অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যৰ বাবে উপকাৰী ত্ৰিফলা চূৰ্ণৰ ব্যৱহাৰ

স্বাস্থ্যৰ বাবে উপকাৰী ত্ৰিফলা চূৰ্ণৰ ব্যৱহাৰ

 

ত্ৰিফলা চূৰ্ণ হৈছে এক প্ৰসিদ্ধ আয়ুৰ্ৱেদিক ৰাসায়নিক সূত্ৰ যি শিলিখা, ভোমোৰা আৰু আমলখিৰ বীজ উলিয়াই সমান মাত্ৰাত প্ৰস্তুত কৰি গ্ৰহণ কৰা হয় । ত্ৰিফলা শব্দৰ অৰ্থ হৈছে তিনিটা ফল । ত্ৰিফলা নিয়মিত ৰুপত সেৱন কৰিলে শাৰীৰিক দূৰ্বলতা নাশ হয় । ইয়াৰ উপৰিও ত্ৰিফলাৰ এনে বহু স্বাস্থ্যবৰ্ধক গুণাগুণ আছে যি আমাৰ শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি কৰে ।


ত্ৰিফলাৰ গুণাগুণ -


(১) ই স্মৃতিশক্তি বৃদ্ধি কৰে ।
(২) কিছু বছৰলৈকে ইয়াক গ্ৰহণ কৰি থাকিলে আপোনাৰ শৰীৰ নিৰোগী হৈ থাকিব ।
(৩) ই শৰীৰৰ পাচনক্ৰিয়া সুগম কৰি তোলে ।
(৪) ই শৰীৰৰ উশাহ-নিশাহ সম্পৰ্কীয় সমস্যাসমূহ দূৰ কৰে ।
(৫) ইয়াক গ্ৰহণ কৰিলে শৰীৰ ফুৰ্তিবান হয়, ভোক বৃদ্ধি হয়, ভাগৰ দূৰ হয় আৰু টোপনিও ভাল হয় ।


ত্ৰিফলাৰ কেইটামান প্ৰয়োগ -


(১) ৰাতি শুবলৈ যোৱাৰ আগতে ত্ৰিফলাৰ চূৰ্ণ এগিলাচ গাখীৰ বা এগিলাচ কুহুমীয়া গৰম পানীৰ লগত সেৱন কৰিলে পেটত হোৱা কোষ্ঠকাঠিন্যৰ সমস্যা দূৰ হয় ।
(২) ত্ৰিফলা গ্ৰহণ কৰিলে চকুৰ বহুবোৰ সমস্যা দূৰ হয় আৰু দৃষ্টিশক্তি বাঢ়ে । ইয়াৰ বাবে ত্ৰিফলাৰ চূৰ্ণ এচামুচ সাতৰ পৰা অাঠ গ্ৰাম গৰুৰ শুদ্ধ ঘিউ আৰু চাৰিৰ পৰা ছয় গ্ৰাম মৌজোলৰ লগত মিহলাই নিয়মিত ৰুপত সেৱন কৰিব লাগে ।
(৩) ত্ৰিফলা গ্ৰহণ কৰিলে মুখৰ ঘা, পায়ৰিয়া, মুখৰ পৰা ওলোৱা দুৰ্গন্ধ অাদিৰ দৰে সংক্ৰমণ নাশ হয় । ইয়াৰ বাবে ত্ৰিফলাৰ চূৰ্ণ প্ৰায় এচামুচ এগিলাচ পানীত মিহলাই দুই-তিনি ঘণ্টাৰ বাবে ৰাখি থওক আৰু পাছত কিছু সময়ৰ বাবে মুখত লৈ উলিয়াই দিয়ক ।
(৪) শৰীৰৰ মেদ বৃদ্ধি পালে ত্ৰিফলাৰ চূৰ্ণ পানীত উতলাই লওক আৰু তাত মৌজোল মিহলাই খাৱক । ইয়াৰ দ্বাৰা চৰ্বি কম হব অাৰু ওজনো হ্ৰাস পাব ।
(৫) সদায় পুৱা-গধূলি দুয়োটা সময়তে সাতৰ পৰা আঠ গ্ৰাম ত্ৰিফলাৰ চূৰ্ণ সেৱন কৰিলে শৰীৰৰ সকলোধৰণৰ খৰ-খজুৱতি, খহু-ফোহা আদিবোৰ ঠিক হৈ যায় ।

লেখক: ৰিদিপ ৰঞ্জন চেতিয়া, উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

 

 



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate