এই ফুল চুলিৰ বাবে অত্যন্ত ভাল। লগতে ৰক্তহীনতা বা তেজৰ দুষিতকৰণৰ ফলত হোৱা ছালৰ সমস্যা ভাল হয়।
চুলিৰ বাবে নীলা অপৰাজিতাৰ ৰস চুলিৰ গুৰিত লগাই একদণ্ড সময় ৰাখিব। দুৱৰী বনৰ পানীৰে ধূব। চুলি ক’লা, ঘন, দীঘল হ’ব।
অপৰাজিতা ছালৰ বাবেও বৰ উপকাৰী। বিশেষকৈ ছালখনৰ উজ্জ্বলতা নোহোৱা হ’লে, ম্লান পৰি ক’লা পৰিব ধৰিলে অপৰাজিতা ব্যৱহাৰ কৰিব লাগে। অপৰাজিতাৰ শিপা এডাল পালচ্ থকা স্পৰ্শকাতৰ অংগত মেৰিয়াই বান্ধিব লাগে। যেনে- হাতৰ মুঠি, ককাল, ডিঙি আদি অংশত। ইয়াৰ ৰস ছালৰ মাজেৰে সুমাই তেজত মিলি যায়। লাহে লাহে ছালৰ ৰং উজ্জ্বল, বগা, ৰক্তিম হ’ব ধৰে। এই ফুলৰ প্ৰলেপ বা পানীত মুখৰ ছালত পৰাপক্ষত নলগাব। অন্যথা অতিমাত্ৰা নোম গজিব। পুৰূষসকলৰ বাবে সুফলদায়ক।
লিখকঃ শিৱাঙ্গী কাশ্যপ
শেহতীয়া উন্নীতকৰণ: : 2/16/2024