অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঔষধি গুণযুক্ত পূনৰ্ণৱা :

ঔষধি গুণযুক্ত পূনৰ্ণৱা :

 

বহু বৰ্ষজীৱী পূনৰ্ণৱা এবিধ বহু ঔষধি গুণবিশিষ্ট আৰু কোমল শাকজাতীয় উদ্ভিদ। খৰালী শুকাই যোৱা এইবিধ শাক বৰ্ষা কালত পুনৰ নতুন ৰূপত লহপহকৈ গজি উঠে বাবে ইয়াৰ নাম ‘পুনৰ্ণৱা’। অৱশ্যে গাঁও অঞ্চলত থলুৱাভাৱে ই ‘পমৌনৌৱা’ নামে পৰিচিত।

ইয়াৰ বৈজ্ঞানিক নাম হৈছে- Boerhaavia Diffusa(L) আৰু ই Nyctaginaceae গোত্ৰৰ।

ইংৰাজীত ইয়াক Spreading hog weed বোলে।

ইয়াৰ ৰঙা আৰু বগা দুবিধ প্ৰজাতি পোৱা যায়। ৰঙাবিধ অধিক ঔষধি গুণসম্পন্ন। এই শাকৰ গোটেই অংশকে ঔষধি স্বৰূপে ব্যৱহাৰ কৰা হয়। পুনৰ্ণৱা এবিধ অকল ৰোগী নিবাৰক ঔষধিয়েই নহয়, শাৰীৰিক শক্তিবৰ্দ্ধক উপকাৰী ঔষধিও। পুনৰ্ণৱাত থকা পুনৰ্ণৱীন(Punarnavine) নামৰ ৰাসায়নিক উপাদানবিধ কৰ্কট প্ৰতিৰোধী গুণসমৃদ্ধ বুলি চিকিৎসা বিজ্ঞানীৰ পৰীক্ষাত প্ৰমাণিত হৈছে। পুনৰ্ণৱাৰ শিপাৰ চূৰ্ণ প্ৰস্তুত কৰি পৰিমিত ৰূপত সেৱন কৰিলে বয়সস্থ লোকৰ ‘প্ৰষ্টেট গ্ৰন্থি’ৰ বৃদ্ধি নিয়ন্ত্ৰিত কৰিব পাৰি। এই পুনৰ্ণৱা প্ৰস্ৰাৱ সম্বন্ধীয় ৰোগৰ মহৌষধি স্বৰূপ।

*পুৰণা কাহ,

*মূত্ৰস্থলৰ পাথৰ,

*অনিদ্ৰা,

*এলাৰ্জি,

*জ্বৰ,

*হাত-ভৰি উখহা(শোথ),

*গাঁথিৰ বিষ,

*কৃমি,

*ৰক্তবিকাৰ,

*শুক্ৰ তাৰল্য,

*প্ৰমেহ,

*প্লীহা,

*বৃদ্ধি,

*মূত্ৰকৃচ্ছ্ৰ,

*হৃদৰোগ,

*জলোদৰ(পেটত পানী জমা হোৱা ৰোগ),

*নিম্ন ৰক্তচাপ,

*শ্বাস-কফ আদি এশ এটা ৰোগত ই ফলদায়ক।

ইয়াৰ বিশেষ গুণ হ’ল- ই মূত্ৰল(প্ৰসাৱ কাৰক) তথা শোথ ৰোগনাশক। ই মেদ আৰু কুষ্ঠনাশকো। এই শাকত থকা ‘পেটেছিয়াম নাইট্ৰেট’-এ হৃৎপিণ্ডত পেশীৰ সংকোচন ক্ষমতা বঢ়াই হৃৎপিণ্ড সুস্থ-সবল কৰি তোলে। এই শাকৰ ৰসৰ ক্কাথ(৫০-১০০ মিঃলিঃ পৰিমাণৰ) সেৱন কৰিলে ‘নিদ্ৰাহীনতা’ আঁতৰি যায়। ইয়াৰ আঞ্জা হৃদৰোগীৰ বাবে পৰম উপকাৰী।

গাখীৰৰ সৈতে ইয়াৰ ৰস পান কৰিলে দেহৰ পুষ্টি সাধন হয়। বেমাৰৰপৰা উঠা লোক আৰু মহিলা(প্ৰসূতি)ৰ বাবে ইয়াৰ ৰস সৰ্বশ্ৰেষ্টঃ ‘টনিক’ স্বৰূপ। ২০ গ্ৰাম পৰিমাণৰ পুনৰ্ণৱা নিতৌ ছমাহ পৰ্যন্ত গাখীৰৰ সৈতে সেৱন কৰিলে মানুহে দীৰ্ঘজীৱন লাভ কৰে বুলি আয়ুৰ্বেদত কোৱা হৈছে আৰু ইয়াৰ শিপাত চূৰ্ণ(২ গ্ৰাম পৰিমাণত) গাখীৰৰ সৈতে নিয়মিত সেৱন কৰিলে বৃদ্ধ লোকেও নৱজীৱন লাভ কৰে বুলি কোৱা হৈছে। ঔষধি গুণেৰে পৰিপূৰ্ণ পুনৰ্ণৱাৰ উপকাৰিতাৰ কথা বহুতেই নজনা বাবে ইয়াৰ ঔষধি গুণসমূহৰ সুফলৰপৰা বঞ্চিত হ’বলগীয়া হৈছে।

কিয়নো ইয়াক ঘৰৰ কাষ বা চোতালৰ আগৰ অলপমান ঠাইতে এবাৰ ৰুই বহু বছৰলৈ ইয়াৰ উৎপাদন লাভ কৰি থাকিব পাৰি। ই বহু বৰ্ষজীৱী শাকজাতীয় উদ্ভিদ, যি সময়ত মৰি পুনৰ যথা সময়ত(বাৰিষা কালত) আপোনা-আপুনি আগৰ শিপাৰপৰাই গজি লহপহীয়া হৈ উঠে।

লেখক: ভুৱনেশ্বৰ ডেকা(দৈনিক অসম)



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate