গ্ৰহণী ৰোগত এবিধ মহাঔষধি ‘মছন্দৰী’ বন শাকবিধ অসমৰ প্ৰায় সকলো ঠাইতে পোৱা যায়। বাৰী-বস্তি আৰু ঘৰৰ আশে-পাশে চেঁচুকীয়া জীপাল ঠাইত যথাসময়ত ই আপোনা-আপুনি লহপহীয়াকৈ গজি উঠে। ই গ্ৰহণী, তেজ গ্ৰহণী বা ৰক্তাতিসাৰ, পেটৰ কামোৰণি আদিকে ধৰি পেটৰ বিভিন্ন বেমাৰৰ বাবে এবিধ অতি উপকাৰী উত্তম বনৌষধি। ইয়াৰ এক বিশেষ উগ্ৰ গোন্ধ আছে, যিটো গোন্ধ বহুতৰে প্ৰিয় নহয়। এই বৰ্ষজীৱী উদ্ভিদবিধৰ গাৰ বৰণ ডাঠ, ৰঙীণ, পাতৰ বৰণ ঘন সেউজীয়া(ওপৰফালে)। পাতৰ আকৃতি কিছু পৰিমাণে পাণৰ আকাৰৰ। ইয়াৰ বৈজ্ঞানিক নাম হৈছে- ‘ৰানুনকুলাচ ৰেণিফ’ৰমিছ’(Ranunculus Reniformis) আৰু ই ‘ৰামুনকুচাচি’(Ranunculaceae) গোত্ৰৰ।
এই শাকবিধ ব্যঞ্জন হিচাপেও ৰান্ধি খাব পাৰি। পাতত দি সিজাই, নিমখ-তেল সানি ছাটনি হিচাপেও ব্যৱহাৰ কৰিব পাৰি নাইবা অইন শাক-পাচলিৰ লগত মিহলাই ‘চালাড’ হিচাপেও ব্যৱহাৰ কৰিব পাৰি। কেঁচা অৱস্থাত ই বৰ উপকাৰী। আয়ুৰ্বেদ শাস্ত্ৰৰ বিধান অনুসৰি পৰিমিত ৰূপত নহৰুৰ্ ৰসৰ সৈতে ইয়াৰ ৰস মিহলাই পান কৰিলে আভোক বা অৰুচি আঁতৰি যায়, পেটৰ বিষ প্ৰশমিত হয়। জালুক আৰু পিপলিৰ চূৰ্ণৰ লগত সামান্য নিমখ মিহলাই ইয়াৰ ৰস পান কৰিলে শ্বাস কষ্ট দূৰ হয়। ব্ৰংকাইটিছ, নিউমোনিয়া জ্বৰ আদিতো ই ফলপ্ৰসূ আৰু উপশমদায়ক। ইয়াৰ উগ্ৰ গোন্ধৰ বাবে মানুহে ব্যৱহাৰৰ ক্ষেত্ৰত ইতস্তত নকৰি ঔষধি হিচাপে পৰিমিত ৰূপত নিয়মিতভাৱে গ্ৰহণ কৰি আমি গ্ৰহণী-পেটকামোৰণি আদিকে ধৰি বহু ৰোগৰ পৰা সকাহ লাভ কৰাৰ উপৰি, নিঃসন্দেহে আমাৰ সুস্বাস্থ্য সুনিশ্চিত কৰিব পাৰোঁ। পেটৰ বেমাৰী বিশেষকৈ ‘ক্ৰণিক ডিচেন্ট্ৰী’ত ভোগা ৰোগীৰ বাবে ই সঁচাকৈয়ে প্ৰকৃতিৰ এক অনুপম উদাহৰণ।
লেখক: ভুবনেশ্বৰ ডেকা(দৈনিক অসম)
শেহতীয়া উন্নীতকৰণ: : 7/27/2022