অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে জলফায়ে

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে জলফায়ে

 

শীতকালত উপলব্ধ টেঙা ফল জলফাইৰ আছে অনেক স্বাস্থ্যৰ বাবে উপকাৰী গুণ-

 

ভিটামিন,মিনাৰেল,ভেষজ উপাদান,আঁহ,আইৰন,ক’পাৰ,ভিটামিন ই,ফেনলিক উপাদান,অলেইক এচিড আদি বিভিন্ন প্ৰকাৰৰ এণ্টিঅক্সিডেণ্টসমৃদ্ধ ফল হৈছে জলফাই।এই সকলো উপাদানে কেৱল ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাতে সহায় নকৰে,একে সময়তে ইয়ে কৰ্কটৰ আশংকা হ্ৰাস কৰাতো সহায় কৰে।কেৱল ফল হিচাপেই নহয়,এইবিধ ফলৰ তেল স্বাস্থ্যৰ বাবে অতি উপকাৰী।জলফাই তেলত এনে কিছু গুৰুত্বপুৰ্ণ উপাদান আছে,যিবোৰে আমাৰ শৰীৰক স্বাস্থ্যৱান আৰু সুন্দৰ কৰি ৰখাত সহায় কৰে।গৱেষকসকলৰ মতে জলফাইৰ তেল ব্যৱহাৰৰ ফলত শৰীৰৰ বেয়া কলেষ্টেৰল নিয়ন্ত্ৰণত থাকে।জলফাইৰ কিছু গুণা গুণ তলত উল্লেখ কৰা হ’ল-

কৰ্কট প্ৰতিৰোধ:ভিটামিন ‘ই’ৰ ভাল উৎস হৈছে জলফাই।ইয়াৰ উপৰি এইবিধ ফলত মন ছেচুৰেটেড ফেট পোৱা যায়।জলফাইত থকা ভিটামিন ‘ই’ য়ে কোষৰ অস্বাভাৱিক গঠনত বাধা দিয়ে।ফলত কৰ্কটত আক্ৰান্ত হোৱাৰ শংকা হ্ৰাস পায়।

হৃদযন্ত্ৰৰ বাবে উপকাৰী:

 

মানুহৰ হৃদপিণ্ডৰ ৰক্তনলীত চৰ্বি জমা হ’লে হাৰ্ট এটাক হোৱাৰ সম্ভাৱনা আটাইতকৈ বেছি হয়।জলফাইত থকা এণ্টি অক্সিডেণ্টে হাৰ্ট ব্লক হোৱাত বাধা দিয়ে।একেদৰে জলফাইত থকা মন’ছেচুৰেটেড ফেট হৃদযন্ত্ৰৰ বাবে অতি উপকাৰী।

ওজন হ্ৰাস কৰে:অন্যান্য খাদ্য সামগ্ৰীত থকা ছেচুৰেটেড ফেটৰ সলনি যেতিয়া জলফাইত থকা মন’ছেচুৰেটেড ফেট শৰীৰৰ ভিতৰত প্ৰৱেশ কৰে তেতিয়া শৰীৰৰ চৰ্বি কোষবোৰক ভাঙি পেলোৱাত ইয়ে সহায় কৰে।জলফাইৰ তেলত থকা ‘ল’কলেষ্টেৰলে ওজন আৰু ৰক্তচাপ হ্ৰাস কৰাত সহায় কৰে।

আইৰনৰ উৎস:জলফাইদ থকা আইৰনে আমাৰ শৰীৰত তেজৰ চলাচল কৰাত সহায় কৰে।ইয়াৰ উপৰি প্ৰাকৃতিক আইৰনৰ উৎসৰ বাবে জলফাই হৈছে শ্ৰেষ্ঠ।

এলাৰ্জি প্ৰতিৰোধ:গৱেষণাত দেখা গৈছে যে জলফায়ে এলাৰ্জি প্ৰতিৰোধ কৰাত সহায় কৰে।এই ফলবিধত থকা প্ৰচুৰ পৰিমাণৰ ভিটামিন ‘চি’য়ে ছালৰ সংক্ৰমণ আৰু অন্যান ঘা শুকোৱাত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে।

কোষ্ঠকাঠিন্য দুৰ কৰে:জলফাইত থকা আঁহে মানুহৰ দেহৰ পৰিপাক ক্ৰিয়া তৰান্বিত কৰাৰ লগতে হজমত সহায় কৰে।

হাড়ৰ ক্ষয় ৰোধ কৰে:জলফাইত থকা মন’ছেচুৰেটেড ফেটত থাকে এণ্টি ইনফ্লেমেটৰী।ইয়াত থকা ভিটামিন ‘ই’ আৰু পলিফিনাইলে এজমা আৰু বাত বিষজনিত ৰোগৰ পৰা হাত সৰোৱাত সহায় কৰে।বয়সজনিত কাৰণত হোৱা হাড়ৰ ক্ষয় ৰোধো কৰে জলফাইৰ তেলে।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে:জলফাইত প্ৰচুৰ পৰিমাণৰ এণ্টিঅক্সিডেণ্ট থাকে,যিয়ে শৰীৰত কৰ্কটৰ জীৱাণু ধ্বংস কৰে আৰু দুগুণ পৰিমাণে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ছাল আৰু চুলিৰ বাবে ফলদায়ক:জলফাইত থকা ফেটি এচিড আৰু এণ্টি অক্সিডেণ্টে ছাল আৰু চুলিৰ স্বাস্থ্য ৰক্ষাত সহায় কৰে।জলফাইত থকা ভিটামিন ‘ই’য়ে ছাল মসৃণ কৰি ৰাখে।চুলি অধিক মজবুত কৰে।ছালৰ কৰ্কট ৰোগত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰে।সুৰ্যৰ অতি বেঙুনীয়া ৰশ্মিৰ বাবে ছালৰ যি ক্ষতি সেয়াও দুৰ কৰে জলফায়ে।

উৎস: (নিয়মীয়া বাৰ্তা)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate