জনসংখ্যাৰ বিস্ফোৰণ আৰু খাদ্যৰ চাহিদা বৃদ্ধি সদায় সমান্তৰালভাৱে থকা দেখা যায়। পৰম্পৰাগতভাৱে আমি ভালেমান বিভিন্ন ধৰণৰ খহটা শস্যবীজ খাওঁ। নগৰীয়া জীৱনত এনে খহটা দানাৰ মিশ্ৰিত খাদ্য আমাৰ দৈনন্দিন আহাৰৰ পৰিকল্পনাৰ ভিতৰত নপৰে। আমাৰ দেশত প্ৰয়োজন হোৱা কেলৰী যোগান ধৰাৰ ক্ষেত্ৰতহে গোটা শস্যবীজসমূহ উন্নত প্ৰক্ৰিয়াৰে গ্ৰহণ কৰা হয়। যদিও এনে শস্যবীজৰ উৎপাদন বৃদ্ধি পাইছে তথাপিও ই আন মাহজাতীয় শস্যৰ পৰ্য্যায় পোৱাগৈ নাই। ইয়াত যথেষ্ট পৰিমাণৰ মূল্যৱান সূক্ষ্মপোষক আৰু গুৰুপোষক থকাৰ পিছতো ইয়াৰ গুৰুত্বতা দ্বিতীয় পৰ্য্যায়তহে আছে। আমাৰ দেশত জনমূৰি এনে খহটা শস্যবীজৰ ব্যৱহাৰ ১৯৫১-৫৫ চনত থকা ৪৪.৬ কিলোগ্ৰামৰ বিপৰীতে ১৯৭০-৭৪ চনত ৩৮.৫ কিলোগ্ৰামলৈ কমি আহে। ৰাষ্ট্ৰীয় পৰিপুষ্টি পৰ্য্যবেক্ষণ ব্যুৰ’ৰ সদ্য প্ৰকাশিত প্ৰতিবেদনত এইটো দেখা গৈছে যে, মাহজাতীয় শস্য আৰু গুৰি শস্যৰ গড় ব্যৱহাৰৰ কমিবলৈ ধৰিছে যদিও দৈনিক অনুমোদিত পথ্যৰ সমান বা ততোধিক পৰিমাণত আছিল।
ৰাগী এবিধ ভাৰতীয় মূলৰ শস্যদানা আৰু ইয়াত অতি উচ্চ মানৰ কেলছিয়াম প্ৰতি ১০০ গ্ৰামত ৩৪৪ মিলিগ্ৰামকৈ পোৱা যায়। আন কোনো শস্য দানাতে এই পৰিমাণৰ কেলছিয়াম পোৱা নাযায়। ৰাগীৰ প্ৰতি ১০০ গ্ৰামত ৩.৯ মিলিগ্ৰাম লৌহ থাকে। বাজৰাৰ বাহিৰে আন কোনো শস্য দানাতে ইমান উচ্চ পৰিমাণৰ লৌহ নাথাকে। মধুমেহ ৰোগীৰ বাবে ৰাগী এবিধ স্বাস্থ্যকৰ খাদ্য হিচাপে মান্যতা প্ৰদান কৰা হয়। পৰম্পৰাগতভাৱে স্তনপান এৰা কেঁচুৱাৰ খাদ্য হিচাপে ৰাগী পানীত সিজাই লুথুৰি হিচাপে তৈয়াৰ কৰি প্ৰস্তুত কৰা হয়। বৰ্তমান ৰাগী ভাৰ্মিচেলী নামৰ তৈয়াৰী হৈ থকা খাদ্য বজাৰত লভ্য হৈছে।
মসৃণ শস্যদানাসমূহ বিভিন্ন ঔদ্যোগীক সামগ্ৰী প্ৰস্তুতিত ব্যৱহৃত হয়। প্ৰতি ১০০ গ্ৰাম এনে খাদ্যত ১১.৬ গ্ৰাম মাংসসাৰ, ৬৭.৫ গ্ৰাম শ্বেতসাৰ, ৮ মিলিগ্ৰাম লৌহ আৰু ১২৩ মাইক্ৰগ্ৰাম কেৰ’টিন থাকে। আমাৰ চকুৰ সুৰক্ষাৰ বাবে এই কেৰ’টিন অত্যাৱশ্যকীয়। ইয়াত ফাইটিক এচিড, পলিফেনল আৰু এমাইলেছ জাতীয় পুষ্টিবিৰোধী উপাদান থাকিলেও এইবোৰ পানীত তিয়াই থ’লে, গজালি ওলাবলৈ দিলে আৰু ৰন্ধন প্ৰক্ৰিয়াত এনে পুষ্টিবিৰোধী উপাদানসমূহ হ্ৰাস পায়। এনে শস্যদানাই আমাৰ প্ৰয়োজনীয় খাদ্য, পানীয় আৰু ঘাঁহৰ গুৰুত্বপূৰ্ণ উৎস বাবে আমাৰ দেশত ইয়াৰ খেতি বহুলভাৱে কৰা হয়।
জোৱাৰ নাইজেৰিয়াৰ মূল প্ৰাথমিক খাদ্য। ঔদ্যোগীক ব্যৱহাৰত আন গোটা শস্যবীজতকৈ জোৱাৰেই অধিক মাত্ৰাত ব্যৱহৃত হয়। মাদক দ্ৰৱ্য, পাউৰুটি প্ৰস্তুত কৰা উদ্যোগসমূহে ইয়াক ঘেঁহুৰ লগত মিহলাই ব্যৱহাৰ কৰে। জোৱাৰ আৰু কাউপী আৰু জোৱাৰ আৰু চয়াবিন মিহলাই স্তনপান এৰা শিশুৰ বাবে ব্যৱসায়িক ভিত্তিত খাদ্য প্ৰস্তুত কৰা হয়। ইয়াৰ প্ৰতি ১০০ গ্ৰামত ১০.৪ গ্ৰাম মাংসসাৰ, ৬৬.২ গ্ৰাম শ্বেতসাৰ আৰু ২.৭ গ্ৰাম আঁহ থকাৰ উপৰিও অন্যান্য সূক্ষ্ম আৰু গুৰুপোষকসমূহ থাকে।
পথ্যৰ আঁহ বুলিলে উদ্ভিদজ কোষৰ উপাদান পথ্যত ব্যৱহাৰ কৰাতো বুজোৱা হয়। পথ্যত আঁহৰ লাভালাভসমূহ অপৰিমেয়। এই আঁহে পানীভাগ শুহি লয় আৰু খাদ্যৰ পৰিমাণ বৃদ্ধি কৰাত ঘটক হিচাপে কাম কৰে। ই পৰিপাক তন্ত্ৰত খাদ্য পৰিৱহণ দ্ৰুত কৰি তোলে, মলভাণ্ডাৰত মলধাৰণৰ সময় কমাই আনে। ই পিত্তৰ পৰা নিঃসৰিত এবিধ পাচক ৰস বিল লৱণৰ লগত লগ হৈ কলেষ্ট্ৰলৰ মাত্ৰা হ্ৰাস কৰে আৰু হাইপ’কলেষ্ট্ৰেমিক ঘটক হিচাপে কাম কৰে। ইয়াৰ ফলত পথ্যৰ দ্বাৰা হৃদযন্ত্ৰৰ ৰোগসমূহৰ ব্যৱস্থাপনা হয়। চাউলত আন শস্য দানাতকৈ শতকৰা কম শতাংশত পথ্য আঁহ থাকে। জোৱাৰত সৰ্বোচ্চ ৮৯.২ শতাংশ, গোটা শস্যদানাত ১২২.৩ শতাংশ আৰু ৰাগীত ১১৩.৫ শতাংশ পথ্য আঁহ থাকে।
এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহৰ মহিলাসকলে গ্ৰহণ কৰা কেলছিয়ামৰ পৰিমাণ অনুমোদিত মাত্ৰাতকৈ আপেক্ষিকভাৱে কম। কেলছিয়ামৰ অভাৱৰ বাবে গৰ্ভৱতী অৱস্থা আৰু স্তনপান কৰোৱাই থকা অৱস্থাত শিশুৰ আৱয়বিক গঠন পুতৌজনক হ’ব পাৰে। ইয়াৰ উপৰিও পৰ্য্যাপ্ত পৰিমাণৰ কেলছিয়াম গ্ৰহণ নকৰিলে গৰ্ভৱতী অৱস্থাত আৰু স্তনপান কৰোৱাই থকা অৱস্থাত ভ্ৰুণৰ বৃদ্ধিৰ বাবে আৰু স্তনৰ গাখীৰ উৎপাদনৰ বাবে মাকৰ দেহৰ পৰা কেলছিয়াম শোষণ কৰাৰ ফলত মাতৃগৰাকীৰ শৰীৰ প্ৰভাৱিত হ’ব পাৰে। মাতৃৰ দেহত কেলছিয়ামৰ অভাৱৰ বাবে ৰক্তবাহী ধমনীৰ ব্যৱস্থা প্ৰভাৱিত হোৱাৰ লগতে উচ্চ ৰক্তচাপো হ’ব পাৰে।
খাদ্যৰ নাম |
শক্তি (কিল’ কেলৰীত) |
কেলছিয়াম (মিলিগ্ৰামত) |
লৌহ (মিলিগ্ৰামত) |
বজৰা | ৩৬১ | ৪২ | ৮.০ |
জোৱাৰ | ৩৪৯ | ২৫ | ৪.১ |
মাকৈ | ৩৪২ | ১০ | ২.৩ |
ৰাগী | ৩২৮ | ৩৪৪ | ৩.৯ |
কেলছিয়াম সমৃদ্ধ খাদ্য সামগ্ৰী (প্ৰতি ১০০ গ্ৰাম খাদ্যাংশত)
খাদ্য সামগ্ৰী |
মিলিগ্ৰাম |
ৰাগী |
৩৪৪. |
আগাঠী |
১১৩০ |
নৰসিংহ পাত |
৮৩০ |
চজিনা পাত |
৪৪০ |
পোনানগানী |
৫১০ |
জিনজিলি |
১৪৫০ |
মহৰ গাখীৰ |
২১০ |
গৰুৰ গাখীৰ |
১২০ |
চীজ |
৭৯০ |
শেহতীয়া উন্নীতকৰণ: : 3/22/2020