অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সাতশাকতীয়ে সোঁৱৰাই দিয়ে শাক খোৱাৰ কথা

সাতশাকতীয়ে সোঁৱৰাই দিয়ে শাক খোৱাৰ কথা

 

সাতশাকতী হৈছে ব’হাগ বিহুৰ সময়ত শাক খোৱাৰ এটা প্ৰথা। অসমীয়া অভিধান হেমকোষৰ মতেই ‘ব’হাগৰ মানুহ-বিহুৰ পিছদিনা কেইবাবিধো শাকেৰে খোৱা তৰকাৰী। ইয়াৰ সলনি পিছে অসমৰ ঠাইভেদে ব’হাগৰ সাতবিহুৰ দিনা শতাধিক শাক খোৱা আৰু তেনেকৈ কোনো কোনো ঠাইত আকৌ এশ এবিধ শাক খোৱাৰ ব্যৱস্থাও কৰা হয়। এই প্ৰথা পৰম্পৰাৰ ৰুপত প্ৰতি বছৰে ব’হাগ বিহুৰ সময়ত পালনত জোৰ দি অহাটো পৰিলক্ষিত হয়। ঠাইবিশেষে ইয়াক ‘সাতশাকী’ নামেৰেও অভিহিত কৰা হয়। উল্লেখ্য, ব্যক্তিগতভাৱে আমিও আশৈশৱ এই প্ৰথাৰ চলন্তি কাৰ্যত: প্ৰত্যক্ষ কৰি আহিছোঁ আৰু নিজেও পালন কৰি আহিছোঁ।

এইটো অনুমেয় যে শাক খোৱাৰ অভ্যাস গঢ়াৰ বাবেই অতীজত এই প্ৰথাৰ প্ৰৱৰ্তন কৰা হৈছিল। বছৰৰ আন সময়ত ইয়াৰ অৱতাৰণা নকৰি বছৰৰ একোটা নিৰ্দিষ্ট সময়ত পালনৰ নিয়ম কৰিলে মানুহে মনত ৰখাৰ লগতে পালনৰো সুবিধা হ’ব বুলি ভাবিয়েই হয়তো ইয়াৰ সূচনা কৰা হৈছিল। তাকো সকলোৱে গুৰুত্ব দিব বুলি আশা কৰিয়েই হয়তো অসমীয়া বছৰৰ প্ৰথমটো মাহতে পালনৰ দিহা কৰা হৈছিল। ইফালে, বছৰৰ এইখিনি সময়ত ঘৰৰ বাৰী বা দাঁতি-কাষৰীয়া পৰিৱৱেশত থকা গছ-লতিকাত নতুন পাতৰ সমাহাৰ ঘটি আহৰণৰ সুযোগ মিলাত তাৰে এশ এবিধ গোটাই খোৱাটো সহজসাধ্য হোৱাটোও এই সময়ত খোৱাৰ আন এক সুবিধা হ’ব পাৰে। ধাৰণা হয়, প্ৰথাটো প্ৰকৃততে প্ৰতীকী অৰ্থতহে পালন কৰা হয়। ইয়াৰ অৰ্থ হয়তো এইটো নহয় যে আমি বাছি বাছি ঠিক এশ এবিধ শাকহে খোৱা উচিত বা খাব লাগিব। এই সংখ্যাৰ হ্ৰাস-বৃদ্ধি হ’লেও ফলাফলৰ বিশেষ তাৰতম্য ঘটিব বুলি মনে নধৰে। শাক বুলিলে আমি বাৰীত সচৰাচৰ দেখা বা বজাৰত পোৱা পৰিচিত শাককেইবিধমানকে সাধাৰণতে বুজি লওঁ। ইবিলাকৰ উপৰি আমাৰ পৰিৱেশত পোৱা ভিন্ন প্ৰকাৰ গছ-লতাৰ পাত (আকণ, পাৰ্থেনিয়াম, ধঁতুৰা আদি ক্ষতিকাৰক গছৰ পাত বাদ দি) বা কোমল আগ অংশকো শাকৰ শাৰীত অন্তৰ্ভুক্ত কৰিব পৰা যায়।

এইটো অনস্বীকাৰ্য যে শাক অতি তৃপ্তিদায়ক তথা পুষ্টিদায়ক খাদ্যৰুপে পৰিচিত হৈ অহাৰ উপৰি ইয়াৰ জনপ্ৰিয়তা আমাৰ মাজত বৰ্তমানে বৃদ্ধি পোৱাও পৰিলক্ষিত হৈছে। বিশেষকৈ বজাৰৰ আন পাচলিত সম্প্ৰতি যি ধৰণেৰে ৰাসায়নিক সাৰ, কীটনাশক আৰু নানা ক্ষতিকাৰক ৰাসায়নিক উপাদানৰ সংযোজনৰ ফলত গ্ৰহণৰ অনুপযোগী হ’ব ধৰিছে, তাৰ তুলনাত শাক এতিয়াও ভালেখিনি মুক্ত হৈ আছে বুলি ক’ব পাৰি। কিয়নো শাকনিবাৰীত ৰাসায়নিক সাৰ অতি কমেই প্ৰয়োগ কৰা হয়। কীটনাশকৰ প্ৰয়োগ সাধাৰণতে কৰা নহয় (কাৰণ ব্যাধি হোৱাৰ পূৰ্বেই বিক্ৰী কৰিবলগা হয়) আৰু বিষাক্ত দ্ৰব্য প্ৰয়োগেৰে ভেজালকৰণ কৰাও নহয়। তাতেই শাকত যে পুষ্টি উৎপাদন যথেষ্ট থকাৰ লগতে ইবিলাকৰ বহুতৰে ঔষধি গুণো থাকে, সেই সন্দৰ্ভতো বৰ্তমানে মানুহৰ জ্ঞান বহুখিনি বৃদ্ধি পাইছে। খাদ্য হিচাপে ইয়াৰ সংগ্ৰহ-গ্ৰহণ আৰু খেতিৰো যথেষ্ট লাভজনক (আৰ্থিক) দিশ থাকে। কিয়নো শাকমাত্ৰেই আন পাচলিৰ তুলনাত দাম কম হয়। প্ৰস্তুতিত কম কষ্ট হয় আৰু ইন্ধন ব্যয়ো কম হয় আৰু ঘৰৰ বাৰীত বহু কম পৰিশ্ৰমৰ দ্বাৰা তাতেই কম ঠাইতে ইয়াৰ খেতি কৰিব পৰা যায়। ইয়াৰ শুকান ভাজি, পোৰা-পিটিকা, আচাৰ নাইবা জোলৰ ৰুপত, মুঠতে যেনেকৈয়ে খোৱা নহওক কিয়, আন পাচলিৰ তুলনাত ব্যঞ্জনখন অধিক তৃপ্তিদায়ক হয়। কোৱা বাহুল্য ইয়াৰ এনে ইতিবাচক দিশৰ প্ৰতি লক্ষ্য ৰাখি বহু হোটেল-ৰেস্তোৰাঁত মূল খাদ্যৰ লগত শাকৰ একোখন বিশেষ ব্যঞ্জনৰ যোগান ধৰি উপভোক্তাৰ পৰা দুপইচা বেছিকৈ আদায়ৰ সুযোগ লোৱাও দেখা যায়।

সকলো শাকেই যে পুষ্টি উপাদানৰ অধিকাৰী তাক দোহৰাৰ প্ৰয়োজন নাই। এইটো অৱশ্যে ঠিক যে শাকভেদে সিবিলাকৰ অন্তৰ্নিহিত পুষ্টি উপাদানৰ পৰিমাণ সুকীয়া সুকীয়া হয়। সেয়ে হ’লেও কিন্তু সামগ্ৰিকভাৱে সকলো শাকতে কম-বেছি পৰিমাণে প্ৰ’টিন , খনিজ লৱণ আৰু ভিটামিন থাকে। এনে উপাদানসমূহৰ উপৰি সকলো শাকতে পোৱা যায় ফাইবাৰ বা আঁহজাতীয় উপাদান, যি আমাৰ পৌষ্টিক নলীত ‘পেৰিষ্টলিক মুভমেণ্ট’ সাধন কৰি কোষ্ঠকাঠিন্য দূৰ কৰাত অৰিহণা যোগায়। তদুপৰি প্ৰায় সকলো ভিটামিন-এ থাকে, যি বিশেষকৈ দৃষ্টিশক্তি অটুট ৰখাত প্ৰভুত বৰঙণি যোগায়। সেয়েহে ঘাইকৈ উঠি অহা ল’ৰা- ছোৱালী আৰু বৃদ্ধাৱস্থাৰ লোকসকলৰ বাবে শাক গ্ৰহণ  জৰুৰীভাৱে প্ৰয়োজনীয়। পিছে উভয়ৰে বেলিকা শাক ভালেখিনি উপেক্ষণীয় যেন অনুভৱ হয়। তাৰ দুটি কাৰণ হ’ব পাৰে- (১) অন্য খাদ্য যেনে- মাছ-মাংসৰ তৰকাৰীৰ আঁহ দাঁতৰ গুৰিত লাগি নধৰাৰ বিপৰীতে শাকে প্ৰায়েই তেনে অৱস্থাৰ সন্মুখীন কৰোৱাত ইয়াক খোৱাৰ প্ৰতি সততে আগ্ৰহ কম হয়, (২) তৰকাৰী কৰি সিজাই নাখালে চোবাওঁতে কিছু মেহনত কৰিব লগা হয় আৰু তাতেই সোলা লোকসকলে চোবাই খোৱাটো কষ্টকৰ হোৱাৰ হেতুকে শাক খোৱাৰ প্ৰতি অনাগ্ৰহী হোৱা স্বাভাৱিক। বহুসময়ত নোচোবোৱাকৈ গিলাৰ হেতুকে পেটত গেছৰ সন্মুখীন হ’ব লগাত পৰি শাক খোৱাৰ পৰা বিৰত থকাই শ্ৰেয় বুলিও বহু লোকে ধৰি লয়। কিন্তু শাকক ভাজিৰ পৰিৱৰ্তে যদি তৰকাৰী কৰি ভালকৈ সিজোৱাৰ লগতে চোবাই খোৱা হয়, তেন্তে অপকাৰতকৈ পোৱা উপকাৰৰ মাত্ৰা বহুখিনি বেছি হ’ব বুলি ক’ব পাৰি। বাস্তৱত দেখা যায় যে তেনেদৰে শাক গ্ৰহণ কৰিলে ৰাতিও নিৰাপদে শাক খোৱাটো সম্ভৱ হ’ব। প্ৰণিধানযোগ্য, বেছিভাগ শাকেই ঔষধি গুণসম্পন্ন।

মুঠতে, আনৰ কথা শুনি শাক খোৱাৰ পৰা দূৰৈত নাথাকি শুদ্ধ উপায়েৰে শাক খালে আমি বহু দিশতে উপকৃত হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। প্ৰসংগক্ৰমে অসমীয়াৰ প্ৰবচন এষাৰ উনুকিওৱাটো যুগুত হ’ব, য’ত উল্লেখ আছে শাকৰ গুৰুত্বৰ কথা- ‘শাকে-শোকোতাই কৰে ভক্ষণ/ সেই পুৰুষৰ ভাল লক্ষণ’। ইয়াত অৱশ্যে পুৰুষসকলৰ উল্লেখ আছে বুলি আক্ষেপ নকৰি সমাধিকাৰৰ ভিত্তিত মহিলাসকলেও কথাষাৰলৈ মনোনিৱেশ কৰাটো উচিত হ’ব।

লেখক: অৰ্পণ দত্ত (আমাৰ অসম পূবাৰ্চল)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate