অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

৩ বিধ শাকৰ গুৰুত্ব :

 

শাক অসমীয়াৰ প্ৰিয় খাদ্য।অসমৰ জলবায়ুও অৱশ্যে শাকৰ খেতিৰ বাবে অতি উপযোগী।সেয়েহে বছৰৰ সকলো সময়তে এই ৰাজ্যত ভিন্ন প্ৰকাৰৰ শাক পোৱা যায়।লক্ষণীয় যে ৰাজ্যখনত উপলব্ধ বেছিভাগ শাক প্ৰকৃতিপ্ৰদত্ত।সাধাৰণ বনজাতীয় শাকৰ পৰা আৰম্ভ কৰি তৰু-তৃণ বা বৃক্ষ আদিৰ আগপাতক শাক হিচাপে ব্যৱহাৰ কৰিব পৰা যায়।সিবিলাকৰ নিৰ্বাচিত অংশক প্ৰয়োজন অনুসাৰে কেঁচাই চাটনিৰ ৰুপত,কিছুমানক ভাজি-তৰকাৰিৰ ৰুপত আৰু কিছুমানৰ ৰস উলিয়াই ইচ্ছানুযায়ী প্ৰস্তুত দ্ৰব্যৰ ৰুপত ব্যৱহাৰ কৰিলেই হয়।দীৰ্ঘদিনে অসমত শাকসমুহক মুল খাদ্যক ৰুচিকৰ কৰাৰ কামত খটুৱাই অহা হৈছে যদিও আমাৰ জ্ঞাতে বা অজ্ঞাতে সামুহিকভাৱে,কিন্তু ইবিলাকে আমাৰ পুষ্টি আৰু স্বাস্থ্য ৰক্ষাতো গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰি আহিছে।ইবিলাকৰে কিছুমান বিশেষভাৱে ঔষধি গুণসম্পন্ন বুলি জ্ঞাত হোৱাৰ পিছত তেনে শাকক প্ৰত্যক্ষভাৱে ঔষধ হিচাপে ব্যৱহাৰৰো পথ মুকলি হৈছে।তাৰ ভিতৰত চিৰতা,দোৰোণ,মছন্দৰি,ভেদাইলতা আৰু তুলসীৰ নাম বিশেষভাৱে উল্লেখযোগ্য।

অসমত বহুলভাৱে ব্যৱহৃত তিনিবিধ শাকৰ উল্লিখিত দিশ দুটিৰ সন্দৰ্ভত চমু আলোচনা -

লাই শাক: শাকৰ কথা আহিলেই লাইৰ কথা আমাৰ মনলৈ সততে আহে।কিয়নো,অসমৰ প্ৰায় সকলো লোকেই ইয়াক খোৱাৰ উপৰি বিহুনাম,বিয়ানাম আদিতো ইয়াৰ উল্লেখ পোৱা যায়।শীতকালীন শাক হিচাপে কাতি-আঘোণ মাহত প্ৰথম বজাৰত ওলোৱাৰ লগে লগে ইয়াক খোৱাৰ প্ৰতি জনসাধাৰণৰ উৎসুকতা বৃদ্ধি পোৱা পৰিলক্ষিত হয়।বহু কৃষকে নিজৰ ঘৰৰ বাৰীতো কম-বেছি পৰিমাণে ইয়াৰ খেতি কৰাটো দৃষ্টিগোচৰ হয়।অৱশ্যে বছৰৰ বেছিভাগ সময়তে ৰাইজৰ লাই উপলব্ধ হ’লেও আৰম্ভণি কালত ওলোৱা লাইৰ এক সুকীয়া তৃপ্তি থাকে।লাই শাকক ইংৰাজীত Mustard green আৰু বৈজ্ঞানিকভাৱে Brassica juneca নামেৰে জনা যায়।

ইয়াক কেঁচাই পিচি চাটনিৰ ৰুপত অথবা ভাজি-তৰকাৰিৰ ৰুপত খোৱা হয়।কিন্তু পুষ্টি বিজ্ঞানীৰ মতে এই শাক সতেজ অৱস্থাত খালেহে যথোচিতভাৱে পুষ্টি উপাদানসমুহ লাভ কৰাটো সম্ভৱ।এইবিধ শাকৰ ১০০ গ্ৰাম দ্ৰব্যত থকা উপাদানবোৰ এনে-শক্তি ২৭ কেলৰি,কাৰ্বহাইড্ৰেট ৪.৬৭ গ্ৰাম,প্ৰ’টিন ২.৮৬ গ্ৰাম,চৰ্বি ০.৪২ গ্ৰাম,আঁহ ৩.২০ গ্ৰাম,ছডিয়াম ২০ মি: গ্ৰাম,পটাছিয়াম ৩৩৪ মি: গ্ৰাম,কেলচিয়াম ১১৫ মি: গ্ৰাম,আইৰন ৯.৬৪ মি: গ্ৰাম,মেগনেছিয়াম ৩২ মি: গ্ৰাম,ছেলেনিয়াম ০.৯ মাইক্ৰ’গ্ৰাম,জিংক ০.২৫ মি: গ্ৰাম আৰু ভিটামিন-এ ৩০২৪,আই ইউ,বি১ ০.০৪০ মি: গ্ৰাম,বি২ ০.১১০ মি: গ্ৰাম,বি৩ ০.৮০০মি: গ্ৰাম,বি৫ ০.২১০ মি: গ্ৰাম,বি৬ ০.১৮০ মি: গ্ৰাম,বি৯ ১২ মাইক্ৰ’গ্ৰাম ,চি ৭০ মি:গ্ৰাম,ভিটামিন কে ২৫৭.৫ মাইক্ৰগ্ৰাম আৰু বিটা কেৰ’টিন ১,৭৯০ মাইক্ৰ’গ্ৰাম।

লাই শাকত পোৱা পুষ্টি উপাদানবোৰ লক্ষ্য কৰিলে ধৰিব পৰা যায় যে আমাৰ দেহক প্ৰধানভাৱে লগা প্ৰায়ভাগ উপাদানকেই কম-বেছি পৰিমাণে পোৱা যায়।সেই ফালৰ পৰা বিচাৰ কৰিলে সহজবোধ্য হৈ উঠে যে লাই এবিধ সঁচাই গুৰুত্বপুৰ্ণ শাক।দৰাচলতে ইমানবিলাক দৰকাৰী উপাদানৰ উপস্থিতিৰ হেতুকেই এই শাক উপাদেয় হোৱাৰ লগতে ঔষধি গুণসম্পন্ন হোৱাটোও স্বাভাৱিক।সাধাৰণতে ইয়াক বেদনানাশক,চৰ্দি উপশমকাৰক আৰু কৃমিনাশক গুণসম্পন্ন হিচাপে অভিহিত কৰাৰ লগতে খৰ,বেচু আদি ৰোগৰো উপশমকাৰকৰুপে গণ্য কৰি অহা হৈছে।অতিৰিক্তভাৱে বিশেষকৈ ভিটামিন-চি আৰু বিটা কেৰ’টিনৰ উপস্থিতিয়ে ইয়াক ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন কৰি তোলাৰ উপৰি ই এণ্টিঅক্সিডেণ্টসম্পন্ন বুলি পোহৰলৈ অহাৰ পিছত ইয়াৰ ব্যৱহাৰিক মুল্য তথা গুৰুত্বও ভালেখিনি বৃদ্ধি পাব বুলি বিশ্বাস হয়।

খুতুৰা শাক: অসমৰ অতি সহজলভ্য এবিধ শাক হৈছে খুতুৰা।কিয়নো ,ইয়াৰ খেতি নকৰাকৈয়ে খৰালি কালত ওখ চানেকীয়া বাৰীত ই আপোনা-আপুনি,অৰ্থাৎ প্ৰাকৃতিক অৱস্থাত হোৱাটো দেখিবলৈ পোৱা যায়।ইয়াক মুখ্যত:ভাজি আৰু তৰকাৰিৰ ৰুপত খোৱা হয়।ইয়াৰ খাদ্য প্ৰস্তুতিৰ সময়ত এক আকৰ্ষণীয় গোন্ধ নিৰ্গত হয়,যি গোন্ধে ইয়াক খোৱাৰ প্ৰতি মানুহক আগ্ৰহান্বিত কৰি তুলিব পাৰে।

ইয়াৰ ইংৰাজী আৰু বৈজ্ঞানিক নাম হৈছে ক্ৰমে- Amaranth আৰু Amaranthus viridis  ইয়াৰ ১০০ গ্ৰাম দ্ৰব্যত পোৱা পুষ্টি উপাদানবোৰ হৈছে- শক্তি ৩৩.৩৫ কেলৰি,জল ৮১.৮ গ্ৰাম,প্ৰ’টিন ৫.২ গ্ৰাম,কাৰ্বহাইড্ৰেট ৭.৬৭,গ্ৰাম,আঁহ ৬.১ গ্ৰাম,চৰ্বি ০.৩ গ্ৰাম,কেলচিয়াম ৩৩ মি: গ্ৰাম,ফছফৰাছ ৫২ মি: গ্ৰাম,আইৰন ১৮ মি: গ্ৰাম,পটাছিয়াম ৩৪ মি: গ্ৰাম,ছডিয়াম ১০৮ মি: গ্ৰাম আৰু ভিটামিন-চি ১৭৮ মি: গ্ৰাম।ইবিলাকৰ উপৰি খুতুৰা শাকত পোৱা যায় উপকাৰী ফেটী এচিড,যেনে-লিন’লিক,এলালিন’লিক আদি।তেনেকৈ থাকে আমাৰ শৰীৰ গঠনত গুৰুত্বপুৰ্ণ ভুমিকা লোৱা লাইচিন,আৰজিনাইন,হিচটিডিন চিষ্টিন,লিউচিন আদি অনেক উপাদানো।তদুপৰি আমাৰ দেহত হৰম’নৰ সন্তুলন ঘটাব পৰা দুবিধ ফ্লেনয়ড জাতীয় উপাদান কোৱেৰচেটিন আৰু ৰেটিনকো খুতুৰাত পোৱা যায়।খুতুৰাৰ অন্য এক বিশেষত্ব হৈছে-ই এণ্টি অক্সিডেণ্ট গুণসম্পন্ন বুলি পোহৰলৈ অহাটো সেই ফালৰ পৰা ই ৰোগ প্ৰতিৰোধী ক্ষমতাসম্পন্ন বুলি অভিহিত কৰিব পৰা যায়।তাতেই ভিটামিন চিৰ সবল স্থিতিয়ে শাকবিধক তেনে দিশত অধিক সক্ৰিয় কৰি তোলাটো আশাব্যঞ্জক।ইবিলাকৰ উপৰি ইয়াক ভোকবৰ্ধক,ভেঁকুৰনাশক,প্ৰস্ৰাৱ নিয়মীয়া কাৰক,কোষ্ঠকাঠিন্যনাশক,পেটৰ আলচাৰ দুৰকাৰক,মধুমেহ-হৃদৰোগ উপশমকাৰক হিচাপে ব্যৱহাৰ কৰি অহা হৈছে।ইবিলাকে দেখুৱায় যে খুতুৰা এবিধ অসমৰ গুৰুত্বপুৰ্ণ শাক।

পালেং শাক:

পালেং শাক যে অসমৰ লোকৰ জনমানসত এক বিশেষ স্থান দখল কৰি আহিছে সেই কথা অনস্বীকাৰ্য।ইয়াক কেঁচাই সাধাৰণভাৱে চালাড অথবা পিচি চাটনিৰ ৰুপত খোৱাৰ উপৰি ভাজি-তৰকাৰি নতুবা সুকীয়া কৌশলেৰে অন্য ৰুপতো খোৱাৰ উপায় কৰা হয়।ইবিলাকৰ উপৰি ইয়াক বিলাহী আৰু মাছৰ সৈতে জোল কৰি খোৱাত বেছিভাগ লোকেই জোৰদিয়াটো বাস্তৱত পৰিলক্ষিত হয়।এইবিধ শাকক ইংৰাজীত Spinach আৰু বৈজ্ঞানিকভাৱে Spinacea olaracea নামেৰে জনা যায়।

পালেং যে এবিধ উৎকৃষ্ট শাক তাক উল্লেখ নকৰিলেও হয়।ইয়াৰ একাপ সতেজ ৰসত পাব পৰা পুষ্টি উপাদানবোৰ এনে-শক্তি ২৭ কেলৰি,প্ৰ’টিন ০.৮৬ মি: গ্ৰাম,কেলচিয়াম ৩০ মি: গ্ৰাম,আইৰন ০.৮১ মি: গ্ৰাম,মেগনেছিয়াম ২৪ মি: গ্ৰাম,পটাছিয়াম ১৬৭ মি: গ্ৰাম,ভিটামিন-এ ২,৮১৩ মাইক্ৰ’গ্ৰাম আৰু ফলেট ৫৮ মাইক্ৰ’গ্ৰাম।তেনেকৈ ইয়াত পোৱা যায় যথেষ্ট পৰিমাণে আঁহজাতীয় উপাদানৰ লগতে পটাছিয়াম,ফছফৰাছ আৰু ভিটামিন-বি১ আৰু বি৯ আৰু চি আদি।

পালেঙৰ ঔষধি গুণৰ ক্ষেত্ৰত পোৱা তথ্য মতে-১)ইয়াত থকা ভিটামিন-চিয়ে দেহৰ ৰোগ প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰে,২)ইয়াত পোৱা বিটা কেৰ’টিন আৰু আলফাই কৰ্কট ৰোগৰ কোষ বৃদ্ধিত বাধা জন্মাব পাৰে,৩)মধুমেহ ৰোগীৰ তেজত থকা শৰ্কৰাৰ পৰিমাণ ই ভালেখিনি কমাব পাৰে,৪)ইয়াৰ ভিটামিন-এয়ে দৃষ্টিশক্তি বৃদ্ধি কৰাৰ উপৰি কুকুৰীকণা ৰো গ উপশম কৰিব পাৰে,৫)ইয়াত থকা আঁহজাতীয় উপাদানে কোষ্ঠকাঠিন্যৰ উপশম ঘটাব পাৰে,৬)ইয়াত থকা ভিটামিন-কে (k)য়ে ৰক্তক্ষৰণ বন্ধ কৰিব পাৰে ইত্যাদি।

পালেং শাক সাধাৰণতে উপকাৰী যদিও থাইৰয়ড আৰু ইউৰিক এচিডৰ সমস্যাত ভোগা লোকৰ বাবে ই সুবিধাজনক নহয় বুলি উল্লেখ পোৱা যায়।গতিকে পালেং বেছিকৈ খোৱাৰ সময়ত এনে দিশত গুৰুত্ব দিয়াৰ প্ৰাস্ংগিকতা আছে।

লেখক:অৰ্পণ দত্ত (জি এনআৰচি স্বাস্থ্য)

শেহতীয়া উন্নীতকৰণ: : 1/18/2023



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate