অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সু-স্বাস্থ্যৰ বাবে ভাতকেৰেলা :

সু-স্বাস্থ্যৰ বাবে ভাতকেৰেলা :

গৱেষকৰ মতে, ভাতকেৰেলাত ভিটামিন-এ ৬ শতাংশ, ভিটামিন-চি ১০০ শতাংশ, ছডিয়াম ১০ মিলিগ্ৰাম শতাংশ, কাৰ্ব’হাইড্ৰেট ১০ শতাংশ, শৰ্কৰা ৮ শতাংশ পোৱা যায়। কিন্তু আঁহযুক্ত পদাৰ্থ, প্ৰ’টিন, কেলচিয়াম, আয়ৰণ আৰু চৰ্বিৰ পৰিমাণ শূন্য। কেলৰি শক্তি হ’ল ৪০।

বিশেষজ্ঞই কয়, ভাতকেৰেলাত সৰহ পৰিমাণে বিটা কেৰ’টিন পোৱা যায় আৰু গাজৰতকৈ দহগুণ পৰিমাণে বেছি। ভাতকেৰেলাৰ বিটা কেৰ’টিন হ’ল- এবিধ ৰঙা এন্টিঅক্সিডেন্ট। খাদ্য হিচাপে গ্ৰহণ কৰাৰ পাছত দেহত বিটা কেৰ’টিন ভিটামিন-এ লৈ ৰূপান্তৰিত হয় আৰু দেহক সুস্থভাৱে ৰক্ষণাবেক্ষণ দিয়ে।

ভাতকেৰেলাত জিয়াজেন্থিন(Zeaxanthin) নামৰ পদাৰ্থ এবিধ থাকে বুলি গৱেষকে কয় যিয়ে চকুৰ কলাসমূহক(tissue) অতি বেগুণী ৰশ্মিৰ আঘাতৰ পৰা ৰক্ষা কৰে। তদুপৰি চকুৰ কলাসমূহৰ জাৰণৰ(oxidation) মাত্ৰা কমাই ৰাখি চকু দুটাক সুৰক্ষাত বিটা কেৰ’টিনৰো অৱদান আছে। চকুৰ দৃষ্টি অটুট ৰখা আৰু অন্ধতাৰ কবলৰ পৰা বচাই ৰখা কাম বিটা কেৰ’টিনে কৰে।

দেহৰ প্ৰতিৰক্ষণ কাৰ্যতো বিটা কেৰ’টিনে যথেষ্ট সহায় কৰেগ। বিটা কেৰ’টিন দেহত ভিটামিন-এলৈ ৰূপান্তৰিত হৈ দেহত ৰক্তকোষৰ, বিশেষকৈ লিমফ’ছাইট(Lymphocyte) বিকাশত সহায় কৰে আৰু সেয়ে দেহত দেখা দিয়া বিভিন্ন অনুজীৱক প্ৰতিহত কৰি প্ৰতিৰক্ষণ ক্ষমতা বৃদ্ধি কৰে। বিটা কেৰ’টিনে পুৰুষৰ শুক্ৰৰ পৰিমাণ বৃদ্ধি কৰি ভ্ৰূণ বিকাশত যথেষ্ট অৰিহণা যোগায়। ভাতকেৰেলাত উপলব্ধ লাইক’পিন(Lycopene) আৰু বিটা কেৰ’টিনে দেহৰ ছাল নিমজ কৰি সু-স্বাস্থ্য গঢ়াত সহায় কৰে।

ভাতকেৰেলাত নিৰ্দিষ্ট এন্টিঅক্সিডেন্টে হাৰ্ট সুদৃঢ় কৰি এথাৰ’স্কেৰ’ছিছৰ(atherosclerosis) বিৰুদ্ধে যুঁজ দিয়ে। তদুপৰি লাইক’পিনে আৰু বিটা কেৰ’টিনে হাৰ্ট এটেকৰ পৰা বচাই ৰাখেগ। গৱেষকৰ মতে লাইক’পিনে প্ৰটেষ্টগ্লেণ্ডৰ ৰোগ আৰোগ্যত ভূমিকা প্ৰদান কৰে।

ভাতকেৰেলাই বহু প্ৰকাৰৰ কেন্সাৰক বাধা দিব পাৰে অথবা যুঁজ দিব পাৰে। এনে তথ্য জাপানী গৱেষকে কৰা অধ্যয়নৰ সবিশেষ International Journal of Oncology নামৰ গৱেষণা পত্ৰিকাত অলপতে প্ৰকাশ পাইছে। লগতে মন্তব্য দিছে যে ভাতকেৰেলাই কেন্সাৰ নিৰ্মূল কৰিব পাৰে বুলি ভাবিব নালাগে। কিন্তু সত্য কথা যে কেন্সাৰ প্ৰতিৰোধ কৰাৰ ক্ষমতা ভাতকেৰেলাৰ আছে।

তেনেহ’লে আমাৰ খাদ্য তালিকাত বতৰত ওলোৱা ভাতকেৰেলা নাৰাখো কেলেই।

লেখক: ডঃ পৱিত্ৰ কুমাৰ পাটোৱাৰী(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate