অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ছ’ডিয়াম হ্ৰাস-বৃদ্ধি হ’লে কি হয়

শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদানসমূহৰ ভিতৰত অন্যত্ম হ’ল ছ’ডিয়াম আৰু পটাছিয়াম। এই দুয়োবিধ উপাদানৰ উপৰি মেগনেছিয়াম,কেলছিয়াম,ক্ল’ৰাইট,ফছফেট আদিৰো ভূমিকা কম নহয়।

চিকিৎসা বিজ্ঞানৰ ভাষাত এইবোৰ হ’ল ইলেকট্ৰোলাইট। যিবোৰ মৌল পানীত সহজেই দ্ৰ্ৱনীয় সেইবোৰেই হ’ল ইলেকট্ৰোলাইট।এনে ধৰণৰ উপাদান শৰীৰত প্ৰয়োজন মতে নাথাকিলে বিভিন্ন ধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে। কেলছিয়াম,ছ’ডিয়াম আৰু পটাছিয়াম আদিৰ অভাৱত যিদৰে বিভিন্ন ৰোগৰ সৃষ্টি হয় তেনেদৰে ইয়াৰ পৰিমাণ বেছি হ’লেও বিপদৰ কাৰণ। সি যি কি নহওক প্ৰ্থমতে ছ’ডিয়াম আৰু পটেছিয়ামে শৰীৰৰ ভিতৰৰ অৱস্থা নিয়ন্ত্ৰণ কৰে। এনেদৰে নিয়ন্ত্ৰ্ণ কৰা অৱস্থাটোক কোৱা হয় হোমিঅ’ষ্টেছিছ। হৃদযন্ত্ৰ আৰু স্নায়ুত প্ৰতিটো মূহূৰ্ততে বিভিন্ন ধৰণৰ বৈদ্যুতিক কাৰ্য সম্পাদিত হৈ থাকে।এই ইলেকট্ৰোলাইট হ’ল এনে কাৰ্যৰ প্ৰ্ধান আধান।

শৰীৰত তৰলৰ পৰিমাণ স্বাভাৱিক কৰি ৰাখিবলৈ এনে ধৰণৰ উপাদানৰ প্ৰয়োজন। ইয়াক ‘ফ্লইড বেলেন্স’ বোলে।শৰীৰত তৰল স্বাভাৱিক পৰিমাণে নাথাকিলে আহুকালে দেখা দিয়ে। বিভিন্ন কাৰণত তৰলৰ ভাৰসাম্য নাথাকে। তদুপৰি এই দুয়োবিধ উপাদানে শৰীৰত এচিড আৰু ক্ষাৰৰ ভাৰসাম্য বজাই ৰাখে। ছ’ডিয়াম আৰু পটেছিয়ামে শৰীৰত বিভিন্ন ধৰণৰ গুৰুত্বপূৰ্ণ কাৰ্য সম্পাদন কৰে।

 

ছ’ডিয়াম হ্ৰাস পোৱা বুলি জানিব কেনেকৈ?

শৰীৰত ছ’ডিয়ামৰ পৰিমাণ স্বাভাৱিকভাৱে আছেনে নাই সেই বিষয়ে কিছুমান লক্ষণৰ পৰাই জানিব পাৰি। যেতিয়া এইবিধ উপাদানৰ পৰিমাণ হ্ৰাস পায় তেতিয়া যিবোৰ লক্ষণ ফুটি উঠে সেইবোৰৰ ভিতৰত অন্যতম হ’ল-

  • এনে হ’লে অনবৰতে বমি ভাৱ বা ওকালি হ’বলৈ ধৰে।
  • আক্ৰান্তজনৰ কাম-বন কৰিবলৈ মন নাযায়।অৰ্থাৎ এলাহ ভাবে গা কৰি উঠে।
  • কোনো বিষয়ে ভালদৰে বুজি নাপায় অথবা বুজিবলৈ ইচ্ছা নোহোৱা হয়।
  • মাংসপেশী জঠৰ হ’বলৈ ধৰে।মাংসপেশী অনবৰতে টানি ধৰাৰ দৰে হোৱা দেখা যায়।
  • এনেহ’লে আক্ৰান্তজন খিংখিঙিয়া স্বভাৱৰ হ’বলৈ ধৰে।
  • হঠাতে অজ্ঞান হ’ব পাৰে।আনকি ক’মা পৰ্য্যায়লৈ যোৱাৰো শ্ংকা থাকে।

 

হাইপোনেট্ৰিমিয়া কি?

এগৰাকী সুস্থলোকৰ শৰীৰত ১৩৫-১৪৫ এম এ কিউ/লি থাকিব লাগে। (এম এ কিউ/লি মানে মিলি ইকুইভেলেন্ট পাৰ লিটাৰ)। যেতিয়া ছ’ডিয়ামৰ পৰিমাণ ১৩৫ এম ই কিউ/লিতকৈ ক’ম থাকে তেতিয়া সেই অৱস্থাটোক কোৱা হ’ব হাইপোনেট্ৰিমিয়া। আনহাতে ,ছ’ডিয়ামৰ পৰিমাণ যেতিয়া ১২৫ এম ই কিউ/লি বা তাতকৈ বেছি ক্ম হয় তেতিয়া ‘চিভিয়াৰ হাইপোনেট্ৰিমিয়া’ বুলি কয়। হাইপোনেট্ৰিমিয়া বিভিন্ন কাৰণত হ’ব পাৰে। যিবোৰ কাৰণত এনে হয় এনে হয় সেইবোৰৰ ভিতৰত অন্যতম হ’ল-

  • শৰীৰত যেতিয়া কোনো কাৰণত পানীৰ পৰিমাণ বেছি অথবা কম হয় তেতিয়া এনে হ’ব পাৰে।
  • কোনো এজন লোক ডায়েৰীয়াত আক্ৰান্ত হ’লে শৰীৰৰ পৰা পানীভাগ ওলাই যায়।ফলত ছ’ডিয়ামৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰে।
  • বমি বেছি হলেও এইবিধ উপাদানৰ পৰিমাণ হ্ৰাস পায়।
  • যি সকলে দীৰ্ঘদিন ধৰি উচ্চ ৰক্তচাপ অথবা হৃদৰোগৰ ঔষধ খায় থাকে তেওঁলোকৰ এনে ধৰণৰ সমস্যাই গা কৰি উঠে।
  • হাৰ্টফেইলিউৰ হ’লেও এনে হোৱা দেখা যায়।
  • হাইপোথাইৰয়েডিজম হ’লেও এলে হোৱাৰ শ্ংকা থাকে।
  • লিভাৰ ছিৰোছিচ হ’লেও এনেধৰণৰ অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে।

 

গুৰুত্বপূৰ্ণ বিষয়

  • ছ’ডিয়ামৰ সৈতে হাইপোভলেমিক শব্দটো জড়িত হৈ আছে। শৰীৰত যেতিয়া পানী আৰু ছ’ডিয়াম দুয়োবিধেই কমি যায় তেতিয়া সেই অৱস্থাটোক কোৱা হয় ‘হাইপোভলেমিক’। যেতিয়া ৰোগীৰ অৱস্থা এনে হয় তেতিয়া সাধাৰণভাৱে চেলাইন আদিৰে চিকিৎসা কৰা হয়।
  • হাইপাৰভলেমিক’ৰ ক্ষেত্ৰত এখন ওলোটা ছবিহে প্ৰ্তিফলিত হোৱা দেখা যায়। শৰীৰত পানীৰ পৰিমাণ স্বাভাৱিক হৈ থাকিলেও ছ’ডিয়ামৰ পৰিমাণ হ্ৰাস পাবলৈ ধৰিলে তেনে অৱস্থাটোক কোৱা হয় হাইপাৰভলেমিক।
  • এনে অৱস্থাৰ সৃষ্টি হ’লে চিকিৎসাৰ জৰিয়তে লাহে লাহে স্বাভাৱিক অৱস্থালৈ আনিবলৈ চেষ্টা কৰা হয়। কাৰণ দ্ৰুতগতিত আনিবলৈ চেষ্টা কৰিলে পক্ষাঘাত হোৱাৰ শ্ংকাও নুই কৰিব নোৱাৰি। খোজকঢ়াৰ ক্ষেত্ৰতো সমস্যাৰ সৃষ্টি হ’ব পাৰে।আনকি আক্ৰান্ত লোকজন অজ্ঞান হৈ পৰিব পাৰে।

 

ছ’ডিয়ামৰ উৎস

সাধাৰণতে ছ’ডিয়াম নিমখৰ উপৰি সাগৰীয় শৈৱাল,মাংস,সামুদ্ৰিক মাছ,বীট,গাজৰ আদিত কম বেছি পৰিমাণে পোৱা যায়।

 

কি কি কাৰ্য্য সম্পাদন কৰে

ছ’ডিয়ামে শৰীৰত বিভিন্ন ধৰণৰ কাৰ্য্য সম্পাদন কৰে। শৰীৰত এচিড ক্ষাৰৰ ভাৰসাম্য ৰক্ষা কৰে। তদুপৰি কলাৰস আৰু প্লাজমাৰ চাপ নিয়ন্ত্ৰণ কৰে।স্নায়ুৰ স্পন্দন উজ্জীৱীত কৰে ছ’ডিয়াম ক্ল’ৰাইডে। আমি যি খাদ্য গ্ৰহণ কৰো সেইবোৰ হজম কৰাত ছ’ডিয়াম ক্ল’ৰাইডে বিশেষ ভূমিকা গ্ৰহণ কৰে। দৰাচলতে ছ’ডিয়াম ক্ল’ৰাইডে গেষ্টিক ৰস নিসৰণত সহায় কৰি খাদ্য হজম প্ৰক্ৰিয়াত সহায় কৰে।

উৎস: আইএনডিজি দল।

শেহতীয়া উন্নীতকৰণ: : 3/24/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate