অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

লতা বেলৰ স্বাস্থ্য উপকাৰী গুণসমুহ :

এবছৰ আৰু কেইমাহমানৰ আগতে ভাতৃসম ধনঞ্জয় ডেকাৰ সৰ্থেবাৰীৰ ঘৰৰ পৰা লতা বেলৰ পুলি এটি আনি ঘৰৰ আগচোতালত থকা আমজোপাৰ গুৰিত ৰুইছিলোঁ। লহপহকৈ লতাজোপা বাঢ়ি গৈ আমজোপাৰ একেবাৰে মুধচ পালেগৈ। যোৱা নৱেম্বৰ মাহৰ পৰা এটি দুটিকৈ হালধীয়া বৰণৰ লতা বেল পকি সৰিবলৈ ধৰিছে। পোনতে চৰবত বনাই, পিছলৈ ক্ৰ্মে দাইলত দি আৰু মাছৰ সৈতে আঞ্জা ৰান্ধি জুতি ল’বলৈ ধৰিলোঁ। অসমৰ বহু লোকৰ বাৰীত লতা বেল উপলব্ধ। ইয়াৰ গুণাৱলী বিশ্লেষণ কৰাৰ মানসেৰে দুআষাৰ লিখিবলৈ ল’লোঁ।

বৈজ্ঞানিক নাম – Passiflora eduils/P.edulis flavicarpa

ইংৰাজী নাম –Passion Fruit, Grandilla, Yellow Passion Fruit, Purple Grandilla

অসমীয়াত লতা বেলৰ আন কেইটিমান নাম হ’ল-খাচিয়া বেল, মেওৱা বেল, ৰাস্না, চৰবতি টেঙা, ফুই টেঙা। আমাৰ চুবুৰীয়া মিজোসকলে কয় Sapthei ।

ক’ত ক’ত ইয়াক পোৱা যায়-বৰ্তমান বিশ্বৰ প্ৰায় সকলো গ্ৰীষ্মপ্ৰধান অঞ্চলত লতা বেল পোৱা যায়। অতি শীত বা বৰফযুক্ত পৰিৱেশ এই লতাই সহ্য কৰিব নোৱাৰে। জানিবলৈ পোৱা মতে ইয়াৰ প্ৰাথমিক উৎপত্তি স্থল হ’ল ব্ৰাজিল, পাৰাগুৱে আৰু আৰ্জেণ্টিনা। আকৌ ১৮৮০ চনৰ আগৰ পৰাই অষ্ট্ৰেলিয়াৰ কুইণসলেণ্ডৰ সমুদ্ৰ তীৰত লতা বেল আছিল বুলি জনা যায়। অষ্ট্ৰেলিয়াৰ পৰা লতা বেলৰ গুটি নি হাৱাই দ্বীপপুঞ্জত বাগিচাৰুপে ৰোপণ কৰা হয়।

ব্যৱসায়িক ভিত্তিত ইয়াৰ ৰোপণ আমেৰিকা, নিউজিলেণ্ড, দক্ষিণ ফ্লৰিদা, পুব আৰু দক্ষিণ আফ্ৰিকা আৰু ভাৰত আদি দেশত কৰা হয়। আমাৰ অসমতো কিছুমান নাৰ্ছাৰীত লতা বেল পুলি কিনিবলৈ পোৱা যায়।

গছৰ বৰ্ণনা -

এজোপা লতা বেল নিজৰ দীঘল দীঘল পাক লগা আগৰ (Tendri) সহায়ত ২০ ফুট পৰ্যন্ত বগাই যায়। গছৰ আয়ুস ৫ ৰ পৰা ৭ বছৰ। এটা পুলি ১২ ৰ পৰা ১৫ মাহৰ ভিতৰত ডাঙৰ হৈ ফুল ফুলে। ২ ৰ পৰা ৩ ইঞ্চি ব্যাসৰ ফুলপাহ দেখিবলৈ বৰ শুৱনি-ঔ ফুলৰ নিচিনা। লতা বেলৰ ফুলে পাৰাগুৱে দেশৰ ৰাষ্ট্ৰীয় পুষ্পৰ স্বীকৃতি লাভ কৰিছে। আকৌ ইয়াৰ ফুল অসমত ‘শংখ-চক্ৰ-গদা-পদ্ম’ নামেৰে বিখ্যাত। মৌ-মাখিৰ সহায়ত পলি নেচন হয় আৰু তাৰ ৭০/৮০ দিন পিছত গছত সেউজীয়া বৰণৰ ফল লাগে। ফল পুৰঠ হ’লে প্ৰজাতি অনুসৰি হালধীয়া বা বেঙুনীয়া বৰণ লয়। তিনিকোণীয়া পাতৰ বৰণ ডাঠ সেউজীয়া। আঢ়ৈ বা তিনি ইঞ্চি বহল ফলৰ আকৃতি ঘুৰণীয়া বা ডিম্বাকৃতিৰ হয়। ফলৰ বাহিৰখন মিহি আৰু উজ্জ্বল। ইয়াৰ ডাঠ ছালৰ ভিতৰত মুগা বা ক’লা বৰণৰ দুই-আঢ়ৈশ গুটি থাকে। ফলৰ ভিতৰত পাতল জালেৰে আৱৰি কিছু পৰিমাণৰ ৰস থাকে। ইয়াৰ এটা স্বকীয় সুবাস আৰু টেঙা-মিঠা স্বাদ থাকে। লতা বেলৰ সাধাৰণতে দুটি প্ৰজাতি দেখা যায়- হালধীয়া (Golden Passion Fruit) আৰু বেঙুনীয়া (Purple Passion Fruit/Passiflora edulis)। স্বাদত দ্বিতীয়বিধ বেছি মিঠা আৰু ৩৫ শতাংশ বেছি ৰসাল। এই দুয়োবিধৰ মিশ্ৰণৰে অনেক হাইব্ৰীড বৰ্তমান সৃষ্টি কৰা হৈছে।

কি কি লাগতিয়াল তত্ত্ব ইয়াত থাকে -

লতা বেল ভিটামিন, খনিজ পদাৰ্থ, এণ্টি অক্সিডেণ্ট আদিৰে পৰিপুৰ্ণ। ইয়াত পানীৰ পৰিমাণ হ’ল ৭০ শতাংশ। ১০০ গ্ৰাম ফলত শক্তি থাকে ৯৭ কেলৰি। কাৰ্বহাইড্ৰেট ২২.৪ গ্ৰাম, প্ৰটিন ২.২ গ্ৰাম, ফেট ৭০০ মিলিগ্ৰাম, ডায়েটাৰী ফাইবাৰ ১০.৪ গ্ৰাম (অৰ্থাৎ ২৭ শতাংশ) আৰু আছে- লাইকোপেন, বিটা- কেৰ’টিন, ভিটামিন- এ, ভিটামিন-বি ২, ভিটামিন-বি৩, ভিটামিন-বি৬ , ভিটামিন বি৯, কলিন, ভিটামিন-কে, ভিটামিন চি, খনিজসমুহ হ’ল-আয়ৰন, কেলচিয়াম, জিংক, মেগনেছিয়াম, ফছফৰাছ, ক’পাৰ পটেছয়াম(৩৪৮ মিলিগ্ৰাম), ছডিয়াম (২৮ মিলিগ্ৰাম)।

কিদৰে ইয়াৰ সেৱন কৰা হয়?

কেঁচাই চোবাই খাবলৈ হ’লে ফলটো ফালি লৈ ভিতৰৰ অংশ চামুচেৰে ভালকৈ ৰুকি খাব পাৰে।

ভিতৰৰ অংশ পানীৰ সৈতে মিহলাই ৰুচি অনুসৰি সামান্য লোণ আৰু চেনি মিহলাই চৰবত বনাই খাব পাৰে। যাৰ জুতি আৰু সুবাস অপুৰ্ব। শ্ৰীলংকা, ইণ্ডোনেছিয়া আৰু ছিংগাপুৰৰ ৰেস্তোৰাঁসমুহত নিয়মিতভাৱে এনে চৰবত পৰিৱেশন কৰা হয়।

সম্পুৰ্ণ ফলটো ভিতৰৰ অংশসহ সৰু সৰুকৈ কুটি দাইল বা নিৰামিষ আঞ্জাত দি নহ’লে মাছৰ সৈতে সুস্বাদকৈ ৰান্ধি খাব পাৰে। এনেদৰে ৰন্ধা আঞ্জাৰ জোলখন দেখিবলৈ আৰু স্বাদটো ঔটেঙাৰ সদৃশ।

আন আন পাচলিৰ সৈতে চালাডৰ মিশ্ৰণ কৰি খাব পাৰে।

জাম, জেলী ইয়াৰ পৰা বনাই খাব পাৰে।

দৈ, আইচক্ৰীম, চীজ-কেক, ফলৰ চালাড আদিৰ মিশ্ৰণতো লতা বেল ব্যৱহৃত হয়।

সুবাস বঢ়াবলৈ লতা বেলৰ ৰস আন আন চৰবতৰ সৈতে মিহলোৱা হয়।

উপকাৰিতাসমুহ -

বিখ্যাত ফ্ল’ৰিডা বিশ্ববিদ্যালয়কে ধৰি বিশ্বৰ বহু ঠাইত লতা বেলৰ উপকাৰিতাৰ বিষয়ে অনেক গৱেষণা-পত্ৰ প্ৰকাশিত হৈছে। তলত চমুকৈ ইয়াৰ উপকাৰিতাৰ তালিকাখন দাঙি ধৰিলোঁ-

১) শৰীৰৰ ইমিউনটী বৃদ্ধি কৰাত সহায়ক ভিটামিন চি, কেৰ’টিন, ক্ৰিপ্টঝেনথিন আৰু আন আন এণ্টি অক্সিডেণ্টৰ উপস্থিতিৰ বাবে এয়া সম্ভৱপৰ।

২) কেঞ্চাৰ প্ৰতিৰোধ- অহিতকাৰী ফ্ৰী ৰেডিকেলৰ বিনাশ ঘটাই কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। বিশেষকৈ মুখগহ্বৰৰ, কলনৰ আৰু হাওঁফাওঁৰ কেঞ্চাৰ প্ৰতিৰোধ কৰাত ভুমিকা আছে বুলি বিভিন্ন সুত্ৰত প্ৰকাশ।

৩) পাকপ্ৰণালীৰ ক্ষেত্ৰত উপযোগিতা- পৰ্যাপ্ত ফাইবাৰৰ উপস্থিতিৰ বাবে খাদ্য সহজে হজম হয়। পাকপ্ৰণালীৰ নাড়ীসমুহৰ চলাচল সুগম হয় আৰু শৌচ খোলোচা হয়।

৪) চকুৰ সুস্বাস্থ্যত ভুমিকা- ঘাইকৈ ভিটামিন- এৰ উপস্থিতিৰ বাবে কুকুৰীকণা, কটেৰেক্ট, মেকুলাৰ ডিজেনেৰচন আদি ৰোধ হয়।

৫) ৰক্তচাপ নিয়ন্ত্ৰণত ইয়াৰ ভুমিকা- প’টেছিয়ামৰ উল্লেখনীয় ভুমিকা হ’ল তেজৰ নলী বহলাই দিয়া (Vasodilator action) যাৰ বাবে উচ্চ ৰক্তচাপ হ্ৰাস পায়। তদুপৰি পটেছিয়ামে দেহত পানীৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাত লাগতিয়াল ভুমিকা পালন কৰে।

৬) দেহৰ তেজ চলাচল সুগম কৰে- ক’পাৰ, আইৰন আৰু পটেছিয়ামৰ বাবে এয়া সম্ভৱপৰ।

৭) হাড়ৰ সুৰক্ষাত লোৱা ভুমিকা- আইৰন, কেলচিয়াম, জিংক,মেগনেছিয়াম, ফছফৰাছ, ক’পাৰ আদি খনিজসমুহৰ বাবে এয়া সম্ভৱ। হাড়ৰ ক্ষয় আৰু বাতবিষ জাতীয় ৰোগ ই প্ৰতিৰোধ কৰে।

৮) চৰ্মৰ উজ্জ্বলতা বঢ়ায়, বয়সৰ আঁচোৰ ৰোধ কৰাত ভিটামিন-এ সহায়ক।

৯) হাঁপানি , হুপিং  , কাহ, চৰ্দি আৰু শ্বাস ৰোগৰ নিয়ন্ত্ৰণত উল্লেখযোগ্য ভুমিকা- লতাবেলত থকা হাৰমান নামৰ এলকেলইডে হিষ্টামিনৰ ক্ৰিয়াক বাধা দিয়ে, যাৰ ফলত হাঁপানিৰ লক্ষণসমুহ হ্ৰাস পায়।

১০) মানসিক স্বাস্থ্য্য ৰক্ষাত ভুমিকা- ই মানসিক চাপ বা ষ্ট্ৰেছ আৰু মনৰ অস্থিৰতা কমায়। নিদ্ৰা অনাত সহায়ক হয়। এলকেলইড হাৰমান আৰু আন ৰাসায়নিক তত্ত্বৰ বাবেই ই মস্তিষ্কৰ বাবে উপকাৰী।

১১) এগৰাকী সচেতন পাঠকৰ সংযোজন- দক্ষিণ আফ্ৰিকাত চিকিৎসকে মেলেৰিয়া হোৱা ৰোগীক সোনকালে আৰোগ্য লাভ কৰিবৰ বাবে লতা বেল খাবলৈ পৰামৰ্শ দিয়ে।

সাধাৰণ সতৰ্কীকৰণ -

কাচিৎ কোনো ব্যক্তিৰ ক্ষেত্ৰত এলাৰ্জি দেখা দিলে লতা বেল সেৱন নকৰিব। লেটেক্স এলাৰ্জি থকা লোকৰ এই ফলৰো এলাৰ্জি হ’ব পাৰে।

আকৌ ডায়েবেটিছ ৰোগীয়ে অত্যধিক পৰিমাণত ইয়াৰ সেৱন নকৰিব। অন্যথা তেজত ছুগাৰৰ পৰিমাণ বৃদ্ধি হ’ব পাৰে।

লেখক: ডা: ভুপেন শইকীয়া (নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate