মূল পৃষ্ঠা / স্বাস্থ্য / পৰিপুষ্টি / স্বাস্থ্য বাৰ্তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

স্বাস্থ্য বাৰ্তা

স্বাস্থ্য বাৰ্তা লিখা হৈছে

এলজেইমাৰ প্ৰতিৰোধত মাশ্বৰুমঃ

 

এলজেইমাৰৰ নিচিনা ৰোগৰ নেপথ্যৰ এটি প্ৰধান কাৰক হৈছে এই প্ৰদাহ।

খাদ্য হিচাপে মাশ্বৰুম অতুলনীয়। পুষ্টিসমৃদ্ধ আৰু সুস্বাদু এই খাদ্যবিধ অৱশ্যে বহুতৰ পছন্দৰ তালিকাত থাকিলেও এলাৰ্জীৰ সমস্যাৰ বাবে বহুতে খাব নোৱাৰে। যিসকলৰ এই সমস্যা নাথাকে তেওঁলোকে নিয়মিত খাব পাৰে মাশ্বৰুম। এই খাদ্যবিধ নিয়মিত খোৱাৰ অভ্যাসে স্মৃতিভ্ৰংশ আৰু এলজেইমাৰ ৰোগ প্ৰতিৰোধ কৰা সম্ভৱ কৰি তোলে। শেহতীয়া এক গৱেষণাত প্ৰাপ্ত তথ্যই এই কথা সদৰী কৰিছে। গৱেষণাত দেখা পোৱা গৈছে যে মাশ্বৰুমে মস্তিষ্কৰ স্নায়ুক শক্তিশালী কৰে, যি স্মৃতিভ্ৰংশ আৰু এলজেইমাৰৰ নিচিনা ৰোগৰ ক্ষেত্ৰত প্ৰতিষেধক হিচাপে কাম কৰে। গৱেষকসকলৰ মতে, কিছু প্ৰজাতিৰ ভোজ্য আৰু ভেষজ মাশ্বৰুমত জৈৱ সক্ৰিয় যোগ (বায়’ এক্টিভ কম্পাউণ্ড) থাকে, যিয়ে মস্তিষ্কৰ স্নায়ুৰ গঠনত সহায় কৰে। ইয়াৰ উপৰি মস্তিষ্কৰ প্ৰদাহ ৰোধ কৰাতো সহায় কৰে মাশ্বৰুমে। উল্লেখ্য যে এলজেইমাৰৰ নিচিনা ৰোগৰ নেপথ্যৰ এটি প্ৰধান কাৰক হৈছে এই প্ৰদাহ। মালয়েছিয়াৰ মালয় বিশ্ববিদ্যালয়ৰ গৱেষকসকলে জনায় যে মস্তিষ্কৰ স্নায়ুৰ ক্ষয়ৰ ফলত বহু লোক স্মৃতিভ্ৰংশ ৰোগত আক্ৰান্ত হয়। মাশ্বৰুমে সেই ক্ষয় নিৰাময়ত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। গৱেষণাত প্ৰাপ্ত তথ্য মতে ২০২০ চনলৈকে বিশ্বৰ ৪.২ কোটি লোক এলজেইমাৰত আক্ৰান্ত হোৱাৰ শংকা আছে।

(উৎসঃ নিয়মীয়া বাৰ্তা)।

লিউচিন আৰু শৰীৰ চৰ্চাত ইয়াৰ ভূমিকাঃ

 

আমি সকলোৱে জানো যে প্ৰ’টিনে মাংসপেশী গঠন আৰু বৃদ্ধিত প্ৰভূত সহায় কৰে। আকৌ এই অত্যন্ত প্ৰয়োজনীয় প্ৰ’টিন গঠনত সহায় কৰে এমিনো এচিডে। কুৰিবিধ এমিনো এচিড প্ৰ’টিনত পোৱা যায়। তাৰ ভিতৰত ৯ বিধ এমিনো এচিড প্ৰয়োজনীয় আৰু ১১ বিধ অপ্ৰয়োজনীয়। প্ৰয়োজনীয় এমিনো এচিডসমূহ আমি ব্যৱহাৰ কৰা বিভিন্ন খাদ্যসামগ্ৰীৰ পৰা বহিৰাগতভাৱে গ্ৰহণ কৰিব লাগে। আনহাতে, অপ্ৰয়োজনীয় এমিনো এচিড দেহৰ ভিতৰতে উৎপন্ন হয়।

লিউচিন হৈছে অতিশয় প্ৰয়োজনীয় বাহিৰৰ পৰা গ্ৰহণ কৰিবলগীয়া এমিনো এচিড। লিউচিন তিনিবিধ এমিনো এচিডেৰে গঠিত ব্ৰাঞ্চ চেইন এমিনো এচিডৰ অন্যতম সদস্য। বাকী দুবিধ হ’ল আইছলিউচিন আৰু ভেলিন। এই তিনিবিধ যকৃতত ভগ্নাংশত পৰিণত নহয়। ফলত ই দেহৰ ভিতৰত ৰক্ত প্ৰবাহত গৈ নিজৰ কাম সূচাৰুৰূপে কৰিব পাৰে।

লিউচিনৰ প্ৰধান কাম হৈছে মাংসপেশী গঠনত সহায় কৰা। বিশেষকৈ ৱেইট ট্ৰেইনিং কৰিলে মাংসপেশী ভাগৰুৱা হৈ পৰে। লিউচিনে মাংসপেশীৰ ভাগৰ দূৰ কৰাত সহায় কৰাৰ লগতে শক্তি পুনৰ প্ৰাপ্তিত সহায় কৰে। লিউচিনৰ আন এটা কাম হ’ল মাংসপেশী প্ৰটিন গঠনত সহায় কৰা। সেই হেতুকে জিমত যেতিয়া কঠিন ৱৰ্ক আউট কৰা হয় সেই সময়ত মাংসপেশীক ক্ষয়ৰ পৰা ৰক্ষা কৰে।

দেখা গৈছে যে কিছুমান দুৰ্ঘটনাত পতিত লোকৰ কোনো কাৰণত মাংসপেশী ক্ষয় হয়, তেতিয়া তেওঁলোকক বহিৰাগত লিউচিন প্ৰদান কৰিলে মাংসপেশী পুনৰ গঠনত সহায় হয়। লিউচিন পোৱা বিভিন্ন খাদ্যসম্ভাৰ হ’ল- মুৰ্গীৰ মাংস, গোমাংস, কণী, মাছ, ছয়াবিন, সকলো ধৰণৰ বিন, চিজ ইত্যাদি। ইয়াৰ বাহিৰেও লিউচিন বজাৰত ঔষধ হিচাপে উপলব্ধ। দৈনিক এজন মানুহে নিজৰ ওজনৰ প্ৰতি কেজিৰ বিপৰীতে ৩৯ মিলিগ্ৰাম লিউচিন ব্যৱহাৰ কৰিব লাগে।

(উৎসঃ নিয়মীয়া বাৰ্তা, ৰিয়ান গায়ন)।

2.95918367347
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top