মাটিকঁঠাল গছজোপাৰ বৈজ্ঞানিক নাম হ’ল আনানাছ কম’ছাছ (Ananas comosus)। ইয়াৰ ফলকে মাটিকঁঠাল (pineapple) বুলি কোৱা হয়। মাটিকঁঠাল পকিলে ইয়াৰ বাকলি গুচাই খাব পাৰি বা জুচ উলিয়াই অথবা ইয়াৰ পৰা বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰি খাব পাৰি।
মাটিকঁঠালে আৰ্থ্ৰাইটিছৰ লগত জড়িত গাঁঠিৰ যোৰা আৰু পেশীবিলাকত হোৱা প্রদাহবিলাক কম কৰিব পাৰে। মাটিকঁঠালত সাধাৰণতে নথকা এনজাইম ব্রমেলেইন (bromelain) থাকে।— যি দেহৰ জটিল প্ৰ’টিনবিলাক ভাঙিব পাৰে আৰু ই সাংঘাতিক প্রদাহ প্ৰতিষেধক হোৱাৰ বাবে ই আৰ্থ্ৰাইটিছ ৰোগৰ লক্ষণবিলাক কম কৰিব পাৰে। পৃথিৱীৰ লক্ষ লক্ষ লোক আৰ্থ্ৰাইটিছ ৰোগত ভোগে।
মাটিকঁঠাল ভিটামিন চিৰ এটা অতি ভাল উৎস। ভিটামিন চিয়ে ৰোগ হোৱাত কমাই ৰাখিব পাৰে আৰু শ্বেত ৰক্তকণিকাৰ কোষবিলাকৰ কাৰ্যক্ষমতা বৃদ্ধি কৰি দেহৰ ৰোগ প্রতিৰোধী ক্ষমতা বৃদ্ধি কৰে। ভিটামিন চি হ’ল এটা এণ্টিঅক্সিডেণ্ট —যি মুক্তমূলকবিলাকে দেহৰ অংগবিলাকত কৰিব পৰা ক্ষতিবিলাক ৰোধ কৰিব পাৰে।
ভিটামিন চিয়ে দেহত ক’লাজেন (Collagen) সৃষ্টিত বিশেষ ভূমিকা লয়। ৰক্ত নলিকা, ছাল, অংগ আৰু হাড়বিলাকৰ গঠনত লগা আৱশ্যকীয় এটা প্ৰ’টিন হ’ল ক’লাজেল। গতিকে ভিটামিন চি বেছি থাকিলে দেহত হোৱা আঘাত আৰু ক্ষতিবিলাক সোনকালে আৰোগ্য হোৱাত সহায় কৰে আৰু সংক্ৰমণ আৰু অসুখবিলাক হোৱাত বাধা দিব পাৰে।
মাটিকঁঠালত ভিটামিন চি, ভিটামিন এ, বিটা-কেৰ’টিন, ব্রমেলেইন, বিভিন্ন ফ্লেব’নইড দ্রব্যবিলাক আৰু যথেষ্ট পৰিমাণৰ মেংগানিজ আদি বিভিন্ন এণ্টিঅক্সিডেণ্ট দ্রৱবিলাক থকাৰ কাৰণে ইবিলাকে মুক্তমূলকবিলাকে কৰা ক্ষতিৰ পৰা হ’ব পৰা বিভিন্ন কেন্ছাৰৰ লগত যুঁজি এইবিলাক হোৱাত বাধা দিব পাৰে। মাটিকঁঠালে বিশেষকৈ মুখ, ডিঙি আৰু স্তন-কেন্ছাৰ বাধা দিয়াত ভাল সহায় কৰে।
মাটিকঁঠালত দ্ৰৱণীয় আৰু অদ্ৰৱণীয় দুয়োবোধ আঁহযুক্ত খাদ্যদ্ৰব্য থকাৰ কাৰণে মাটিকঁঠাল খালে বহুতো ৰোগ, যেনে— কোষ্ঠকাঠিন্য, ডায়েৰিয়া, ধমনিৰ ৰোগ এথিৰচক্লিৰ’ছিছ, তেজ গোট মৰা আৰু ৰক্তচাপত বেমেজালি হোৱা আদি ৰোগবোৰ হোৱাত বাধা দিব পাৰে। আঁহযুক্ত খাদ্যদ্ৰব্যবোৰে শৌচৰ পৰিমাণ বৃদ্ধি কৰি বাহিৰলৈ ওলাই যায় আৰু খাদ্যদ্ৰব্যবোৰ হজমী নলীয়েদি নিয়মীয়া গতিত পাৰ হৈ যোৱাত সহায় কৰে আৰু লগতে গেছট্রিক আৰু হজমী জুচবোৰ উলিয়াই দিয়াত সহায় কৰি খাদ্যদ্ৰব্যবোৰ পমি যোৱাত সহায় কৰে। আঁহযুক্ত দ্রব্যবোৰে ৰক্তনলীকাবোৰত জমা হ’ব পৰা অপকাৰী কলেষ্টেৰল’বিলাক দেহৰ পৰা উলিয়াই দি হৃদপিণ্ডক স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।
মাটিকঁঠালত থকা ভিটামিন চি আৰু ব্রমেলেইন (bromelain) এনজাইমে উশাহৰ নলী আৰু ছাইনাছৰ গাঁতত (sinus cavities) জমা হোৱা কফ আৰু বিজলুৱা দ্রব্যবোৰক (mucus) কম কৰি বা দেহৰ পৰা বাহিৰ কৰি দি বেমাৰ আৰু সংক্রমণ হোৱাত বাধা দিব পাৰে বা আৰোগ্য কৰিব পাৰে।
মাটিকঁঠালত বেছি পৰিমাণৰ কেলচিয়াম নাথাকে। যদিও ইয়াত হাড় মজবুত কৰা অন্য এটা উপকাৰী খনিজ দ্রব্য মেংগানিজ যথেষ্ট পৰিমাণে থাকে। মেংগানিজ হাড় মজবুত কৰা, হাড় গঠন কৰা আৰু হাড় মেৰামতি কৰাৰ বাবে আৱশ্যকীয় খনিজ দ্রব্য। সেই কাৰণে মাটিকঁঠালে হাড় স্বাস্থ্যৱান কৰি ৰখাত সহায় কৰে।
শক্তি ৫০ কিল'কেলৰি
কার্বহাইড্রেট ১৩.১২ গ্রাম
শর্কৰা ৯.৮৫ গ্ৰাম
আঁহযুক্ত খাদ্যদ্রব্য ১.০৪ গ্রাম
ফেট ০.১২ গ্ৰাম
প্ৰ’টিন ০.৫৪ গ্ৰাম
ভিটামিন বি১ ০.০৭৯ মিলিগ্রাম
ভিটামিন বি২ ০.০৩২ মিলিগ্রাম
ভিটামিন বি৩ ০.৫ মিলিগ্রাম
ভিটামিন বি৫ ০.২১৩ মিলিগ্রাম
ভিটামিন বি৬ ০.১১.২ মিলিগ্রাম
ভিটামিন বি৯ ১৮ মাইক্ৰ’গ্রাম
কলিন ৫.০৫ মিলিগ্রাম
ভিটামিন চি ৪৭.৮ মিলিগ্রাম
কেলচিয়াম ১৩ মিলিগ্রাম
আইৰন ০.২৯ মিলিগ্রাম
মেগনেচিয়াম ১২ মিলিগ্রাম
মেংগানিজ ০.৯২৭ মিলিগ্রাম
ফছফৰাছ ৮ মিলিগ্রাম
পটাচিয়াম ১০৯ মিলিগ্রাম
ছডিয়াম ১ মিলিগ্রাম
জিংক ০.১২ মিলিগ্রাম
পানী ৮৬ গ্ৰাম।
ইয়াৰ উপৰি অন্য দ্রব্য কম পৰিমাণে মাটিকঁঠালত থাকে। এইবিলাকৰ ভিতৰত হ’ল— ফিন'লিক এচিড, এনজাইম, ফিন'লিক ৰাসায়নিক দ্রব্য।
মুখমণ্ডলৰ স্বাস্থ্যত মাটিকঁঠাল
মাটিকঁঠাল দেহৰ কোমল কোষবোৰ আট খুৱাই ধৰিব পৰা (astringent) গুণসম্পন্ন আৰু এই গুণৰ কাৰণে ই দাঁতৰ আলুবিলাক সবল কৰে আৰু দাঁত লৰি থকা বন্ধ কৰিব পাৰে। এছট্ৰিনজেণ্ট দ্রব্যবোৰে দাঁত সৰা, চুলি সৰা আৰু পেশীবিলাক দুর্বল হোৱা আৰু ছালবিলাক ঢিলা হোৱাত বাধা দিব পাৰে। মাটিকঁঠাল এটা শক্তিশালী এছট্ৰিনজেণ্ট গুণসম্পন্ন প্ৰাকৃতিক খাদ্যদ্রব্য।
চকুৰ বাবে মাটিকঁঠাল
চকু মানুহৰ পঞ্চেন্দ্ৰিয়ৰ ভিতৰত এটা অতি আৱশ্যকীয় ইন্দ্ৰিয়। মাটিকঁঠালে চকু স্বাস্থ্যৱান কৰি ৰখাত ভাল কাম কৰে। মাটি কঁঠালত থকা ভিটামিন এ আৰু বিটাকেৰ'টিনে বয়সত হোৱা চকুৰ অসুখবোৰ হোৱাত বাধা প্ৰদান কৰিব পাৰে। মাটিকঁঠালৰ উপৰি বিটা-কেৰ’টিন আৰু ভিটামিন এ থকা ফল-মূল আৰু শাক-পাচলি চকু ভালে ৰখাৰ বাবে খাব লাগে।
পটাচিয়ামকে ধৰি মাটিকঁঠালত বহু মূল্যৱান খনিজ দ্রব্য থাকে। পটাচিয়াম আমাৰ দেহৰ বাবে এটা অতি আৱশ্যকীয় খনিজ পদার্থ, যিটো কম হ’লে স্বাস্থ্যলৈ বহু ভয়াৱহতা আহিব পাৰে। পটাচিয়ামে ৰক্ত নলীকাবিলাক বহল কৰি দি ৰক্তনলীকাত কোনো চাপ নপৰাকৈ তেজৰ চলাচল নিয়মীয়া কৰি ৰাখিব পাৰে। এইটোৰ কাৰণে ধমনী বা ৰক্তনলীকাবিলাকত কোনো অপকাৰী দ্রব্য জমা হ’ব নোৱাৰে আৰু সেইকাৰণে এই অপকাৰী দ্রব্যবোৰ জমা হোৱাৰ ফলত সৃষ্টি হোৱা এথিৰছক্লিৰ’ছিছ, হাৰ্ট এটেক, ষ্ট্রক আদি ৰোগ হোৱাৰ পৰা বচাই ৰাখিব পাৰে। গতিকে হৃদপিণ্ডৰ সু-স্বাস্থ্যৰ বাবে মাটিকঁঠাল খাব লাগে। ইয়াৰ উপৰি মাটিকঁঠালত অন্য এটা খনিজ দ্রব্য কপাৰ থাকে,— যিটো স্বাস্থ্যৱান লোহিত ৰক্তকণিকা গঠন আৰু বৃদ্ধিৰ বাবে আৱশ্যক। লোহিত ৰক্ত কণিকা বৃদ্ধিয়ে দেহৰ বিভিন্ন অংগলৈ যথেষ্ট পৰিমাণৰ অক্সিজেন কঢ়িয়াই নিয়াত সহায় কৰে আৰু নাৰ্ভ বিলাকৰ পথ সুগম কৰি ৰাখি ডিমেনচিয়া (dementia) আৰু এলঝেইমাৰ্ছ (Alzheimer's) ৰোগ হোৱাত বাধা দিব পাৰে। মাটিকঁঠালে পেটৰ ফিটা পেলু বাহিৰ কৰিব পাৰে। মাটিকঁঠালৰ জুচে মতা আৰু মাইকী মানুহৰ প্ৰজনন ক্ষমতা বৃদ্ধি কৰে।
মাটিকঁঠালৰ ইমানবোৰ ভাল গুণ থাকিলেও কিছুমান সাৱধানতা লোৱাৰ আৱশ্যক। মাটিকঁঠালত থকা ব্রমেলেইন মাংস বা অন্য টান বস্তু কোমল কৰাত ব্যৱহাৰ কৰা হয়। গতিকে এনে দ্রব্য বেছিকৈ খালে আমাৰ ওঁঠ, দাঁতৰ আলু আৰু জিভাত কিছু কোমল অনুভৱ হ’ব পাৰে। ব্রমেলেইন আৰু ভিটামিন চি বেছিকৈ খালে বমি ভাব অহা, বমি হোৱা, ডায়েৰিয়া, মূৰ কামোৰণি হ’ব পাৰে। ব্রমেলেইনে ঋতুস্ৰাৱ বৃদ্ধি কৰিব পাৰে। গতিকে গৰ্ভৱতী মহিলাই বেছি মাটিকঁঠাল খাব নালাগে, নহ’লে কেতিয়াবা ই গর্ভপাত কৰিব পাৰে। এইখিনি সাৱধানতা লৈ আমি সকলোৱেই সু-স্বাস্থ্যৰ বাবে মাটিকঁঠাল খাওঁ আহক।
লিখক: ড° ৰবীন্দ্ৰ নাথ বৰুৱা, দৈনিক জনমভূমি।