অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

অমিতাৰ ঔষধি গুণ

অমিতাৰ ঔষধি গুণ

আমাৰ শৰীৰৰ বাবে উপযোগী কেইবাপ্ৰকাৰৰ ভিটামিনেৰে সমৃদ্ধ এবিধ পুষ্টিকৰ আৰু ৰসাল ফল হৈছে অমিতা, যাক নিয়মিত ৰুপত খাব পাৰিলে আমাৰ শৰীৰত ভিটামিনৰ কেতিয়াও অভাৱ নহয় । ডাক্তৰী পৰামৰ্শৰ দ্বাৰা ৰোগী ব্যক্তিসকলক খাবলৈ দিয়া ফলবিলাকৰ ভিতৰত অমিতাও অন্তৰ্ভূক্ত । কাৰণ ইয়াৰ এটা নহয়, অনেক উপকাৰিতা আছে । সহজতে অৱশোষিত হোৱাৰ বাবে অমিতাই অতি সোনকালে শৰীৰৰ উপকাৰ সাধন কৰিব পাৰে । উল্লেখযোগ্য যে অমিতা কেচাঁতে পাচলি হিচাপে আৰু পকিলে ফল হিচাপে খাব পাৰি । অমিতাত প্ৰচুৰ পৰিমাণে ভিটামিন এ,বি,চি আৰু কিছু পৰিমাণে ভিটামিন ডিও পোৱা যায় । ইয়াৰ লগতে অমিতা কেলছিয়াম,পটাছিয়াম,ফছফৰাছ,কেৰটিন,আইৰন,এণ্টি অক্সিডেণ্ট, কাৰ্বহাইড্ৰেট আৰু প্ৰটিনেৰে ভৰপূৰ । তদুপৰি অমিতা হৈছে 'পেপেইন' নামৰ পোষক পদাৰ্থৰ একমাত্ৰ প্ৰাকৃতিক উৎস । পাচলিৰ বজাৰত অমিতা গোটেই বছৰ জুৰি উপলব্ধ হৈ থাকে ।


অমিতাৰ কেইটামান বিশেষ গুণাগুণৰ বিষয়ে জানো আহক ।
(১) অমিতা পেটৰ ৰোগসমূহৰ বাবে বৰ উপকাৰী । অমিতা খালে পাচন তন্ত্ৰ সুস্থ হৈ থাকে । ইয়াৰ দ্বাৰা পেটৰ ৰোগসমূহৰ পৰা হাত হাৰি থাকিব পাৰি । অমিতাই বিশেষকৈ পেটৰ তিনি প্ৰকাৰৰ ব্যাধি অম্ল,বাত আৰু পিত্ত ৰোগ প্ৰতিহত কৰিব পাৰে ।
(২) অমিতাত মজুত থকা ভিটামিন এ চকু আৰু ছালৰ বাবে লাভদায়ক । ইয়াৰ দ্বাৰা চকুৰ দৃষ্টিশক্তি বৃদ্ধি হয় আৰু ছাল সুস্থ,পৰিষ্কাৰ আৰু উজ্জল হৈ পৰে ।
(৩) অমিতাত কেলছিয়াম যথেষ্ট পৰিমাণে পোৱা যায় । ইয়াৰ দ্বাৰা শৰীৰৰ হাড়বিলাক শক্তিশালী হয় ।
(৪) যিসকল ব্যক্তিয়ে বাৰে বাৰে জ্বৰ-কাহত ভোগে,তেওঁলোকে নিয়মিত ৰুপত অমিতা খোৱা উচিত । ইয়াৰ দ্বাৰা শৰীৰৰ ৰোগ প্ৰতিৰোধক ক্ষমতা বৃদ্ধি পায় ।

লিখক: ৰিদিপ ৰঞ্জন চেতিয়া।




© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate