অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুফল কদলি :

সুফল কদলি :



কদলি শব্দটো সংস্কৃত বা বৈদিক শব্দ। কল বা কদলি এবিধ উৎকৃষ্ট ফল আৰু কলগছৰ সকলো অংশ ব্যৱহাৰ কৰা হয় । পূজা-পাৰ্বন , নানান উৎসৱ আদিত কল নহলে নহয় । বানপানীৰ সময়তো কলগছৰে তৈয়াৰী ভূৰেহে মানুহৰ জীৱন আৰু সম্পত্তি ৰক্ষা কৰে। কলৰ ব্যৱহাৰ সকলোৱে জানে , সেয়েহে ইয়াত কেৱল ঔষধি গুণৰ বিষয়েহে আলোচনা কৰা হব। কল এবিধ উৎকৃষ্ট খাদ্য আৰু আফ্ৰিকাৰ মানুহৰ মুখ্য আহাৰ , আমি ভাত খোৱাৰ দৰে। আমাৰ কেছুৱাক খুউৱা পিঠাগুৰি আৰু ভীমকল অতি উৎকৃষ্ট পুষ্টিকৰ আহাৰ। কল সম্বন্ধীয় প্ৰচলিত অসমীয়া যোজনা সমূহ অৰ্থপূৰ্ণ । যেনে :- সুফল কদলি,সুতিৰী ফেদেলী আৰু পুহত কল ,মাঘত জল , যি খাই তাৰ সাত ভোটোৰা বল ।
(১) কলত যথেষ্ট পৰিমাণে ভিটামিন-বি কমপ্লেক্স , মেগনেছিয়াম, প্ৰোটিন, আহজাতীয় শৰ্কৰা ইত্যাদি থাকে সেয়েহে ই পুষ্টিকৰ খাদ্য।
(২) কলত ভিটামিন-বি কমপ্লেক্স বেছি পৰিমাণে থাকে বাবে স্নায়বিক দূৰ্বলতা , মূখৰ ঘা , পাকস্থলীৰ ঘা বা পেপৃটিক আলচাৰ আদি হোৱাৰ সম্ভাৱনা কমি যায়।
(৩) কলে সকলো স্ৰোত মূক্ত কৰিব পাৰে ।
(৪) কলত থকা ভিটামিন-বিয়ে শৰীৰত থকা অক্জেলেট এচিড ভাঙি পেচাবৰ লগত বাহিৰ কৰিব পাৰে বাবে কিডনী ষ্টন হোৱাৰ সম্ভাৱনা নাথাকে।
(৫) কলত থকা প্ৰাকৃতিক মেগনেছিয়ামে সিৰা-ধমনীত সঞ্চিত হোৱা কলেষ্টৰল আতৰ কৰাৰ উপৰিও তেজত বেছিকৈ থকা কলেষ্টৰল নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰে । সেয়েহে উচ্চ ৰক্তচাপ আৰু কলেষ্টৰল সম্বন্ধীয় হৃদৰোগ বিশেষকৈ হৃদপিণ্ডলৈ তেজ চলাচল কৰা সিৰা-ধমনী অৱৰোধ হোৱাৰ পৰা ৰক্ষা কৰে । প্ৰতিদিনে ৩-৪ কল তিনিমাহ খালে উচ্চ ৰক্তচাপ আৰু কলেষ্টৰল সম্বন্ধীয় হৃদৰোগ বিনা ঔষধে ৩০- ৪০% কমি যায় বাবে হাৰ্টষ্ট্ৰোক হোৱাৰ সম্ভাৱনা নাথাকে ।
(৬) কলে কলেষ্টৰল কমাব পাৰে বাবে গলব্লাডাৰ ষ্টন গঠন হোৱাটো বাধা আৰোপ কৰে।
(৭) ডায়েবেটিচ থকা ৰোগীয়ে কল খাব পাৰে । কলত আহজাতীয় শৰ্কৰা থাকে , সেয়েহে কলত থকা আহজাতীয় শৰ্কৰা বা ফ্ৰুক্টজ ক্ষুদ্ৰান্ত্ৰত সম্পূৰ্ণৰূপে শোষণ নহয় । তাৰোপৰি ফ্ৰুক্টজ জাৰণ (Oxidisation ) হবলৈ ইনচুলিন প্ৰয়োজন নহয়। সেয়েহে কলৰ উপৰিও অন্যান্য ফল নিয়মিত পৰিমাণে খাব পাৰে। আনহাতে কলত থকা ভিটামিন-বিয়ে ডায়েবেটিচ ৰোগীৰ স্নায়বিক ৰোগ নিৰাময়ত সহায় কৰে ।
(৮) কলডিলত যথেষ্ট পৰিমাণে থকা প্ৰাকৃতিক লৌহ পদাৰ্থই ৰক্তহীনতা আতৰ কৰে । গৰ্ভৱতী মহিলাৰ কাৰণে কলডিল মহৌষধ । কলডিল আহজাতীয় পাচলি , খালে কোষ্ঠকাঠিনতা নহয় ।
(৯) কলাক্ষাৰ খালে পেটৰ গণ্ডগোল বিশেষকৈ হাইপাৰ এচিডিটি উপশম হয় । তাৰোপৰি কণ্ঠৰোগৰ বাবে বিশেষকৈ কাহ ,কফ, মাত ভগা অৱস্থাত কলা খাৰৰ পানীৰে কুলি কুলি কৰাৰ উপৰিও কলাখাৰ খালে ৰোগ ভাল হয়।
(১০) কলৰ ভিতৰত ভীমকল সৰ্বোকৃষ্ট । গৰমৰ দিনত ভীমকলৰ চৰ্বতে শৰীৰৰ জলশূণ্যতা আতৰাই বল-শক্তি প্ৰদান কৰে।
(১১) পকা কলৰ লগত মৌজোল মিহলাই বনোৱা ফেচিয়েল অতি উত্তম। এই ধৰণৰ ফেচিয়েল ব্যৱহাৰ কৰিলে ছাল নিমজ হয় , উজ্বলতা বাঢ়ে আৰু শালমন নোহোৱা হয়।


আজি কালি বজাৰত পোৱা কলবোৰ কাৰ্বাইদ দি পকায় । এইদৰে পকোৱা কল খালে হিতে বিপৰীত হব। কাৰ্বাইদ দিয়া কল খালে যকৃত ৰোগ , পেটৰ ৰোগ , মুখত ঘা হোৱাৰ উপৰিও কৰ্কট হোৱাৰ সম্ভাৱনা থাকে। সেয়েহে কাৰ্বাইদ দি পকোৱা কল বৰ্জন কৰিব আৰু আনকো নাখাবলৈ উপদেশ দিব । তেতিয়া কল বেপাৰীয়ে কাৰ্বাইদ দি নপকাব । আজি কালি বজাৰত পোৱা মালভোগ কল প্ৰকৃত মালভোগ নহয় । এই বিধ কল ডাঙৰ, বাকলি ডাঠ , খাবলৈ সামান্য কঠিন আৰু অলপ টেঙেচীয়া। আচল মালভোগ সৰু , বাকলি পাতল , সুগন্ধি আৰু বালিয়া। গতিকে ডুপ্লিকেত মালভোগতকৈ ভীমকল , মনোহৰ কল আদি উপকাৰী।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate