অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কম খৰচত পুষ্টিকৰ পৰিপূৰক আহাৰ

কম খৰচত পুষ্টিকৰ পৰিপূৰক আহাৰ

কেঁচুৱা আৰু শিশুক প্ৰয়োজন হোৱা খাদ্য

জীৱনৰ প্ৰথমছোৱাত কেইবছৰমানলৈ শিশুৰ শৰীৰৰ গঠন আৰু বৃদ্ধি খুব দ্ৰুত গতিত হয়। জন্মৰ সময়ত কেঁচুৱা এটাৰ ওজন গড় হিচাবে ৩ কেজি বুলি ধৰা হয়। ৬ মাহত কেঁচুৱাটিৰ ওজন জন্মৰ সময়তকৈ দুগুণ বৃদ্ধি পায় আৰু এবছৰত কেঁচুৱাটিৰ ওজন ৯ কেজি হয়গৈ। কেঁচুৱা বা শিশুৱে অনবৰতে শৰীৰ সঞ্চালন কৰি থাকে৷ সেইবাবে শৰীৰৰ শক্তি ক্ষয় হৈ থাকে। সেই শক্তি পূৰাবলৈ আৰু শৰীৰৰ গঠন বৃদ্ধি কৰিবলৈ মাংসসাৰ আৰু কেলৰী সমৃদ্ধ আহাৰ কেঁচুৱা আৰু শিশুক দিব লাগে।

নেচনেল ইন্সটিটিউট অৱ নিউট্ৰিচন আৰু বহুতো গৱেষণা কেন্দ্ৰই কেঁচুৱা আৰু শিশুৰ বাবে প্ৰয়োজনীয় পুষ্টি সম্পৰ্কে পৰীক্ষা-নিৰীক্ষা, গৱেষণা ইত্যাদি কৰিছে আৰু ইয়াৰ ওপৰত ভিত্তি কৰিয়েই কিমান পৰিমানৰ মাংসসাৰ বা কেলৰী এটা কেঁচুৱা বা বাঢ়ি অহা শিশুৰ প্ৰয়োজন হয় সেই অনুপাতে এখন তালিকা প্ৰস্তুত কৰি উলিয়াইছে। তলত এই খাদ্য তালিকাখন দিয়া হ’ল-

বয়সৰ সীমা

শৰীৰৰ ওজন

কিল’ কেলৰী

মাংসসাৰ (গ্ৰাম)

জন্মৰ পৰা ৬ মাহ

৩-৭

৬০০

১১

৬মাহৰ পৰা ১ বছৰ

৭-৯

৮০০

১৩

১-৩ বছৰ

৯-১৩

১২০০

১৮

৪-৬ বছৰ

১৫-১৭

১৫০০

২২

৭-৯ বছৰ

১৮-২১

১৮০০

৩৩

১০ পৰা ১২ বছৰ

২৩-২৮

২১০০

৪১

কেঁচুৱা

কেঁচুৱাৰ জন্মৰ সময়ৰ পৰা ৪ মাহ/বা ৬ মাহলৈ মাকৰ গাখীৰৰ জৰিয়তে কেঁচুৱাটিয়ে শৰীৰক প্ৰয়োজন হোৱা প্ৰায় আটাইখিনি উপাদানেই লাভ কৰে।

৬ মাহৰ পিছতো যদি মাকৰ গাখীৰ লভ্য হয় তথাপি ই কেঁচুৱাৰ শৰীৰ বৰ্দ্ধনৰ কাৰণে যথেষ্ট নহয়৷ সেইবাবে এই সময়ৰ পৰা মাকৰ গাখীৰৰ লগতে কেঁচুৱাটিক অন্য আহাৰো খুৱাব লাগে, য’ৰ পৰা কেঁচুৱাটিয়ে শৰীৰক প্ৰয়োজন হোৱা অন্য উপাদানবোৰো লাভ কৰিব পাৰে। কেনেকুৱা ধৰণৰ আহাৰ মাকৰ গাখীৰৰ লগত কেঁচুৱাটিক দিব পৰা যায় সেই সম্পৰ্কে চিন্তা-চৰ্চা কৰি কিছুমান খাদ্য প্ৰস্তুত প্ৰণালীৰ নিয়ম তলৰ লিখনিত দিয়া হৈছে। এই নিয়মেৰে প্ৰস্তুত কৰা খাদ্যত কেঁচুৱাটিক লগা প্ৰায়বোৰ উপাদানেই যাতে লভ্য হয় তালৈ লক্ষ্য ৰাখিহে এই সমাধান দিয়া হৈছে। এই খাদ্য প্ৰস্তুত প্ৰণালীৰ বিষয়ে জানিবলৈ যাওঁতে তলত দিয়া কথা কেইটা মনত ৰাখিহে খাদ্য প্ৰস্তুতিৰ কাম হাতত ল’ব লাগে।

1. আমি সহজতে পাব পৰা থলুৱা বস্তুৰেহে খাদ্য প্ৰস্তুত কৰিব লাগে।

2. খাদ্য প্ৰস্তুত কৰাৰ নিয়মো একেবাৰে সাধাৰণ হ’ব লাগে৷

3. খাদ্য প্ৰস্তুতিত হোৱা খৰছৰ মাত্ৰা একেবাৰে কম হ’ব লাগে৷

4. খাদ্য জুতি লগা, গোটা আৰু সঠিক পৰিমাণত তৈয়াৰ কৰা হ’ব লাগে যাতে মাক আৰু কেঁচুৱা দুয়োৰে কাৰণে ই সুবিধাজনক হয়৷

5. যিকেইটা খাদ্য প্ৰস্তুতকৰণ প্ৰণালীৰ নিয়ম দিয়া হৈছে, ইয়াৰ পৰা শিশুৱে কেলৰী, মাংসসাৰ আৰু শৰীৰক প্ৰয়োজন হোৱা প্ৰায়খিনি পৰিপোষকেই লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। ইয়াৰ লগত মাকৰ গাখীৰৰো প্ৰয়োজনীয়তা আছে।

বিদ্যালয়লৈ যোৱাৰ আগৰ অৱস্থাৰ ল’ৰা-ছোৱালী

এটা কেঁচুৱা এবছৰ বা ডেৰবছৰমান হোৱাৰ সময়ত মাকৰ গাখীৰৰ উপৰিও কেঁচুৱাটিক অন্য খাদ্যৰ প্ৰয়োজন হয়। এই সময়ত কেঁচুৱাটিৰ দাঁত গজিবলৈ আৰম্ভ কৰে আৰু ডাঙৰ মানুহৰ খাদ্যও দাঁতেৰে চোবাই খাবলৈ শিকে। এই খাদ্যবোৰ হৈছে চাউল, ঘেঁহু বা অন্য ধৰণৰ শস্যদানাসমূহ। যিহেতু এই খাদ্যবোৰত মাংসসাৰৰ পৰিমাণ কম থাকে সেইকাৰণে খুব কম পৰিমাণতহে কেঁচুৱাক দিব লাগে। এই সময়খিনিতেই কেঁচুৱাক মাংসসাৰ আৰু কেলৰী অধিক পৰিমাণে থকা খাদ্য খুৱাব লাগে, য’ৰ পৰা কেঁচুৱাটিয়ে যথেষ্ট পৰিপোষক লাভ কৰিব পাৰে। যদি এই সময়ত উপযুক্ত পৰিমাণৰ খাদ্য দিয়া নাযায়, তেতিয়া হ’লে ইয়াৰ বেয়া ফলাফল কেঁচুৱাটিয়ে লগে লগে নেদেখুৱালেও পিছলৈ ইয়াৰ প্ৰভাৱ দেখুৱায়। নেচনেল ইন্সটিটিউট অফ নিউট্ৰিচনে এই কথাটো বুজাবলৈ এটি সৰু পৰীক্ষা কৰি দেখুৱাইছে।
একেজনী মাকৰ পৰা জন্ম হোৱা কেইটামান এন্দুৰৰ পোৱালীক দুটা ভাগত ভগাই, দুইটা ভাগকে দুই ধৰণৰ খাদ্য খাবলৈ দিয়া হ’ল। এটা ভাগত জন্মৰ পিছতে মাকৰ লগত ৰাখি পুষ্টিকৰ খাদ্য দিয়া হ’ল আৰু আনটো ভাগক মাকৰ পৰা আতঁৰাই কম পুষ্টিকৰ খাদ্য দিয়া হ’ল। ৪ সপ্তাহৰ পিছত কম পুষ্টিকৰ খাদ্য দি মাকৰ পৰা আতঁৰাই ৰখা এন্দুৰ পোৱালীখিনিকো উৎকৃষ্ট পুষ্টিকৰ খাদ্য দিয়া হ’ল। দেখা গ’ল এবছৰ, ডেৰবছৰ, দুবছৰ মানলৈ পুষ্টিকৰ খাদ্য দিয়াৰ পিছতো এই ভাগটোৰ স্বাস্থ্য আনটো ভাগৰ তুলনাত একেবাৰে নিশকটীয়া হৈ থাকিল। কাৰণ এই ভাগটোক জন্মৰ পিছতে মাকৰপৰা আতঁৰোৱা হৈছিল আৰু উপযুক্ত খাদ্য দিয়া হোৱা নাছিল। ঠিক সেইদৰে মানুহৰ ক্ষেত্ৰটো কেঁচুৱা জন্মৰ সময়ৰ পৰা ৩-৪ বছৰ বয়সলৈ এই সময়খিনি অত্যন্ত গুৰুত্বপূৰ্ণ আৰু এই সময়খিনিত কেঁচুৱাক উপযুক্ত পৰিমাণত উৎকৃষ্টমানৰ খাদ্য খুউৱাটো অত্যন্ত জৰুৰী। জন্মৰ সময়ৰ পৰা ৩-৪ বছৰৰ ভিতৰত শৰীৰক প্ৰয়োজন হোৱা সকলো উপাদান খাদ্যৰ যোগেদি কেঁচুৱাই লাভ কৰিলে সময়ত গৈ ই সুস্থ সৱল স্বাস্থ্যৰ অধিকাৰী হোৱাৰ যোগ্যতা লাভ কৰিব পাৰিব। সকলো পৰীক্ষা-নিৰীক্ষাৰ অন্তত এইটো প্ৰমাণিত হৈছে যে, কেৱল শাৰিৰীক বৃদ্ধিৰ ক্ষেত্ৰতে প্ৰভাৱ পৰে এনে নহয়। ই মানসিক বিকাশতো প্ৰভাৱ পেলায়। গতিকে কেঁচুৱাটিৰ এবছৰ মানৰপৰা বিদ্যালয়লৈ যোৱাৰ সময়লৈকে খোৱা খাদ্যৰ ওপৰত সম্পূৰ্ণ মনোযোগ দিব লাগে। যাতে শিশুটিয়ে খোৱা খাদ্যৰপৰা সকলো উপাদান লৈ ক্ৰমবিকাশত অগ্ৰসৰ হ’ব পাৰে৷ এবছৰৰপৰা ৫ বছৰৰ ভিতৰৰ ল’ৰা-ছোৱালীৰ উপযোগী হোৱাকৈ প্ৰস্তুত কৰা কিছু খাদ্য প্ৰস্তুত প্ৰণালীৰ বিষয়ে পিছলৈ উল্লেখ কৰা হৈছে৷ কেঁচুৱাৰ বাবে খাদ্য তৈয়াৰ কৰোঁতে যি নিয়ম অৱলম্বন কৰা হয়, সেই একে নিয়মেই এই খাদ্য প্ৰস্তুতিত গ্ৰহণ কৰা হয়৷

খাদ্য প্ৰস্তুত প্ৰনালীসমূহ

আগতেই কৈ অহা হৈছে যে ৬ মাহৰপৰা এবছৰীয়া এটি কেঁচুৱাক প্ৰতিদিনে প্ৰায় ১৩ গ্ৰাম মাংসসাৰ আৰু ৮০০ কেলৰী দৰকাৰ হয়। মাকৰ গাখীৰৰপৰা প্ৰায় ৫ গ্ৰাম মাংসসাৰ আৰু ৩০০ কেলৰী কেঁচুৱাই পায়। ইয়াত এনে কিছুমান খাদ্য প্ৰনালীৰ দিহা দিয়া হৈছে, য’ৰ পৰা নেকি কেঁচুৱাই মাকৰ গাখীৰ এৰাৰ পিছত শৰীৰত প্ৰয়োজন হোৱা সকলো ধৰণৰ পৰিপোষক পাব পাৰে।

বিদ্যালয়লৈ যাব আৰম্ভ কৰাৰ আগৰ অৱস্থাত এটি শিশুক প্ৰতিদিনে ২০ গ্ৰাম মাংসসাৰ আৰু ৮০০ৰ পৰা ১,৫০০ কেলৰীৰ দৰকাৰ হয়। ইয়াত দিয়া খাদ্য প্ৰনালীৰ পৰা আধা অংশ (সম্পূৰ্ণ প্ৰয়োজনৰ) মাংসসাৰ  আৰু তিনি ভাগৰ এক অংশ (সম্পূৰ্ণ প্ৰয়োজনৰ) কেলৰী  পাব পৰা যায় বুলি ধৰা হৈছে।

শৰীৰক প্ৰয়োজন হোৱা বাকীখিনি মাংসসাৰ গাখীৰ, কণী, মাংস, মাছ, দাইল জাতীয় খাদ্য আৰু অন্য সহজলভ্য খাদ্যৰপৰা পাব পৰা যায়। এই খাদ্য প্ৰস্তুত প্ৰনালী যিহেতু কম খৰছত, কেনেকৈ প্ৰস্তুত কৰি শৰীৰক প্ৰয়োজনীয় উপাদান যোগান ধৰিব পৰা যায় তাৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে, সেয়ে ইয়াত খৰচী সামগ্ৰী যেনে গাখীৰ, কণী, মাংস, মাছ ইত্যাদিৰ ব্যৱহাৰ দেখুওৱা হোৱা নাই। আমাৰ দেশত উৎপন্ন মাংসসাৰ আৰু কেলৰী সমৃদ্ধ আৰু কম খৰচী সামগ্ৰী যেনে, মাহজাতীয় শস্য, দাইল, বাদাম জাতীয় খাদ্য, তৈলবীজ ইত্যাদিৰ জৰিয়তে খাদ্য প্ৰনালী প্ৰস্তুত কৰা হৈছে।

আমাৰ দেশৰ বহুত ঠাইত মানুহে চাউল, ঘেঁহু, জোৱাৰ, বজৰা, ৰাগী, মাকৈ ইত্যাদি খাদ্য হিচাবে খায়। এই বিলাক খাদ্যৰ পৰা ১০০ গ্ৰামত প্ৰায় ৩৫০ কেলৰী পোৱা যায়। কিন্তু এই খাদ্যবিলাকত মাংসসাৰৰ পৰিমাণ কম থাকে। চাউলত প্ৰায় ৭৭ শতাংশ, ঘেঁহুত ১২ শতাংশ আৰু জোৱাৰ, বজৰা, ৰাগীত মাংসসাৰৰ পৰিমাণ চাউল আৰু ঘেঁহুৰ পৰিমাণৰ মাজত থাকে। দাইল হৈছে মাংসসাৰ সমৃদ্ধ খাদ্য। দাইলত ২২ৰ পৰা ২৫ শতাংশ মাংসসাৰ থাকে আৰু ১০০ গ্ৰাম দাইলে ৩৫০ কেলৰী দিয়ে। বুট দাইল, মগু দাইল, মাটি দাইল, মচুৰ দাইল ইত্যাদিয়েই খাদ্য হিচাবে খোৱা হয়।

তৈলবীজসমূহৰ পৰা অধিক মাংসসাৰ আৰু কেলৰী পাব পৰা যায়। বাদাম, জিনজেলী আৰু কঁপাহৰ গুটিৰপৰা উলিওৱা তেলত প্ৰায় ৫০ শতাংশ মাংসসাৰ থাকে। এই তেলত বনোৱা খাদ্য খোৱাৰ কাৰণে প্ৰযোজ্য বুলি কোৱা হৈছে। আমাৰ দেশত ঘানি আৰু তেলৰ মিলৰপৰা পোৱা তেলত শিলগুটিৰ গুৰি আৰু ব্যৱহাৰৰ অনুপযোগী কিছুমান পদাৰ্থ মিহলোৱা থাকে যাৰ কাৰণে এইবোৰ মানুহৰ খাদ্যৰ বাবে অনুপযোগী হৈ পৰে। বৰ্তমান উন্নত মানদণ্ডৰ নিয়মেৰে প্ৰস্তুতকৰণৰ কাম হাতত লোৱাত ই মানুহৰ খাদ্যত উপযোগী হৈ পৰিছে। এই উন্নত মানদণ্ডৰ তেলত বনোৱা খাদ্যৰ পৰা মানুহে অধিক মাংসসাৰ লাভ কৰিবলৈ সক্ষম হৈছে।

এটা বাঢ়িবলৈ ধৰা শিশুক মাংসসাৰ আৰু কেলৰীৰ উপৰিও কেলছিয়াম, খাদ্যপ্ৰান ক আদিৰো দৰকাৰ হয়। সেউজীয়া শাক-পাচলি, গাখীৰ বা টিনত পোৱা পাউদাৰ গাখীৰৰ পৰা শিশুৱে এই উপাদানবোৰ পাব পাৰে। দেশত টিনত পোৱা গাখীৰো সীমিত হোৱা কাৰণে এই খাদ্য প্ৰনালীত টিনৰ গাখীৰৰ ব্যৱহাৰো নিষিদ্ধ কৰা হৈছে।

কেঁচুৱাৰ কাৰণে উপযুক্ত খাদ্য প্ৰনালী

আমাৰ দেশত কেঁচুৱাক মাকৰ গাখীৰৰ উপৰিও বহুতো উপায়েৰে অন্য ধৰণৰ আহাৰ খুউৱা হয়। সাধাৰণতে পৰিয়ালৰ আন সদস্যৰ কাৰণে প্ৰস্তুত কৰা খাদ্যৰ পৰাও এটা অংশ আনি কেঁচুৱাক খুউৱা হয়। আমাৰ দেশত সচৰাচৰ যিটো ফেমেলি ডায়েট বুলি কোৱা হয় বা প্ৰতিদিনে খাবলৈ পৰিয়ালত যিটো খাদ্য তৈয়াৰ কৰা হয় তাত কেঁচুৱা বা শিশুক প্ৰয়োজন হোৱা পৰিপোষকৰ পৰিমান নিচেই তাকৰ হয়। তেতিয়া হ’লে আমি কি ধৰণেৰে কেঁচুৱাক পৰ্য্যন্ত পৰিমানে পৰিপোষক যোগান ধৰিব পাৰিম? কেঁচুৱাৰ খাদ্য প্ৰস্তুত কৰনেই ইয়াৰ উপযুক্ত সমাধান। এই খাদ্য প্ৰস্তুত কৰোতে সকলো ধৰণৰ পৰিপোষক খাদ্যত মজুত থাকে নে নাই সেই কথা চালিজাৰি চাইহে খাদ্য প্ৰস্তুত কৰিব লাগে। কিন্তু এই ধৰণে কৰিবলৈ যাওঁতে কিছুমান অসুবিধাৰ সৃষ্টি হোৱাও দেখা যায়। সেইকাৰণে গোটেই পৰিয়ালৰ কাৰণে যিটো খাদ্য প্ৰস্তুত কৰিবলৈ লোৱা হয় সেই খাদ্য কিমান বিধিসন্মত বা স্বাস্থ্যসন্মত হয় তালৈ চকু দিয়া দৰকাৰ। এইটোও এটা উপযুক্ত সমাধান কাৰণ এই খাদ্য তেতিয়া কেঁচুৱা বা শিশুকো দিব পৰা যায়। এইটো বহুত ধৰণে কৰিব পৰা যায়:

(ক) তলত উল্লেখিত প্ৰনালীটি হৈছে থলুৱা বস্তুৰে ঘৰতে তৈয়াৰ কৰা কেঁচুৱাৰ আহাৰ য’ত কেঁচুৱাৰ প্ৰয়োজনীয় পৰিপোষক প্ৰায়খিনি মজুত থাকে।

বা

(খ) পৰিয়ালৰ আটাইৰে বাবে ৰন্ধা খাদ্যৰ পৰা ভালদৰে ভাবি চিন্তি যিখিনি কেঁচুৱাক খুৱাব পৰা যায় সেই অংশ বাছি উলিওৱাতো।

আজিকালি বজাৰত বহুত ভাল ধৰণৰ কেঁচুৱাৰ খাদ্য কিনিবলৈ পোৱা যায়। ইয়াৰে প্ৰায়বোৰ খাদ্য শুকান পাউদাৰ গাখীৰৰ লগত তৈয়াৰ কৰা হয়। অতি চৰা দাম কাৰণে মাত্ৰ কিছু সংখ্যক মাকেহে এই খাদ্য কিনি কেঁচুৱাক খুৱাব পাৰে। ইয়াৰ উপৰিও সম্পুৰ্ণ গাখীৰৰে তৈয়াৰ হোৱা এই খাদ্য মাকৰ গাখীৰ খোৱা কেঁচুৱাৰ কাৰণে বৰ এটা প্ৰয়োজন নহয়। নেচনেল ইনচটিটিউট অফ নিউট্ৰিচনত কৰা পৰীক্ষাৰ পৰা এইটো জনা গৈছে যে, শতকৰা ৭৫ ভাগ গাখীৰৰ পৰা পোৱা প্ৰ’টিনৰ ঠাই পৰিপোষকৰ অকনো হানি নোহোৱাকৈ উদ্ভিদত থকা প্ৰটিনে পূৰাব পাৰে। তাৰ উপৰিও বজাৰত কিনিবলৈ পোৱা কেঁচুৱাৰ খাদ্যবোৰ কেঁচুৱাৰ চাহিদা অনুসৰি বজাৰত কেতিয়াবা পাবলৈও নোহোৱা হৈ পৰে। পালেও তাৰ পৰিমাণ কম হোৱাত অসুবিধাৰ সৃষ্টি হোৱাও দেখা যায়।

এই সকলো অসুবিধা দূৰ কৰিবৰ কাৰণে থলুৱা সহজলভ্য বস্তুৰ পৰা কেঁচুৱাৰ খাদ্য প্ৰস্তুত কৰিবলৈ চিন্তা চৰ্চা কৰি থকা হৈছে। খুব কম পৰিমাণে পাউদাৰ গাখীৰ ব্যৱহাৰ কৰি আৰু খুব সহজ উপায়েৰে এই খাদ্য তৈয়াৰ কৰা হয়। এই খাদ্য সৰহ পৰিমাণে ঘৰতো প্ৰস্তুত কৰিব পাৰে নাইবা ক্ষুদ্ৰ উদ্যোগৰ অধিনত গাঁও পৰ্য্যায়তো প্ৰস্তুত কৰিব পাৰে। এই খাদ্য বিক্ৰিৰ বাবেও প্ৰস্তুত কৰিব পৰা যায়। কিয়নো মাকসকলে প্ৰত্যেক দিনে এই খাদ্য ঘৰত প্ৰস্তুত কৰি লবলৈ খুব কম সময় পায়

স্কুললৈ যোৱা আগৰ অৱস্থাৰ শিশুৰ বাবে উপযোগী খাদ্য

এবছৰৰ পৰা ৫ বছৰলৈ বা স্কুললৈ যাবলৈ আৰম্ভ কৰাৰ আগৰ সময়খিনিত কিয় আমি শিশুক বিশেষভাৱে যত্ন লব লাগে বা সম্পূৰ্ণ পৰিপোষক পোৱা খাদ্য খুৱাব লাগে এই কথা আমি গম পালো। এই সময়খিনিত শিশুক প্ৰতিদিনে ২০ গ্ৰাম প্ৰ’টিন আৰু ৮০০-১৫০০ কেলৰীৰ আৱশ্যক হয়।

ভাৰতবৰ্ষত কৰা সমীক্ষাৰ পৰা এইটো বুজা গৈছে যে বৰ্তমান শিশুহঁতে যিবোৰ খাদ্য খাই আছে তাত ৩০০ কেলৰীৰ অভাৱ আছে। এই অভাৱ পূৰণ কৰিবলৈ থলুৱা ভাৱে উত্পন্ন হোৱা যেনে, মাহ জাতীয় খাদ্য বা দাইল জাতীয় খাদ্য আদি ব্যৱহাৰ কৰিব পৰা যায়। ইয়াৰ ব্যৱহাৰে কেলৰীৰ অভাৱ পূৰ কৰাৰ উপৰিও প্ৰ’টিনো যোগান ধৰে। ওপৰত উল্লেখিত খাদ্য প্ৰনালীৰ কেলৰী অভাৱৰ যিটো দিশ দেখা গৈছে সেইটো জনজাতীয় অঞ্চল বা চহৰৰ বস্তি অঞ্চলত হোৱা চাপলিমেন্টেৰী ফিডিং প্ৰগ্ৰেম বিলাকত উত্পাদন কৰিব পাৰে। এইটো জনা উচিত যে, শিশুক সৰহ পৰিমাণৰ খাদ্য খুৱালেই নহব, খাদ্যটো বিধিসন্মত বা উন্নত প্ৰক্ৰিয়াৰে বনাই শিশুক খুৱালেহে তাৰ পৰা উচিত ফল লাভ কৰিব পাৰিব। উদাহৰণ স্বৰূপে, ১৫ নম্বৰ খাদ্য প্ৰনালীত চাউলৰ পৰা বনোৱা খাদ্যত দেখা গৈছে। চাউলখিনি সিজাই আগতেই ভাত তৈয়াৰ কৰি থোৱা হৈছে; সেইকাৰণে শেষলৈ তাৰ পৰিমাণটো বাঢ়ি যোৱা নাই। কিন্তু যদি অন্য কোনো উপাদান মিহলি কৰা হয় তেতিয়া এনে নহব।
এটা শিশুক প্ৰতিদিনে দৰ্কাৰ হোৱা পৰিমাণ খিনি দেখুওৱা হৈছে। লাৰ্জ স্কেল ফিডিং প্ৰগ্ৰেমত ব্যৱহাৰ কৰিবৰ কাৰণে উপাদান সমূহ আৰু লগতে তাৰ পৰিমাণ (১০০টা শিশুক খুৱাবৰ কাৰণে কিমান প্ৰয়োজন হয়) সেই সম্পৰ্কে তলত দেখুওৱা হৈছে।

জোৱাৰৰ উপমা

উপাদানসমূহ

আধা ভঙা জোৱাৰ (জোৱাৰ ৰাৱা) ৪৫ গ্ৰাম
শুকানে ভাজি লোৱা বাদাম ১৫ গ্ৰাম.
তেল ৭ গ্ৰাম
মচলা জাতীয় ইচ্ছা বা দৰ্কাৰ অনুযায়ী

প্ৰস্তুত প্ৰনালী

  • • খাদ্যত দিব বিচৰা মচলা জাতীয় বস্তু খিনি তেলত ভাজি লব লাগে।
  • • আধা খুন্দা জোৱাৰ খিনি তাতে দি মুগা বৰণ হোৱালৈকে ভাজিব লাগে। তাৰ পিছ্ত পানী দি সিজিবলৈ দিব লাগে।
  • • আধা খুন্দা চীনা বাদাম খিনিও তাতে দি কেইমিনিটমান উতলিবলৈ দিব লাগে।

এই খাদ্য প্ৰনালীটো অন্ধ্ৰ প্ৰদেশৰ জনজাতীয় অঞ্চল বিলাকত হোৱা স্পেটিয়েল নিউট্ৰিচন প্ৰগ্ৰেমত ব্যৱহাৰ কৰা হয়।

গোমধানৰ পিঠা

উপাদানসমূহ

আধা ভজা গোমধান ৩৫ গ্ৰাম
ৰহৰ দাইল শুকানে ভাজি কৰা গুড়ি ২৫ গ্ৰাম
গুৰ ২৫ গ্ৰাম

প্ৰস্তুত প্ৰনালী

  • আধা ভজা গোমধান আৰু দাইল শুকানে ভাজি লৈ গুড়ি কৰি লোৱা হ’ল।
  • গুৰ খিনি পানীত তিয়াই থৈ পাতল কাপোৰ এখনেৰে চেকি লোৱা হ’ল।
  • গোমধান আৰু দাইলৰ গুড়ি খিনি গুৰৰ ৰসেৰে মিহলাই এটা মিশ্ৰন বনাই লোৱা হ’ল।
  • এখন পাতল কাপোৰত এই মিশ্ৰন খিনি দি ভাপত সিজাব লাগে।

বাজৰাৰ খিচিৰি


উপাদানসমূহ

বাজৰা ৪৫ গ্ৰাম
মাটি বা মগু মাহৰ দাইল ২৫ গ্ৰাম
গাজৰ ২০ গ্ৰাম
তেল ৮ গ্ৰাম
যদি পোৱা যায় গাজৰৰ সলনি মিঠা আলু ব্যৱহাৰ কৰিব পাৰি ।

প্ৰস্তুত প্ৰনালী

  • গাজৰ ৰুকি লোৱা হ’ল।
  • দাইলখিনি আধা সিজা কৰি লোৱা হ’ল।
  • এতিয়া আধা সিজা দাইল খিনিৰ লগত বাজৰা আৰু ৰুকি লোৱা গাজৰ খিনি মিলাই ভালদৰে মিহলাই লোৱা হ’ল।
  • এতিয়া এই মিশ্ৰনখিনি বাজৰা খিনি কোমল হোৱালৈকে ৰন্ধা হ’ল।
  • জুইৰ পৰা নমাই জিৰা আৰু তেল খিনি দি আকৌ ভালদৰে মিহলাই পেলোৱা হ’ল।

বৰফি (মিষ্টি চিৰা)

tgi

উপাদানসমূহ

চিৰা ২৫ গ্ৰাম
শুকানে ভাজি লোৱা চীনা বাদাম ২০ গ্ৰাম
গুৰ ২৫ গ্ৰাম

প্ৰস্তুত প্ৰনালী

  • চিৰাখিনি শুকানে ভাজি চীনা বাদামৰ লগত মিলাই লোৱা হ’ল।
  • গুৰৰ পৰা আঠা থকাকৈ ৰস উলিয়াই লোৱা হ’ল।
  • এতিয়া চিৰা আৰু বাদামৰ লগত গুৰ দি তত্ক্ষনাত লৰাই মিহলাই লোৱা হ’ল।
  • এতিয়া এখন থালত তেল সানি লৈ তাত এই চিৰা বাদামৰ আৰু গুৰৰ মিশ্ৰনটো ঢালি দি লগে লগে কাটি টুকুৰা কৰি লোৱা হ’ল।

অন্ধ্ৰ প্ৰদেশৰ স্পেটিয়েল নিউট্ৰিচন প্ৰগ্ৰেমত এই খাদ্য প্ৰনালীটো বিস্তাৰিত ৰূপত ব্যৱহাৰ কৰা হয়।

ঘেঁহু আৰু মাহৰ লাড়ু

tgi

উপাদানসমূহ

ঘেঁহু ৩০ গ্ৰাম
মাটি বা মগু মাহৰ দাইল ২০ গ্ৰাম
চীনা বাদাম ৮ গ্ৰাম
চেনী বা গুৰ ২০ গ্ৰাম
ঘেঁহুৰ সলনি জোৱাৰ, কণীধান বা ৰাগীও ব্যৱহাৰ কৰিব পাৰি।

প্ৰস্তুত প্ৰনালী

  • ঘেঁহু, মগু মাহৰ দাইল আৰু চীনা বাদাম শুকানে ভাজি গুড়ি কৰি লোৱা হ’ল।
  • গুৰৰ চিৰাপ বনাই উপৰুক্ত মিশ্ৰনটোৰ লগত মিহলোৱা হ’ল।
  • এতিয়া আটাইখিনি বস্তু ভালদৰে মিহলাই লাড়ু বনাই পেলোৱা হ’ল।

চিৰাৰ লাড়ু

tgi

উপাদানসমূহ:

চিৰা ৩৫ গ্ৰাম
শুকানে ভজা বুটৰ দাইল ২৫ গ্ৰাম
চেনী বা গুৰ ২৫ গ্ৰাম

প্ৰস্তুত প্ৰনালী

  • চিৰা খিনি পাউদাৰ বা গুড়ি কৰি লোৱা হ’ল। এতিয়া শুকানে ভাজি লোৱা বুটৰ দাইল আৰু চেনীৰ লগত চিৰাৰ গুৰি খিনি মিহলাই লোৱা হ’ল।
  • এতিয়া গৰম পানী লৈ উপৰুক্ত বস্তু খিনি মিহলাই লাড়ু বনাবৰ কাৰণে উপযুক্ত কৰি লোৱা হ’ল।
  • এতিয়া লাড়ুবোৰ বনাই যোৱা হ’ল।
  • এই প্ৰনালীটো কেঁচুৱাক লুথুৰী হিচাবেও খুৱাব পৰা যায়।

জোৱাৰৰ খিচিৰি

tgi

উপাদানসমূহ:

জোৱাৰ ৰাৱা ৩৫ গ্ৰাম
মাটি বা মগু মাহৰ দাইল ৩৫ গ্ৰাম
ৰঙালাও ২০ গ্ৰাম
গাজৰ ২০ গ্ৰাম
তেল ৫ গ্ৰাম
মচলা জাতীয় বস্তু (যদি প্ৰয়োজন অনুভৱ হয়)

প্ৰস্তুত প্ৰনালী

জোৱাৰ খিনি আধা সিজা কৰি লোৱা হ’ল।

এতিয়া তাত দাইলখিনি দি অলপ সময় সিজিবলৈ দিয়া হ’ল।

    ৰুকি লোৱা গাজৰে আৰু ৰঙালাও খিনি ওপৰৰ মিশ্ৰনটোত মিহলাই দিয়া হ’ল। এতিয়া কিছু সময় জুইৰ ওপৰত ৰাখি লৰাই থাকি অলপ গোটা হলে জুইৰ পৰা নমাই দিয়া হ’ল আৰু তাত প্ৰয়োজন অনুসৰি মচলা আদি মিহলোৱা হ’ল।

আটাৰ লুথুৰী

tgi

উপাদানসমূহ

আটা ৩০ গ্ৰাম
শুকানে ভাজি লোৱা বুটদাইল বা বেচন ২০ গ্ৰাম
চেনী ২৫ গ্ৰাম
চীনা বাদাম ৮ গ্ৰাম

  • প্ৰস্তুত প্ৰনালী

    • আটাখিনি শুকানে ভাজি লোৱা হ’ল।
    • ইয়াত শুকানে ভাজি লোৱা বেচন খিনি মিহলাই তাতে চেনী আৰু শুকানে ভাজি আধা ভজা কৰি লোৱা বাদাম মিহলোৱা হ’ল।
    • ৫ মিনিটৰ কাৰণে জুইৰ ওপৰত দি লৰাই নমাই থোৱা হ’ল।
  • এই খাদ্য প্ৰনালীবোৰৰ উপৰিও তলত কিছুমান চাহৰ লগত খোৱা বস্তুৰ বিষয়ে কোৱা হৈছে যিবোৰ ল’ৰা-ছোৱালীক সঘনাই দিব পাৰি।

    এই খাদ্য প্ৰনালীবোৰ বিশেষকৈ হায়দৰাবাদৰ গাঁও বিলাকত ব্যৱহাৰ কৰা হয়। লগতে অন্ধ্ৰ প্ৰদেশৰ জনজাতীয় ল’ৰা-ছোৱালী বিলাকৰ কাৰণে বিশেষকৈ এই ধৰণৰ খাদ্য খুউৱা হয়। বিভিন্ন মহিলা সংগঠনে এই প্ৰগ্ৰেম বিলাকত বিশেষ ধৰণৰ ভূমিকা লয় আৰু ল’ৰা-ছোৱালীক এই খাদ্য খুৱায়। সমীক্ষা কৰি নিউট্ৰিচনৰ মূল্য নিৰ্দ্ধাৰন কৰিবলৈ যাওতে এইটো কথা স্পষ্ট হৈ পৰিছে যিবিলাক ল’ৰা-ছোৱালীয়ে ওপৰত উল্লেখিত খাদ্য প্ৰনালী খাদ্য হিচাবে গ্ৰহণ কৰে, তেওঁলোকৰ ক্ষেত্ৰত উপৰুক্ত খাদ্য প্ৰনালী মতে খাদ্য গ্ৰহণ নকৰা ল’ৰা-ছোৱালীতকৈ পৰিপুষ্টিৰ অভাৱ বহুত কম হোৱা দেখা যায়। ইয়াৰ পৰা এইটো বুজা গৈছে এতিয়া যদি সৰ্বসাধাৰণ মানুহৰ মাজৰ পৰা মন মেলি এটা দল ওলাই আহি তেওঁলোকৰ ল’ৰা-ছোৱালীক কম দামী আৰু থলুৱা খাদ্য খুৱাই পৰিপোষক বঢ়োৱাৰ চেষ্টা কৰি দেখুৱায় আৰু সুফলো লাভ কৰে তেতিয়া ই জনসাধাৰণৰ মাজত অধিক জনপ্ৰিয় হব

    কেঁচুৱা আৰু শিশুৰ কাৰণে পুষ্টিকাৰক পিঠা, বিস্কুট জাতীয় খাদ্য

    সাধাৰণতে আমাৰ ঘৰবিলাকত বুটদাইল বা মাহজাতীয় শস্য আদিৰ পৰা তৈয়াৰ কৰা জলপান বা বীন জাতীয় শস্য বা দাইল, তৈলবীজ আদিৰ পৰা তৈয়াৰ কৰা ব’ৰ বা অন্য কোনো ধৰণৰ পিঠা আদি আমি ল’ৰা-ছোৱালীক খুৱাও। কেতিয়াবা আকৌ অন্য একো নাথাকিলে গাঁৱৰ দোকানৰ পৰা সস্তীয়া বিস্কুট আদি আনিও ল’ৰা-ছোৱালীক দিয়া হয়। সঁচা কথা কবলৈ গলে, হায়দৰাবাদৰ এখন গাৱঁত চাৰ্ভে কৰি গম পোৱা গৈছে যে, তাত ৪ মাহৰ পৰাই কেঁচুৱাক বিস্কুট খুৱায়। দেখা গৈছে ল’ৰা-ছোৱালীক পুষ্টিকাৰক খাদ্য দিয়াৰ এইটোও এটা অন্যধৰণৰ উপায়।

    এই বিস্কুটবোৰ তুঁহ (ধানৰ চোকোৰা) আৰু কণী ধানেৰে প্ৰস্তুত কৰা হয়। তিল আৰু গুৰেৰে তৈয়াৰী লাড়ু বা বুটদাইল আৰু গুৰেৰে তৈয়াৰী লাড়ুত সামান্য পৰিমাণৰ বীজ জাতীয় বা তৈলবীজ থাকে। এইবোৰ জলপানত পৰিপোষক একেবাৰে কম পৰিমাণে থাকে। বিশেষকৈ প্ৰ’টিন একেবাৰে কম পৰিমাণে থাকে। যদি বিস্কুট তৈয়াৰ কৰোতে যথেষ্ট পৰিমাণে বীজ জাতীয় শস্য, তৈলবীজ বা চীনা বাদাম, তিল ইত্যাদি ব্যৱহাৰ কৰা হয়; যাক চিকি বা তিলৰ লাড়ু বুলি কোৱা হয়, তেতিয়া ইয়াৰ পৰা যথেষ্ট পৰিপোষক পোৱাৰ সম্ভাৱনা থাকে।

    যিহেতু ল’ৰা-ছোৱালীয়ে বিস্কুট খাবলৈ ভাল পায় সেইকাৰণে নেচনেল ইনচটিটিউট অফ নিউট্ৰিচনে থলুৱা আৰু সহজলভ্য কিছুমান বস্তুৰ পৰা কেনেকে পৰিপোষক অটুট ৰাখি বিস্কুট তৈয়াৰ কৰিব পাৰি তাৰ কিছুমান নিয়ম উলিয়াইছে। এই নিয়ম অনুসৰি বনোৱা বিস্কুট গাঁৱৰ দোকানৰ পৰা কিনা বিস্কুটতকৈ ৩/৪ গুন বেচি প্ৰ’টিন সমৃদ্ধ যদিও বিস্কুটৰ দাম একেই। আনহাতে, এই বিস্কুট বনোৱাৰ প্ৰক্ৰিয়াও একেবাৰে সহজ। গাঁৱৰ সমবায়, মহিলা সংঘ বা গাঁৱৰ দোকানী সকলেও এই বিস্কুট সামান্য লাভ ৰাখি তৈয়াৰ কৰিব পাৰে। এইদৰে অধিক খৰছ নকৰাকৈ গাঁৱৰ ল’ৰা-ছোৱালী সকলৰ মাজত পৰিপোষক অটুট থকা এই বিস্কুট বিতৰণ কৰিব পৰা যায়।

    পৰিপোষক অটুট ৰাখি বিস্কুট তৈয়াৰ কৰা কেইবিধমান নিয়ম দিয়া হ’ল।

    সাধাৰণতে দেখা যায়, আমাৰ ঘৰ বিলাকত বুটদাইল বা মাহজাতীয় শস্য আদিৰ পৰা তৈয়াৰ কৰা জলপান বা বীন জাতীয় শস্য বা দাইল তৈলবীজ আদিৰ পৰা বনোৱা লাড়ু বা অন্য ধৰণৰ স্নেক্স আমি ল’ৰা-ছোৱালীক খুৱাও। কেতিয়াবা গাঁৱৰ দোকানৰ পৰা কিনা সস্তীয়া বিস্কুট ল’ৰা-ছোৱালীক দিয়া হয়।

    হায়দৰাবাদৰ এখন গাৱত চাৰ্ভে কৰি গম পোৱা গৈছে যে ল’ৰা-ছোৱালীক পুষ্টিকাৰক খাদ্য দিয়াৰ এইটোও এক ধৰণৰ উপায়।

    বিস্কুট তৈয়াৰ কৰাৰ সাধাৰণ নিয়ম

    • প্ৰধান উপাদান খিনি গুৰি কৰি লৈ আটাইখিনি একেলগে মিহলাই পেলোৱা হ’ল।

    • এতিয়া বেকিং পাউদাৰ আৰু অকনমান নিমখ দি আকৌ ভালদৰে মিহলাই পেলোৱা হ’ল।

    • এতিয়া আটাইখিনি বস্তু অকনমান নিমখ-তেল দি ভালদৰে আৰু টানকৈ আটা মৰাদি(চীনা বাদামেৰে তৈয়াৰী বিস্কুটত তেল দি মোহাৰিব নালাগে) মোহাৰি পেলাব লাগে।

    • ৰুটিৰ নিচিনাকৈ বেলিব লাগে।

    • এতিয়া টিনৰ সাফৰ বা কটাৰীৰে ইচ্ছা অনুযায়ী আকাৰ দি কাটিব লাগে।

    • এতিয়া এটা ডেকচি বা চচপেনত বালি লোৱা হ’ল। এখন ধাতুৰ ট্ৰেত অকনমান তেল সানি কাটি লোৱা বিস্কুটবোৰ সজাই দিয়া হ’ল। এতিয়া ট্ৰে খনত চচপেনৰ বালিৰ ওপৰত সাৱধানে বহাই দি চচপেন টো জুইৰ ওপৰত তুলি দিয়া হ’ল। (চচপেনৰ ঢাকনি খনৰ ওপৰত কেইটুকুৰামান জ্বলি থকা কয়লাৰ টুকুৰা দিয়া হ’ল যাতে তাপটো চাৰিওফালৰ পৰা সমানে পোৱা হয়) তলফালৰ পৰা জুইৰ তাপ পাই বালি গৰম হ’ল আৰু ওপৰ ফালৰ পৰা কয়লাৰ পৰাও তাপ পোৱা যায়।

    • ২০ মিনিট বেক কৰাৰ পাছত যেতিয়া বিস্কুটৰ ৰং সোনালী বৰণ হব, তেতিয়া ট্ৰে খন চচপেনৰ পৰা উলিয়াই আনিব লাগে।

    এটা শিশুক এদিনত যি পৰিমাণৰ আহাৰৰ প্ৰয়োজন হয়, সেই পৰিমাণৰ নমুনাহে দেখুৱা হৈছে। বেচি ল’ৰা-ছোৱালীক খুৱাবলৈ হলে পৰিমাণটো বঢ়াই দিলেই হব।

    বিস্কুট তৈয়াৰ কৰাৰ নিয়ম

    চীনা বাদামৰ পৰা তৈয়াৰ কৰা বিস্কুট

 

tgi

উপাদানসমূহ

শুকানে ভজা বাদাম ২৫ গ্ৰাম
শুকানে ভজা আটা ২৫ গ্ৰাম
চেনী ২০ গ্ৰাম
বেকিং পাউদাৰ এচিকুট
নিমখ এচিকুট

 

বুট দাইল - তিলৰ বিস্কুট

 

tgi

উপাদানসমূহ

বুট দাইলৰ গুৰি বা বেচন ১০ গ্ৰাম
ময়দা ১৫ গ্ৰাম
তিল ১৫ গ্ৰাম
চেনী ২০ গ্ৰাম
বনস্পতি ৮ গ্ৰাম
নিমখ এচিকুট
বেকিং পাউদাৰ এচিকুট

 

বুট দাইল বা বেচনৰ বিস্কুট

tgi
বুট দাইলৰ গুৰি বা বেচন ২৫ গ্ৰাম
আটা ২৫ গ্ৰাম
চেনী ২০ গ্ৰাম
বনস্পতি ৫ গ্ৰাম
নিমখ এচিকুট
বেকিং পাউদাৰ এচিকুট

 

কাওগ্ৰাম বিস্কুট


 

tgi
আধা ভজা কাও গ্ৰাম ফ্ল’ৰ ২৫ গ্ৰাম
ময়দা ২৫ গ্ৰাম
চেনী ২০ গ্ৰাম
বনস্পতি ৫ গ্ৰাম
নিমখ এচিকুট
বেকিং পাউদাৰ এচিকুট

 

হৰ্চ গ্ৰাম বিস্কুট


 

tgi
আধা ভজা হৰ্চ গ্ৰাম ফ্ল’ৰ ২৫ গ্ৰাম
ময়দা ২৫ গ্ৰাম.
চেনী ২০ গ্ৰাম
বনস্পতি ৫ গ্ৰাম
নিমখ এচিকুট
বেকিং পাউদাৰ এচিকুট
উৎস: আইএনডিজি দল।


© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate