অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰত জিংকৰ আৱশ্যকতা

শৰীৰত জিংকৰ আৱশ্যকতা

আদিম কালৰে পৰা মানুহে দুখ-বেদনা, জ্বৰ-ব্যাধি আদিৰ পৰা ৰক্ষা আৰু উপশম পাবলৈ নানান ঔষধ ব্যৱহাৰ কৰি আহিছে। ইংৰাজীত এই ঔষধবিলাকক Drug বুলি কয়। ফৰাচী Drouge শব্দৰ পৰা উৎপত্তি হোৱা ড্ৰাগৰ বিষয়ে বিশ্ব স্বাস্থ্য সংস্থাই এইদৰে কৈছে, “An drug is any substance or product that is used to modify or explore physiological systems or pathological states for the benefits off the recipient”.

যোৱা পঞ্চাশ বছৰত বিজ্ঞানীসকলে প্ৰমাণ কৰিছে যে পদাৰ্থ যেনে জিংক বা দস্তা, তাম, কোবাল্ট, নিকেল, ক্ৰোমিয়াম, মেংগানিজ, চেলেনিয়াম আদিয়ে। স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত বিশেষ ভূমিকা পালন কৰে। যিহেতু এনেবোৰ সূক্ষ্ম পদাৰ্থ মানুহৰ শৰীৰত সামান্য পৰিমাণেহে থাকে, সেয়েহে এনেবোৰ পদাৰ্থক ক্ষুদ্ৰতম পদাৰ্থ বুলি কোৱা হয়। বৰ্তমান চিকিৎসা বিজ্ঞানত জিংকে এক বিশিষ্ট স্থান অধিকাৰ কৰিছে আৰু গোটেই বিশ্বতে স্বাস্থ্যৰক্ষাৰ ক্ষেত্ৰত এইবিধ খনিজ দ্ৰব্যৰ বহুলভাৱে প্ৰচলন হৈছে।

১৮৬৯ চনত আমেৰিকাৰ বিজ্ঞানী ৰাওলিনে মানুহৰ তেজত সূক্ষ্মমাত্ৰাত জিংক থাকে বুলি দাবী কৰিছিল। শৰীৰৰ এনে ক্ষুদ্ৰতম পদাৰ্থৰ ভিজা ওজন প্ৰতি গ্ৰামত এক মাইক্ৰোগ্ৰামতকৈ কম থাকিব লাগে। পূৰ্ণবয়স্কলোকৰ তেজত প্ৰতি ১০০ মিলিলিটাৰত ৯৫-১৩০ মাইক্ৰগ্ৰাম পৰ্যন্ত জিংক থাকিব পাৰে। দৈনিক আমাক ১৫-৩০ মিলিগ্ৰাম জিংকৰ আৱশ্যক হয়। জিংকৰ কাৰ্য্যকলাপ সাধাৰণতে শৰীৰৰ কিছুমান লাগতীয়াল অংগপ্ৰত্যংগ যেনে-যকৃত, বৃক্ক, হাওঁফাওঁ, মাংসপেশী, অগ্ন্যাশয়, হাড়, এণ্ডোক্ৰাইন গ্ৰন্থি আদিত প্ৰতিফলিত হয়। তিনিটা বিশেষ ধৰণে ই শৰীৰত কাম কৰে।

১) এনজাইম উপাদান: ৭০ টা এনজাইম কোষত জিংকে বিভিন্ন ধৰণে কাম কৰে, যাৰ ফলত ই কটা-ছিঙা ঘা, ছালৰ বেমাৰ ভাল কৰাত যথেষ্ট সহায় কৰে।

২) ইনচুলিনৰ ভঁৰাল: জিংকে ইনচুলিনৰ লগ হৈ অগ্ন্যাশয়ত হৰমন ৰক্ষা কৰাত সহায় কৰে। বহুমূত্ৰৰোগীৰ অগ্ন্যাশয়ত জিংকৰ পৰিমাণ আধাতকৈ বেছি থাকে।

৩) ৰোগ প্ৰতিৰোধ প্ৰণালী: জিংকে নিউক্লিক এচিদ আৰু প্ৰ’টিনৰ সহায়ত শৰীৰৰ ৰোগ প্ৰতিৰোধ প্ৰণালীবোৰ শক্তিশালী কৰাত সহায় কৰে। তেজৰ লিম্‌ফোচাইট গঠন আৰু চলাচলতো জিংকে যথেষ্ট অৰিহণা যোগায়।

জিংক সাধাৰণতে মাছ-মাংস, মিছামাছ, ঘেঁহুজাঁত খাদ্যত যথেষ্ট পৰিমাণে পোৱা যায়। হজম হোৱা জিংক তেজৰ প্ৰ’টিনৰ লগত মিহলি হৈ যায়। যকৃততো ই জমা হৈ থাকে আৰু তাৰ পৰা শৰীৰৰ অন্য ঠাইলৈকো যায়। যদি এজন লোকৰ শৰীৰত জিংকৰ পৰিমাণ বেছি থাকে তেন্তে ই পেচাবৰ লগত ওলাই যায়। শৰীৰত জিংক কম থাকিলে শিশুবিলাক সততে বিভিন্ন ৰোগত আক্ৰান্ত হব পাৰে। কাৰণ শিশুবিলাকক জিংকৰ পৰিমাণ প্ৰকৃততে বেছিকৈ দৰ্কাৰ হয়। কিন্তু কিছুমান ৰোগত যেনে বৃক্কৰ ৰোগ, যকৃতৰ ৰোগ, আঘাতপ্ৰাপ্ত, জুয়ে পোৰা, অন্ত্ৰৰ শল্য চিকিৎসা, ৰক্তহীনতা, হৃদৰোগ যেনে মাইওকাৰডিয়েল ইনফাৰকচন, কৰ্কট ৰোগত ভুগিলে জিংকৰ পৰিমাণ শৰীৰত যথেষ্ট পৰিমাণে কমি যায়। শৰীৰত জিংকৰ পৰিমাণ কমি গ’লে মুখমণ্ডল, নাকত, চকুৰ ওচৰত, গুহ্যদ্বাৰৰ ওচৰত ৰঙচুৱা দাগ পৰে। লাহে লাহে ভোক কমি আহে, জিভাৰ সোৱাদ পোৱা গুণো কমি যায়। ৰাতি ভালদৰে দেখাত কষ্ট হয়। জিংক কম থকা গৰ্ভৱতী তিৰোতাৰ সন্তান বিকলাংগ হ’ব পাৰে আৰু মাতৃ দুগ্ধপান কৰা শিশুৰ শাৰিৰীক গঠনো বয়স অনুযায়ী ঠিক মতে নহ’ব পাৰে। শিশুৰ শাৰিৰীক গঠন ঠিকমতে নহ’লে আৰু মহিলাৰ বন্ধ্যাত্ব হ’লে শৰীৰত জিংকৰ পৰিমাণ কম হৈছে বুলি অনুমান কৰিব পাৰি। অৱশ্যে তেনেক্ষেত্ৰত চিকিৎসকে অন্যান্য পৰীক্ষা নিৰীক্ষাবোৰ কৰিহে প্ৰকৃত কাৰণ সমূহ উলিয়াব লাগিব। ৰাসায়নিক পৰীক্ষাগাৰত তেজ পৰীক্ষা কৰি জিংকৰ পৰিমাণ কম হোৱাটো প্ৰমাণ পালে দিনে ১০০ মিলিগ্ৰামকৈ জিংক সেৱন কৰোৱাৰ পৰামৰ্শ দিয়া হয় আৰু এই ব্যৱস্থাই যথেষ্ট সুফল দিয়ে।

গতিকে দেখা গৈছে যে শিশুসকলৰ দৈহিক গঠনত জিংকে এক বিশেষ ভূমিকা পালন কৰে। সেয়েহে গৰ্ভৱতী মহিলা আৰু বাঢ়ি অহা শিশু তথা কিছুমান বিশেষ ৰোগত ভোগা ৰোগীক জিংকযুক্ত সুষম আহাৰ দিয়াটো একান্ত প্ৰয়োজন।

লিখক: ডা: ধ্ৰুৱজ্যোতি দাস, স্বাস্থ্য আৰু দীৰ্ঘজীৱন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate