শৰীৰ সুস্থ ৰখা আৰু মনক সতেজ ৰখাত খোৱা-বোৱাৰ যথেষ্ট ভূমিকা আছে। প্ৰকৃতি প্ৰদত্ত খাদ্য-সামগ্ৰীসমূহ পুষ্টিকৰ। পিছে কোনটো খাদ্য আমাৰ শৰীৰৰ বাবে হিতকাৰী কোনটো অহিতকাৰী সেই বিষয়েও আমাৰ জনাটো প্ৰয়োজন। কিছুমান খাদ্যৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি পায়, সাধাৰণ অসুখ-বিসুখকো বাধা দি ৰাখিব পাৰি।
নহৰুৰ দ্বাৰা শৰীৰৰ অনেক সৰু-ডাঙৰ সমস্যা দূৰ কৰিব পাৰি। নহৰুত প্ৰচুৰ ভিটামিন আৰু খনিজ নিমখ থাকে। এশ গ্ৰাম নহৰুত ত্ৰিশ মিলিগ্ৰাম ফছফৰাছ পোৱা যায়, কেলচিয়াম-আইৰনো থাকে যথেষ্ট। ইয়াৰোপৰি আয়’ডিন, ছালফাৰ আৰু ক্ল’ৰিনো আছে নহৰুত। নিয়মিত নহৰু খালে হাঁপানী, লেপ্ৰচি, উচ্চ ৰক্তচাপ, বাত, ডিপথেৰিয়া, ছালৰ ৰোগৰ পৰাও হাতসাৰি থাকিব পাৰি। নহৰুৱে আমাৰ হৃদযন্ত্ৰটোকো সুস্থ কৰি ৰাখে।
খালী পেটত নহৰুৰ ১-২ টা ফোটা পানীৰে গিলিব। নহৰুৰ জুচ্ পানীৰ সৈতে খালেও ভাল ফল পোৱা যায়। নহৰুৰে চাটনি বনাই খাব, চবজিতো নহৰু দিব। নহৰুৱে শৰীৰৰ কলেষ্টেৰেলৰ মাত্ৰা কমায়।
দালিত থাকে প্ৰ’টিন, ফাইবাৰ ও কেলচিয়াম। প্ৰতিদিন এবাটিকৈ দালি খোৱাটো খুবেই ভাল। দালিত ওলকবি, ছালগম, আলু আৰু অন্য চবজিও দি খাব পাৰে। অঙ্কুৰিত দালি ৰান্ধি খালে তাৰ খাদ্যগুণ অনেক খিনিয়ে বাঢ়ি যায়। অঙ্কুৰিত মুগ দালি অনেকেই পচন্দ কৰে।
কল এনে এক ফল যিটো ওৰে বছৰেই পোৱা যায়। গাখীৰৰ সৈতে কল খাই সকলোৱে ভাল পায়। কলে শৰীৰৰ যথেষ্ট উপকাৰ সাধে। নিয়মিত কল খালে কোষ্ঠকাঠিন্য দূৰ হয়। কলত পৰ্যাপ্ত মাত্ৰাত কেলচিয়াম, ফছফৰাছ ও আইৰন থাকে। এনিমিয়াৰ কাৰণেও কল উপকাৰী। পেটৰ নাড়ীত আলচাৰ, এলাৰ্জী, মূত্ৰাশয়ৰ ৰোগ, ৰক্তপিত্ত আৰু বাত ৰোগৰ কাৰণেও কল বৰ উপকাৰী ফল।
প্ৰবাদ আছে যে প্ৰতিদিনে হেনো এটাকৈ আপেল খালে অন্য কোনো ঔষধৰ প্ৰয়োজন নপৰে। ইয়াৰ গুণৰ কাৰণেই ই বিশ্ববিখ্যাত। অন্যান্য ফলতকৈ আপেলত দুগুণ আইৰন আছে। লগতে আছে ভিটামিন ও কেলচিয়াম। আপেলত থকা ভিটামিন চকুৰ কাৰণে বৰ উপকাৰী। আপেলে শৰীৰৰ ৰং উজ্জল কৰি তোলে। আপেলত ছ’ডিয়ামৰ মাত্ৰা কম থাকে, কিন্তু পটাচিয়াম ও ফছফৰাছ অধিক মাত্ৰাত থাকে। এই ফল হাৰ্টৰ কাৰণেও উপকাৰী। মূত্ৰাশয়ত ষ্টোন, মূৰৰ বিষ, এনিমিয়া, উচ্চ ৰক্তচাপ, চকু আৰু দাঁতৰ ৰোগো নিয়ন্ত্ৰিত হৈ থাকে আপেল খালে।
এই ফল যিমানেই সহজলভ্য সিমানেই গুণকাৰী। শৰীৰৰ সমস্ত টিচ্যুক এই ফলে সক্ৰিয় কৰি ৰাখে। ইয়াত আছে পেপচিন নামৰ এক পাচক ৰস, যিয়ে পৰিপাক ক্ৰিয়াক গতিশীল কৰে। হজম শক্তি বৃদ্ধি কৰে। অমিতাত অত্যধিক মাত্ৰাত ভিটামিন ডি আছে যিয়ে হাড়ক মজবুত কৰে। গাঁঠিৰ বিষৰ উপশম ঘটায়, তেজ শুদ্ধ কৰে, কোষ্ঠকাঠিন্য দূৰ কৰে।
পুষ্টিগুণত আলু অন্যতম। আলুত খনিজ উপাদান ফাইবাৰ, ফছফৰাছ, কেলচিয়াম ও প্ৰ’টিন আছে। প্ৰতিদিন সিজোৱা আলু এটাকৈ খালে শৰীৰৰ ৰিবোফ্লোবিনৰ চাহিদা পূৰ্ণ হয়। আলুৱে শৰীৰৰ ভিটামিন ‘চি’ আৰু আইৰনৰ অভাৱ দূৰ কৰে। আলুত থকা প্ৰ’টিন উচ্চ স্তৰৰ। আলুত ক্ষাৰজাতীয় উপাদান আছে, সেয়ে ই ইউৰিক এচিডৰ উপদ্ৰৱৰ পৰা আমাক বচাই ৰাখে। আলুৰ ঔষধি গুণো অনেক। প্ৰসাধন হিচাপেও ই ব্যৱহাৰিত হয়। আলুৰ ৰস মুখত সানি ৫ মিনিট পিছত ধুই পেলাব, মুখৰ উজ্জ্বলতা বৃদ্ধি পাব।
প্ৰতিদিন ৫-৬ টাকৈ বাদাম খাব। ই কলেষ্টেৰল কমোৱাত সহায় কৰে। সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰতো ইয়াৰ ব্যৱহাৰ হৈ আহিছে।
ইয়াত পৰ্যাপ্ত মাত্ৰাত ভিটামিন ‘চি’ আছে। ৰোগ প্ৰতিৰোধ কৰাত এই ফলে যথেষ্ট সহায় কৰে। ইয়াৰ ৰসে চেহেৰা উজ্জ্বল কৰে, চকুৰ দৃষ্টিশক্তি বৃদ্ধি কৰে।
এইবিলাক ফলৰ লগতে খেজুৰ, কিচমিচ, বাজৰা, আনাৰস, বেদনা, ডালিম, তৰমুজ আদিও গুণকাৰী ফল।
লেখক: এম.এ. ছাত্তাৰ
উৎসঃ নন্দিনী,
শেহতীয়া উন্নীতকৰণ: : 2/15/2024