মানৱ দেহ গঠনত তথা শৰীৰক সুস্থ ৰাখিবলৈ কাৰ্ব’হাইড্ৰেট, ফেট, ফাইবাৰ, ভিটামিন, মিনাৰেল, এণ্টি-অক্সিডেণ্ট ইত্যাদিৰ দৰে প্ৰ’টিনৰ প্ৰয়োজন। এই প্ৰ’টিনেই আমাৰ শৰীৰ গঠনত এক মুখ্য ভূমিকা গ্ৰহণ কৰে। আমাৰ শৰীৰে ৰোগ প্ৰতিৰোধ কৰাৰ বাবে যি এণ্টিব’ডী গঠন কৰি ৰোগ তথা বেক্টেৰিয়া, ভাইৰাছৰ বিৰুদ্ধে যুদ্ধ কৰি আমাৰ শৰীৰ সুস্থ ৰাখে সেই এণ্টিব’ডী গঠনত প্ৰটিনে উল্লেখযোগ্য ভূমিকা পালন কৰে। ৰাসায়নিক বিক্ৰিয়া কৰিবলৈ যি এনজাইমৰ প্ৰয়োজন আৰু সেই এনজাইম প্ৰ’টিনেই তৈয়াৰ কৰে। প্ৰ’টিনে শৰীৰক শক্তি যোগান ধৰে।
প্ৰ’টিনৰ প্ৰয়োজনীয়তা বয়স অনুযায়ী কম-বেছি হয়। উদাহৰণস্বৰূপে জন্মৰ পৰা ২৫ বছৰ বয়সলৈ আটাইতকৈ বেছি প্ৰ’টিনৰ প্ৰয়োজন। এই সময়ছোৱাত দেহ গঠনৰ কাম সম্পূৰ্ণ হয়। ২৫ বছৰৰ পৰা প্ৰ’টিনৰ প্ৰয়োজনীয়তা কমি আহে। ইয়াৰ মানে প্ৰ’টিনৰ প্ৰয়োজন শূন্য হোৱা নুবুজায়।
শিশু জন্মৰ পৰা শৈশৱ-বাল্যকাল-কৈশোৰ-যৌৱন প্ৰত্যেক স্তৰতে প্ৰ’টিন অপ্ৰতিদ্বন্দী। সাধাৰণতে পুৰুষৰ তুলনাত মহিলাৰ প্ৰ’টিনৰ পৰিমাণ কম হ’লে- গৰ্ভৱতী মহিলাৰ ক্ষেত্ৰত বেছি প্ৰ’টিনৰ প্ৰয়োজন হয়। এনে অৱস্থাত মহিলাৰ খাদ্যত ২৫ শতাংশ প্ৰাণীজ প্ৰ’টিনৰ দৰকাৰ হয়।
ইয়াৰ উপৰি কিছুমান বিশেষ পৰিস্থিতিত প্ৰ’টিন গ্ৰহণৰ পৰিমাণ বঢ়োৱা উচিত। থাইৰ’য়ড গ্ৰন্থিৰ সক্ৰিয়তা বাঢ়িলে, জ্বৰসহ সংক্ৰামক ব্যাধি হ’লে, অস্ত্ৰোপচাৰৰ পাছত ইত্যাদি।
প্ৰাপ্তবয়স্কৰ প্ৰ’টিনৰ পৰিমাণ কম লাগিলেও একেবাৰে যদি কম গ্ৰহণ কৰিবলৈ লয় প্ৰাপ্তবয়স্কসকলৰ পুষ্টি বিঘ্নিত হৈ অসুস্থতাত ভুগিব পাৰে।
অতি সম্প্ৰতি বিভিন্ন গৱেষণাৰ পৰা প্ৰমাণ হৈছে যে বয়স্কসকলক যি পৰিমাণৰ প্ৰ’টিনৰ প্ৰয়োজন সেই পৰিমাণৰ প্ৰ’টিন গ্ৰহণ কৰা অতি প্ৰয়োজন। চাৰিটা কাৰণত এই প্ৰ’টিনৰ প্ৰয়োজন-
(১) দেহৰ নাইট্ৰ’জেনৰ সাম্য বজাই ৰখা।
(২) এনজাইম-হৰম’ন-প্লাজমা প্ৰ’টিন প্ৰভৃতিৰ সংশ্লেষণ কৰা প্ৰয়োজনীয় দেহ প্ৰ’টিনৰ সংশ্লেষণ কৰা।
(৩) দৈহিক সামৰ্থ্য ৰক্ষা কৰা।
(৪) ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ব্যৱস্থা গঢ়ি তোলা।
বেলেণ্স বা সাম্য মানে হ’ল প্ৰাপ্তবয়স্ক মানুহে প্ৰতিদিনে যি পৰিমাণৰ নাইট্ৰ’জেন প্ৰ’টিনৰূপে গ্ৰহণ কৰে সেই একে পৰিমাণৰ নাইট্ৰ’জেন শৰীৰৰ পৰা বাহিৰ হৈ যায়। এই প্ৰক্ৰিয়াটোক নাইট্ৰ’জেন সাম্য বুলি কোৱা হয়। নাইট্ৰ’জেন সাম্য = নাইট্ৰ’জেন গ্ৰহণ- প্ৰস্ৰাৱৰ নাইট্ৰ’জেন + শৌচৰ নাইট্ৰ’জেন + ঘামৰ নাইট্ৰ’জেন।
ধৰি লোৱা হ’ল প্ৰ’টিনৰ দৰকাৰ ৪০ গ্ৰাম। কিন্তু খাদ্যৰ পৰা যদি ১০ গ্ৰাম গ্ৰহণ কৰে, তেনেহ’লে নিগেটিভ নাইট্ৰ’জেন বেলেণ্স হৈ পৰিব। আনফালে দেহৰ প্ৰয়োজনত খৰচ হোৱাৰ পাছতো কিছু পৰিমাণে নাইট্ৰ’জেন ৰৈ যায়, তেনেক্ষেত্ৰত পজিটিভ নাইট্ৰ’জেন বেলেণ্স হয়। এই বেছি নাইট্ৰ’জেন শৰীৰৰ লিভাৰত জমা হৈ পৰিব।
প্ৰ’টিনৰ পুষ্টিমূল্য প্ৰধানকৈ নিৰ্ভৰ কৰে এমিনো এচিডৰ পৰিমাণৰ ওপৰত। এনেদৰে আমি প্ৰ’টিনক দুই ধৰণে ভাগ কৰিব পাৰো। প্ৰথম আৰু দ্বীতিয় শ্ৰেণীৰ প্ৰ’টিন। প্ৰথম শ্ৰেণীৰ উদাহৰণ হিচাপে কণী, মাছ, মাংস, গাখীৰ ইত্যাদি। দ্বিতীয় শ্ৰেণীৰ উদাহৰণ হিচাপে বিভিন্ন ৰকমৰ দাইল, বাদাম, চাউল, আটা, গম ইত্যাদি।
আমি খোৱাৰ সময়ত প্ৰথম শ্ৰেণীৰ লগত দ্বিতীয় শ্ৰেণীৰ প্ৰ’টিন মিহলাই খালে বেছি উপকাৰ পোৱা যায়। উদাহৰণস্বৰূপে গাখীৰ-ভাত, দৈ-ভাত, মাংস-ৰুটি বা ভাত ইত্যাদি। খাদ্য নিৰ্বাচন কৰোঁতে আমি সতৰ্ক হোৱা উচিত যাতে প্ৰয়োজনীয় সকলো এমিনো এচিড পোৱা যায়। ছয়াবীন প্ৰ’টিনৰ এটি ভাল উত্স। নিৰামিষভোজীৰ বাবে ই উত্কৃষ্ট প্ৰ’টিনৰ ভঁৰাল।
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 4/1/2020