অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্য ৰক্ষাত ভিটামিনৰ গুৰুত্ব

 

ভিটামিন ‘এ’-

ই শৰীৰৰ গঠন, বিকাশ আৰু কুকুৰীকণা বেমাৰ প্ৰতিৰোধ কৰে । তদুপৰি ই ছালৰ উজ্জ্বলতা ৰক্ষা, কাহ, চৰ্দিৰ পৰা হাত সৰা, ডায়েৰিয়া আৰু হাপানী ৰোগ প্ৰতিৰোধৰ বাবে দৰকাৰ । হাড়, দাঁতৰ সুস্থতাৰো অন্যতম মহৌষধ । ভিটামিন ‘এ’ আমি লাভ কৰিব পাৰো কণীৰ কুহুম, মাখন, বন্ধাকবি, পকা আম, অমিতা, গাজৰ, কলিজা, গাখীৰ আদিৰ পৰা ।

ভিটামিন ‘বি১-

ই শৰীৰৰ গঠন, বৃদ্ধি, ভোকলগা, স্নায়ু আৰু পেশীৰ কাৰ্যৰ বাবে দৰকাৰ । ইয়াৰ অভাৱত দেহৰ ওজন হ্ৰাস, ভোক নলগা আৰু শৰ্কৰাৰ পৰিপুষ্টি অসম্পূৰ্ণ হৈ ৰয় । ভিটামিন বি আমি লাভ কৰিব পাৰো মটৰ, কলিজা, আলু, গাখীৰ, মাংস, চয়াবিন, ঘেঁহু, মাকৈ আদিৰ পৰা ।

ভিটামিন বি২-

ই শৰীৰৰ গঠন, বৃদ্ধি, ছাল, মুখ আৰু চকুৰ গঠনত সহায় কৰে । ইয়াৰ অভাৱত বিকলাংগ, দৃষ্টিশক্তি হ্ৰাস, মুখৰ ভিতৰৰ ঘা হোৱাৰ সমস্যাই দেখা দিয়ে । ভিটামিন বি২ আমি লাভ কৰিব পাৰো কলিজা, গাখীৰ, মাংস, সেউজীয়া শাক-পাচলি, পাউৰুটী আৰু কাঠফুলা ।

ভিটামিন বি৩-

ই শৰীৰৰ ভিতৰত শৰ্কৰা, স্নায়ুতন্ত্ৰ গঠনত সহায় কৰে । ইয়াৰ অভাৱত (পেল্লেগ্ৰা) মানসিক বিকাৰ, হাগনি, জিভাৰ ঘা হোৱাৰ সম্ভাৱনা থাকে । ভিটামিন বি৩ আমি লাভ কৰিব পাৰো- বিলাহী, গাখীৰ, মাংস, বাদাম, আলু, ঘেঁহু, মাকৈ, সেউজীয়া শাক-পাচলিৰ পৰা

ভিটামিন বি৬-

‘এমাইনো এচিড’ৰ পৰিপুষ্টিৰ বাবে এই ভিটামিন শৰীৰত দৰকাৰ । ইয়াৰ অভাৱত ৰক্তহীনতা আৰু শৰীৰৰ ৰোগ প্ৰতিকাৰক ক্ষমতা হ্ৰাস হয় । ভিটামিন বি৬ আমি পাব পাৰো- মাছ, শুকান ফল আৰু বাদাম, গাখীৰ,কলিজা, মাংস, ঘেঁহু, মাকৈ , মটৰ আদিত ।

ভিটামিন বি১২-

ই লোহিত ৰক্তকণিকা, স্নায়ুতন্ত্ৰৰ গঠন প্ৰক্ৰিয়াত সহায় কৰে আৰু শৰীৰত নাইট্ৰ’জেনৰ পৰিপুষ্টিৰ বাবে দৰকাৰ হয় । ইয়াৰ অভাৱত ৰক্তহীনতাত ভুগিব লগা হয় । আমি ভিটামিন বি১২ লাভ কৰিব পাৰো কণী, গাখীৰ, মাংস, কলিজা, পনীৰ আদিৰ পৰা ।

ভিটামিন ‘চি’-

ভিটামিন ‘চি’ হ’ল শৰীৰৰ বাবে অত্যন্ত দৰকাৰী এবিধ পদাৰ্থ । ই কোষ বৃদ্ধি, দাঁতৰ আলু গঠন, ৰোগ প্ৰতিষেধক ক্ষমতা বৃদ্ধি কৰাৰ লগতে, ঘাঁ শুকুওৱা, পানী লগা জ্বৰ প্ৰতিৰোধতো সহায় কৰে । এই ভিটামিনৰ অভাৱত ‘স্কাৰ্ভি’ ৰোগ আৰু ৰক্তনলীৰ বেমাৰ হয় । ভিটামিন ‘চি’ আমি পাব পাৰো- মধুৰি আম, বিলাহী, বন্ধাকবি, কমলা টেঙা, নেমু, তিয়ঁহ, আঙুৰ, আমলখিৰ আৰু সেউজীয়া শাক-পাচলিৰ পৰা ।

ভিটামিন ‘ডি’-

শৰীৰৰ হাড় আৰু দাঁতৰ গঠনৰ বাবে ভিটামিন ‘ডি’ অপৰিহাৰ্য । এই ভিটামিনে শৰীৰত ‘কেলচিয়াম’ আৰু ‘ফছফৰাছ’ পৰিপুষ্টি আনে । ইয়াৰ অভাৱত সৰু ল’ৰা-ছোৱালীৰ ‘ৰিকেট’ আৰু দাঁতৰ ৰোগ হয় । কণী, মাখন, মাছ, সূৰ্যৰ পোহৰ, গাখীৰৰ পৰা আমি লাভ কৰিব পাৰো ভিটামিন ‘ডি’ ।

ভিটামিন ‘ই’-

শৰীৰৰ প্ৰয়োজনীয় এটি গুৰুত্বপূৰ্ণ ভিটামিন হ’ল ‘ই’ । ছালৰ লগতে চুলিৰ বাবে খুবেই দৰকাৰ ‘ই’ ভিটামিন । ‘ই’ ভিটামিনৰ অভাৱে ছালৰ বিভিন্ন বেমাৰ আৰু চুলি সৰা, পকা আদিত হেঙাৰ হ’ব পাৰে । কণী, আপেল, সেউজীয়া শাক-পাচলি, মাখন, কল, চয়াবিন, ঘেঁহু, মাকৈ, গাখীৰ, তেলত আমি পাব পাৰো ‘ই’ ভিটামিন ।

ভিটামিন ‘কে’-

তেজ গোট মৰা আৰু যকৃতৰ গতানুগতিক কামৰ বাবে ই অত্যন্ত দৰকাৰ । এই ভিটামিনৰ অভাৱত প্ৰচুৰ ৰক্তক্ষৰণ হোৱাৰ সম্ভাৱনা থাকে । বিলাহী, মাংস, কলিজা, পাচলিৰ তেল, সেউজীয়া শাক-পাচলি, চয়াবিন আদিত ভিটামিন কে পোৱা যায় ।

লেখক :- পল্লৱ দ্বীজেন

উৎস :- দেওবৰীয়া সম্ভাৰ

শেহতীয়া উন্নীতকৰণ: : 3/19/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate