অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

স্মৃতিশক্তি আৰু দৃষ্টিশক্তি বৃদ্ধিৰ বাবে অপৰাজিতাঃ

স্মৃতিশক্তি আৰু দৃষ্টিশক্তি বৃদ্ধিৰ বাবে অপৰাজিতাঃ

স্মৃতিশক্তি আৰু দৃষ্টিশক্তি বৃদ্ধিৰ বাবে অপৰাজিতাৰ উপকৰিতা

 

অসমৰ সকলোৱে অপৰাজিতা ফুল চিনি পায়। ইয়াৰ বৈজ্ঞানিক নাম ক্লিটৰীয়া টাৰনিটা। ভাৰতীয় বেলেগ বেলেগ ভাষাত ইয়াৰ নাম বেলেগ বেলেগ। মহাৰাষ্ট্ৰত ইয়াক গোকামী, গুজৰাটীত গৰনী, তেলুগুত নীল, মাৰাঠীত গফাৰণা, পাঞ্জাৱীত অপৰাজিতা। ইংৰাজীত ‘বাটাৰ ফ্লাই পি’ কোৱা হয়।

অপৰাজিতাৰ বনৌষধি গুণবোৰঃ

 

অপৰাজিতা নীলা আৰু বগা দুবিধ ফুল দেখা যায়। দৃষ্টিশক্তি, স্মৃতি আৰু বুদ্ধি-বৃত্তিৰ কাৰণে বগা আৰু নীলা দুয়োবিধ অপৰাজিতা ব্যৱহাৰ হয়।

-  কুষ্ঠৰোগ আৰোগ্য হোৱাত অপৰাজিতাই (বগা) বহুত সহায় কৰে। গলগণ্ড ৰোগ উপশম কৰিবৰ বাবে বগা অপৰাজিতাৰ শিপা ১০০ গ্ৰাম খুন্দি গৰুৰ ঘিউ ৫০ গ্ৰামৰ লগত পুৱা এবাৰ মাত্ৰ খাব লাগে। এনেদৰে ১০-১৫ দিন খাব লাগে।

- বায়ু, পিত্ত আৰু কফ নাশ কৰিবৰ বাবে অপৰাজিতাৰ শিপাৰ ৰস খুন্দি ৰস উলিয়াই এক বা দুই চামুচ দিনে এবাৰকৈ এসপ্তাহ খালে ভাল হয়।

- যকৃত আৰু প্লীহা বৃদ্ধি হ’লে অপৰাজিতাৰ পাতৰ ৰস ২ চামুচ উলিয়াই তাত ১ চামুচ চেনি মিহলাই দিনে এবাৰকৈ ৭-৮ দিন খালে এই দুয়োটা ৰোগ ভাল হয়।

-  প্ৰস্ৰাৱ জ্বলা-পোৰা, প্ৰস্ৰাৱ কম হ’লে বগা অপৰাজিতাৰ শিপাৰ ৰস উলিয়াই ১ চামুচ পৰিমাণে খালী পেটত অলপ পানী মিহলাই ২-৩ দিন খালে এই ৰোগ ভাল হয়। দিনে ২ বাৰ খাব লাগে।

- পেটৰ বিষ হ’লে নীলা অপৰাজিতাৰ ফুলৰ গছৰ শিপাৰ ৰস ২ চামুচ উলিয়াই তাত ১ চামুচ মৌজোল মিহলাই একেৰাহে ১ সপ্তাহ খালে অসুখ ভাল হয়। দিনে ২ বাৰকৈ খাব। কণ্ঠৰ মাত ভাগিলে বা কণ্ঠৰ ভিতৰত সৰু সৰু ৰঙা বৰণৰ গুটি ওলালে, কণ্ঠত বিষ হ’লে বগা অপৰাজিতাৰ শিপাৰ ৰসত (২ চামুচ পৰিমাণে) ১ চামুচ মৌজোল মিহলাই মিশ্ৰণটো দিনে ২ বাৰকৈ ৫-৬ দিন ব্যৱহাৰ কৰিলে অসুখটো ভাল হয়।

-  নীলা অপৰাজিতা ফুলৰ শিপাৰ পৰা ৰস উলিয়াই বা শিপা খুন্দি নাকেৰে শুঙিলে মূৰৰ বিষ কমি যায়।

-  নীলা অপৰাজিতাৰ শিপা সাপে কামুৰিলে কামোৰা ঠাইত শিপাৰ ৰস সানিলে বিষ কমে।

-  বগা অপৰাজিতাৰ শিপা এডোখৰ (১ ইঞ্চি) কঁকালত বান্ধিলে গৰ্ভপাতৰ আশংকা দূৰ হয় আৰু কোনো কষ্ট নোহোৱাকৈ প্ৰসৱ হয়।

-  যিকোনো অপৰাজিতাৰ শিপাই দাঁতৰ পোক মাৰিব পাৰে। দাঁতত ইয়াৰ ৰস বা শিপা মুখত ৰাখিব লাগে।

-  তিৰোতাৰ যোনিয়েদি বিজল পদাৰ্থ ওলাই থাকিলে বগা অপৰাজিতাৰ ৰস ২-৩ চামুচ দিনে ২ বাৰকৈ ৭-৮ দিন খালে এই বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।

-  সূৰুযকপালী বা আদকপালীত অত্যন্ত মূৰৰ বিষ হ’লে নীলা অপৰাজিতাৰ শিপা খুন্দি নাকেৰে শুঙিলে বিষ ভাল হয়।

(উৎসঃ অসমীয়া খবৰ, উপেন দত্ত)।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate