অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আতলচ ফলৰ ঔষধি গুণ :

আতলচ ফলৰ ঔষধি গুণ :

 

আতলচ এবিধ সুস্বাদু ফল। এইবিধ ফলৰ গছ মধ্যমীয়া ওখ হয়।

আতলচৰ গাত কঁঠালৰ দৰে খাজ কটা আছে কাৰণে বহুতে এইবিধ ফলক আতলচ কঁঠাল বুলিও কয়।

কঁঠালৰ দৰে ই ডাঙৰ নহয়। ডাঙৰ বেল একোটাৰ দৰে ইয়াৰ আকৃতি হয় যদিও সম্পূৰ্ণ গোলাকাৰ নহয়।

কেঁচা অৱস্থাত আতলচৰ ৰং পাতল সেউজীয়া আৰু পকিলে পাতল হালধীয়া ৰঙৰ হয়।

কিছুমান আতলচৰ আকৌ হালধীয়াৰ লগতে পাতল ৰঙা আভাও থাকে। কেঁচা অৱস্থাত ই টান আৰু পকিলে কোমল হৈ পৰে।

পকা আতলচ খাবলৈ বালিয়া আৰু মিঠা। আতলচৰ ভিতৰত অসংখ্যক ক’লা-চকলেট ৰঙৰ গুটি থাকে। আতলচ গছ আজিকালি প্ৰায় নোহোৱাৰ নিচিনাই। এ

ইবিধ সোৱাদযুক্ত ফলৰো ঔষধি গুণ আছে-

*কোষ্ঠ কাঠিন্যত আতলচ উপকাৰী।

*আতলচৰ গুটি গুড়ি কৰি শুকাই নাইবা পাতৰ ৰস উলিয়াই সেই ৰস পানীত মিহলাই মুৰ ধুলে ওকনি নোহোৱা হয়।

*পকা আতলচ খালে শৰীৰৰ হিম’গ্লবিন বৃদ্ধি হয়।

*উফি হ’লে আতলচ গছৰ পাত পিহি ৰস উলিয়াই সেই ৰস পানীত মিহলাই মূৰ ধূলে উফি আঁতৰে।

*আতলচৰ শুকান গুটি গুড়ি কৰি সেই গুড়িত বেচন মিহলাই চুলিত ১-২ মিনিট ৰাখি পাছত ভালদৰে মূৰ ধুব লাগে। এনেদৰে মূৰ ধুলে চুলি উজ্জ্বল আৰু ফৰফৰীয়া হয়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate