বিশেষকৈ চহৰীয়া জীৱনশৈলীত এগৰাকী ব্যক্তিয়ে দিনটোত বিভিন্ন ধৰণৰ খাদ্য গ্ৰহণ কৰে যদিও সেই অনুসৰি শাৰীৰিক ব্যায়াম অথবা পৰিশ্ৰম নকৰে।ফলত এগৰাকী ব্যক্তিৰ শৰীৰত কেল’ৰিৰ পৰিমাণ প্ৰয়োজনতকৈ অধিক হৈ পৰে আৰু ইয়াৰ লগে লগে শৰীৰৰ কোমল অংগবোৰ যেনে-পেট,কঁকাল নিতম্ব আদি স্থানত চৰ্বি জমা হ’বলৈ ধৰে।অত্যাধুনিক ফাষ্টফুড গ্ৰহণ,শীতল পানীয় পান,উচ্চ চৰ্বিযুক্ত খাদ্যগ্ৰহণ,চাহ-কফি অধিক পৰিমাণে পান কৰা আদি অভ্যাসে এগৰাকী ব্যক্তিৰ শৰীৰত প্ৰয়োজনতকৈ অধিক কেল’ৰিৰ সৃষ্টি কৰে।কেল’ৰি নিয়ন্ত্ৰণত ৰাখিলেহে শৰীৰে সুচাৰুৰপে কাম-কাজ কৰাৰ লগতে স্বাস্থ্যৰ উন্নতি ঘটে।স্বাস্থ্য বিশেষজ্ঞসকলে প্ৰকাশ কৰা মতে আধুনিক মানুহে যথেষ্ট পৰিমাণে বিভিন্ন পুষ্টিকৰ আহাৰ গ্ৰহণ কৰে যদিও এইসকল ব্যক্তিয়ে শাৰীৰিক পৰিশ্ৰমৰ পৰা নিজক আঁতৰাই ৰাখে।এনে ব্যক্তিয়ে আৰামদায়ক জীৱনশৈলী যাপন কৰাৰ ফলত শৰীৰত অতিৰিক্ত কেল’ৰিৰ পৰিমাণ বৃদ্ধি পায়।এই অতিৰিক্ত কেল’ৰিখিনি ব্যয় কৰাত সচেতন হ’লে এগৰাকী ব্যক্তিয়ে সু-স্বাস্থ্য ধৰি ৰাখিবলৈ সক্ষম হ’ব বুলি স্বাস্থ্য বিশেষজ্ঞসকলে কয়।
অতিৰিক্ত কেল’ৰি ব্যয় কৰিবলৈ হ’লে এগৰাকী ব্যক্তিয়ে দৈনিক ব্যায়াম কৰাৰ অভ্যাস গঢ়ি তোলাৰ লগতে আন সৰু-সুৰা কাম-কাজৰ জৰিয়তে শাৰীৰিক পৰিশ্ৰম কৰা জৰুৰী বুলি স্বাস্থ্য বিশেষজ্ঞসকলে পৰামৰ্শ দিছে।
*নিয়মীয়াকৈ মুক্তহস্তে ব্যায়াম কৰক।কেল’ৰি হ্ৰাস কৰাৰ বাবে জগিং কৰা ভাল।খৰগতিত খোজকঢ়া,দৌৰাৰ দৰে ব্যায়ামেও কেল’ৰি নিয়ন্ত্ৰণত যথেষ্ট সহায় কৰে।যুৱতীসকলৰ বাবে ‘স্কিপিং’কেল’ৰি নিয়ন্ত্ৰণৰ এটি ফলপ্ৰসু ব্যায়াম।
*খাদ্যাভ্যাসৰ প্ৰতি সচেতন হওক।অধিক চৰ্বিযুক্ত খাদ্য নাখাব।ফাষ্টফুড,জাংকফুড সম্পুৰ্ণৰুপে বৰ্জন কৰক।এনে খাদ্যই শৰীৰত অপ্ৰয়োজনীয় কেল’ৰি বৃদ্ধি কৰে আৰু মেদবহুলতাৰ কাৰণত পৰিণত হয়।
*শীতল পানীয় তথা হেলথ ড্ৰিংক বৰ্জন কৰা উচিত।
এনেবোৰ পানীয়েই শৰীৰত অতিৰিক্ত কেল’ৰি সৃষ্টি কৰাৰ বাহিৰে আন কোনো উপকাৰ নকৰে।
*মিঠাযুক্ত আহাৰ কমাই খাওক।চেনিত অধিক পৰিমাণে কেল’ৰি থকা হেতুকে চেনিযুক্ত খাদ্য বেছি খালে আপোনাৰ শৰীৰত অতিৰিক্ত কেল’ৰিৰ পৰিমাণ বৃদ্ধি পাব।
*ৰন্ধন কাৰ্যত তেলৰ ব্যৱহাৰ কমাই কৰক।তেলত কেল’ৰিৰ পৰিমাণ অধিক থাকে।
*কেঁচা ফলমুল আৰু সেউজীয়া শাক-পাচলি অধিক পৰিমাণে খোৱা ভাল।ফলমুল আৰু শাক-পাচলি পৰ্যাপ্ত পৰিমাণে খালে তেজত ছুগাৰৰ পৰিমাণ নিয়ন্ত্ৰণ ৰখাটো সুবিধাজনক হয়।
*ঘৰুৱা কাম-কাজ,যেনে-ৰন্ধন কাৰ্য,ঘৰ সৰা,ঠাই মোচা,কাপোৰ ধোৱা,কোঠা পৰিস্কাৰ কৰা,বাগিচাত কাম কৰা আদি সৰু-সুৰা কাম নিজে কৰি আপুনি অতিৰিক্ত কেল’ৰিখিনি ব্যয় কৰিব পাৰিব।
*কেল’ৰি নিয়ন্ত্ৰণৰ বাবে যোগাসনো এটি সহজ উপায়।নিয়মীয়াকৈ পোন্ধৰ মিনিট সময় যোগাসন কৰি আপুনি শৰীৰত জমা হোৱা অতিৰিক্ত কেল’ৰিখিনি ব্যয় কৰিব পাৰিব।
চাইকেল চলোৱা ,সাঁতোৰা আৰু এৰ’বিকছৰ দৰে ব্যায়ামে শৰীৰত অতিৰিক্ত কেল’ৰিমুক্ত কৰি ৰখাৰ লগতে ফিগাৰ আকৰ্ষণীয় কৰাত যথেষ্ট সহায় কৰে।
লেখক:দিব্যজ্যোতি ভুঞা (ৰাইজৰ বাতৰি)