অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

মানুহৰ স্বাস্থ্যৰ কাৰণে উপযোগী কিছুমান ফল :

মানুহৰ স্বাস্থ্যৰ কাৰণে উপযোগী কিছুমান ফল :

 

বছৰটোৰ বিভিন্ন বতৰত বেলেগ বেলেগ জাতৰ ফল ওলায়। বিভিন্ন বতৰত ওলোৱা ফলবিলাকৰ ভালেমান উপকাৰিতা আছে। বতৰত ফল বতৰৰ ভিতৰতে পৰাপক্ষত খাব লাগে। সাধাৰণতে ঠাণ্ডাৰ দিনতকৈ গৰমৰ দিনত বেছিকৈ ফল ওলায়।

গৰমৰ দিনত ওলোৱা ফলবিলাক সাধাৰণতে শীতকালৰ ফলতকৈ মিঠা আৰু ৰসাল হয়। বতৰৰ ফলবিলাকৰ গুণ, সোৱাদ আদিৰ বাবে দাম বেলেগ বেলেগ হয়।

প্ৰত্যেক ব্যক্তিৰ কাৰণে প্ৰতিদিনে অতি কমেও এশ গ্ৰাম পৰিমাণৰ যিকোনো ফল দৰকাৰ। প্ৰকৃতিয়ে আমাৰ কাৰণেই পৰ্যাপ্ত মাত্ৰাত ভিটামিন আৰু খনিজ দ্ৰব্যৰে ভৰপূৰ মাত্ৰাত ভিটামিন আৰু খনিজ দ্ৰব্যৰে ভৰপূৰ কৰি এই ফলবিলাক বিভিন্ন ৰূপ, ৰস আৰু সোৱাদেৰে ভৰাই দিছে।

প্ৰকৃতিয়ে যি ৰূপত ফলবিলাক সৃষ্টি কৰিছে, সেই ৰূপতে আমি সেইবিলাক খাবলৈ চেষ্টা কৰিব লাগে। আজিকালি প্ৰায় প্ৰতিবিধ ফলৰে ৰস উলিয়াই কৃত্ৰিম সংৰক্ষণ যোগু ৰাসায়নিক দ্ৰব্য মিহলাই বটল বা পেকেটত ভৰাই বজাৰত সেইবিলাক ৰস উলিয়াই দিছে যদিও কিন্তু তেনে ধৰণৰ পেকেটৰ ৰস খোৱাতকৈ ফলবিলাক পোনপটীয়াকৈ বাগিচা বা দোকানৰ পৰা সংগ্ৰহ কৰি আনি খোৱাহে বেছি ভাল।

পেকেটত থকা ফলৰ ৰসবিলাকত কৃত্ৰিম মিঠা দ্ৰব্য, কৃত্ৰিম সুগন্ধি দ্ৰব্য, কৃত্ৰিম ৰং আৰু কৃত্ৰিম সংৰক্ষক দ্ৰব্যও মিহলি থাকিব পাৰে আৰু সেইবিলাকত প্ৰাকৃতিক ফলৰ ভিটামিন আৰু খনিজ দ্ৰব্যও নেথাকিব পাৰে।

সেয়ে এনেধৰণৰ পেকেটত থকা ফলৰ ৰস খাই ভিটামিন আৰু খনিজ দ্ৰব্যৰ অভাৱ পূৰণ নহ’লে আমি এইবিলাকৰ পৰিপূৰক হিচাপে মাল্টি-ভিটামিন পিল আৰু খনিজ দ্ৰব্যযুক্ত পিল বা চিৰাপ আদি খাবলগীয়া হ’ব পাৰে। এনে ধৰণৰ ছাপ্লিমেন্ট পিল আমাৰ প্ৰাকৃতিক খাদ্যৰ পৰিপূৰক হিচাপে গ্ৰহণ কৰিব নোৱাৰি। সেই কাৰণেই আমি পাৰ্যমানে বতৰত ওলোৱা ফল-মূল খোৱাৰ ওপৰত গুৰুত্ব দিব লাগে।

ফলৰ পৰা পাব পৰা উপকাৰিতাবিলাকৰ ভিতৰত অন্যতম হৈছে ফলৰ পৰা শৰীৰে পৰ্যাপ্ত পৰিমাণে শক্তি আহৰণ কৰিব পাৰে। ফলবিলাক হৈছে উদ্ভিদৰ খাব পৰা বিশেষ অংশ আৰু সেইবিলাক হৈছে প্ৰকৃত প্ৰাকৃতিক অৱস্থাত তজকা খাদ্য দ্ৰব্য। সেয়ে ফলে আমাক ইয়াৰ প্ৰাকৃতিক অৱস্থাৰ পৰা আটাইতকৈ বেছি উপকৃত কৰে। ফলে আমাৰ শৰীৰৰ শক্তিক সৰ্বাধিক মাত্ৰালৈ উন্নীত কৰে আৰু শৰীৰত জমা হোৱা অতিৰিক্ত কেলৰি আৰু চৰ্বিৰ পৰিমাণ হ্ৰাস কৰে। এটা উল্লেখযোগ্য কথা এইটোৱেই যে আমি খোৱা বেছিভাগ ফলৰে সোৱাদ মিঠা হোৱাৰ কাৰণ হ’ল- সেইবিলাকত শৰ্কৰা বেছি পৰিমাণে থাকে। কলৰ দৰে কিছুমান খাদ্যত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে আৰু এইবিধ খনিজ উপাদানে শৰীৰক যথেষ্ট পৰিমাণে শক্তি দিয়ে।

ফল নিয়মীয়াকৈ খাই থাকিলে আমাৰ পাচন তন্ত্ৰৰ কৰ্ম ক্ষমতা বহুগুণে বৃদ্ধি পায়। প্ৰত্যেকবিধ ফলৰে নিজস্ব প্ৰাকৃতিক ৰূপত একো একোখন ৰক্ষা কবচ অৰ্থাৎ বাকলি থাকে। এই বাকলিবোৰ খোৱাৰ উপযোগী আৰু কিছুমান অখাদ্য। সাধাৰণতে প্ৰায় সকলো ফলতে পৰ্যাপ্ত পৰিমাণে আঁহ থাকে। আঁহযুক্ত খাদ্যই পাচন তন্ত্ৰত খাদ্যবোৰ ক্ৰমে আগবঢ়াই নি পাচন তন্ত্ৰত খাদ্যবোৰ ক্ৰমে আগবঢ়াই নি পাচন কাৰ্য সমাপন কৰাত প্ৰভূত সহায় কৰে।

তাৰোপৰি এই খাদ্যৰ আঁহবিলাকে আমাৰ দৈনন্দিন খাদ্যৰ পৰা ওলোৱা বৰ্জ্য দ্ৰব্যবোৰ গোট খুৱাই শৰীৰৰ পৰা নিৰ্গত হোৱাত সহায় কৰে। আমি খাব পৰা সবাতোকৈ বেছি খাদ্য আঁহযুক্ত ফল হ’ল আপেল। আপেলৰ ওপৰৰ বাকলিটোত সৰ্বাধিক মাত্ৰাত আঁহ থাকে আৰু তাৰ ফলত ই পাচন তন্ত্ৰৰ কামবোৰ সুচাৰুৰূপে হোৱাত সহায় কৰে।

যদি আপুনি বেছিকৈ ভজা-পোৰা বা মছলাযুক্ত ফাষ্টফুড খোৱাত অভ্যস্ত হৈছে, তেনেহ’লে আপুনি সেইখিনি খৰচেৰে ফল খাবলৈ লওক। ফল খালে আপোনাৰ এনেধৰণৰ ফাষ্টফুড বা ভজা, মছলাযুক্ত খাদ্য খোৱাৰ অভ্যাস কমি যাব আৰু শৰীৰত জমা হোৱা অতিৰিক্ত চৰ্বি লাহে লাহে কমিবলৈ আৰম্ভ কৰিব। লগে লগে আপোনাৰ শৰীৰটো লাহী সুগঢ়ী আৰু চৰ্বিবিহীন নিটোল হৈ পৰিব।

কেইবিধমান ফলৰ বিশেষ উপকাৰসমূহ:

১) আপেল:

যথেষ্ট পৰিমাণে আঁহযুক্ত ফলবিলাকৰ ভিতৰত আপেল অন্যতম। সেয়ে যদি আপোনাৰ হজম শক্তি সম্পৰ্কীয় কিবা বিকাৰ আছে বা আপুনি যদি বদহজমত ভুগি আছে, তেনেহ’লে প্ৰতিদিনে এটাকৈ আপেল খাওক।

২)অমিতা:

অমিতাত বহুকেইবিধ ভিটামিন থাকে। প্ৰধানকৈ ভিটামিন ‘চি’ আৰু ভিটামিন ‘ই’ যথেষ্ট পৰিমাণে থাকে। এই ভিটামিনবিলাকে আপোনাৰ ৰক্তবাহী নলীত কলেষ্টেৰলৰ চামনি জমা হোৱাত বাধা দিয়ে আৰু আগতে জমা হোৱা চামনিও গলাই পেলায়। সেয়ে হাৰ্ট এটেক বা ষ্ট্ৰোক হোৱাৰ আশংকা হ্ৰাস পায়।

৩)কল:

কলত খাদ্য আঁহ যথেষ্ট পৰিমাণে থাকে। তাৰোপৰি ইয়াত থকা পটাছিয়াম শৰীৰক পৰ্যাপ্ত মাত্ৰাত শক্তি দিয়ে। কলত কিছু পৰিমাণে ভিটামিন ‘বি’, ভিটামিন ‘চি’ আৰু মেংগানিজ আদি খনিজ উপাদান থাকে।

৪)মাটিকঁঠাল:

মাটিকঁঠালত যথেষ্ট পৰিমাণে খাদ্য আঁহ থাকে বা ই কোষ্ঠকাঠিন্য দূৰ কৰে। ইয়াৰ ৰসত প্ৰধানকৈ ‘চি’ ভিটামিন থাকে। খাদ্য হজম কৰাতো মাটিকঁঠালে সহায় কৰে।

এই ফল মূত্ৰকাৰক। মাটিকঁঠালে কৰ্কট ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে। পকা মাটিকঁঠালৰ ৰসে জণ্ডিছ ৰোগো নিয়ন্ত্ৰণত ৰাখে। ছাল নিমজ কৰি ৰাখে।

৫)কিৱি ফল:

কিৱি ফলত প্ৰচুৰ পৰিমাণে ভিটামিন ‘ই’ থাকে আৰু এই ফল এন্টিঅক্সিডেন্টৰ এটি ভাল উৎস। পানীৰ লগত মিহলি হৈ এই এন্টিঅক্সিডেন্টবিলাক শৰীৰটোক ভালেমান ৰোগ প্ৰতিৰোধ কৰে।

৬)চেৰি:

চেৰি ফল আৰু এই ফলৰ ৰসে শৰীৰৰ সন্ধি বাত(গাঁঠিৰ বিষ), আৰ্থ্ৰাইটিছ আৰু গাঁঠিৰ প্ৰদাহ প্ৰতিৰোধ কৰে আৰু গাঁঠিৰ বিষ নিৰাময় কৰাৰ লগতে সকলো প্ৰকাৰৰ বাত বিষ নিৰাময় কৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

শেহতীয়া উন্নীতকৰণ: : 3/18/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate