অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

সুস্বাস্থ্যৰ বাবে তেজপাত

 

তেজপাত গছৰ বৈজ্ঞানিক নাম হ’ল Cinnamomum tamala । এই গছৰ সুগন্ধিযুক্ত পাতকে তেজপাত বোলা হয়। ইংৰাজীত ইয়াৰ bay leaf বুলি কোৱা হয়। ইয়াক সাধাৰণতে বিভিন্ন ব্যঞ্জনত সুগন্ধ ওলাবৰ বাবে ব্যৱহাৰ কৰা হয়। ইয়াক কেঁচা, শুকান আৰু পাউদাৰ হিচাপে ব্যৱহাৰ কৰিব পাৰি। ইয়াৰ পৰা বাহিৰ কৰা সুগন্ধি তেলক তেজপাত তেল বোলা হয়। এই তেলৰ বহুতো ঔষধি গুণ আছে আৰু বহুতো ৰোগ আৰোগ্যত ব্যৱহাৰ কৰা হয়। ভাজি গুড়ি কৰা তেজপাত ‘গৰম মচলা’ হিচাপে বিভিন্ন ব্যঞ্জন তৈয়াৰ কৰোঁতে ব্যৱহাৰ কৰা হয়। তেজপাতত বহু উদ্ভিদ উৎসৰ ৰাসায়নিক দ্রব্য, ভিটামিন আৰু খনিজ দ্রব্য আছে আৰু সেই কাৰণে ই এটা বহু উপকাৰী গুণসম্পন্ন উদ্ভিদ দ্রব্য। গ্রীক আৰু ৰোমানসকলে বিভিন্ন ধৰণে তেজপাত ব্যৱহাৰ কৰে আৰু তেওঁলোকে এই উদ্ভিদজোপাক ‘প্রজ্ঞা, শান্তি আৰু নিৰাপত্তাৰ প্ৰতীক’ হিচাপে বিশ্বাস কৰে।

তেজপাত ভিটামিনৰ লগতে কপাৰ, পটাচিয়াম, কেলচিয়াম, জিংক, আইৰণ, ছেলেনিয়াম আৰু মেগনেচিয়ামৰ এটা চহকী উৎস। ইয়াৰ উপৰি তেজপাতত সুগদ্ধি তেল আৰু দৰকাৰী উদ্ভিদ উৎসৰ ৰাসায়নিক দ্রব্যবিলাক থাকে। তেজপাতৰ বিভিন্ন উপকাৰিতাৰ কাৰণ হ’ল এই দ্রব্যবিলাকৰ উপস্থিতি।

তেজপাতত থকা পুষ্টিকৰ উপাদানবিলাক এনেধৰণৰ-

 

  • কার্বহাইড্রেট, প্ৰ’টিন, ফেট, কলেষ্টেৰল (নাথাকে), আঁহযুক্ত খাদ্যদ্ৰব্য।
  • ভিটামিন: ভিটামিন বি-৯ (ফলেট), ভিটামিন বি-৬, ভিটামিন বি-৩, ভিটামিন বি-২, ভিটামিন এ, ভিটামিন চি।
  • ইলেক্ট্র’লাইট: ছডিয়াম, পটাচিয়াম।
  • খনিজ দ্ৰব্য: কেলছিয়াম, কপাৰ, আইৰন, মেগনেচিয়াম, মেংগানিজ, ফছফৰাছ, ছেলেনিয়াম, জিংক।

তেজপাতত ৩১৩ কিল'কেলৰি শক্তি থাকে। তেজপাতত সুগন্ধি তেল থাকে আৰু এই তেলত ৫৪টা ৰাসায়নিক দ্ৰব্য থাকে আৰু ইউজিনল (eugenol) নামৰ দ্ৰব্যটোৰ পৰিমাণেই সকলোতকৈ বেছি।

তেজপাতৰ ঔষধি গুণসমূহ এনেধৰণৰ-

 

ডায়েবেটিছ ৰোগৰ চিকিৎসাত তেজপাত

তেজপাতে টাইপ-২, ডায়েবেটিছ ৰোগৰ চিকিৎসাত ভাল কাম কৰে বুলি জনা গৈছে। কাৰণ ই তেজৰ গ্লুক’জ, কলেষ্টেৰল আৰু ট্রাইগ্লিচাৰাইডৰ স্তৰ কাম কৰিব পাৰে। ভাল ফল পাবৰ বাবে তেজপাত খুন্দি পাউদাৰ কৰি এই পাউদাৰ অলপ অলপকৈ ৩০ দিন খাব লাগে। এনে কৰিলে এইটোৱে শর্কৰাৰ স্তৰ কম কৰে আৰু হৃৎপিণ্ডৰ কাৰুকার্য নিয়মিত কৰি ৰাখে। তেজপাতত থকা এণ্টি-অক্সিডেণ্ট দ্রব্যবোৰে দেহক ইনছুলিন বৃদ্ধি কৰাত সহায় কৰে আৰু ইনছুলিনক অধিক কার্যক্ষম কৰে। সেই কাৰণে তেজপাতে ডায়েবেটিছ থকা ৰোগী বা নিৰোগী ব্যক্তিৰ ইনছুলিনৰ সমস্যাবিলাক দূৰ কৰিব পাৰে।

ভাল হজমীৰ বাবে তেজপাত

  • তেজপাতে হজমী ভাল কৰি বদহজমীৰ পৰা হোৱা অসুখ, যেনে— বুকুজ্বলা-পোৰা কৰা, পেটৰ গেছ হৈ ফুলা ভাল কৰিব পাৰে।
  • তেজপাত পানীত সিজাই তৈয়াৰ কৰা চাহ খালে বদহজমীৰ পৰা হোৱা অসুখ, যেনে— কোষ্ঠকাঠিন্য, তেঙাপানী অহা আৰু অনিয়মীয়াভাৱে হোৱা শৌচৰ অসুবিধাবিলাক দূৰ কৰিব পাৰি।
  • তেজপাতত থকা এনজাইমবিলাকে খাদ্যত থকা প্ৰ’টিনবিলাক সৰু সৰু দ্রব্যলৈ পৰিৱৰ্তন কৰি হজমীত সহায় কৰে।
  • বদহজমী আৰু পেট ফুলা হ’লে ৫গ্ৰাম তেজপাত, এটুকুৰা আদা ২০০ মিলিলিটাৰ পানীত উতলাই থাকি ৫০ মিলিলিটাৰমান হ’লে সেই পানীখিনি লৈ তাত অকণমান মৌ মিহলাই লৈ দিনে ২ বাৰকৈ খালে এইবোৰ অসুখ আৰোগ্য হয়।
  • এনেকৈ খালে ই ভোক বৃদ্ধিও কৰিব পাৰে।

কাৰ্ডিঅ'ভাছকুলাৰ প্ৰণালীৰ সু-স্বাস্থ্যৰ বাবে তেজপাত

হার্ট আৰু ৰক্তনলীকাবিলাক লৈ কাৰ্ডিঅ’ভাছকুলাৰ (cardiovascular) প্রণালী গঠিত। তেজপাতত থকা শক্তিশালী উদ্ভিদ উৎসৰ পুষ্টিকৰ দ্ৰব্য বিলাকে হার্ট এটেক, ষ্ট্ৰ’কৰ দৰে কাৰ্ডিঅ’ভাছকুলাৰৰ অসুখবোৰ হোৱাত বাধা দিব পাৰে। তেজপাতত থকা উপকাৰী ৰাসায়নিক দ্রব্য, যেনে— ৰুটিন (rutin), ছেলিচাইলেটবোৰ কেফেইক (caffeic) এচিড আৰু অন্য উদ্ভিদ উৎসৰ দ্ৰব্যবিলাকে হার্টটো শক্তিশালী কৰি হাৰ্টৰ অসুখবিলাক আৰোগ্য কৰাত সহায় কৰে। হাৰ্টৰ অসুখ আৰু দুঃচিন্তাত ভূগিলে ৩ গ্রাম তেজপাত ৩-৪ গ্রাম বনৰীয়া গোলাপৰ পাহি ৩০০ মিলিলিটাৰ পানীত উতলাই থাকি ৭৫ মিলিলিটাৰ হ’লে সিজোৱা পানীখিনি বাকি লৈ নিয়মিতভাৱে খালে এইবিলাকৰ পৰা আৰোগ্য লাভ কৰিব পাৰি।

পানী লগা আৰু সংক্রমণ ৰোধ কৰাত তেজপাত

তেজপাতে পানী লগা, ফ্লু আৰু সংক্ৰমণৰ লগত যুঁজ দিব পাৰে। উশাহৰ লগত জড়িত অসুখ হ’লে ২

বা ৩ খিলা তেজপাত অলপমান পানীৰ লগত ১০ মিনিট উতলাই সেই পানীত কাপোৰ এখন তিয়াই চেপি লৈ বুকুৰ ওপৰত কেইবাৰমান কিছু কিছু সময় ৰাখিলে ফ্লু, পানী লগা আৰু কাহ উপশম কৰে। তেজপাতৰ চাহ কৰি খালে জ্বৰ কমাব পাৰে।

বিষৰ উপশমত তেজপাত

তেজপাতৰ পৰা আহৰণ কৰা সুগন্ধি তেল প্রদাহ প্রতিষেধক গুণসম্পন্ন আৰু সেই কাৰণে ই মোচোকা খোৱা, (Sprain), ছাল বৰকৈ টানি ধৰা (Strain), আৰ্থ্ৰাইটিছ, বাতবিষ (rheumatism),  অন্য সাধাৰণতে হোৱা বিষ আৰু কামোৰণিবিলাক উপশম কৰিব পাৰে। তেজপাত পানীত কিছুসময় উতলাই পানীখিনি খালেও মূৰৰ কামোৰণিৰ পৰা উপশম পাব পাৰি। তেজপাত অকণমান পানী দি পিচি সেইখিনি কপালত প্রলেপ দি ৰাখিলে বেছিকৈ হোৱা মূৰ কামোৰণিৰ পৰা উপশম দিব পাৰে।

কেন্‌ছাৰ প্ৰতিষেধক হিচাপে তেজপাত

তেজপাতত কেফেইক এচিড, কোৱাৰ্চেটিন (quercetin), ইউজিন’ল (eugenol) আৰু কেচেটিন (catechins) থাকে, যিবিলাক ৰাসায়নিক দ্ৰব্য কেন্‌ছাৰ প্রতিষেধক হোৱাৰ কাৰণে এইবিলাক তেজপাতত থকা দ্ৰব্যই বিভিন্ন কেন্‌ছাৰ প্ৰতিৰোধ কৰিব পাৰে। ইয়াৰ উপৰি তেজপাতত অন্য এটা উদ্ভিদ উৎসৰ পুষ্টিকৰ দ্রব্য পার্থিন’লাইড (parthenolide) থাকে, যি বিশেষকৈ ডিঙিত হোৱা কেন্‌ছাৰ বিস্তাৰত বাধা দিব পাৰে।

গৰ্ভধাৰণৰ সময়ত তেজপাতৰ উপকাৰিতা

ফলিক এচিডৰে সমৃদ্ধ হোৱাৰ বাবে তেজপাত মহিলাৰ পেৰিকনচেপশ্বন (Periconception), গৰ্ভধাৰণৰ (৩ মাহৰ আগৰ আৰু ৩ মাহৰ পাছৰ) সময়ছোৱাত অতি উপকাৰী। ই কেঁচুৱাক যথেষ্ট পৰিমাণৰ ফলিক এচিড যোগান ধৰি কেঁচুৱাৰ জন্মৰ বিসংগতিবোৰ ৰোধ কৰিব পাৰে। তেজপাতে গৰ্ভধাৰণৰ প্ৰবৃত্তি জন্মাব পাৰে।

ঋতুস্ৰাৱৰ সমস্যাত তেজপাত

তেজপাত খালে নিয়মীয়াকৈ আৰু সাধাৰণতে হোৱা সময়ৰ ব্যৱধানতে ঋতুস্ৰাৱ কৰাব পাৰে। তেজপাতে মাইকী মানুহৰ যৌনাংগৰ পৰা ওলাই থকা তৰল পদার্থ (Vaginal fluid)  বন্ধ কৰিব পাৰে।

টোপনি অহাত তেজপাত

তেজপাত ৰাতি শুবলৈ যোৱাৰ আগে আগে খালে ই ভাল টোপনি অহাত সহায় কৰে। এইটোৰ কাৰণে কেইটোপালমান তেজপাতৰ ৰস (Extract) পানীৰ লগত মিহলাই খাব লাগে।

নাকৰ পৰা তেজ ওলোৱা বন্ধ কৰাত তেজপাত

নাকৰ পৰা তেজ ওলাই থাকিলে ২-৩ খিলামান কেঁচা বা শুকান তেজপাত খুন্দি ২০০ মিলিলিটাৰ পানীত উতলাই ১০০ মিলিলিটাৰ কৰি সেই পানীখিনি উলিয়াই খালে, তেজ ওলোৱা বন্ধ হয়।

দাঁত চফা কৰি ৰখাত তেজপাত

দাঁত বগা, উজ্জ্বল কৰি ৰাখিবলৈ তেজপাতৰ পৰা বনোৱা পাউদাৰ লৈ ৩ দিনৰ মূৰে মূৰে দাঁত ব্ৰাছ কৰিব লাগে।

কিড্‌নিৰ চিকিৎসাত তেজপাত

তেজপাতে কিড্‌নিৰ সংক্রমণ আৰু কিড্‌নি পাথৰৰ চিকিৎসাত সহায় কৰে। এইটোৰ কাৰণে ৫ গ্রাম তেজপাত ২০০ মিলিলিটাৰ পানীত উতলাই ৫০ মিলিলিটাৰ কৰি সেই পানীখিনি উলিয়াই দিনে দুবাৰকৈ খাব লাগে। এনেকৈ খালে কিড্‌নি পাথৰ হোৱাটো বন্ধ কৰিব পাৰে।

তেজপাতৰ শুকনি গুণ

তেজপাতৰ ভাল শুকনি গুণ (healing) থকাৰ কাৰণে ইয়াক কটা, থেঁতেলা খোৱা আৰোগ্যত ব্যৱহাৰ কৰা হয়।

ছালৰ সু-স্বাস্থ্যৰ বাবে তেজপাত

ভিটামিন, খনিজ দ্ৰব্য আৰু এন্টি-অক্সিডেণ্ট দ্রব্যৰে চহকী হোৱাত পৰাত বাধা দিব পাৰে। তেজপাতৰ পোক আঁতৰাই পঠিয়াব পৰা (repellant) গুণ আছে। তেজপাতৰ সুগন্ধি তেলৰ ভেঁকুৰ প্ৰতিৰোধক আৰু বেক্টেৰিয়া প্ৰতিৰোধক গুণ আছে— যিটোৰ কাৰণে ই ছালৰ সংক্ৰমণবোৰকো ভাল কৰিব পাৰে আৰু ছাল উজ্জ্বল কৰি ৰাখিব পাৰে।

উফি আৰু ওকণি গুচাবৰ বাবে তেজপাত

তেজপাত পানীত সিজাই সেই পানীৰে মূৰ ধুলে উফি নাইকিয়া হয়। তেজপাতৰ চাহ ব্যৱহাৰ চুলি সৰা বন্ধ কৰাৰ এটা ভাল উপায়। তেজপাত খুন্দি পানীত সিজাই লৈ সেই পানী মূৰত সানি ৩-৪ ঘণ্টামান ৰাখি ধুই দিলে ওকণি নাইকিয়া হয়।

তেজপাতৰ ইমানবিলাক ঔষধি গুণ থকাৰ কথা এতিয়া আমি মচলা হিচাপে ব্যৱহাৰ কৰাৰ উপৰি আমি জানিবলৈ পালোঁ। গতিকে তেজপাত মচলা হিচাপে ব্যৱহাৰ কৰাৰ উপৰি আমি বিভিন্ন অসুখ আৰোগ্যত ব্যৱহাৰ কৰিব পাৰোঁ।

লেখক: ড° ৰবীন্দ্ৰ নাথ বৰুৱা, দৈনিক জনমভূমি।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate