অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শিলিখা আৰু ইয়াৰ ঐশ্বৰিক গুণ

শিলিখা আৰু ইয়াৰ ঐশ্বৰিক গুণ

 

আমি সকলোৱে শিলিখা খাওঁ, শুকুৱাই, কেঁচাকৈ বা গুড়ি কৰি। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে শিলিখা স্বাস্থ্যৰ বাবে অতি উত্তম ফল। শিলিখা ভাল নোপোৱা মানুহ হয়তো খুব কমেই আছে, অসমৰ গাও-চহৰ আদি সকলোতে এজোপা হ’লেও শিলিখাৰ গছ দেখিবলৈ পোৱা যায়।  অতি সহজলভ্য এই ফলবিধক আয়ুৰ্বেদ শাস্ত্ৰত অতি গুৰুত্বপূর্ণ বুলিও কোৱা হয় আৰু বনৌষধিৰ ৰজা বুলিও কোৱা হয়। যদিও আমি সকলোৱে ফলবিধ খাই ভাল পাওঁ, কিন্তু কোনেও হয়তো ইয়াৰ গুণাগুণৰ বিষয়ে অৱগত নহয়। অতি সহজলভ্য এই ফলবিধৰ এনে অতি কিছুমান বৈশিষ্ট্য আছে, যি আমাৰ শৰীৰৰ বাবে অতিকে উপকাৰী। আমাৰ শৰীৰৰ নানান ধৰণৰ সৰু-বৰ বেমাৰত শিলিখা ব্যৱহাৰ কৰা হয়। অৱশ্যে শিলিখাক সাধাৰণতে আয়ুৰ্বেদিক ঔষধ হিচাবে ব্যৱহাৰ কৰা হয়। তলত শিলিখাৰ কিছু গুণাগুণ আলোচনা কৰা হ’ল।

চুলি সৰা বন্ধ কৰাৰ ক্ষেত্ৰত শিলিখা ব্যৱহাৰ কৰা হয়। ভাৰতবৰ্ষৰ কিছু কিছু ঠাইত মূৰৰ উফি আৰু ওকণী নিয়ন্ত্রণ কৰিবলৈ শিলিখা ব্যৱহাৰ কৰা হয়। দৈনিক শিলিখাৰ তেল ব্যৱহাৰ কৰিলে আমাৰ চুলিসমূহ উজ্জ্বল, মিহি আৰু সুন্দৰ হয়। বজাৰত শিলিখাৰ পাউদাৰ আৰু তেল অতি সহজতে উপলব্ধ। শিলিখাত প্ৰচুৰ পৰিমাণে ভিটামিন-চি পোৱা যায়, তদুপৰি ইয়াত মেংগানিজ, পটাছিয়াম,আইৰন, কপাৰ আদি পোৱা যায়, যি আমাৰ ছালখনৰ বাবে যথেষ্ট উপযোগী। তদুপৰি শিলিখাত ষ্টিয়েৰিক এচিড, টেনিক এচিড, গেলিক এচিড, পালমেটিক এচিড আদি পোৱা যায়, যি আমাৰ শৰীৰৰ পৰা দূষিত পদার্থসমূহ বাহিৰ কৰাত সহায় কৰে৷ ছালৰ ব্ৰন ৰোগ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত যথেষ্ট সুফল পোৱা যায়, যিহেতু শিলিখা হৈছে এক প্রাকৃতিক এণ্টিবেক্টেৰিয়েল। তদুপৰি ছালৰ যিকোনো দাগ আৰু ঘা আদি গুচাবলৈও শিলিখা ব্যৱহাৰ কৰা হয়। লগতে অধ্যয়নত প্রমাণিত হৈছে যে সূৰ্য্যৰ আলট্ৰাভায়’লেট ৰশ্মি আদিৰ পৰা বাচিবলৈও শিলিখাৰ ৰস ছালত লগোৱা হয় আৰু সুফল পোৱা যায়। তদুপৰি যিকোনো ধৰণৰ ছালৰ এলাৰ্জী নিৰাময় কৰিবলৈ শিলিখা ব্যৱহাৰ কৰিব পাৰি। শিলিখাই আমাৰ শৰীৰৰ পাচন প্রণালীটো আৰু অধিক শক্তিশালী কৰি তোলে। আমাৰ শৰীৰৰ পৰা অলাগতিয়াল টক্সিনসমূহ বাহিৰ কৰাত সহায় কৰে,  আৰু আমি খোৱা খাদ্যবস্তুসমূহ জীণ যোৱাত সহায় কৰে। দৈনিক যদি এটাকৈ শিলিখা খোৱা যায়, তেন্তে ইয়াৰ দ্বাৰা আমাৰ ভোক নিয়ন্ত্ৰণ কৰিব পৰা যায়, ফলত পোনপটীয়াকৈ আমাৰ শৰীৰৰ ওজনৰ ওপৰত প্ৰভাৱ পৰে। গতিকে অতি সহজেই ওজন কমাব পৰা যায়। অৱশ্যে আয়ুৰ্বেদ চিকিৎসকৰ পৰামর্শনুযায়ীহে ইয়াৰ সঠিক পৰিমাণে খোৱা উচিত। তদুপৰি শৰীৰৰ দূষিত তেজসমূহ পৰিষ্কাৰ কৰাত শিলিখাই গুৰুত্বপূর্ণ ভূমিকা পালন কৰে। পেটৰ বহুতো সমস্যা নিৰাময় কৰাৰ ক্ষেত্ৰত শিলিখা ব্যৱহাৰ কৰা হয়, যেনে- কোষ্ঠকাঠিন্য, এচিডিটী, অজীর্ণ, আলচাৰ, বুকু জ্বলা ইত্যাদি। শিলিখাত ফাইবাৰৰ পৰিমাণ যথেষ্ট বেছি, যাৰ সহায়ত কোষ্ঠকাঠিন্য ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ইয়াক পাউদাৰ হিচাবে ব্যৱহাৰ কৰা হয়। কোষ্ঠকাঠিন্য ৰোগত ভোগা ৰোগীসকলৰ বাবে এই শিলিখা এক মহৌষধ। কাহ আৰু পানীলগা নিৰাময় কৰিবলৈ শিলিখা হৈছে এক প্রাকৃতিক ঘৰুৱা বিধান। ইয়াৰ পাউদাৰ যদি মৌৰ লগত মিহলি কৰি খোৱা হয়, তেন্তে অতিশীঘ্ৰেই সাধাৰণ জ্বৰ, পানীলগা, কাহ আদি ঠিক হয়। বর্তমান বহমূত্ৰ ৰোগ সকলো শ্রেণীৰ মানুহৰ বাবে এক প্রধান সমস্যা। আমাৰ ভাৰতবৰ্ষতো বহুমূত্ৰ ৰোগীৰ সংখ্যা দিনে দিনে বাঢ়ি গৈছে, এনে ক্ষেত্ৰত আয়ুৰ্বেদ শাস্ত্ৰৰ মতে দৈনিক পুৱা খালী পেটত যদি শিলিখাৰ পাউদাৰ খোৱা হয়, তেন্তে তেজত শৰ্কৰাৰ পৰিমাণ যথেষ্টখিনি কমি যায়, অৱশ্যে ইয়াৰ পুষ্টিকৰ খাদ্য সমানেই আৱশ্যকীয়। আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল—ইয়াৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই। দৈনিক শিলিখা সেৱন কৰিলে আমাৰ শৰীৰৰ ইমিউন প্ৰণালীটো আৰু অধিক শক্তিশালী কৰি তোলে।

লিখক: মৃদুপৱন বৰগোহাঁই, গণ অধিকাৰ।

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate