মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / সুস্বাদু ফল আনাৰস :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

সুস্বাদু ফল আনাৰস :

সুস্বাদু ফল আনাৰসৰ বিষয়ে লিখা হৈছে ।

 

আনাৰস এবিধ সোৱাদযুক্ত ফল। এই ফলবিধৰ জন্মস্থান ব্ৰাজিল।  এইবিধ ফলত প্ৰ’টিন, ভিটামিন এ, বি আৰু চি যথেষ্ট পৰিমাণে পোৱা যায়। তদুপৰি ফছফৰাছ, অম্ল, লো, কেলচিয়ামো পোৱা যায়। গৰমৰ দিনত আনাৰসৰ উৎপাদন যথেষ্ট পৰিমাণে হয়। আনাৰস কেঁচা-পকা দুয়োপ্ৰকাৰৰ খাব পাৰি। এইবিধ ফল ঔষধি গুণেৰে ভৰপূৰ। অৱশ্যে খালী পেটত কেতিয়াও আনাৰস খাব নালাগে।

*মস্তিষ্কৰ কাৰণে আনাৰস উপকাৰী।

*আনাৰসে পেট পৰিষ্কাৰ কৰে কাৰণে পেট ফুলা আদিৰ পৰা মুক্ত হৈ থাকিব পাৰি।

*ষ্কাৰ্ভি ৰোগ প্ৰতিৰোধ কৰিব পাৰে আনাৰসে। সেয়ে নাৱিকসকলৰ কাৰণে ই উত্তম খাদ্য।

*ফোঁহা হ’লে আনাৰসৰ সাহখিনি পিহি ফোঁহাত লগালে আৰু আনাৰস খালে সোনকালে ৰোগ নিৰাময় হয়।

*কাহ, পানীলগা আদি ৰোগত আনাৰস খালে উপকাৰ পোৱা যায়।

*গৰমৰ দিনত কেতিয়াবা অনবৰতে পিয়াহ লাগি থাকে। আনাৰস খালে পিয়াহ লগা ভাব আঁতৰে।

*ডিঙি খচখচাই থাকিলে আনাৰস খালে আৰাম পোৱা যায়।

*ডিঙিৰ বিষ হ’লে আনাৰস খালে বিষ কমে।

*আনাৰসে শৰীৰলৈ শক্তি অনাত লগতে সজীৱতাও আনে।

*পাথৰী ৰোগত ভালকৈ পকা আনাৰস সৰু সৰুকৈ টুকুৰা কৰি তাত ক’লা নিমখ আৰু জালুক লগাই খালে ৰোগ সোনকালে নিৰাময় হয়।

*আনাৰসে প্ৰস্ৰাৱ বৃদ্ধি কৰে।

*আনাৰসে পাচনশক্তি বৃদ্ধি কৰে আৰু শৰীৰ শীতল কৰে।

*যকৃত বাঢ়িলে আনাৰস খালে ভাল ফল পোৱা যায়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.07692307692
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top