অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

হাড়ৰ স্বাস্থ্য

গোটেই জীৱন সু-স্বাস্থ্য বজাই ৰাখিবলৈ হাড় ঠিকে ৰখা অতি আৱশ্যক। স্বাস্থ্যৱান হাড়ে আমাক চলাফিৰা কৰাত সহায় আৰু আঘাটৰ পৰা ৰক্ষা কৰে। হাড়ে আমাৰ শৰীৰৰ অনেক প্ৰয়োজনীয় খনিজ যেনে, কেলচিয়াম আদিৰ ভঁৰাল হিচাপে কাম কৰে, যিবোৰ খনিজ পদাৰ্থ বিভিন্ন অংগৰ কামত লাগে।

হাড়বোৰ জীৱিত বস্তু আৰু ক্ৰমান্বয়ে ইয়াৰ পৰিৱৰ্তন হয়। আমাৰ সম্পূৰ্ণ জীৱন কালত ভালেমান নতুন হাড় তৈয়াৰ হয় আৰু পুৰণিবোৰ ক্ষয় হয়। প্ৰাপ্তবয়স্ক লোকৰ প্ৰতি ৯-১০ বছৰৰ ভিতৰত হাড়বোৰ সলনি হৈ থাকে।

সৰু কালৰেপৰা সঠিক মাত্ৰাত পুষ্টিৰ আহাৰ গ্ৰহণ আৰু উপযুক্ত কচৰৎ আদিয়ে হাড়ৰ গঠন শক্তিশালী কৰি তোলে। ইয়াত হাড়ৰ স্বাস্থ্যৰ প্ৰাথমিক বিষয় সম্পৰ্কে আলোচনা কৰা হৈছে। বিভিন্ন ধৰণৰ আহাৰ গ্ৰহণ আৰু কচৰৎ কৰিলে প্ৰত্যেক ব্যক্তিয়ে নিজে হাড়ৰ গঠন শক্তিশালী কৰিব পাৰে। এনে অভ্যাসৰ ফলত অষ্টিঅপ’ৰচিছ নামৰ হাড়ৰ ৰোগবিধ প্ৰতিৰোধ কৰিব পৰা যায়। এই ৰোগ মহিলাসকলৰ বেছিকৈ হোৱা দেখা যায়।

হাড়ৰ প্ৰাথমিক স্বাস্থ্য

আমাৰ শৰীৰত অধিকাংশ আগুৰি থকা হাড়বোৰ হ’ল এবিধ জীৱিত টিছু। এজন প্ৰাপ্তবয়স্ক লোকৰ দেহত ২০৬ টুকুৰা হাড় থাকে। কেঁচুৱা অৱস্থাত এই হাড়ৰ পৰিমাণ প্ৰায় ৩০০ মান। হাড়ে আমাক চলাফিৰাত সহায় কৰাৰ উপৰিও আমাৰ দেহৰ অংগবোৰক সুৰক্ষা দিয়ে।

হাড়ৰ গঠন

মাংসসাৰ আৰু আন খনিজ পদাৰ্থ যেনে,কেলছিয়াম, ফছফেট আৰু মেগনেছিয়াম আদিৰে bone structure.jpgহাড়ৰ গঠন হয়। কলাজেন নামৰ এবিধ মাংসসাৰে হাড়ক চিমেণ্টৰ দৰে গঠন আৰু প্ৰাথমিক আকাৰ দিয়ে।

হাড় গঠনৰ মৌলিক উপাদানসমূহ

পেৰিঅ’ষ্টেআম: এইটো এটা পাতল আৱৰণ যিয়ে হাড়ৰ বাহিৰ ফালটো ধাকি ৰাখে। ইয়াত ৰক্তবাহী নলী আৰু স্নায়ু থাকে।

2.jpgআটিল হাড়: এইটো হাড়ৰ বাহিৰ ফালৰ স্তৰ। ইয়াৰ ঘনত্ব বেছি। আমি সচৰাচৰতে কংকালত হাড়ৰ এই অংশটো দেখা পাওঁ।

কেঞ্চেলাচ হাড়: এই হাড় ৰবৰৰ দৰে কোমল। হাড়ৰ মাজত থকা মজ্জাক এই অংশই আৱৰি ৰাখে।

হাড়ৰ বৃদ্ধি

পুৰণি হাড়বোৰ আঁতৰাই নতুন হাড় তৈয়াৰ হোৱা কাৰ্য্য আমাৰ শৰীৰত অহৰ্নিষে চলি থাকে। যিটো হাড়ৰ মেটাবলিজিম বুলি কোৱা হয়।

এই পুৰণি হাড় আঁতৰাই নতুন হাড় তৈয়াৰৰ কাৰ্য্যত দুবিধ কোষ জড়িত হৈ থাকে।Osteoblast.jpg

  • অষ্টেঅ’ব্লাষ্টছ: ই নতুন হাড় গঠন কৰে।
  • অষ্টেঅ’ক্লাষ্টছ: ই পুৰণি হাড়বোৰ ক্ষয় কৰি পেলায়।

এই কোষ দুবিধৰ সহায়ত আমাৰ শৰীৰত শাৰীৰিক কাম-কাজৰ বাবে প্ৰয়োজনীয় খনিজ পদাৰ্থৰ সন্তোলন ৰক্ষা কৰে। হাড়ৰ ক্ষয় আৰু নতুন তৈয়াৰৰ কাম গোটেই জীৱন ধৰি চলি থাকে।

 

খাদ্য আৰু হাড়ৰ স্বাস্থ্য:

 

আমাৰ দেহত থকা কেলছিয়ামৰ ৯৯ শতাংশ হাড়ত থাকে। সেয়েহে হাড়ৰ সু-স্বাস্থ্যৰ বাবে যথেষ্ট পৰিমাণৰ কেলছিয়াম যুক্ত আহাৰৰ প্ৰয়োজন হয়। গাখীৰ আৰু গাখীৰৰ পৰা তৈয়াৰী সামগ্ৰীত যথেষ্ট পৰিমাণৰ কেলছিয়াম পোৱা যায় ফচফৰাছ, মেগনেছিয়াম, ফ্ল’ৰাইড আৰু খাদ্যপ্ৰান ‘ট’ ও আমাৰ হাড়ৰ সু-স্বাস্থ্যৰ বাবে অতি প্ৰয়োজন।

bone-health--1.jpgআমাৰ খাদ্য সম্ভাৰৰ পৰা কেলছিয়ামক শোষণ কৰাৰ বাবে খাদ্যপ্ৰান ‘ঘ’ প্ৰয়োজন হয়। সূৰ্য্যৰ পোহৰ ছালে শোষণ কৰি খাদ্যপ্ৰান ‘ঘ’ তৈয়াৰ কৰে।

সৰযুক্ত গাখীৰ, তেলাল মাছ আদিৰ পৰাও খাদ্যপ্ৰান ‘ঘ’ পাব পৰা যায়।

হাড়ৰ স্বাস্থ্য হানি কৰা কাৰকসমূহ

হাড়ৰ স্বাস্থ্যৰ হানি কৰা বহুবোৰ কাৰক আছে

  • বংশগত: হাড়ৰ বিসংগতি বংশগতভাৱেও চলি আহিব পাৰে। যদি পিতৃ-মাতৃ বা আন পূৰ্বজৰ হাড়ৰ সমস্যা থাকে, তেন্তে সন্তানৰো সেই সমস্যা হ’ব পাৰে।bone-health-2.jpg
  • খাদ্য: স্বাস্থ্যবান হাড়ৰ বাবে প্ৰচুৰ পৰিমাণৰ কেলছিয়াম আৰু খাদ্যপ্ৰান ‘ঘ’  থকা খাদ্যৰ প্ৰয়োজন। ধূমপান আৰু মাদক দ্ৰব্যপানে হাড়ৰ ভয়াৱহ ক্ষতি কৰিব পাৰে।
  • শাৰিৰীক শ্ৰম: নিয়মীয়াকৈ ব্যায়াম আৰু শাৰীৰিক শ্ৰমে হাড় শক্তিশালী কৰি তোলে।
  • বয়স: বয়স বাঢ়ি অহাৰ লগে লগে হাড়ৰ শক্তি কমি আহে। মহিলাসকলৰ ঋতুস্নান বন্ধ হোৱাৰ পাছত বিভিন্ন হাড়ৰ সমস্যাই দেখা দিব পাৰে।
  • শৰীৰৰ আকাৰ: ক্ষীণ আৰু কম ওজনৰ মহিলাসকলৰ হাড় দূৰ্বল হোৱাৰ সম্ভৱনা বেছি।
  • প্ৰচুৰ কেলছিয়াম থকা খাদ্য আৰু শাৰিৰীক ব্যায়ামৰ দ্বাৰা হাড় সৱল কৰি ৰাখিব পাৰি। হাড়ৰ ৰোগে জীৱনৰ মানদণ্ড নিম্ন কৰি তোলে।

 

অষ্টেঅ’পৰচিছ

যেতিয়া হাড়ৰ পৰা কেলছিয়াম হৈ খনিজ পদাৰ্থ বাহিৰ হৈ যায় তেতিয়া এই ৰোগে দেখা দিয়ে।এই ৰোগ পুৰুষৰো হয় যদিও মহিলাসকলৰহে অধিক হোৱা দেখা যায়।

এই ৰোগৰ আন কোনো লক্ষণে দেখা নিদিয়ে। বয়স হ’লেই এই ৰোগ হ’ব পাৰে। কিছুমান মহিলাৰ কম বয়সতে হোৱা আন কাৰকৰ বাবেও এই ৰোগ হ’ব পাৰে। ঋতুস্নান বন্ধ হোৱাৰ পাছত এই ৰোগে দেখা দিব পাৰে। এই ৰোগৰ যিহেতু কোনো লক্ষণ নাই, গতিকে হাড় ভাগিলে বা বাৰে প্ৰতি হাড় ভাগিলে চিকিৎসকে এই ৰোগ হোৱা বুলি সন্দেহ কৰে। চিকিৎসকে হাড়ৰ খনিজ পদাৰ্থৰ ঘনত্ব পৰীক্ষা কৰি ক্ষয়ৰ পৰিমাণ নিৰ্ণয় কৰে।

অষ্টেঅ’পৰচিছ প্ৰতিৰোধ

শক্তিশালী হাড়ৰ গঠন শৈশৱ কালতেই আৰম্ভ হয়। গোটেই জীৱন স্বাস্থ্যবান হৈ থাকিলেই হাড়ৰ গঠনো স্বাস্থ্যৱান হ’ব। স্বাস্থ্যবান হাড় গঠনৰ বাবে প্ৰয়োজনীয় কাৰকসমূহ হ’ল:

হৰমন: হাড়ৰ ওজন ঠিকে ৰখাৰ বাবে এষ্ট্ৰোজেন হৰমনৰ নিঃসৰণ হোৱা দৰকাৰ। এষ্ট্ৰোজেন কমি গৈ যেতিয়া তলত উল্লেখ কৰা লক্ষণবোৰে দেখা দিয়ে, তেতিয়াই হাড়ৰ ওজনত প্ৰভাৱ পৰে আৰু অষ্টেঅ’পৰচিছ হয়।

  • মাহেকীয়া ঋতুস্ৰাৱ বন্ধ হোৱা।
  • ঋতুচক্ৰ অনিয়মিয়া হোৱা।
  • ঋতুমতী হওঁতে পলম হোৱা।
  • কম বয়সতে ঋতুস্নান বন্ধ হোৱা।

 

জীৱনধাৰা:

ধূমপানে হাড়ৰ ভয়াবহ ক্ষতি কৰে। ছোৱালী বা মহিলাসকলে ধূমপান কৰিলে হাড়ৰ খনিজ পদাৰ্থৰ ঘনত্ব কমাই হাড়ৰ ওজনত প্ৰভাৱ পেলায়। অষ্টেঅ’পৰচিছৰ ঔষধ খাই থকা অৱস্থাত ধূমপানে ঔষধৰ কাৰ্যকাৰিতা শূণ্য কৰি পেলায়। যিসকল মহিলাই মাদকদ্ৰব্য পান কৰে। তেওঁলোকৰ এই ৰোগ হোৱাৰ সম্ভৱনা অতি বেছি। আমাৰ জীৱন ধাৰাৰ অন্যান্য কিছু কাৰকৰ বাবেও এই ৰোগ হ’ব পাৰে।

 

Osteoporosis_2.jpg

  • খাদ্যত যথেষ্ট পৰিমাণৰ কেলছিয়াম নথকা।
  • শাৰিৰীক শ্ৰম কমকৈ কৰা।
  • বেছিকৈ কেফেইন খোৱা ( চাহ, কফি)
  • বেছিকৈ মাদকদ্ৰব্য পান কৰা।

 

পুষ্টি:

 

কেলছিয়াম: কেলছিয়াম এনে এবিধ পুষ্টিকৰ খনিজ, যিয়ে হাড়ৰ সৰ্ব্বোচ্চ পৰ্য্যায়ৰ পুষ্টি যোগান ধৰি শক্তিশালী কৰি তোলে। অষ্টেঅ’পৰচিছ ৰোধ কৰিবলৈ প্ৰচুৰ পৰিমাণে গাখীৰ বা গাখীৰৰ পৰা তৈয়াৰী বস্তু খাব লাগে। এইবোৰত অতি বেছি পৰিমাণত কেলছিয়াম থাকে।

খাদ্যপ্ৰান ঘ: বিপাকীয় প্ৰক্ৰিয়াৰে কেলছিয়াম তৈয়াৰ কৰাত খাদ্যপ্ৰান ‘ঘ’ ৰ এক গুৰুত্বপূৰ্ণ ভূমিকা আছে। ই পৰিপাক কাৰ্য্য আৰু কিডনীৰ পৰা কেলছিয়াম শোষণ কৰি টিছু আৰু তেজক যোগান ধৰে। হাড়ত কেলছিয়াম জমা কৰা প্ৰক্ৰিয়াতো খাদ্যপ্ৰান ‘ঘ’ য়ে গুৰুত্বপূৰ্ণ ভূমিকা লয়।

বয়স অনুসৰি প্ৰতিদিনে গ্ৰহণ কৰিবলগীয়া কেলছিয়ামৰ পৰিমাণ

বয়স কেলছিয়াম ( মিলিগ্ৰাম)
শিশু ১-৩ ৫০০
৪-৮ ৭০০
ছোৱালী ৯-১১ ১০০০
১২-১৮ ১৩০০
মহিলা ১৯-৫০ ১০০০
৫০- ১৩০০
গৰ্ভৱতী আৰু গাখীৰ খুৱাই থকা মাক ১৪-১৮ ১৩০০
১৯-৩০ ১০০০
৩১-৫০ ১০০০

বিভিন্ন খাদ্য সম্ভাৰত থকা কেলছিয়ামৰ গড় পৰিমাণ

দুগ্ধজাত উৎস

পৰিমাণ

কেলছিয়ামৰ পৰিমাণ

সাধাৰণ গাখীৰ

১ কাপ (২৫০ গ্ৰাম)

-২৮৫

মাখন নথকা গাখীৰ

১ কাপ (২৫০ গ্ৰাম)

-৩১০

সাধাৰণ গৰম দৈ

১ টাব (২০০ গ্ৰাম)

-৩৪০

কম চৰ্বী থকা গৰম দৈ

১ টাব (২০০ গ্ৰাম)

-৪২০

চেডাৰ চীজ

৪০ গ্ৰাম

-৩১০

কম চৰ্বী থকা চীজ

১০০ গ্ৰাম

-৮০

বগা পাউৰুটি

১ খন

১৫

ৰন্ধা পালেং শাক

১ কাপ ৩৪০ গ্ৰাম

-১৭০

টিনত থকা চালখন (হাড়)

১/২ কাপ

-২৩০

টিনত থকা চাৰডিন (হাড়)

৫০ গ্ৰাম

-১৯০

বাদাম

১৫ টা

-৫০

হাড়ৰ ক্ষয় আৰু নতুন হাড়ৰ গঠনৰ কাৰ্য্য অহৰ্নিশে চলি থাকে। বয়স বাঢ়ি যোৱাৰ লগে লগে ক্ষয়ৰ পৰিমাণ; তৈয়াৰ হোৱা পৰিমাণতকৈ বাঢ়ি যাব পাৰে। এনে হোৱাটো স্বাভাৱিক। হাড়ৰ স্বাস্থ্য ভালে ৰাখিবলৈ প্ৰচুৰ কেলছিয়াম আৰু পৰ্য্যাপ্ত পৰিমাণৰ খাদ্যপ্ৰান ‘ঘ’  গ্ৰহণ কৰাৰ লগতে নিয়মিয়া কচৰৎৰো প্ৰয়োজন। অষ্টেঅ’পৰচিছ ৰোধ কৰিবলৈ আৰু উপযুক্ত চিকিৎসাৰ বাবে চিকিৎসকৰ পৰামৰ্শ লোৱা অতি আৱশ্যক।

 

হাড়ৰ বাবে কচৰৎ

 

বয়সৰ লগে লগে শৰীৰৰ বহু পৰিৱৰ্তন হয়। বয়সৰ লগত হোৱা কেইটামান গুৰুত্বপূৰ্ণ পৰিৱৰ্তন হ’ল:

  • হাড়ৰ ওজন আৰু ঘনত্ব কমি যোৱা।
  • মাংসপেশীৰ আকাৰ আৰু শক্তি কমি যোৱা।
  • পেশীবন্ধনী আৰু অস্থিবন্ধনীৰ স্থিতিস্থাপকতা হ্ৰাস পোৱা।
  • কোমলাস্থিৰ ক্ষয় আৰু হাড়ৰ জোৰাবোৰত বিষ হোৱা।

এই পৰিৱৰ্তনবোৰৰ ফলত সহজে হাড় ভঙা, নানা ধৰণৰ আঘাট পোৱা, অষ্টেঅ’পৰচিছ আৰু বাতবিষ হোৱাৰ সম্ভৱনা বাঢ়ি যায়। নিয়মীয়াকৈ ব্যায়াম কৰিলে এইবোৰ ৰোধ কৰিব পৰা যায়। ব্যায়ামে দীৰ্ঘম্যাদী কষ্ট যেনে, অষ্টেঅ’পৰচিছ আৰু বাত বিষতো কিছু সকাহ দিয়ে। নিয়মীয়া কচৰতে হাড়ৰ ক্ষয় ৰোধ কৰিব পাৰে। মাংসপেশীৰ শক্তি, সন্তোলন, সমন্বয় ৰক্ষা কৰি হঠাতে পৰি যোৱাৰ পৰা ৰক্ষা কৰি হাড় ভঙাৰ পৰা দূৰৈত ৰাখিব পাৰে একমাত্ৰ কচৰতে।

কচৰৎ আৰম্ভ কৰাৰ আগতে চিকিৎসকৰ লগত পৰামৰ্শ কৰাটো অতি প্ৰয়োজনীয়। চিকিৎসকে কৰিবলৈ দিয়া কচৰৎবোৰেই কৰিব লাগে। নিজাকৈ কোনো ধৰণৰ কচৰৎ কৰা অনুচিত। কাৰণ চিকিৎসকে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভিত্তি কৰিহে কচৰৎবোৰ কৰিবলৈ দিব। কিছুমান বাধা নিষেধো থাকিব পাৰে।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/28/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate