গুটি (Pod) হোৱা উদ্ভিদকেই সাধাৰণতে দাইলজাতীয় শস্য বুলি কোৱা হয়| সকলো দাইলজাতীয় উদ্ভিদেই লেণ্ডমিনোছি গোত্ৰৰ উদ্ভিদ| ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত খাদ্য আৰু কৃষি সংস্থাই দাইল শস্যৰ এটি সংজ্ঞা এনেদৰে নিৰ্ধাৰণ কৰিছে-যিবিলাক দাইলজাতীয় শস্য খোৱাৰ বাবে কেৱল শুকান অৱস্থাত সংগ্ৰহ কৰা হয় সেইবোৰকেই দাইল শস্য বা pulse বুলি কোৱা হয়| এই স্ংজ্ঞাৰ বাহিৰত বীন বা চিমজাতীয় শস্য, বাদাম, ছ’য়াবীন ইত্যাদি তৈল উৎপাদন শস্য পৰিছে| সাধাৰণ ভাৱে শুকোৱা বীজৰ খোলা গুচোৱাৰ। পাছত যুক্ত বা বিভক্ত বীজপত্ৰকে দাইল বুলি কোৱা হয়| ভাৰতত প্ৰ্ধান দাইল শস্য হ’ল-
১) ৰহৰ
২) বুটমাহ
৩) মাটিমাহ
৪) মুগমাহ
৫) খেচাৰি মাহ
৬) মচুৰ মাহ
৭) মটৰ মাহ
৮) ৰাজমাহ
৯) কুলথি|
ৰহৰ, মচুৰ, মাটিমাহ, মুগমাহ, কুলথিৰ উৎপত্তি ভাৰত উপ-মহাদেশত| ইয়াৰ উপৰি বুটমাহ তুৰস্ক আৰু ছিৰিয়া, মটৰ মাহ আৰু খেচাৰি মাহ দক্ষিণ ইউৰোপ আৰু ৰাজমা মেক্সিকোত উৎপত্তি| ভাৰত হ’ল বিশ্বৰ সকলোতকৈ অধিক দাইল শস্য উৎপাদন কৰা দেশ| বছৰি প্ৰায় ১৮৫ লাখ টন দাইল শস্য ভাৰতত উৎপাদন হয়| তথাপি আভ্যন্তৰীণ চাহিদাৰ বাবে ভাৰতে প্ৰায় ৩৫ লাখ টন দাইল, মাৰ্কিন যুক্তৰাষ্ট্ৰ, কানাডা, অষ্ট্ৰেলিয়া আদি দেশৰ পৰা আমদানি কৰিব লগা হয়|
দাইল শস্য কেৱল প্ৰ’টেইন নহয়, খাদ্যতন্ত, শৰ্কৰা আৰু খনিজ উৎপাদনৰো উৎস| যিসকল লোকে মাছ-মাংস-কণী আদি প্ৰাণীজ প্ৰ’টেইন গ্ৰহণ নকৰে তেওঁলোকৰ বাবে দাইল আৰু গাখীৰ হ’ল প্ৰ’টেইনৰ সমৃদ্ধ উৎস| প্ৰতিদিনে যদি একাপকৈ দাইল খোৱা হয় তাৰে ৰক্তচাপ যেনেদৰে বৃদ্ধি নাপায়, তেজত থকা দূষিত কলেষ্টেৰ’ল ( এল ডি এল)ৰ মাত্ৰাও কমি থাকে| জীৱদেহৰ প্ৰধান আধাৰ প্ৰ’টেইন, প্ৰটিন প্ৰতিটো জীৱকোষৰ অন্যতম প্ৰধান উপাদান| সেয়ে শিশু সকলৰ খাদ্যত উপযুক্ত পৰিমাণে প্ৰ’টিন থকা জৰুৰী| আমাৰ দেহত প্ৰতি মুহুৰ্ততে যি ক্ষয়ক্ষতি হয় তাক প্ৰ’টিনে পূৰণ কৰে| দেহৰ ৰোগ প্ৰতিৰোধৰ বাবে যি এণ্টিব’ডী উৎপন্ন কৰে সেয়া প্ৰ’টেইনৰ দ্বাৰাই গঠিত হয়| আমাৰ দেহত এনজাইম, হৰম’ন, হিম’গ্ল’বিন, মেনানিন, ৰোডপচিন, প্লাজমা প্ৰটিন আদি গঠনৰ বাবে আমাৰ খাদ্য তালিকাত প্ৰ’টিন নিয়মিত থকা দৰকাৰ| প্ৰ’টিন বিজাড়িত হৈ দেহৰ ভিতৰত প্ৰস্তুত হয় এমাইনো এচিড| আমাৰ দেহৰ ভিতৰত কেইবাটাও এমাইনো এচিড সংশ্লেষিত হয়| আমাৰ দেহত প্ৰয়োজনীয় ২০ টা এমাইনো এচিডৰ ভিতৰত ৮ টা এমাইনো এচিড সংশ্লেষিত নহয়| এইবোৰক কোৱা হয় অপৰিহাৰ্য এমাইনো এচিড| সমস্ত প্ৰাণীজ প্ৰ’টিনত ৮ টা অপৰিহাৰ্য এমাইনো এচিড থাকিলেও দাইল শস্যত মাত্ৰ এটাহে অপৰিহাৰ্য এমাইনো এচিড নাথাকে| সেয়েহে দাইল শস্য হ’ল দ্বিতীয় শ্ৰেণীৰ প্ৰ’টিন| অৱশ্যে সেয়া নিৰামিষভোজী সকলৰ বাবে খুব এটা সমস্যা নহয়| কাৰণ চাউল, গম, আটা ইত্যাদি বীজ শস্যত মেথিঅ’নিন থাকে| আমাৰ দেহত ভাতৰ লগত বা ৰুটিৰ লগত দাইল খোৱা হয়| সেয়ে দাইলত মেথিঅ’নিনৰ ঘাটি পূৰণ হয়| তদুপৰি কাৰ্বহাইড্ৰেট জাতীয় খাদ্যৰ পৰা যিমান শক্তি পোৱা যায় সম পৰিমাণে প্ৰ’টিনৰ পৰাও প্ৰায় সিমানে শক্তি পোৱা যায়| এবছৰৰ ওপৰৰ শিশুৰ ক্ষেত্ৰত প্ৰ’টিনৰ অভাৱ হ’লে অপুষ্টিজনিত ৰোগ ‘কোৱাচিঅ’ৰকৰ’ হয়| সেয়ে শিশু সকলক মাছ, কণী, মাংস খুৱাবলৈ সমৰ্থ নহ’লেও দাইল নিয়মিত খুওৱা উচিত|
পাৰ্থ প্ৰতিম দাস
শেহতীয়া উন্নীতকৰণ: : 3/10/2020
আহাৰ আৰু বনৌষধিৰে আমাৰ স্বাস্থ্য
অপকাৰী চৰ্বীৰ পৰা হাত সাৰিবলৈ
অতিভোজনৰ ফলত হ’ব পৰা বিপদৰ বিষয়ে আলোচনা কৰা হৈছে।
এৰবিক ব্যায়াম