অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শীতৰ শাক-পাচলি ফলমূলেৰে ৰোগ প্ৰতিৰোধঃ

 

শীতকালত উভৈনদী হৈ পৰে বিভিন্ন ধৰণৰ শাক-পাচলি। এই শাক-পাচলিৰ লগতে কমলা টেঙা আদিও প্ৰচুৰ পৰিমাণে উপলব্ধ হয়। এই শাক-পাচলি-ফলমূলৰো আছে ৰোগ প্ৰতিৰোধী ক্ষমতা। নিয়মীয়াকৈ সেউজীয়া শাক-পাচলি খালে বিভিন্ন ধৰণৰ ৰোগৰ পৰা হাত সাৰিব পাৰি। আমাৰ বাৰীৰ পিছফালে থকা এইবোৰ শীতত হোৱা শাক-পাচলিয়ে কৰ্কট ৰোগৰ পৰা আৰম্ভ কৰি হৃদৰোগ, ৰক্তহীনতা আদি প্ৰতিৰোধ কৰে। বিভিন্ন ঠাইত গৱেষকসকলে চলোৱা গৱেষণাৰ অন্তত এই শাক-পাচলিত থকা বিভিন্ন উপাদানে এজন ব্যক্তিক সুস্থ কৰি ৰখাত সহায় কৰে বুলি প্ৰমাণিত হৈছে।

কোষ্ঠকাঠিন্য প্ৰতিৰোধৰ বাবে খাওক বন্ধাকবিঃ

শীতৰ পাচলি হিচাপে দৈনন্দিন তালিকাত যিবোৰ অন্তৰ্ভুক্ত কৰা হয়, সেইবোৰৰ ভিতৰত অন্যতম হ’ল বন্ধাকবি। আজিকালি বহুতেই বন্ধাকবি খালে ইউৰিক এচিড আদি বৃদ্ধি পায় বুলি ভাবে। দৰাচলতে এয়া এক ভ্ৰান্ত ধাৰণাহে। এইবিধ পাচলিত প্ৰ’টিনৰ পৰা আৰম্ভ কৰি কাৰ্ব’হাইড্ৰেট, কেলছিয়াম, ফছফৰাছ, আয়ৰন, ভিটামিন-এ, ভিটামিন-বি, ভিটামিন-বি২, ভিটামিন-চি আদি সকলোবোৰ উপাদান পোৱা যায়। বন্ধাকবিত আনকি কমলা টেঙা আদিতকৈও বেছি পৰিমাণে ভিটামিন-চি মজুত থাকে। এইবোৰ উপাদানৰ উপৰি আন বহুতো খনিজ লৱণ থাকে যিবোৰে শৰীৰটোক প্ৰত্যক্ষভাৱেই হওক অথবা পৰোক্ষভাৱেই হওক ৰোগৰ আক্ৰমণৰ পৰা ৰক্ষা কৰে। পেপটিক আলচাৰত আক্ৰান্তসকলে এনেধৰণৰ পাচলি খালে উপকাৰ পায়। পাকস্থলীৰ ঘা নিৰাময়ত ভিটামিন ‘ই’ৰ ভূমিকা বিশেষ মন কৰিবলগীয়া। ইয়াৰ উপৰি কোষ্ঠকাঠিন্য, পায়েৰিয়া, বদহজম আদি সমস্যাবোৰ সমাধান হয় যদিহে নিয়মীয়াকৈ বন্ধাকবি খায়। এইবিধ পাচলিৰ আন এক উপকাৰী গুণ হ’ল ই মেদবহুলতা হ্ৰাস কৰে আৰু প্ৰতিৰোধ কৰাতো সহায়ক। আনহাতে ৰক্তবাহী নলীত অপ্ৰয়োজনীয় কলেষ্টেৰল জমা হোৱাত বাধা প্ৰদান কৰে।

ৰক্তহীনতা প্ৰতিৰোধী ফুলকবিঃ

ফুলকবিৰ গুণৰ অন্ত নাই। যদিও প্ৰায়ভাগ লোকৰে মনত এটি ভ্ৰান্ত ধাৰণা আছে যে ফুলকবি খালে পেটত গেছ জমা হয় তথাপি ই শৰীৰৰ বাবে উপকাৰী পাচলিহে। ফুলকবিত যিবোৰ খনিজ লৱণ আছে সেইবোৰে বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ উপৰি স্বাস্থ্য ৰক্ষাত সহায় কৰে। এনিমিয়া বা ৰক্তহীনতাৰ সমস্যা দূৰ কৰাত পাচলিবিধে বিশেষ ভূমিকা পালন কৰা দেখা যায়। কিয়নো ফুলকবিত প্ৰচুৰ পৰিমাণে আয়ৰন থাকে। ফলিক এচিডৰ অন্যতম উৎস হ’ল ফুলকবি। গতিকে এনে গুণযুক্ত পাচলিবিধ খালে পেটত গেছ জমা হবনে ? দৰাচলতে বেছি সাৰ প্ৰয়োগ কৰি এনেধৰণৰ পাচলিৰ উৎপাদন বৃদ্ধি কৰিবলৈ চেষ্টা কৰা হেতুকে ৰাসায়নিক সাৰৰ পাৰ্শ্বক্ৰিয়া হিচাপেহে পেটত গেছ জমা হোৱাৰ আশংকা থাকে। ফুলকবিৰ উপাদানৰ বাবে নহয়, মানুহে প্ৰকৃতিৰ ওপৰত কৰা অত্যাচাৰৰ বাবেহে হয়।

প্ৰস্ৰাৱ পৰিষ্কাৰ কৰিবলৈ খাওক মূলাঃ

মূলা যিকোনো সময়তে হয় যদিও অসমত ঘাইকৈ শীততহে বেছিকৈ হয়। বাৰিষাকালত অসমত পোৱা মূলাবোৰ ৰাজ্যৰ বাহিৰৰ পৰা বিশেষকৈ মেঘালয়ৰ পৰাহে বেছিকৈ আমদানি কৰা হয়। সি যি কি নহওক, মূলাৰ বহুতো গুণ আছে, যিবোৰে স্বাস্থ্য ৰক্ষাত সহায় কৰে। বিশেষকৈ এইবিধ পাচলি খালে প্ৰস্ৰাৱ পৰিষ্কাৰ হয়। আনহাতে কোষ্ঠকাঠিন্যৰ সমস্যা আঁতৰি শৌচ স্বাভাৱিক পৰিমাণে হয়। মূলা আৰু মূলাশাকৰ ভিতৰত শাকৰ উপকাৰ বেছি। এইবিধ পাচলিত শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান যেনে পটাছিয়াম, প্ৰ’টিন, চৰ্বি, ফছফৰাছ, কাৰ্ব’হাইড্ৰেট আদি পোৱা যায়। অৱশ্যে মূলা খালে যিসকলৰ গেছৰ সমস্যা গা কৰি উঠে তেওঁলোকে এগৰাকী বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিহে খোৱা উচিত।

কৰ্কট ৰোগ প্ৰতিৰোধী শাক-পাচলিঃ

শীতত হোৱা শাক-পাচলিৰ ভিতৰত কেবাবিধো কৰ্কট ৰোগ প্ৰতিৰোধ কৰিব পৰা উপাদান থাকে। আমাৰ শৰীৰত এণ্টিঅক্সিডেণ্ট যোগান ধৰা হয় যিয়ে ফ্ৰি ৰেডিকেলসমূহ ধ্বংস হয় তেতিয়া শৰীৰত কৰ্কট ৰোগ হোৱাৰ আশংকাও হ্ৰাস পায়। পালেং শাক, গাজৰ, ৰঙা আলু, বিলাহী আদিত প্ৰচুৰ পৰিমাণে বিটা কেৰোটিন থাকে যিবিধে এণ্টিঅক্সিডেণ্টৰ ভূমিকা গ্ৰহণ কৰি কৰ্কট ৰোগ প্ৰতিৰোধ কৰে। ইয়াৰ উপৰি কমলা আদিতো এনেবোৰ উপাদান পোৱা যায়। যিহেতু শাক-পাচলি আৰু ফলমূলত বিটা কেৰোটিন, ভিটামিন ‘ই’, ভিটামিন ‘চি’ আদি প্ৰচুৰ পৰিমাণে থাকে সেয়েহে এইবোৰ এণ্টিঅক্সিডেণ্টে ৰক্তবাহী নলীত কলেষ্টেৰল জমা হ’বলৈ নিদিয়ে। নিৰামিষ খাদ্যই তেজত কলেষ্টেৰলৰ পৰিমাণ বৃদ্ধিত বাধা জন্মায়। অৰ্থাৎ এই পৰিমাণ স্বাভাৱিক কৰি ৰাখে। অৱশ্যে এনেবোৰ শাক-পাচলি তথা ফলমূলে ৰোগ প্ৰতিৰোধ কৰিব পৰা শক্তি থাকিলেও কেতিয়াও প্ৰয়োজনতকৈ বেছি খাব নালাগে।

(উৎসঃ সুস্বাস্থ্য, দৈনিক অগ্ৰদূতৰ পৰিপূৰিকা)।

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate