মাটি কাঁদুৰি এবিধ তৃণজাতীয় শাক। এইবিধ শাক সাধাৰণতে ঘৰৰ পিৰালি, চোতাল, খেতি পথাৰ আদিত গজে। এইবিধ লতাজাতীয় শাক আন শাকৰ লগত মিহলাই খায়। এইবিধ শাকত যত্নৰ প্ৰয়োজন নাই। ই আপোনা-আপুনি গজে। মাটি কাঁদুৰি শাকৰো ঔষধি গুণ আছে। এইবিধ শাক পেটৰ যিকোনো ৰোগৰ মহৌষধ। পায়খানা হ’লে মাটি কাঁদুৰি শাক থেতেলিয়াই তাৰ ৰস খালে পায়খানা কমে। পেট কমুৰিলেও মাটি কাঁদুৰিৰ আঞ্জা খালে উপকাৰ পোৱা যায়। তেজ-শাও পৰিলে মাটি কাঁদুৰি শাকৰ লগত অকণমান আদাৰ ৰস মিহলাই খালে পায়খানৰ লগত তেজ-শাও পৰা ৰোগ নিৰাময় হয়। মহিলাৰ অনিয়মিত ঋতুস্ৰাৱৰ বাবে মাটি কাঁদুৰি উপকাৰী। সেয়ে অনিয়মিত ঋতুস্ৰাৱত কষ্ট পোৱা মহিলাসকলে মাটি কাঁদুৰি খালে ৰোগ সোনকালে নিৰাময় হয়। গ্ৰহণী ৰোগত মাটি কাঁদুৰি শাক খালে সুফল পোৱা যায়। মাটি কাঁদুৰি ৰোগে নাড়ী শুকোৱাৰ সহায় কৰে। সেয়ে প্ৰসূতিক মাটি কাঁদুৰি আঞ্জা খাবলৈ দিয়া হয়। লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)