অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰোগ প্ৰতিৰোধত তিয়ঁহ :

ৰোগ প্ৰতিৰোধত তিয়ঁহ :

 

তিয়ঁহ এবিধ লতাজাতীয় একবৰ্ষী গছ। ইয়াৰ বৈজ্ঞানিক নাম । তিয়ঁহ এবিধ ৰসাল ফল। ইয়াত যথেষ্ট পৰিমাণে পানী পোৱা যায়। গৰম দিনৰ কাৰণে ই উৎকৃষ্ট খাদ্য। তিয়ঁহত খনিজ লৱণ যথেষ্ট পৰিমাণে পোৱা যায়। কেলচিয়াম, মেগনেছিয়াম, পটাছিয়াম, ছডিয়াম, কপাৰ, ছালফাৰ, ভিটামিন বি, চি পোৱা যায়। ই কম প্ৰ’টিনযুক্ত। ইয়াত শৰ্কৰা আৰু কেল’ৰিও যথেষ্ট কম থাকে কাৰণে সকলোৱে খাব পাৰে। তিয়ঁহ কেঁচাই, চাটনি বা চালাড কৰি নাইবা আঞ্জা কৰিও খাব পাৰি। ইয়াৰ কিছুমান ঔষধি গুণ এনেধৰণৰ-

*গৰমৰ দিনত প্ৰস্ৰাৱ কম হ’লে তিয়ঁহ খাব লাগে- প্ৰস্ৰাৱ হয়।

*বাতবিষ বা ইউৰিক এচিডৰ কষ্ট পোৱাসকলৰ বাবে তিয়ঁহ উপকাৰী।

*যিকোনো কীট-পতংগই কামোৰা স্থানত তিয়ঁহৰ ৰস লগালে আৰাম পোৱা যায়।

*তিয়ঁহ খালে খাদ্য সহজে হজম হয়। অৱশ্যে ই নিজে হজম পলমকৈ হয়।

*তিয়ঁহৰ ৰস শৰীৰত লগাই ১৫-২০ মিনিটৰ পাছত ধুই দিলে ছাল সতেজ হোৱাৰ লগতে নিমজ হয়।

*ৰ’দে পোৰা ছালত সমপৰিমাণৰ তিয়ঁহৰ ৰস, দৈ আৰু নেমুৰ ৰস লগালে পোৰা ছালৰ দাগ আঁতৰে।

*মধুমেহ ৰোগীৰ বাবে তিয়ঁহ মহৌষধ।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate