অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

শৰীৰৰ বাবে অত্যাৱশ্যকীয় ভিটামিন-চি :

শৰীৰৰ বাবে অত্যাৱশ্যকীয় ভিটামিন-চি :



আমাৰ শৰীৰ ৰোগমুক্ত কৰি দীৰ্ঘায়ু লাভৰ বাবে প্ৰয়োজন হয় ভিটামিন-চি । আমলখিত সৰ্বাধিক পৰিমাণে ভিটামিন-চি থকাৰ উপৰিও যৌনদীপ্ত স্বাস্থ্যৰ লগতে দীৰ্ঘায়ু লাভত সহায় কৰে বাবে আমলখিক মাতৃ ফল বোলা হয়। ভিটামিন-চি বগা বৰণীয়া স্ফটিক আৰু ই পানীত দ্ৰৱনীয়‌। কিন্তু জাৰণ প্ৰক্ৰিয়া আৰু উচ্চ উষ্ণতাত ভিটামিন-চি সহজে ধ্বংস হয় । সেয়েহে নেমুটেঙাৰ তৰ্কাৰী গৰম কৰিলে ভিটামিন-চি বিনষ্ট হোৱা বাবে এই তৰ্কাৰী খালে আমি পৰ্যাপ্ত পৰিমাণৰ ভিটামিন-চি নাপাও।
এজন প্ৰাপ্ত বয়সৰ ব্যক্তিক দৈনিক ভিটামিন-চি প্ৰয়োজন হয় ৫০ মিলি গ্ৰাম, সন্তান থকা মাতৃক ৮০ মিলি গ্ৰাম আৰু শিশুক ৩০-৫০ মিলি গ্ৰাম।

ভিটামিন-চি গুণাগুণ -



(১) কিডনীত সঞ্চিত হৈ থকা কেলছিয়াম অক্জেলেট আৰু ফছফেট গলাই পেচাবৰ লগত বাহিৰ কৰি কিডনী ষ্টন সৃষ্টিত বাধা প্ৰদান কৰে।
(২) ঘা-ফোহা আৰু অন্যান্য আঘাতৰ বাবে হোৱা ক্ষত শুকুৱাত সহায় কৰে। আমাৰ বহুতৰ এক ভূল ধাৰণা আছেযে কটা-ছিঙা হলে নেমুটেঙা বা আন টেঙা খালে পকিব , আছলতে টেঙাই শুকুৱাত সহায় কৰে।
(৩) শৰীৰৰ পৰা ওলোৱা তেজ গোটমৰাত সহায় কৰে। নাকৰ পৰা তেজ ওলোৱা, মাহেকীয়াৰ সময়ত বেছিকৈ গা-চলা , পাইলচ্ আদিত ভোগা পুৰণি ৰোগীয়ে সদায় ভিটামিন-চি বিশিষ্ট আহাৰ খালে সোনকালে আৰোগ্য হয়।
(৪) আমি খাদ্যৰ লগত গ্ৰহণ কৰা লৌহ ধাতু শোষণ কৰি ৰক্তহীনতা নিৰ্মূল কৰে। শৰীৰৰ ত ভিটামিন-চি অভাৱ হলে ৰক্তহীনতাত আক্ৰান্ত হয়।
(৫) শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। বিশেষকৈ ভিটামিন-চি অভাৱৰ কাৰণে শ্বাস-প্ৰশ্বাস জনিত ৰোগ প্ৰায়েই হয়।
(৬) ভিটামিন-চি এবিধ উৎকৃষ্ট এন্টিঅক্সিডেন্ট। হাওঁফাওঁৰ এলভিঅলা নামৰ বায়ুকোষৰ ওপৰত ভিটামিন-চিয়ে প্ৰলেপ দি নিৰাপত্তা প্ৰদান কৰা কাৰ্যক সহজ ভাষাত এন্টিঅক্সিডেন্ট বোলা হয়। এন্টিঅক্সিডেন্টৰ কাৰণে কাৰ্বন-ডাই-অক্সাইড, সুক্ষ্ম ধূলিৰ কণিকা আৰু ৰোগৰ বীজাণু হাওঁফাওঁৰ ভিতৰতলৈ প্ৰবেশ কৰিব নোৱাৰে বাবে বহুতো ৰোগৰ পৰা মুক্ত হৈ থাকিব পাৰি।
(৭) সং‌যোজক কোষৰ বিপাকৰ সময়ত এনজাইম হিচাবে সহযোগ কৰে।
(৮) দাতৰ গুৰিৰ পৰা তেজ -পূজ ওলোৱা পায়োৰিয়া ৰোগ নিৰ্মূল কৰে।
(৯) শুকান কাহত এগিলাচ গৰমপানীত নেমুটেঙা বা সুমথিৰা চেপি খালে কফ বাহিৰ কৰি সোনকালে কাহ-কফ ৰোগ ভাল কৰে।
(১০) এলাৰ্জি জনিত চৰ্দি, কাহ, হাচি হোৱাত বাধা দিয়ে।
(১১) মিহিকৈ গুৰি কৰি লোৱা নিমখৰ লগত কেইটোপালমান নেমুটেঙা ৰস মিহলাই দিনে দুবাৰ দাত ঘহিলে দাতৰ গুৰিৰ পৰা তেজ-পূজ ওলোৱা আৰু মূখৰ গোন্ধ নোহোৱা হয়। লগতে দাতৰ উজ্জ্বলতা বাঢ়ে।
(১২) মৌ আৰু নেমুটেঙাৰ ৰস গালত সানি লাহে লাহেকৈ কেদিনমান ঘহিলে কলা দাগ নাইকিয়া হয়।


ভিটামিন-চিৰ উৎস -



টেঙা ফল-মূল ভিটামিন-চি বা এচকৰ্বিক এচিডৰ মূখ্য উৎস। ৰবাব , জৰাটেঙা ,বিভিন্ন প্ৰজাতিৰ নেমুটেঙা, সুমথিৰা , মৌছম্বী,নগাটেঙা , চকলাটেঙা,‌ মধুৰিয়াম, বিলাহী আৰু সবাতোকৈ বেছি পৰিমাণে আমলখিত পোৱা যায়। আমলখিত প্ৰায় ৫০০-৬০০ মিলি গ্ৰাম প্ৰতি এশ গ্ৰাম ওজনত পোৱা যায়। ইয়াৰোপৰি শাক-পাচলিত কম পৰিমাণে এচকৰ্বিক এচিড পোৱা যায়। লোহা বা ষ্টীল ধাতুৱে এচকৰ্বিক এচিড শোষণ কৰিব পাৰে কাৰণে। এনে ধাতুৰে তৈয়াৰী পাত্ৰত নেমুচৰ্বত বা সুমথিৰা ৰস চেপি খাব নালাগে। সদায় আইনা পাত্ৰত নেমুচৰ্বত বা সুমথিৰা আদিৰ ৰস খাব লাগে।
সেয়েহে আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাৰ উপৰিও , ৰক্তহীনতা আৰু স্কাৰ্ভী ৰোগৰ পৰা মুক্ত হবলৈ হলে নিয়মিত ভাৱে ভিটামিন-চি বিশিষ্ট ফল-মূল , শাক-পাচলি আৰু মাহজাতীয় খাদ্য খাব লাগে।
(ক) ফল-মূল

(১) আমলখি-৬০০ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত।
(২) নেমুটেঙা-৬৩ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৩) মধুৰিয়াম- ২০০ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৪)বিলাহী- ২৫-২৭ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৫) সুমথিৰা -৩০ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত।
(খ) শাক-পাচলি

(১) লাইশাক-২৮ মিলি গ্ৰাম প্ৰতি১০০ গ্ৰামত
(২) বন্ধাকবি -১২৫ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৩) ফুলকবি-৫৫ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৪) বেঙেনা-১০-১২মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৫) পিয়াঁজ-১০ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৬) মূলা ১৫ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(৭) আলু -১৫-১৭ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত
(গ) গাজ ওলোৱা মাহজাতীয় শস্যত ১৫-১৬ মিলি গ্ৰাম প্ৰতি ১০০ গ্ৰামত

আয়ুৰ্বেদিক ঔষধ -



সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ ভিটামিন-চি বিশিষ্ট ৰসায়ন "চ্যৱনপ্ৰাছ" । হাৰিয়ানাৰ প্ৰখ্যাত চ্যৱন মুণিয়ে উদ্ভাৱন কৰা এই ৰসায়ন দহহেজাৰ বছৰ একেৰাহে ব্যৱহৃত হৈ আহিছে। সদায় ব্যৱহাৰ কৰিলে প্ৰায়বোৰ ৰোগৰ পৰা মুক্ত হৈ সুদীৰ্ঘ কাল জীৱন নিৰ্বাহ কৰিব পাৰি। আমলখি ৰসায়ন এবিধ উৎকৃষ্ট ভিটামিন-চি সমৃদ্ধ ৰসায়ন । ধাত্ৰী লৌহ, ত্ৰিফলাত ভিটামিন-চি যথেষ্ট পৰিমাণে থাকে। আমলখি ৰসায়ন , ধাত্ৰী লৌহ , ত্ৰিফলা আদি ঔষধ ব্যৱহাৰ কৰিলে পাকস্থলী আলচাৰ, গেষ্ট্ৰাইটিচ, কেঞ্চাৰ আদি ভাল হয়।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate