অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুষম আহাৰ

শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগবিলাকৰ সুগঠন আৰু পৰিপুষ্টিৰ বাবে আমাৰ খাদ্যৰ প্ৰয়োজন। শৰীৰত তাপৰ সমতা ৰক্ষা কৰি শৰীৰত জীৱনীশক্তি দান কৰা আৰু নানাৰকমৰ সংক্ৰামক বীজাণুৰপৰা ৰক্ষা কৰিবৰ কাৰণে শৰীৰত প্ৰতিৰোধ ক্ষমতা গঢ়ি তোলাও খাদ্যৰ আন এটা উদ্দেশ্য। যিবোৰ খাদ্যই শৰীৰৰ সুস্থ গঠনত সহায় কৰে, শৰীৰৰ ক্ষয় নিবাৰণ কৰি পুষ্টিসাধন কৰিব পাৰে, শৰীৰত তাপ আৰু শক্তি উত্পাদন কৰি শৰীৰক কাৰ্য্যক্ষম কৰি ৰাখে আৰু শৰীৰত ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে তাকে সুষম আহাৰ বোলা হয়। অৰ্থাত্ সুষম আহাৰত উপযুক্ত পৰিমাণে শৰীৰৰ পুষ্টিৰ কাৰণে প্ৰয়োজনীয় সকলো উপাদান থাকে। দৰাচলতে আমাৰ খাদ্য হ’ল কিছুমান বিশেষ বিশেষ শ্ৰেণীৰ ৰাসায়নিক যৌগ। বিজ্ঞানীসকলে ৰাসায়নিক বিশ্লেষণৰ দ্বাৰা খাদ্যৰ ভিতৰত থকা বিভিন্ন সাৰবস্তুবিলাক আৱিস্কাৰ কৰি দেখুৱাইছে যে, মানুহৰ সুষম আহাৰত থকা খাদ্যবিলাকক মূলতঃ ছয় প্ৰকাৰৰ ৰাসায়নিক শ্ৰেণীত ভাগ কৰা যায়। যেনেঃ- (১) কাৰ্ব’হাইড্ৰেট, (২) প্ৰ’টিন, (৩) চৰ্বী, (৪) ধাতৱ লৱণ, (৫) ভিটামিন আৰু (৬) পানী।

কাৰ্ব’হাইড্ৰেটঃ

এইবোৰ হ’ল কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেনৰ দ্বাৰা গঠিত আৰু প্ৰধানকৈ উদ্ভিদত থকা একশ্ৰেণীৰ অতি আৱশ্যকীয় জৈৱযৌগ। পানীত থকাৰ দৰে এই যৌগসমূহত হাইড্ৰ’জেন আৰু অক্সিজেন ২:১ অনুপাতত থাকে। কাৰ্ব’হাইড্ৰেটসমূহক প্ৰধানকৈ দুটা শ্ৰেণীত ভগাব পাৰি। যেনেঃ

।.শৰ্কৰা জাতীয়ঃএইবোৰৰ সোৱাদ মিঠা, পানীত দ্ৰৱণীয় আৰু ক্ৰিষ্টেলীয় বা দানাকাৰ। পানীৰ লগত বিক্ৰিয়াৰ ভিত্তিত এইবোৰক আকৌ দুটা শ্ৰেণীত ভাগ কৰা হয়। যেনেঃ-

(ক) মন’ছেকাৰাইড আৰু (খ) অলিগ’ছেকাৰাইড।

(ক) মন’ছেকাৰাইডঃ  এইবোৰ কাৰ্ব’হাইড্ৰেটৰ জলবিশ্লেষণ নঘটে। যেনেঃ- গ্লুক’জ, ফ্ৰুক্ট’জ ইত্যাদি।

(খ) অলিগ’ছেকাৰাইডঃ এই শ্ৰেণীৰ কাৰ্ব’হাইড্ৰেটৰ জলবিশ্লেষণ ঘটি দুটা বা তিনিটা মন’ছেকাৰাইডৰ অনু উত্পন্ন হয়। যেনেঃ কুঁহিয়াৰৰ চেনি বা গ্লুক’জ। ইয়াৰ জলবিশ্লেষণ ঘটি গ্লুক’জ আৰু ফ্ৰুক্ট’জ উত্পন্ন হয়।

II.অশৰ্কৰা জাতীয় বা পলিছেকাৰাইডঃ এইবোৰৰ সোৱাদ নাই, পানীত অদ্ৰৱণীয় আৰু অনিয়তাকাৰ। চাউল বা বাৰ্লিত থকা শ্বেতসাৰ আৰু কপাহ, ঘাঁহ, বাঁহ, মৰাপাট আদিত থকা চেলুল’জ হ’ল এইবিধ কাৰ্ব’হাইড্ৰেটৰ উদাহৰণ। এইবোৰৰ গঠন জটিল আৰু জলবিশ্লেষণৰ ফলত বহুসংখ্যক মন’ছেকাৰাইডৰ অণু উত্পন্ন হয়।

গ্লুক’জ আৰু ফ্ৰুক্ট’জ সৰল কাৰ্ব’হাইড্ৰেট, ফলমূল আৰু মৌত এইবোৰ থাকে। কুঁহিয়াৰত ছুক্ৰ’জৰ লগত গ্লুক’জো থাকে। গাখীৰত লেক্ট’জ থাকে। আলু, চাউল আদিত যথেষ্ট পৰিমাণে ষ্টাৰ্ছ থাকে। কাৰ্ব’হাইড্ৰেট আমাৰ খাদ্যৰ এটা প্ৰধান উপাদান, ই আমাৰ শৰীৰত শক্তি যোগায়। শৰীৰৰ ভিতৰত কাৰ্ব’হাইড্ৰেট গ্লুক’জলৈ পৰিৱৰ্তিত হয়। এই গ্লুক’জ লাহে লাহে কাৰ্বন-ডাইঅক্সাইড আৰু পানীলৈ পৰিৱৰ্তিত হয় আৰু লগতে যথেষ্ট পৰিমাণে তাপ উত্পন্ন কৰে। এই তাপে শৰীৰত শক্তি যোগায় আৰু কাৰ্য্য কৰাৰ কাৰণে ব্যয় হোৱা শক্তিৰ পূৰণ কৰি দেহত তাপৰ সমতা ৰক্ষা কৰে।

প্ৰ’টিনঃ

এইবোৰ হ’ল কাৰ্বন, হাইড্ৰ’জেন, অক্সিজেন আৰু নাইট্ৰ’জেনেৰে গঠিত, প্ৰাণীজ আৰু উদ্ভিজ উত্সৰ পৰা পোৱা উচ্চ আনবিক ভৰবিশিষ্ট জটিল জৈৱ যৌগ। বহুতো প্ৰ’টিনত ছালফাৰ আৰু কিছুমানত ফছফৰাছ, আইৰণ, কপাৰ আৰু আয়’ডিনও থাকে। কেইটামান প্ৰ’টিনৰ থূলমূল আনবিক ভৰ তলত দিয়া হ’লঃ

প্ৰ’টিন

আনবিক ভৰ

কণীৰ এলবুমিন

৪৫,০০০ পা. ভ. একক

হিম’গ্ল’বিন

৭০,০০০ পা. ভ. একক

প্ৰ’টিন অণুৰ উচ্চ আনবিক ভৰৰ কাৰণ হ’ল প্ৰ’টিনৰ একোটা অণু বহুসংখ্যক α-এমিন’ এছিডৰ অণুৰ গোট লগ লাগি গঠিত হয়। কাৰ্বক্সিলিক এছিডৰ কাৰ্বন শৃংখলৰ যিটো কাৰ্বন পৰমাণু –COOH মূলকৰ লগত লগ লাগি থাকে তাক α-কাৰ্বন পৰমাণু বোলা হয়। α-কাৰ্বনত থকা হাইড্ৰ’জেন পৰমাণু এমিন মূলকৰ দ্বাৰা প্ৰতিস্থাপিত হৈ এমিন’ এছিড উত্পন্ন হয়। প্ৰথমটো এমিন’ এছিড হ’ল- গ্লাইছিন।

প্ৰকৃতিত বিভিন্ন উপায়ে সংশ্লেষিত হৈ প্ৰায় কুৰিবিধমান বিভিন্ন এমিন’ এছিড সৃষ্টি হয়। এইবোৰ বিভিন্ন ধৰণে লগ লাগি বহুসংখ্যক বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন উত্পন্ন কৰে। ইয়াৰে আঠবিধ এমিন’ এছিড মানৱদেহৰ ভিতৰত সংশ্লেষিত নহয়। বাহিৰৰ পৰা এইবোৰ আমাৰ খাদ্যৰ যোগেদি যোগান ধৰা হয়। প্ৰ’টিন আমাৰ খাদ্যৰ এটা প্ৰধান উপাদান। পুষ্টিসাধনৰ বাবে প্ৰ’টিন অত্যাৱশ্যকীয় সামগ্ৰী। আমাৰ খাদ্য মাছ, মাংস, কণী, মাখন, চিজ, ফলমূল, শাক-পাচলি, চাউল, আটা, ময়দা, দাইল আদিত বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন থাকে। তাৰোপৰি দেহৰ ভিতৰত বিভিন্ন এমিন’ এছিড সংশ্লেষিত হৈ বিভিন্ন প্ৰকাৰৰ প্ৰ’টিন উত্পন্ন হয়। প্ৰ’টিনে দেহৰ তন্ত্ৰ আৰু কোষ গঠন কৰাৰ উপৰিও দেহত শক্তি আৰু তাপ সঞ্চাৰ কৰে। প্ৰ’টিনৰ অভাৱত দেহ গঠনত বাধা পৰে, ৰোগ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা লোপ পায়।

চৰ্বী বা তেলঃ

চৰ্বীৰ মূল উপাদান কাৰ্বন, হাইড্ৰ’জেন আৰু অক্সিজেন। মূলতঃ এইবিলাক হ’ল কাৰ্বক্সিলিক এছিডৰ সৈতে গ্লিছাৰলৰ বিক্ৰিয়াৰ ফলত উত্পন্ন হোৱা কিছুমান জৈৱ যৌগ। এই যৌগবোৰৰ কিছুমান কঠিন অৱস্থাত থাকে। ইহঁতক চৰ্বী বোলে। আৰু যিবোৰ তৰল অৱস্থাত থাকে ইহঁতক তেল বোলা হয়। উত্পত্তি অনুসৰি চৰ্বীবোৰক দুভাগত ভগাব পাৰি- প্ৰাণীজ চৰ্বী আৰু উদ্ভিজ চৰ্বী। গৰু, ম’হ আদিৰ গাখীৰৰ পৰা তৈয়াৰ কৰা ঘি, মাখন, ছিজ, জন্তুৰ চৰ্বী বা তেল, মাছৰ তেল, কণীৰ কুহুম আদি প্ৰাণীজ চৰ্বীৰ উদাহৰণ। আনহাতে সৰিয়হৰ তেল, নাৰিকলৰ তেল, তিল তেল, বাদাম তেল আদি উদ্ভিজ চৰ্বীৰ উদাহৰণ।

চৰ্বীয়ে শৰীৰত দুই ধৰণে উপকাৰ সাধন কৰে। ৰাসায়নিক বিক্ৰিয়াত ইয়াৰ ভাঙনৰ ফলত শৰীৰত প্ৰচুৰ তাপ আৰু শক্তিৰ যোগান ধৰে। আনহাতে ই শৰীৰৰ উপৰিভাগৰ তাপ সহজে ওলাই যাব নিদিয়ে। শৰীৰত কিছুমান ভিটামিন, ফছফৰাছ, কেলছিয়াম আদি স্বাংগীকৰণত চৰ্বীয়ে সহায় কৰে। প্ৰাণীজ চৰ্বীত অতি প্ৰয়োজনীয় ভিটামিন ‘এ’, ‘ডি’, ‘কে’ আৰু ‘ই’ থাকে। খাদ্যত চৰ্বীৰ পৰিমাণ কম হ’লে শৰীৰত এইবোৰ ভিটামিনৰ অভাৱ হয় আৰু নানা প্ৰকাৰৰ বেমাৰৰ সৃষ্টি হয়।

ধাতৱ লৱণঃ

প্ৰ’টিন, কাৰ্ব’হাইড্ৰেট আৰু চৰ্বী জাতীয় উপাদানসমূহৰ কাৰ্য্যত সহায় কৰিবৰ বাবে কিছুমান ধাতৱ লৱণ আৰু অজৈৱ পদাৰ্থৰ প্ৰয়োজন হয়।

আমাৰ শৰীৰত প্ৰায় ওঠৰবিধ মৌলিক উপাদান আছে। এইবোৰ হ’ল- C, N, H, O, Ca, P, Na, K, Mg, S, Cl, Fe, l, Cu, Co, Mn, F, Zn ইত্যাদি। ইয়াৰ ভিতৰত  Ca, P, K, S, Na, Cl, Mg, Fe, l, Cu-এই দহবিধ শৰীৰৰ গঠন আৰু বিভিন্ন ক্ৰিয়াসমূহৰ বাবে অতি লাগতিয়াল। এই অজৈৱ আৰু ধাতৱ পদাৰ্থবোৰ আমাৰ শৰীৰৰ বিভিন্ন অংগ-প্ৰত্যংগ যেনে- হাড়, দাঁত, তেজ, কোষ, ৰক্তকণিকা, থাইৰয়ড গ্লেণ্ড, শৰীৰৰ ৰস আদিত লৱণ নাইবা আন যৌগ হিচাপে থাকে। হিম’গ্ল’বিনত থকা সামান্য আইৰণে আমাৰ তেজৰ ৰক্তকণিকাসমূহক শক্তিশালী কৰি বাহিৰৰ ৰোগ জীৱাণুবোৰৰ পৰা আমাৰ শৰীৰ ৰক্ষা কৰে। শৰীৰৰ গঠন, বৃদ্ধি আৰু স্বাভাৱিক ক্ৰিয়াসমূহৰ বাবে থাইৰয়ড গ্লেণ্ডত থকা আয়’ডিন অতি প্ৰয়োজনীয়।

শৰীৰৰ অস্থি সংগঠন আৰু বৃদ্ধিৰ বাবে কেলছিয়াম অতি আৱশ্যকীয়। শৰীৰত থকা সমগ্ৰ ধাতৱ পদাৰ্থৰ প্ৰায় আধাভাগেই কেলছিয়াম। হাড় আৰু দাঁতত শতকৰা ৯৮ ভাগ কেলছিয়াম থাকে। কেলছিয়ামৰ পিছতেই প্ৰচুৰ পৰিমাণে আমাৰ শৰীৰত ফছফৰাছ থাকে। হাড় আৰু দাঁতৰ গঠনত ই কেলছিয়ামক সহায় কৰে। শৰীৰৰ পৰিপুষ্টিৰ ক্ষেত্ৰত আইৰণে অতি গুৰুত্বপূৰ্ণ স্থান অধিকাৰ কৰি আছে।

ভিটামিনঃ

আমাৰ খাদ্য হিচাপে ব্যৱহাৰ হোৱা কাৰ্ব’হাইড্ৰেট, প্ৰ’টিন, চৰ্বী, খনিজ পদাৰ্থ আৰু পানীৰ বাহিৰেও উদ্ভিদ আৰু প্ৰাণীৰ পৰা আহৰণ কৰা কিছুমান জৈৱ যৌগ সামান্য পৰিমাণে আৱশ্যক হয়। এই জৈৱ যৌগবোৰ প্ৰাণীৰ দেহ গঠনত আৰু নিৰোগী জীৱন যাপনত সহায় হয়। এইবোৰে কাৰ্ব’হাইড্ৰেট বা চৰ্বীৰ দৰে শক্তিৰ যোগান নধৰে বা প্ৰ’টিনৰ দৰে শৰীৰৰ গঠনত সহায় নকৰে, কিন্তু শৰীৰৰ ভিতৰত বিভিন্ন ৰাসায়নিক বিক্ৰিয়াত অনুঘটকৰ কাম কৰে। এনেবোৰ জৈৱ পদাৰ্থক ভিটামিন বোলা হয়। প্ৰায়বোৰ খাদ্যসামগ্ৰীতে কিছু পৰিমাণে ভিটামিন থাকে। ১৯১১ চনত পোন প্ৰথমে পোলেণ্ডৰ বিজ্ঞানী কছিমিৰ ফাংকে ভিটামিন আৱিষ্কাৰ কৰিছিল।

দ্ৰৱণীয়তাৰ ওপৰত ভিত্তি কৰি ভিটামিনবোৰক দুভাগত ভাগ কৰিব পাৰি- চৰ্বীত দ্ৰৱণীয় আৰু পানীত দ্ৰৱণীয়। ভিটামিন ‘এ’, ‘ডি’, ‘ই’ আৰু ‘কে’ চৰ্বীত দ্ৰৱণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত। আনহাতে ভিটামিন ‘বি’, ‘চি’ আদি পানীত দ্ৰৱণীয় শ্ৰেণীৰ অন্তৰ্ভুক্ত।

যিবিলাক যৌগৰপৰা প্ৰাণীদেহে ভিটামিন সংশ্লেষণ কৰে সেইবোৰক প্ৰতিভিটামিন বোলা হয়। যেনে- ভিটামিন ‘এ’, কেৰ’টিন নামৰ যৌগৰ পৰা সংশ্লেষিত হয়। গতিকে কেৰ’টিন ভিটামিন ‘এ’ৰ প্ৰতিভিটামিন।

বিভিন্ন খাদ্যত এই ভিটামিনবোৰ থাকে। গাখীৰ, কণী, মাখন আৰু যকৃতত যথেষ্ট পৰিমাণে ভিটামিন পোৱা যায়। সেউজীয়া শাক-পাচলিত ভিটামিন ‘এ’ৰ প্ৰতিভিটামিন, কেৰ’টিন থাকে।

ভিটামিন ‘বি’ কেইবাটাও ভিটামিনৰ সংমিশ্ৰণ। এইবোৰক ভিটামিন ‘বি কমপ্লেক্স’ বোলে। অকাৰী চাউল, মাছ, মাংস, কণী, আটা, ময়দা, গাখীৰ আদিত ভিটামিন পোৱা যায়।

বিভিন্ন টেঙা ফলমূল যেনে- নেমুটেঙা, সুমথিৰা, আঙুৰ, তৰমুজ, আমলখি, বিলাহী, বেঙেনা, বন্ধাকবি, কেঁচা জলকীয়া, শাক-পাচলি আদিত ভিটামিন ‘চি’ পোৱা যায়।

মাছৰ যকৃত, গাখীৰ আৰু কুকুৰাৰ কণীৰ কুহুমত ভিটামিন ‘ডি’ পোৱা যায়।

গাখীৰ, মাখন, কণী আৰু উদ্ভিজ তেলত ভিটামিন ‘ই’, পালেং, বন্ধাকবি, ফুলকবি, গাজৰ আদিত যথেষ্ট পৰিমাণে ভিটামিন ‘কে’ থাকে।

এই ভিটামিনবোৰৰ অভাৱত মানুহৰ শৰীৰত ৰোগে দেখা দিয়ে।

পানীঃ

সকলো জীৱ নাইবা উদ্ভিদৰে জীৱন ধাৰণৰ বাবে পানী হ’ল অতি আৱশ্যকীয় দ্ৰব্য। জীৱদেহত যথেষ্ট পৰিমাণে পানী থাকে। জীৱদেহৰ আৱশ্যকীয় শক্তি সৃষ্টিত পানী প্ৰত্যক্ষভাৱে জড়িত নহয়, কিন্তু বিভিন্ন বিপাকীয় কাৰ্য্য সংঘটিত হ’বলৈ পানী অতি প্ৰয়োজন। জীৱদেহৰ ওজনৰ প্ৰায় ৬০ ভাগেই পানী। জীৱদেহৰ আৱশ্যকীয় সকলো খাদ্য পদাৰ্থতে পানী থাকে। পানী নহ’লে জীৱ জীয়াই থাকিব নোৱাৰে।

পানীয়ে জীৱদেহত এক অসাধাৰণ দ্ৰাৱক হিচাপে কাম কৰে। খুব সহজে ব্যাপন প্ৰক্ৰিয়াৰে পানী এটা কোষৰ পৰা আন এটা কোষলৈ ব্যাপিত হ’ব পাৰে। ইয়াৰ ফলত কোষত সামঞ্জস্য আৰু সমতা সুচাৰুৰূৰে নিয়ন্ত্ৰিত হয়।

খাদ্য দ্ৰব্য সংৰক্ষণৰ প্ৰয়োজনঃ

খাদ্যবস্তু অপচয় নকৰাকৈ ৰাহি হোৱা খাদ্যবস্তু সংৰক্ষণ কৰা প্ৰয়োজন হয়। নষ্ট নোহোৱাকৈ ইয়াক সংৰক্ষণ কৰিবলৈ বিভিন্ন পদ্ধতি প্ৰয়োগ কৰা হয়। এই পদ্ধতিবোৰক মূলতঃ দুটা ভাগত ভগাব পাৰি।

(ক) এটা পদ্ধতিত খাদ্যবস্তুত কোনো ক্ষুদ্ৰ জীৱাণু যাতে সৃষ্টি হ’ব নোৱাৰে তাৰবাবে খাদ্যবস্তুবোৰত থকা পানীভাগ কিছু পৰিমাণে আঁতৰোৱা হয়। জীৱাণু সৃষ্টিৰ বাবে প্ৰয়োজন হোৱা ন্যূনতম পানীভাগ খাদ্যবস্তুত নাথাকিলে ই সৃষ্টি হ’ব নোৱাৰে। খাদ্যবস্তুৰ প্ৰকৃতি অনুসৰি বিভিন্ন প্ৰথাৰে ইয়াৰ পানীভাগ আঁতৰাব পাৰি। আমাৰ দেশত বিভিন্ন খাদ্য পোনপটীয়াকৈ ৰ’দত দি শুকোৱা হয়। বিভিন্ন শাক-পাচলি যেনে- বীন, আলু, ফুলকবি, ভেণ্ডী, বিভিন্ন শাক ধুই পোনে পোনে ৰ’দত দি শুকুৱাব পাৰি। কিছুমান ফলমূল, মাছ আদিও এনেদৰে শুকোৱা হয়। আমি খাৱা ‘পাপৰ’ এনেদৰে শুকুৱাই সংৰক্ষণ কৰা হয়।

কিছুমান মাছ আৰু মাংস ধোঁৱা দি পানীভাগ আঁতৰোৱা হয়।

বিভিন্ন গাখীৰৰ পাউদাৰ, কেঁচুৱাৰ আহাৰ, কফি আদি বৈদ্যুতিক আহিলাৰে পানীভাগ আঁতৰ কৰি (উষ্ণতা আৰু আৰ্দ্ৰতা নিয়ন্ত্ৰণৰ দ্বাৰা) শুকোৱা হয়।

কিছুমান ক্ষেত্ৰত নিমখ বা চেনি যোগ কৰি খাদ্যৰ জীৱাণুবোৰৰ বৃদ্ধিত বাধা দিয়া হয়। নেমুটেঙা, আম আৰু আন কিছুমান ফলমূলৰ আচাৰ এনেদৰে সংৰক্ষিত কৰা হয়। বিভিন্ন ফলমূল আদি এনেদৰে জাম আৰু জেলিলৈ ৰূপান্তৰিত কৰি বহুদিনলৈ ৰাখি থ’ব পাৰি। চেনি বা নিমখে খাদ্যবস্তুৰ পানীভাগ শোষণ কৰে।

কিছুমান ফলমূলত তেল যোগ কৰি (আচাৰ প্ৰস্তুত কৰি) বহু দিনলৈ ৰাখিব পাৰি। যোগ কৰা তেলভাগে ফলমূলৰ উপৰিভাগত প্ৰলেপ সৃষ্টি কৰি তাক বায়ুৰপৰা মুক্ত কৰি ৰাখে আৰু ভেঁকুৰ আদি সৃষ্টি হোৱাত বাধা দিয়ে।

কিছুমান জৈৱ এছিডে খাদ্যবস্তুৰ বীজাণু সৃষ্টিত বাধা দিয়ে। এনে এছিডবোৰৰ উদাহৰণ হ’ল- এছিটিক এছিড (ভিনেগাৰ), ছাইট্ৰিক এছিড (লাইম ৰস) আৰু লেকটিক এছিড। বিভন্ন আচাৰ, চাটনি, চচ আদি সংৰক্ষণৰ বাবে ভিনেগাৰ যোগ কৰা হয়। কটা ফলমূল, জাম, জেলি আদিত ভেঁকুৰ নাবান্ধিবলৈ ছাইট্ৰিক এছিড যোগ কৰা হয়।

কিছুমান ৰাসায়নিক দ্ৰব্য খাদ্যবস্তু সংৰক্ষণত ব্যৱহাৰ কৰা হয়। বেনজয়িক এছিডৰ ছডিয়াম লৱণ জাম আৰু জেলি সংৰক্ষণত প্ৰচুৰভাৱে ব্যৱহাৰ কৰা হয়। আন কিছুমান ৰাসায়নিক সংৰক্ষকৰ উদাহৰণ হ’ল- পটেছিয়াম, মেটাবাইছালফাইট, চৰ্বীক এছিড, কেলছিয়াম প্ৰপিয়নেট ইত্যাদি।

অতি নিম্ন উষ্ণতাত ৰাখিও বিভিন্ন খাদ্যবস্তুত ঘটিব পৰা এনযাইম ঘটিত বিক্ৰিয়া আৰু জীৱাণু বৃদ্ধি বাধা দিব পাৰি।

ৰেফ্ৰিজাৰেটৰত বিভিন্ন নিম্ন উষ্ণতা নিয়ন্ত্ৰণৰদ্বাৰা খাদ্যবস্তু সংৰক্ষণ কৰি ৰাখিব পাৰি। সাধাৰণতে শাক-পাচলি, আপেল আদি ফলবোৰ প্ৰায় ১৫ ডিগ্ৰী ছেলছিয়াছ উষ্ণতাত বহু দিনলৈ ৰাখিব পাৰি। মাংস, গাখীৰ, গাখীৰজাত দ্ৰব্য, মাছ আৰু কণী, ৰন্ধা আঞ্জা-তৰকাৰী আদি ০-৫ ডিগ্ৰী ছেলছিয়াছ উষ্ণতাত দুই-তিনিদিন ৰাখিব পাৰি।

(খ) খাদ্যবস্তু সংৰক্ষণৰ আন এটা পদ্ধতিৰ মূলনীতি হ’ল- সংৰক্ষণৰ লগে লগে খাদ্যবস্তুত সৃষ্টি হোৱা জীৱাণুবোৰ বিভিন্ন প্ৰথাৰে ধ্বংস কৰা হয়। এই উদ্দেশ্যে খাদ্যবস্তু উচ্চ উষ্ণতাত সিজাই, উতলাই, ভাপত সিজাই আদি বিভিন্ন পদ্ধতিৰে সংৰক্ষণ কৰা হয়।

বীজাণুনাশীবিলাকে বীজাণু ধ্বংস কৰে অথবা সিহঁতৰ বৃদ্ধি ৰোধ কৰেঃ

ৰসায়নজাত বিভিন্ন পদাৰ্থ বীজাণুনাশক হিচাপে ব্যৱহৃত হয়। বীজাণুনাশকবোৰৰ কিছুমান কীটনাশক আৰু কিছুমান জীৱনাশক হিচাপে জনা যায়। অনিষ্টকাৰী জীৱৰ ওপৰত কৰা কাৰ্য্য অনুসৰি কীটনাশকবোৰৰ নামকৰণ কৰা হৈছে। এইবোৰ হ’ল- পতংগনাশক, এন্দুৰ-নিগনিনাশক, তৃণনাশক, ভ্ৰূণনাশক ইত্যাদি।

কিছুমান পতংগনাশক দ্ৰব্য পতংগবোৰে খোৱাৰ ফলত আৰু কিছুমান পতংগনাশক দ্ৰব্য পতংগৰ সংস্পৰ্শত অহাৰ ফলত পতংগৰ মৃত্যু হয়। আন কিছুমান অজৈৱ পতংগনাশক, যেনে- বিভিন্ন ধাতৱ যৌগ আদি কৃষি খণ্ডত বহুল প্ৰচলন হয়। লেড আৰ্ছনেট, কেলছিয়াম আৰ্ছেনেট, পেৰিছ গ্ৰীণ (ইয়াৰ ৰাসায়নিক নাম কপাৰ এছিট’আৰ্ছেনেট), বিভিন্ন ছালফাৰ যৌগ আদি অজৈৱ পতংগনাশকৰ উদাহৰণ। নিকটিনয়ড, পাইৰেটথ্ৰয়ড, ৰ’টেনয়ড আদি শ্ৰেণীৰ পতংগনাশক উদ্ভিজ পতংগনাশকৰ উদাহৰণ। কিছুমান জৈৱ পতংগনাশক সংশ্লেষিত কৰা হয়। এনে যৈগৰ ভিতৰত নাইট্ৰ’ফেনল উল্লেখযোগ্য। এনে যৌগক ভেঁকুৰনাশক, তৃণনাশক, পতংগনাশক কৰিবলৈ এই যৌগবোৰত বিভিন্ন জৈৱমূলক (এলকিল, ছাইক্ল’এলকিল আদি) অন্তৰ্ভুক্ত কৰা হয়।

 

কিছুমান এনে কীটনাশকৰ তালিকা তলত দিয়া হ’লঃ-

কীটনাশক

ব্যৱহাৰ

পেৰানাইট্ৰ’ফেনল

ৰবৰ সংৰক্ষণত ব্যৱহাৰ কৰা হয়।

২,৪, ডাইনাইট্ৰ’ফেনল

ভেঁকুৰনাশক আৰু কীটনাশক হিচাপে

ডিডিটি

তৃণনাশক, ভেঁকুৰনাশক হিচাপে

বেনজিন হেক্সাক্ল’ৰাইড বা গেমাক্সিন

পতংগনাশক হিচাপে

এলড্ৰিন

ফল-মূল, শাক-পাচলি আদিৰ ক্ষেত্ৰত কীটনাশক হিচাপে

মেলাথিয়ন

ফুল, শাক-পাচলি আদিৰ ৰক্ষণত আৰু মহ, মাখি, উৰহ, ওকণি আদি ধ্বংস কৰিবলৈ।

 

কীটনাশকৰ উপৰিও আন কিছুমান ৰসায়নজাত পদাৰ্থ আছে যিবোৰে বেক্টেৰিয়া আৰু আন আন অনিষ্টকাৰী জীৱাণু ধ্বংস কৰিব পাৰে নাইবা এইবোৰৰ বৃদ্ধিত বাধা দিব পাৰে। এনে পদাৰ্থক বীজাণুবাৰক বা প্ৰতিষেধক বা এন্টিছেপটিক বোলা হয়। এই পদাৰ্থবোৰৰ বিশেষত্ব এই যে এইবোৰ মানুহ বা অন্যান্য ঘৰচীয়া প্ৰাণীৰ দেহৰ বিশেষ একো অনিষ্ট সাধন নকৰে। আমি দৈনন্দিন জীৱনত ব্যৱহাৰ কৰা ডেট’ল, ব’ৰ’লিন আদি ইয়াৰ উদাহৰণ। ফেনল, ছেলিছেলিক এছিড, পটেছিয়াম পাৰমাংগানেট দ্ৰৱ, টিংচাৰ আয়’ডিন, আয়ড’ফৰ্ম আদি সঘনে ব্যৱহৃত প্ৰতিষেধক।

প্ৰতিজৈৱিকঃ

ৰসায়নজাত আন এবিধ জীৱাণুনাশক হ’ল প্ৰতিজৈৱিক বা এণ্টিবায়’টিক। প্ৰতিজৈৱিকবোৰ প্ৰধানকৈ ভেঁকুৰজাতীয় উদ্ভিদ (মোল্ড) উদ্ভিদ অথবা কৃত্ৰিম উপায়ে আহৰণ কৰা হয়। প্ৰতিজৈৱিকবোৰে জীৱদেহত প্ৰধানকৈ বেক্টেৰিয়া বৃদ্ধি বন্ধ কৰে আৰু সিহঁতক ধ্বংস কৰে। আলেকজেণ্ডাৰ ফ্লেমিংএ প্ৰথম প্ৰতিজৈৱিক ‘পেনিছিলিন’ ভেঁকুৰজাতীয় উদ্ভিদৰ পৰা আহৰণ কৰিছিল। আজিকালি বহুতো প্ৰতিজৈৱিক ওলাইছে। ইয়াৰ ভিতৰত ষ্টেপট্ৰ’মাইচিন, নিঅ’মাইচিন, এলথ্ৰাচিন, ক্ল’ৰ’মাইচেটিন, টেট্ৰাচাইক্লিন, ইৰিথ্ৰ’মাইচিন, এম’ক্সিচিলিন ইত্যাদি। ইয়াৰে বহুতো আজিকালি ৰাসায়নিক প্ৰক্ৰিয়াত সংশ্লেষণ কৰা হয়।

চেতনানাশক দ্ৰব্যঃ

যিবোৰ ৰাসায়নিক যৌগ গোন্ধ ল’লে বা বেজীৰ সহায়ত দেহত প্ৰৱেশ কৰালে প্ৰাণীৰ চেতনা সাময়িকভাৱে লোপ পায় তেনেবোৰ যৌগক চেতনানাশক যৌগ বোলা হয়। কিছুমান এনে চেতনানাশক যৌগ উদ্বায়ী। অস্ত্ৰোপচাৰৰ সময়ত এনেবোৰ যোগ ৰোগীক ঘ্ৰাণ ল’বলৈ দি ৰোগীৰ চেতনা নাশ কৰা হয়।

এনে চেতনানাশক দ্ৰব্যবোৰ সাধাৰণতে দুবিধ-

(ক) সাধাৰণ চেতনাশক,

(খ) স্থানীয় চেতনানাশক।

(ক) সাধাৰণ চেতনানাশকঃ যিবিলাক চেতনানাশক দ্ৰব্যই প্ৰাণীৰ গোটেই দেহটো অচেতন কৰি তোলে তাক সাধাৰণ চেতনানাশক বোলা হয়। এইশ্ৰেণীৰ চেতনানাশকৰ কিছুমান উদ্বায়ী আৰু কিছুমান অনুদ্বায়ী। উদ্বায়ী চেতনানাশকৰ ভিতৰত ক্ল’ৰ’ফৰ্ম অতি উত্তম (কিন্তু বায়ু আৰু পোহৰৰ পৰিৱেশত ক্ল’ৰ’ফৰ্ম ফছজিন নামৰ এবিধ বিষাক্ত গেছলৈ পৰিৱৰ্তিত হয়। সেইবাবে চিকিত্সাৰ বাবে ব্যৱহৃত হোৱা ক্ল’ৰ’ফৰ্ম সদায় মুগা বৰণৰ বটলত মুখলৈ ভৰাই ৰখা হয়)। আজিকালি ক্ল’ৰ’ফৰ্মৰ সলনি আন কিছুমান উদ্বায়ী চেতনানাশক যেনে- এলকহল, নাইট্ৰাছ অক্সাইড, ইথাৰ আদি চেতনানাশক হিচাপে ব্যৱহাৰ কৰা হয়। অনুদ্বায়ী চেতনানাশকৰ ভিতৰত এভাৰটিন, ক্ল’ৰাল’জ (পক্ষীগাৰৰ জীৱ-জন্তুৰ ক্ষেত্ৰত ব্যৱহাৰ কৰা হয়) আদি উল্লেখযোগ্য।

(খ) স্থানীয় চেতনানাশকঃ শৰীৰৰ কোনো এডোখৰ ঠাইত চেতনানাশক প্ৰয়োগ কৰাৰ ফলত যদি অকল সেই ঠাইডোখৰতহে চেতনা লোপ পায় তেনে চেতনানাশক পদাৰ্থক স্থানীয় চেতনানাশক বোলে। এইশ্ৰেণীৰ চেতনানাশকৰ ভিতৰত ক’কা গছৰ পাতৰ পৰা নিষ্কাশিত কৰা ক’কেইন উল্লেখযোগ্য। চকু, নাক, কাণ, ডিঙি আৰু দাঁতৰ অস্ত্ৰোপচাৰৰ সময়ত এইবিধ চেতনানাশক ব্যৱহাৰ কৰা হয়। কিছুমান অসুবিধাৰ বাবে আজিকালি ক’কেইন পোনে পোনে ব্যৱহাৰ নকৰি ক’কেইনৰপৰা প্ৰস্তুত কৰা আন কিছুমান চেতনানাশকহে ব্যৱহাৰ কৰা হয়। এনে চেতনানাশকৰ উদাহৰণ হ’ল- ন’ভ’কেইন বা প্ৰ’কেইন, পেণ্ট’কেইন, ষ্ট’ভেইন ইত্যাদি।

মাদক দ্ৰব্যঃ

মাদক দ্ৰব্য হ’ল এবিধ উদ্ভিদজাত ৰাসায়নিক দ্ৰব্য। প্ৰধানকৈ এই দ্ৰব্যবোৰ উদ্ভিদত উপক্ষাৰ হিচাপে সৃষ্টি হয়। এই দ্ৰব্যবোৰৰ ৰাসায়নিক গঠন বৰ জটিল। মাদক দ্ৰব্যবোৰ দৰৱত ব্যৱহাৰ কৰা দ্ৰব্য আৰু ইহঁতক ড্ৰাগ্ছ বা নিচাদ্ৰব্য বুলিও কয়। যিবোৰ দ্ৰব্য সেৱন কৰিলে মানুহৰ নিচা লাগে আৰু পিছলৈ সেই দ্ৰব্যৰ প্ৰতি আসক্ত হৈ পৰে সেইবোৰক নিচাযুক্ত দ্ৰব্য বুলি কয়। এই দ্ৰব্যবোৰে বিষ, বেদনা উপশম কৰে।

মাদক দ্ৰব্যবোৰ কিছুমান দৰৱৰ সক্ৰিয় উপাদান। দৰৱত এই উপাদানটোৱে অন্যান্য উপাদানৰ সৈতে ৰোগ নিৰাময় কৰাত সহায় কৰে। সেইকাৰণে মাদক দ্ৰব্যবোৰক কেৱলমাত্ৰ অনিষ্টকাৰী, মাৰাত্মক বা নিচাযুক্ত পদাৰ্থ বুলি কোৱাটো উচিত নহয়। কাৰণ কমমাত্ৰাত বিষেই ভাল দৰৱ আৰু বেছিমাত্ৰাত দৰৱেই বিষ। অৰ্থাত্ মাদক দ্ৰব্য হ’ল ‘উপকাৰী বিষ’।

অভ্যাসজনিতভাৱে কোৱো দ্ৰব্য ব্যৱহাৰ কৰি থকা প্ৰথাটোক দ্ৰব্য আসক্তি বোলে। এই দ্ৰব্য আসক্তিয়ে দ্ৰব্যৰ অপব্যৱহাৰ কৰে আৰু সেইজন ব্যক্তিয়ে নিজৰ সকলো সত্বা হেৰুৱাই সেই দ্ৰব্যৰ বহতীয়া হৈ পৰে। দীৰ্ঘদিনীয়া দ্ৰব্য আসক্ত ব্যক্তিগৰাকীয়ে ক্ৰমে দ্ৰব্য সহিষ্ণু হৈ পৰে আৰু দ্ৰব্যৰ উপযুক্ত গুণ পাবলৈ অধিক মাত্ৰাত দ্ৰব্য ব্যৱহাৰ কৰিব লাগে। লাহে লাহে দ্ৰব্যৰ প্ৰতি লোভ বাঢ়ি যায় আৰু দ্ৰব্য সেৱনৰ পৰা বঞ্চিত কৰিলে নানা ধৰণৰ অসহনীয় ৰোগৰ লক্ষণ দেখা দিয়ে। পিছত এই দ্ৰব্য পুনৰ সেৱন কৰিহে সুস্থ অনুভৱ কৰে। আসক্ত হ’ব পৰা প্ৰধান দ্ৰব্যবোৰ হ’ল আফিং, কেনাবিচ, ক’কেইন। এই দ্ৰব্যবোৰ উদ্ভিদজাত। আফিঙৰ পৰা মৰফিন, হিৰ’য়িন, ইউকোদল্, ভাইল’দিদ্ আৰু পেথিডিন্ প্ৰস্তুত কৰা হয়। কেনাবিচ্ জাতীয় দ্ৰব্যবোৰ হ’ল- ভাং, গাঞ্জা আৰু চাৰাচ্। ক’কা নামৰ উদ্ভিদৰ পৰা ক’কেইন প্ৰস্তুত কৰা হয়। এই দ্ৰব্যবোৰ বিষনাশক আৰু চেতনানাশক হিচাপে দৰৱত ব্যৱহৃত হয়। ধপাতজাত দ্ৰব্যবোৰকো নিচাযুক্ত দ্ৰব্য হিচাপে উল্লেখ কৰিব পাৰি। ধপাত নানা ধৰণে সেৱন কৰে। ধপাতৰ ধোঁৱাত নিক’টিন, ফেনল, ইন্দ’ল আৰু কাৰ্বাজল থাকে। এইবোৰ শৰীৰৰ কাৰণে অনিষ্টকাৰী। কৃত্ৰিম পদ্ধতিত প্ৰস্তুত কৰা কিছুমান দ্ৰব্য হ’ল বাৰ্বিচুৰেট, এল.এছ.ডি. ইত্যাদি।

প্ৰসাধন সামগ্ৰীঃ

আমাৰ দৈনন্দিন জীৱনত ব্যৱহৃত হোৱা বিভিন্ন প্ৰসাধনৰ সামগ্ৰী আৰু সুগন্ধি দ্ৰব্যবোৰো ৰাসায়নিক পদ্ধতিৰে সংশ্লেষণ কৰি লোৱা হয়। মুখত ঘঁহা ক্ৰীম এবিধ অৱদ্ৰৱ। ক্ৰীমত কিছুমান খনিজ তেল, চৰ্বী, পেৰাফিন বা লিনোলিন নাইবা মমজাতীয় পদাৰ্থ থাকে। সাধাৰণতে পানীৰ দ্ৰৱৰ লগত এই পদাৰ্থসমূহ মিশ্ৰিত কৰা হয়। সুগন্ধি পদাৰ্থ যোগ কৰি গোন্ধযুক্ত কৰা হয়। ভেনিছিং ক্ৰীমত খনিজ তেলৰ সলনি গ্লিছাৰিণ আৰু মমজাতীয় পদাৰ্থৰ সলনি ষ্টিয়াৰিক এছিড ব্যৱহাৰ কৰা হয় (যি অৱস্থাত দুটা তৰল পদাৰ্থ পৰস্পৰে বিস্তাৰিত হৈ থাকে তেনে দ্ৰৱক অৱদ্ৰৱ বোলা হয়। গাখীৰ এবিধ অৱদ্ৰৱ। গাত ঘঁহা কোমল পাউদাৰৰ মূল উপাদান হল টেল্ক। টেল্ক হ’ল একপ্ৰকাৰ মসৃণ শিলৰ গুড়ি। অৱশ্যে পাউদাৰ উত্পাদনত টেল্কৰ লগতে ক্লে, ষ্টাৰ্ছ, চূণশিল আদি ৰাসায়নিক পদাৰ্থ যোগ কৰা হয়।

উৎস: অসম ৰাজ্যিক পাঠ্যপুথি প্ৰণয়ন আৰু প্ৰকাশন নিগম লিমিটেড



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate