মূল পৃষ্ঠা / স্বাস্থ্য / ঔষধ / অসমৰ বনৌষধি / উচ্চ ৰক্তচাপৰ অচিনাকি উদ্ভিদ সৰ্পগন্ধা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উচ্চ ৰক্তচাপৰ অচিনাকি উদ্ভিদ সৰ্পগন্ধা :

উচ্চ ৰক্তচাপৰ অচিনাকি উদ্ভিদ সৰ্পগন্ধাৰ বিষয়ে লিখা হৈছে ।



অসমৰ হাবি বননীতে পোৱা অথচ আমি সকলোৱে চিনি নোপোৱা ঔষধি উদ্ভিদ সৰ্পগন্ধা। এই সৰ্পগন্ধা উদ্ভিদৰ পৰা প্ৰস্তুত কৰা হয় সৰ্পগন্ধা টেবলেত। জোপোহা এই উদ্ভিদৰ শিপাৰ ছালৰ পৰা উচ্চ ৰক্তচাপৰ আয়ুৰ্বেদিক ঔষধ হেজাৰ বছৰ ধৰি ব্যৱহাৰ কৰি অহা হৈছে। উচ্চ ৰক্তচাপত প্ৰয়োগ কৰা ঔষধি গছজোপাৰ সংস্কৃত আৰু অসমীয়া নাম সৰ্পগন্ধা আৰু বোটানিকেল নাম Rauwolfia Serpentina । শিপাৰ ছালত ৰিচাৰপিন (Reserpin) নামৰ এলকালাইদ থাকে আৰু ই উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰে‌।


সৰ্পগন্ধাৰ ঔষধ -


(১) সৰ্পগন্ধা ঘন বটী নামৰ আয়ুৰ্বেদিক ঔষধ দিনে এটা বা দুটা খাব পাৰি।
(২) Reserpin tab সাধাৰণতে Adelphane , Zenophane নামেৰে জনা যায়‌।
(৩) Reserpin injection
(৪) সৰ্পগন্ধা শিপাৰ ছাল ৰদত শুকাই খুন্দি গুৰি কৰি লব । এই শিপাৰ গুৰি বা চূৰ্ণ আধা চামুচকৈ দিনে খালে উচ্চ ৰক্তচাপ ভাল হয় ।
অধিক জনাৰ বাবে ইয়াৰ লগতে মোৰ আন এটা পোষ্ট " উচ্চ ৰক্তচাপ ৰোগৰ ঘৰুৱা উপশম" পঢ়ক।
বি:দ্ৰ: Reserpine আজিকালি ব্যৱহাৰ কৰা নহয় । কিছু শাস্ত্ৰীয় প্ৰণালীৰে শোধন কৰি , ভাৱনা দি প্ৰস্তুত কৰা সৰ্পগন্ধা ঘন বটী ব্যৱহাৰ এতিয়াও কৰা হয় । আয়ুৰ্বেদিক সৰ্পগন্ধা টেবলেতৰ কোনো ধৰণৰ পাৰ্শ্বক্ৰিয়া নাই আৰু সকলো উচ্চ ৰক্তচাপ ৰোগীয়ে ব্যৱহাৰ কৰিব পাৰে‌।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.16666666667
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top