অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

যি খাদ্যই হাড় শক্তিশালী কৰে

 

শক্তিশালী হাড়ৰ বাবে প্ৰয়োজনীয় দুটি উপাদান হ’ল কেলচিয়াম আৰু ভিটামিন ডি। কেলচিয়ামে হাড় আৰু দাঁতৰ গঠন প্ৰক্ৰিয়াত সহায় কৰে। ভিটামিন ডিয়ে কেলচিয়াম শোষণ আৰু উৎপাদন উন্নত কৰে। এই মুষ্টি উপাদান কম বয়সীয়া ল’ৰা-ছোৱালীৰ বাবে অত্যন্ত জৰুৰী যদিও বয়স বৃদ্ধি হ’লেও ইয়াৰ প্ৰয়োজন অধিক। অষ্টিঅ’পৰছিছ হ’লে হাড় ভাঙি যায়। পৰ্যাপ্ত পৰিমাণৰ ভিটামিন ডি আৰু কেলচিয়াম গ্ৰহণ কৰিলে অষ্টিঅ’পৰছিছ ৰোগ বহু পৰিমাণে নিয়ন্ত্ৰণত ৰাখিব পৰা যায়। কেলচিয়াম, ভিটামিন ডি ৰ উপৰি মেগনেছিয়াম, ওমেগা ৩ ফেটি এচিড আৰু ভিটামিন এ চি আৰু কে হাড় গঠনত সহায়ক হয়। এনেবোৰ উপাদানেৰে সমৃদ্ধ কিছুমান খাদ্যৰ বিষয়ে জানো আহক।

দৈ-

 

বেছি সংখ্যক লোকেই সূৰ্যৰ ৰশ্মিৰ পৰা ভিটামিন ডি গ্ৰহণ কৰে। কিন্তু ‘দৈ’ প্ৰচুৰ পৰিমাণৰ ভিটামিন ডি সমৃদ্ধ খাদ্য। একাপ দৈয়ে প্ৰতিদিনৰ কেলচিয়ামৰ চাহিদা পুৰণ কৰাত সহায় কৰে।

গাখীৰ-

 

কেলচিয়ামৰ অন্যতম উৎস গাখীৰ। যি হাড় শক্তিশালী কৰি তোলে। ৮ আউন্স ফেট ফ্ৰি গাখীৰত ৯০ কেলৰি থাকে। তদুপৰি ই প্ৰতিদিনৰ কেলচিয়াম চাহিদাৰ ৩০ শতাংশ পূৰণ কৰে।

পালেং শাক-

 

পালেং শাকত প্ৰচুৰ পৰিমাণৰ কেলচিয়াম, ভিটামিন এ, চি আৰু কে থাকে। ই সুস্বাদু যদিও কম কেলৰিযুক্ত। সেয়ে প্ৰত্যেকৰে খাদ্যতালিকাত পালেং শাক থকাটো জৰুৰী।

পনীৰ-

 

কেৱলমাত্ৰ ১.৫ আউন্স পনিৰে কেলচিয়ামৰ চাহিদাৰ ৩০ শতাংশ পূৰণ কৰিব পাৰে। পনিৰত সামান্য পৰিমাণৰ ভিটামিন ডি থাকে।

কমলা-

 

ভিটামিন চি সমৃদ্ধ কমলা কলজেন গঠনৰ বাবে প্ৰয়োজনীয় তথা ই হাড়ৰ বাবেও উপকাৰী। ইয়াৰ উপৰি কাঠ বাদাম, চয়াবিন, শাক-পাচলি, টফু, মাছ, বিলাহী, গুৰ, কাজু বাদাম আদি হাড়ৰ বাবে অতি উপকাৰী খাদ্য।

যিবোৰ বদভ্যাসে বুদ্ধিমত্তা হ্ৰাস কৰে-

 

প্ৰতিদিনাই আমি নানান ব্যস্ত থাকো। কিছুমান কাম আকৌ আমাৰ অভ্যাসত পৰিণত হৈছে। আৰু এই অভ্যাসে আমাৰ দক্ষতা কিদৰে হ্ৰাস কৰি আনিছে আমি হয়তো কেতিয়াও মনেই কৰা নাই। এনে কেইটামান অভ্যাস আজি আমি উল্লেখ কৰিম যিয়ে আমাৰ মস্তিস্কৰ কাৰ্যক্ষমতা হ্ৰাস কৰি আনে।

কম সময় টোপনি যোৱা-

 

বহুতেই ৰাতি ৰাতি উজাগৰে থাকি কাম কৰে। আৰু বহুতে আকৌ টিভি চাই বা কিতাপ পঢ়ি ৰাতিপুৱাই দিয়ে। প্ৰতিদিনে এনেদৰে ৰাতি কমকৈ শুৱা কথাটোৱে কেৱল আপোনাৰ শাৰিৰীকভাৱে অসুস্থ কৰি নোতোলে; ই আপোনাৰ মগজুৰো ক্ষতিসাধন কৰে। এঘন্টা কম টোপনিয়ে আপোনাৰ বুদ্ধিমত্তাৰ মাত্ৰা ৬ ডিগ্ৰীৰ পৰা কমাই আনি ৪ ডিগ্ৰী কৰিব পাৰে।

ৰিয়েলিটী’ শ্ব-

 

নিয়মিত যিসকলে ৰিয়েলিটী শ্ব’ চায় তেওঁলোকৰ সাধাৰণতে বুদ্ধিমত্তা কম হয়। অষ্ট্ৰেলিয়াত কিছুসংখ্যক লোকক লৈ এক গৱেষণা চলোৱা হয়। এই গৱেষণাৰ একাংশ লোকক কিছুদিন একেলেঠাৰিয়ে এটি ৰিয়েলিটী শ্ব’ চাবলৈ দিয়া হয়। পাচত সকলোকে লৈ বিভিন্ন বিষয়ৰ এক পৰীক্ষা লোৱা হয়। পৰীক্ষাৰ অন্তত দেখা যায় যে, যিসকল লোকে ৰিয়েলিটী শ্ব’ দৈনিক চায় তেওঁলোক বুদ্ধিভিত্তিক প্ৰশ্নত ৰিয়েলিটী শ্ব’ নোচোৱাসকলতকৈ পিচপৰি ৰৈছে।

চেনি-

 

আমেৰিকাৰ ULLA ৰ গৱেষণাত দেখা যায় যে, প্ৰতিদিনে চাহ, কফি বা চেনিযুক্ত অন্য পানীয়, যেনে- কোকাকোলা, পেপ্‌ছি আদি পান কৰা ব্যক্তিৰ মস্তিস্কৰ কাৰ্যক্ষমতা লাহে লাহে কমি আহে। আৰু তেওঁলোকৰ মনত ৰখা ক্ষমতা বা নতুন কোনো বিষয় আনৰ লগত আলোচনাৰ ক্ষমতাও হ্ৰাস পাই আহে।

একেলগে কেবাটাও কাম কৰা-

 

আমি প্ৰায়ে একেলগে কেবাটাও কাম কৰি থাকো। এনে কৰিলে আমাৰ বুদ্ধিমত্তা হ্ৰাস পাব পাৰে। বিশেষকৈ যিসকলে ইলেক্ট্ৰনিক্স সামগ্ৰীৰে একেলগে বহু কাম কৰে। যেনে, ফোনত কথা কৈ কেমেৰাৰে ফটো তোলা বা ফোনত কথা কৈ কেমেৰাৰে ফটো তোলা বা ফোনত কথা কৈ কাপোৰ প্ৰেছ কৰা ইত্যাদি। ২০০৯ চনত ষ্টেনফ’ৰ্ড বিশ্ববিদ্যালয়ৰ গৱেষণাত এই তথ্য প্ৰকাশ পাইছে।

ছুইংগাম চোবোৱা-

 

কাৰ্ডিফ বিশ্ববিদ্যালয়ৰ তিনিটা গৱেষণাৰ ফলস্বৰূপে দেখা যায় যে, অনবৰতে ছুইংগাম চোবাই থাকিলে মানুহৰ হ্ৰস্বকালীন মেম’ৰী কমি যায়। ছুইংগাম চোবোৱাৰ পাচত কিছুসংখ্যক শিশুক ক্ৰমানুসাৰে সজোৱা বা কোনো বস্তু চিনি পোৱাৰ ক্ষেত্ৰত আন শিশুৰ তুলনাত বহু কম।

পাৱাৰ পইন্ট ব্যৱহাৰ-

 

গৱেষণাত দেখা গৈছে যে মাইক্ৰ’ছফ্‌ট্‌ পাৱাৰ পইন্ট ব্যৱহাৰে মানুহৰ বুদ্ধিমত্তা কমাই দিয়ে। যিসকলে বহুসময় পাৱাৰ পইণ্টত কাম কৰি থাকে তেওঁলোকে আন ব্যক্তিৰ তুলনাত জটিল বিষয় চিন্তা কৰা কঠিন সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত সদায়ে পিচপৰি থাকে।

মেদবহুলতা-

 

২০১০ চনত কেণ্ট টেটৰ বিশ্ববিদ্যালয়ত এশজন মেদবহুল লোকক লৈ এক গৱেষণা চলোৱা হৈছিল। মেদবহুলতাৰ বাবে সেইসকল ব্যক্তিক অস্ত্ৰোপচাৰ কৰা হৈছিল। দেখা গৈছিল যে, অস্ত্ৰোপচাৰৰ আগত মেদবহুল লোকসকলৰ বুদ্ধিৰ মাত্ৰা যি আছিল অস্ত্ৰোপচাৰৰ দুসপ্তাহৰ পাচত তেওঁলোকৰ বুদ্ধিমত্তা উল্লেখযোগ্যভাৱে বাঢ়ি গৈছিল।

ধূমপান-

 

বহু সময়ত দেখা যায় যে, কেবাজনো লোকে একেটা চিগাৰেটকে ভগাই সেৱন কৰিছে। আৰু কোনোবাজনে আকৌ একেবাৰে শেষলৈকে চিগাৰেটটো সেৱন কৰিছে। চেন্ট্ৰেল মিছিগান বিশ্ববিদ্যালয় গৱেষণাত প্ৰমাণ হৈছে যে এনে অভ্যাসৰ ফলত বুদ্ধিমত্তা হ্ৰাস হয়। নিজৰ বেয়া অভ্যাসটোলৈ মন কৰিব। আজিয়েই নিজকে সলনি কৰি পেলাওক। সঠিক অভ্যাসে আপোনাৰ কৰ্মদক্ষতা পুনৰাই ঘূৰাই আনিব।

ৰক্তহীনতাত ভুগিছে নেকি?-

 

ৰক্তহীনতা বা এনিমিয়া খুব সাধাৰণ এটি ৰোগ। মহিলা বা শিশুসকলৰ ক্ষেত্ৰত বেছিকৈ পৰিলক্ষিত হোৱা এইবিধ ৰোগ কিন্তু বয়সিয়াল লোকৰ ক্ষেত্ৰতো সাধাৰণতে দেখা যায়। তেজত লোহিত কণিকা বা হিম’গ্লবিন কম থকাকে এনিমিয়া হোৱা বুলি জনা যায়। হিম’গ্লবিন লোহিত ৰক্তকণিকাৰ ভিতৰৰ এটি প্ৰ’টিন যি আমাৰ শৰীৰলৈ অক্সিজেন প্ৰবাহিত কৰে। বিভিন্ন কাৰণত এনিমিয়া হ’ব পাৰে। যেনে- আয়ৰণৰ অভাৱ, ভিটামিন বি-১২ ৰ অভাৱ, ফলিক এচিডৰ অভাৱ, অতি বেছি ৰক্তপাত, পাকস্থলীৰ ইনফেক্‌চন, বয়স, ধুমপান, উচ্চ বি এম আই, বিভিন্ন অসুস্থ ইত্যাদি।

এনিমিয়া ৰোগৰ পৰা মুক্তি পাবলৈ কিছুমান খাদ্য আমাৰ প্ৰতিদিনৰ খাদ্যতালিকাত অন্তৰ্ভূক্ত কৰিব পাৰিব লাগিব।

 

পালেং শাক-

 

পালেং শাকক ছুপাৰ ফুড বুলি কোৱা হয়। ইয়াত কেলচিয়াম, ভিটামিন এ, বি-৯, সি, বিটা কেৰাটিন আৰু আয়ৰণ থাকে। যিয়ে তেজ প্ৰস্তুত হোৱাত সহায় কৰে। আধা কাপ সিজোৱা পালেং শাকত ৩.২ মি:গ্ৰাম আয়ৰণ থাকে- যিয়ে মহিলাসকলৰ শৰীৰৰ ২০ শতাংশ আয়ৰণ পূৰণ কৰে।

বিট-

 

বিট ইমানেই আয়ৰণসমৃদ্ধ যে ই অতি কম সময়ৰ ভিতৰতে শৰীৰৰ ৰক্তহীনতা দূৰ কৰে। আৰু ই দেহত লোহিত ৰক্তকণিকা বৃদ্ধি কৰি সঠিক পৰিমাণৰ অক্সিজেন সৰবৰাহত সহায় কৰে।

বিলাহী-

 

বিলাহীত থকা ভিটামিন চিয়ে আন খাদ্যৰ পৰা আয়ৰণ শুহি আনে। ইয়াৰ উপৰি বিলাহী বিটা কেৰাটিন, ফাইবাৰ তথা ভিটামিন হৈ সমৃদ্ধ। HNBT য়ে প্ৰতিদিনে কমেও এটিকৈ বিলাহী খাবলৈ পৰামৰ্শ দিছে।

ডালিম-

 

প্ৰচুৰ পৰিমাণৰ আয়ৰণ তথা ভিটামিন চি সমৃদ্ধ এটি ফল ডালিম। ই দেহৰ ৰক্তপ্ৰবাহ সুচল কৰি দুৰ্বলতা আৰু ক্লান্তি ভাব আঁতৰ কৰি ৰাখে। নিয়মিত ডালিম খালে ৰক্তহীনতা দূৰ হয়। প্ৰতিদিনে পুৱাৰ আহাৰত এগিলাচকৈ ডালিমৰ ৰস গ্ৰহণ কৰিব পাৰিলে এনিমিয়াৰ পৰা একেবাৰে মুক্তি পাব।

পিনাট বাটাৰ-

 

আয়ৰণৰ আন এটি উৎস হ’ল পিনাট বাটাৰ। দুই টেবুল চামুচ পিনাট ৱাটাৰত ৬ মিলিগ্ৰাম আয়ৰণ পোৱা যায়। আপুনি চিনাবাদাম খাব পাৰে। ইও শৰীৰৰ আয়ৰণ বৃদ্ধিত সহায় কৰে। তদুপৰি কণী, চয়াবিন, বাদাম, সামুদ্ৰিক মাছ, খেজুৰ, কিছমিছ আদিত প্ৰচুৰ পৰিমাণৰ আয়ৰণ থাকে যি দেহৰ ৰক্তহীনতা ৰোধ কৰে।

উৎস: সাদিন ফিচাৰ্ছ।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate