ শাস্ত্ৰত ইয়াৰ গুণ-গৰিমাৰ বিষয়ে সবিশেষ আলোচনা আদি পোৱা নাযায়। তথাপি আয়ুৰ্বেদীয় নিৰ্ঘণ্টকাৰসকলৰ মতে ইয়াৰ গুণ লঘু, ৰুক্ষ, তীক্ষ্ণ, কফ-বাতশামক, পিত্তশামক আৰু শক্তিবৰ্ধক হিচাপে পৰিগণিত বুলি উল্লেখ পোৱা যায়।

অমিতা এবিধ অতি পুষ্টিকাৰক খাদ্য। ইয়াৰ এশ গ্ৰাম দ্ৰব্যত পোৱা উপাদানবোৰ এনেধৰণৰ- পানী (৮৯ গ্ৰাম), প্ৰ’টিন (০.৮ গ্ৰাম), কাৰ্বহাইড্ৰেট (৯ গ্ৰাম), আঁহ (০.৭ গ্ৰাম), কেলচিয়াম (২০ মি: গ্ৰাম), আইৰন (০.৫ মি: গ্ৰাম), ভিটামিন-এ (১০০০আই ইউ), বি১ (০.০৩ মি: গ্ৰাম), বি২ (০.০৩ মি) গ্ৰাম, বি (০.০৩ মি: গ্ৰাম), চি (৫০ মি: গ্ৰাম) আৰু শক্তি (৩৯ কেলৰি)। এনে তথ্যই দেখুৱায় যে মিঠা হ’লেও কম কাৰ্বহাইড্ৰেটযুক্ত, মধ্যমীয়া কেলৰিসমৃদ্ধ আৰু চৰ্বিশুন্য দ্ৰব্য। ইফালে ভিটামিনৰ স্থিতি অতি সবল। সেয়ে বাঢ়ি অহা শিশু, বৃদ্ধ-বৃদ্ধা আৰু মধুমেহ বা উচ্চ ৰক্তচাপত ভোগা ৰোগীৰ বাবে উপযোগী খাদ্য হিচাপে গণ্য কৰিব পৰা যায়। আনহাতে কেলচিয়াম আৰু ভিটামিন –চিৰ স্থিতি সবল হোৱাৰ হেতুকে হাড়ৰ গঢ়ন-বৃদ্ধিতো ই ইতিবাচক প্ৰভাৱ পেলোৱাৰ অৱকাশ থাকে বুলি কোৱা হয়। ইয়াৰ অন্য এক উল্লেখনীয় দিশ এয়ে যে ইয়াত থকা পেপেইনে খাদ্য হজমকৰণত সহায় কৰাৰ হেতুকে বদহজমত ভোগা লোকৰ বাবে ই সুপথ্য। ই এক উৎকৃষ্ট ৰেচকো।

ই ঔষধি গুণসম্পন্ন ৰুপে পৰিচিত হৈ আহিছে। ইয়াৰ ফল, গুটি, পাত, আনকি আঠাও প্ৰয়োজন বিশেষে ঔষধ ৰুপে ব্যৱহাৰ কৰাৰ স্থল আছে বুলি জনা গৈছে। ই পেটৰ ঘা, যকৃৎ, প্লীহা বৃদ্ধি, পিত্তৰোগ , অৰ্শ, কোষ্ঠকাঠিন্য, বদহজমী , কৰ্কট ৰোগ, কুকুৰীকণা আদি ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন । দেহত ই সহজে হজম হোৱাৰ লগতে অন্য খাদ্যকো সহজে হজম হোৱাত সহায় কৰে। পকা অমিতাই ৰক্তহীনতা দূৰ কৰে আৰু দুগ্ধদাত্ৰী মাতৃৰ গাখীৰ বৃদ্ধিত সহায় কৰে। পকা অমিতা মুখৰ ছালত ঘঁহিলে ছালত সৃষ্টি হোৱা ক’লা দাগ উঠে আৰু ছালো নিমজ হয়। ইয়াক নিয়মীয়াকৈ খালে গলব্লাডাৰৰ সমস্যা কমে। তেনেকৈ পেটচলা আৰু অনিয়মীয়া মাহেকীয়া ঋতুস্ৰাৱৰ সমস্যাও ইয়াৰ নিয়মীয়া ভক্ষণে হ্ৰাস কৰাত সহায় কৰে।

ইয়াৰ পাতৰ ৰস ৰক্তকোষ বৃদ্ধিৰ সুকাৰক হিচাপে পৰিগণিত হোৱাত বিশেষকৈ ডেংগু জ্বৰৰ সময়ত ইয়াৰ পাতৰ ৰস সেৱনত জোৰ দিয়াৰ কথা শুনা যায়। তদুপৰি পাতৰ ৰস ৫-১০ মি: লিটাৰ মাত্ৰাৰ লৈ ২৫-৫০ মি:লিটাৰ পানীৰ লগত মিহলাই দিনত দুবাৰকৈ খালে তীব্ৰ জ্বৰ, বমি, মূৰৰ বিষ তথা শৰীৰৰ পোৰণি আদিৰ উপশম ঘটে বুলি উল্লেখ পোৱা গৈছে। ইয়াৰ ফল কটাৰ সময়ত গাখীৰসদৃশ এবিধ আঠা বাহিৰ হয়। এই ৰস ৫-১০ ফোটা এটা বাটাচাত ভৰাই দিনত দুবাৰকৈ সেৱন কৰিলে ২-৩ দিনৰ ভিতৰতে অৰ্শ ৰোগত তেজ পৰা আৰু ফুলা কমি যায় বুলি পৰামৰ্শ পোৱা গৈছে। সেইদৰে পেটৰ কামোৰণি, পেট ফুলা, শৌচৰ লগত শাওঁপৰা আদিৰ সময়ত এনে ৰস ৫-১০ ফোটা চূণৰ পানী ৫ মি:লিটাৰ আৰু অলপ গৰুৰ গাখীৰ মিহলি কৰি দিনে দুবাৰকৈ কেইদিনমান নিয়মীয়াকৈ খালে উক্ত বিকাৰ নাশ হয় বুলিও পৰামৰ্শ পোৱা যায়।

পকা অমিতাৰ বীজৰ গুড়ি-৩-৬ গ্ৰামমান প্ৰতিদিনে পুৱা-গধূলি পানীৰ লগত খালে অকালতে বন্ধ হোৱা মাহেকীয়া ঋতুস্ৰাৱ বা স্ৰাৱৰ পৰিমাণ অতি কম হোৱা সমস্যা সোনকালে উপশম হয়। অৱশ্যে তেনে জৰায়ুত উদ্ভৱ হোৱা টিউমাৰৰ লগত সম্পৰ্ক থাকিলে তেনে ব্যৱস্থাই সুফল নিদিয়ে বুলি উল্লেখ পোৱা যায়।

উল্লিখিত গুণৰ উপৰি বহু গুণৰে অধিকাৰী অমিতা। সেয়েহে ইয়াক খোৱাৰ প্ৰতি আমি গুৰুত্ব দিয়া উচিত।

লেখক: অৰ্পণ দত্ত ( জিএনআৰচি স্বাস্থ্য)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate