অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ৰবাব টেঙাৰ বিবিধ গুণ :

ৰবাব টেঙাৰ বিবিধ গুণ :

আঘোণ মাহত খেতিপথাৰত ধান দাওতে ৰবাব টেঙা ফুতিয়াই লৈ নিমখ, তেল আৰু জলকীয়া সানি কলপাতত জুতি লোৱাৰ মজাই বেলেগ । খাই দিয়াৰ লগে লগে ভাগৰ ক’ৰবাতে হেৰাই যায় । ৰবাব টেঙাৰ ইংৰাজী নাম pomelo fruit  । খাবলৈ সোৱাদ লগা এই ৰবাব টেঙাত বহু পুষ্টিকৰ গুণ আছে । অত্যাৱশ্যকীয় ভিটামিন বিশেষকৈ ভিটামিন চি, ভিটামিন কে, ভিটামিন বি৬, প্ৰটিন, এঞ্জাইম, আঁহ আৰু বিভিন্ন প্ৰকাৰৰ খনিজ পোৱা যায়, যিবোৰ শৰীৰৰ বাবে অতি উপকাৰী ।

পুষ্টিকৰ থলুৱা ফল ৰবাব টেঙাৰ ঔষধি গুণসমূহ হ’ল -

১) ভিটামিন চি থকা বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে । বতৰ সলনি হোৱাৰ সময়ত হোৱা কাহ, জ্বৰ, এলাৰ্জিজনিত সমস্যাৰ পৰাই বচাই ৰাখে ।

২) হজমী শক্তি বৃদ্ধি কৰে আৰু ভোক বঢ়ায়, পেট খোলোচা কৰে ।

৩) অৰ্শ্ব ৰোগীৰ বাবেও ৰবাব টেঙা উপকাৰী । কাৰণ ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থাকে ।

৪) মূত্ৰজনন (diuretic) হোৱাৰ বাবে প্ৰস্ৰাৱৰ বেক্টেৰিয়াজনিত সংক্ৰমণ বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা আদি বিভিন্ন সমস্যাত উপকাৰী ।

৫) পতাছিয়াম, মেগনেছিয়াম, ভিটামিন চি, আঁ হ আদি থকাৰ বাবে উচ্চ ৰক্তচাপ, কলেষ্টৰেল আৰু মেদবহুলতাৰ সমস্যাত উপকাৰী ।

৬) ৰক্তহীনতা বা এনিমিয়া ৰোগতো উপকাৰী ।

৭) হাড়ৰ গঠন মজবুত কৰাত সহায় কৰে । অষ্টিঅপ’ৰ’ছিছ সমস্যাত ভোগা লোকৰ বাবেও ই উপকাৰী ।

৮) অকালতে পৰা বয়সৰ চাপ কম কৰাতো ই সহায় কৰে । ই একপ্ৰকাৰৰ বডী দিতক্স বা শৰীৰ শোধনকাৰক হিচাপে কাম কৰে । ইয়াত থকা এণ্টিঅক্সিডেণ্টে অকালতে অহা বয়সৰ চাপ ৰোধ কৰে ।

৯) দাঁতৰ সুস্বাস্থ্যৰ বাবেও ই সহায়ক । কাৰণ প্ৰচুৰ পৰিমাণে ভিটামিন চি আছে । দাঁতৰ আলুৰ পৰা তেজ ওলোৱা সমস্যাত (gums bleeding) ৰবাব টেঙা খালে সুফল পোৱা যায় ।

১০) শালমনৰ সমস্যা থকা ছালৰ গৰাকীয়ে ৰবাব টেঙা খোৱা উচিত । ই ছালৰ অতিৰিক্ত তৈলাক্ত ভাব কম কৰে । ক’লা দাগ, হাইপাৰপিগমেণ্টেশ্যন আদি সমস্যাও কম কৰে । ছালৰ কমনীয়তা বৃদ্ধিতো ই সহায় কৰে ।

১১) চুলিৰ সৌন্দৰ্যবৰ্ধনত ৰবাব টেঙা উপকাৰী । ভিটামিন এ, ভিটামিন বি কমপেহ্লক্স , ভিটামিন চি, জিংক আদি থকাৰ বাবে চুলিৰ বাবে ভাল । উফিৰ সমস্যাও কম কৰাত সহায় কৰে । সুন্দৰ স্বাস্থ্য, উজ্জ্বল চুলিৰ কামনা কৰাসকলে ৰবাব টেঙা জাতীয় টেঙা ফল সেৱন কৰা উচিত ।

১২) ষ্ট্ৰ’ক, হাৰ্ট এটেক আদিৰ পৰাও ৰক্ষা কৰাত ৰবাব টেঙা উপকাৰী ।

১৩) সৰু ল’ৰা-ছোৱালীৰ কৃমি পেলুৰ সমস্যাত ৰবাব টেঙা খুৱালে সুফল পোৱা যায় ।

সময়ৰ সোঁতত এই থলুৱা ফলসমূহৰ প্ৰতি মানুহৰ আগ্ৰহ কমি গৈছে । কোনো বিশেষ আপডাল নোহোৱাকৈ হোৱা এইবোৰ থলুৱা ফল ঔষধি গুণেৰে সমৃদ্ধ । স্বাস্থ্য সচেতন সকলো ব্যক্তি অসমৰ থলুৱা ফল ৰবাব টেঙাৰ গুণাগুণ জানি নিশ্চয় ইয়াৰ প্ৰতি আকৰ্ষিত হ’ব । সকলোৱে বতৰৰ এই ফলসমূহৰ জুতি লওক আৰু নিৰোগী হৈ থাকক ।

লেখিকা :- ৰেইনী দেৱী

উৎস :- দৈনিক জনমভূমি



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate