অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শেৱালি ফুলৰ গুণ

শৰৎ বুলিলেই মনলৈ আহে সুন্দৰ আৰু পৱিত্ৰতাৰ এখন নিভাঁজ ছবি-

 

শৰতৰ আগমনে প্ৰকৃতিৰ বুকুলৈ অনবদ্য সৌন্দৰ্যৰ সম্ভৰ কঢ়িয়াই আনে।শৰৎ মানেই শুভ্ৰতা,সুবাস আৰু স্নিগ্ধতা।শৰৎ মানেই শেৱালিৰ মনোমোহা সুবাস।দোকমোকালিতে নিয়ৰসিক্ত দুৱৰিৰ ভাঁজত লুকাই থকা তলসৰা শেৱালিৰ শুভ্ৰ দলিচাই চৌদিশে সৌৰভ বিলাই মনবোৰ অনাবিল প্ৰশান্তিৰে ভৰাই তোলে।শেৱালিৰ অবিহনে শৰতৰ সৃষ্টি আধৰুৱা।যিদৰে কুলিৰ মাতে বসন্ত অহাৰ আগজাননী দিয়ে,তেনেদৰে শেৱালিৰ সুবাসে শৰৎ অহাৰ ইংগিত দিয়ে।

সাহিত্যৰ ভাষাত শেৱালি ফুলক”True of Sorrow’ বুলি জনা যায়।দুখৰ প্ৰতীকী অৰ্থত শেৱালি ফুলক ব্যৱহাৰ কৰা হয়।শেৱালি ফুল ৰাতি ফুলে।সুৰ্য অস্ত যোৱাৰ পৰা সুৰ্য উদয় হোৱা এই মাজৰ সময়খিনিত শেৱালিৰ অস্তিত্ব বিৰাজমান।ফৰিংফুটা জোনাক নিশা শেৱালিৰ মনোমোহা সুগন্ধিয়ে হৃদয়ত এক অনুভৱী সত্তাৰ সৃষ্টি কৰে।কিন্তু পুৱাৰ সুৰুযৰ কিৰণৰ স্পৰ্শত এপাহি-দুপাহিকৈ সৰি পৰে শেৱালি।ইয়াৰো এক কৰুণ ৰহস্য আছে আৰু সেইবাবে সাহিত্য জগতত শেৱালিক ‘দুখৰ প্ৰতীক’স্বৰুপে বিবেচনা কৰা হয়।

শেৱালি ফুলৰ বৈজ্ঞানিক নাম ‘Nyctanthes arbertristi -

 

ইয়াৰ অৰ্থ Sad tree  শেৱালি ফুল ভাৰতবৰ্ষৰ পশ্চিমবংগ আৰু থাইলেণ্ডৰ কাঞ্চনাব্যুৰিৰ ৰাজ্যিক বৃক্ষ।‘Night flowering Jasmineআৰু’Coral Jasmine’শেৱালিৰ অন্য নাম।শেৱালি ফুলৰ গছ সাধাৰণতে ৪ ৰপৰা ৬ মিটাৰ ওখ হয়।ক’ৰবাত আকৌ ১০ মিটাৰ পৰ্যন্ত ওখ শেৱালিৰ গছো দেখা যায়। শেৱালি গছ চিৰসেউজ।গা-গছৰ ডালত ফটা ফটা দাগ থাকে।শেৱালি ফুলৰ পাতবোৰ খহটা আৰু একক।শেৱালি ফুলৰ গুটি ১.০ ছে.মি দীঘল আৰু ১.৫ ছে.মি. বহল।আকাৰত এই গুটি চেপেটা।কেতিয়াবা গোলাকৃতিৰো হয়।শেৱালি ফুলৰ গুটিৰ ৰং মটীয়া।শেৱালি ফুলেৰে কাপোৰত দিয়া হালধীয়া ৰং তৈয়াৰ কৰা হয়।

শেৱালি ফুল সৌন্দৰ্যৰ লগতে ঔষধি গুণেৰেও সমৃদ্ধ।দুৰ্গা পুজাত শেৱালি ফুল অপৰিহাৰ্য।শেৱালি ফুলক আয়ুৰ্বেদিক,হোমিঅ’পেথিক ঔষধ স্বৰুপেও ব্যৱহাৰ কৰা হয়।কেৱল শেৱালিৰ ফুলেই নহয়,ইয়াৰ পাত আৰু গা-গছৰ ছালো ৰোগ নিৰাময়ৰ ক্ষেত্ৰত ব্যৱহৃত হৈ আহিছে।জ্বৰ হ’লে এই গছৰ পাতৰ ৰস অথবা গা-গছৰ ছাল গুৰি কৰি খালে জ্বৰ আৰোগ্য হয়।মুৰ্চ্ছা যোৱা কিম্বা ইন্দ্ৰিয় সংযমৰ ক্ষেত্ৰত শেৱালি ফুলৰ পাতৰ ৰস ব্যৱহাৰ কৰা হয়।কৃমিজনিত সকলো ৰোগৰ পৰা পৰিত্ৰাণ পাবলৈ শেৱালি গছৰ পাতৰ ৰস খালে সুফল পোৱা যায়।ইয়াৰ ৰসে হজম শক্তি বৃদ্ধি কৰে।কেতিয়াবা চৰ্দি লাগি মাত ভাগিলে শেৱালি পাতৰ ৰস খালে ভাল হয়।মুৰ্গী ৰোগীক শেৱালি ফুলৰ ৰস উলিয়াই খুৱালে এই ৰোগ আৰোগ্য হয়।‘ছায়েটিক’নামৰ ৰোগবিধৰ পৰা পৰিত্ৰাণ পাবলৈ দৈনিক পুৱা-গধুলি ৮-১০ টা মান পাত সিজাই সেই পানী খালে এই ৰোগ নিৰাময় হয়।শেৱালি ফুলৰ পাত বটি ৰস উলিয়াই মুৰত লগালে মুৰৰ চুলি সৰা বন্ধ হয় আৰু সবল হয়।

শেৱালি ফুল কেৱল সৌন্দৰ্য আৰু স্বাস্থ্যৰ ক্ষেত্ৰতে সীমাবদ্ধ নহয়।পুৱা শেৱালি ফুলবোৰ বুটলি আনি ৬/৭ দিনমান ৰ’দত শুকুৱাই শুকানকৈ তেলত ভাজি বা মাছৰ সৈতে শেৱালি ফুলৰ তিতা আঞ্জা ৰান্ধি খাব পাৰি।

শৰতৰ শেৱালি ফুলে প্ৰকৃতিৰ শোভাবৰ্দ্ধন কৰাৰ লগতে আমাৰ যথেষ্ট উপকাৰো সাধন কৰে।

লেখিকা:প্ৰস্তুতি দাস (দৈনিক অসম )

শেহতীয়া উন্নীতকৰণ: : 3/15/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate