অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্বাস্থ্যৰ বাবে ঘৰুৱা খাদ্য

স্বাস্থ্যৰ বাবে ঘৰুৱা খাদ্য

এটি সু-স্বাস্থ্যৰ বাবে পুষ্টিকৰ খাদ্য অত্যন্ত প্রয়োজন। প্রকৃতিয়ে আমাক এনে বহুতো পুষ্টিকৰ খাদ্যসম্ভাৰ দিয়ে, যাৰ দ্বাৰা আমি সুস্থ হৈ থাকিব পাৰোঁ। আমি এই খাদ্যবোৰ, যেনে— ফলমূল, শাক-পাচলি আদি আমাৰ ঘৰৰ বাৰীতে হওক, বাৰীৰ চাৰিওফালে থকা হাবি-বননি, পথাৰতে দেখা পাওঁ। যিবোৰ খালে আমাৰ শৰীৰত পুষ্টি সাধন কৰে লগতে ছাল, চুলি সুন্দৰকৈ ৰখাত সহায় কৰে। এইবোৰৰ বহুতো ঔষধি গুণ আছে। আমি প্রকৃতিৰ এই দানক আঁকোৱালি ল’বই লাগিব। ই সহজ লক্ষ্য আৰু ইয়াৰ কোনো পার্শ্ব প্ৰতিক্ৰিয়া নাই। আজি তেনে কিছু খাদ্যৰ বিষয়ে আলোচনা কৰিম। সেইবোৰ হ’ল—

  • কলডিল: ই নিম্ন ৰক্তচাপ ভাল কৰে। তেজ পৰিষ্কাৰ কৰে। তেজ বৃদ্ধি কৰে, গ্ৰহণী আদি ৰোগ ভাল হয়।
  • অমৰা: অমৰা খালে শৌচ খেলোচা হয়, পেটৰ বেমাৰ নোহোৱা হয়।
  • আমলখি: আমলখি খালে মেদবহুলতাৰ পৰা হাত সাৰিব পাৰি।
  • অমিতা: বয়সৰ চাপ কমোৱাত ই সহায় কৰে। ই শৌচ খোলোচা কৰে। শালমইনা হোৱাৰ পৰা ৰক্ষা কৰে।
  • কল: খুব দুর্বল বা ভাগৰ লাগিলে পকা কল খালে শক্তি পায়। ইয়াক ছালত লগালে ছাল মিহি আৰু কোমল হয়।
  • নিমপাত: পেটৰ কৃমি হ’লে নিমপাত খালে সুফল পোৱা যায়। ছালৰ খজুৱতি, শালমন আদিত প্রয়োগ কৰিলে সুফল পোৱা যায়।
  • দুপৰ টেঙা: প্রেছাৰৰ সমস্যা, জণ্ডিচৰ সমস্যাৰ বাবে দুপৰ টেঙা অতি উপকাৰী।
  • টেঙেচি: দেহৰ জঠৰতা, অলসতা দূৰ কৰে। গ্ৰহণী ৰোগ ভাল হয়। হজম শক্তি বঢ়ায়, প্ৰস্ৰাৱৰ অসুখ দূৰ কৰে।
  • দোৰোণ শাক : এই শাক খালে ছাইনাছ, মূৰৰ বিষ ভাল হয়। পেট খোলোচা হয়, এই পাতৰ ৰসে হজম সহজে কৰে।
  • মানধনিয়া: স্মৃতিশক্তি বৃদ্ধি কৰে। মৃগী ৰোগীৰ বাবে উপকাৰী, স্নায়ু দুর্বল ৰোগ নিৰাময়ত সহায় কৰে।
  • নৰসিংহ: দাঁত, আঁঠুৰ বিষ, হাড়, মাংসপেশীৰ বিষৰ বাবে উপকাৰী, তেজ বৃদ্ধি কৰে, লগতে হজম শক্তি বৃদ্ধি কৰে।
  • ব্ৰাহ্মী শাক: স্মৰণ শক্তি বৃদ্ধি কৰে, উচ্চ চাপ, জ্বৰ, বসন্ত আদিৰ বাবে উপকাৰী, এই শাকৰ ৰস তেলত মিলাই লগালে চুলি সৰা বন্ধ হয়।

লেখিকা: পুল্কি কলিতা, দৈনিক জনমভূমি।

শেহতীয়া উন্নীতকৰণ: : 3/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate