অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কেতেকী

কেতেকীৰ গছ হ'ল বহু ঔষধি গুণাগুণৰ সম্ভাৰৰ বিষয়ে আলোচনা কৰা হৈছে

বিভিন্ন ধৰণৰ গছ লতিকাবোৰক প্ৰকৃতিৰ দ্বাৰা সৃষ্ট বনৌষধিৰ এক জীৱিত উদ্যোগ বুলি কব পাৰি । আপুনি নিজৰ আশে পাশে থকা গছ-গছনিৰ বাৰী আৰু ফল-মূলৰ বাগিছাসমূহত চকু ফুৰালেই এনে বহু ঔষধি গুণসম্পন্ন উদ্ভিদ বিচাৰি পাব । এনে এবিধ বহুপযোগী তথা ঔষধি গুণাগুণেৰে ভৰপূৰ সুগন্ধিত ফুলজাতীয় উদ্ভিদ হৈছে কেতেকী । অৱশ্যে কেতেকীৰ গছ মানুহৰ বাৰীতকৈ হাবি জংঘলত বেছিকৈ পোৱা যায় । কিন্তু বৰ্তমান যুগত হোৱা বনাঞ্চলৰ অবাধ ধংসকাৰ্যৰ ফলস্বৰুপে এইবিধ গছ দুষ্প্ৰাপ্য শ্ৰেণীৰ উদ্ভিদৰ অন্তৰ্ভূক্ত হৈছে ।
সাধাৰণতে পাতল,দীঘলীয়া,ঘনআৰু কাঁইটীয়া পাতেৰে সৈতে কেতেকীৰ গছ দুটা প্ৰজাতিৰ থাকে । এটা বগা আৰু আনটো হালধীয়া । এই গছৰ ফুল জানোৱাৰী- ফেব্ৰুৱাৰী মাহৰ পৰা ফুলিবলৈ লয় । কেতেকী গছৰ পাতেৰে শীতল পাটি,ছাতি আৰু টুপী প্ৰস্তুত কৰা হয় । এই গছৰ কুমলীয়া পাত আৰু ভিতৰৰ শাহ অংশক ভাৰতবৰ্ষৰ কোনো কোনো ঠাইত শাক হিচাপেও খোৱা হয় ।

কেতেকী ফুলৰ তীব্ৰ সুগন্ধত আকৰ্ষিত হৈ এই গছত সাপে প্ৰায়ে আশ্ৰয় লয় । সেয়ে পশ্চিমবংগৰ হিন্দু ধৰ্মাৱলম্বী লোকসকলে এই গছক সৰ্পকুলৰ ৰক্ষাকাৰী দেৱী মনসাৰ জন্মস্থান বুলি মানে । উল্লেখযোগ্য যে কেতেকী গছৰ দীঘলীয়া পাত গজানন গণপতিৰ হস্তালিকা পূজাৰ বিধি বিধানতো প্ৰয়োগ কৰা হয় ।
কেতেকীৰ গছ হ'ল বহু ঔষধি গুণাগুণৰ সম্ভাৰ । খৰ খজুৱতি আৰু ছালৰ ৰোগসমূহত এই গছৰ পাত পিহি লগালে আৰাম পোৱা যায় । কেতেকী পাতৰ ৰস ৪০-৬০ মিলিগ্ৰাম সেৱন কৰিলে শৰীৰৰ পৰা ঘাম ওলাই জ্বৰ নোহোৱা হয় আৰু মনলৈ স্ফুৰ্তি আহে । কেতেকীৰ তেলেৰে সদায় মালিচ কৰিলে ককালৰ বিষ নাইকীয়া হয় । কেতেকী পাতৰ ৰস বগা চন্দন মিহলাই নাকেৰে গোন্ধ ললে গ্ৰীষ্মকালত হোৱা মূৰৰ বিষ ভাল হয় ।
কেতেকীৰ ফুল পানী সুগন্ধিত কৰিবলৈ আৰু বিভিন্ন ধৰণৰ সুগন্ধি প্ৰস্তুত কৰিবলৈ ব্যৱহাৰ কৰা হয় । তামোলৰ টুকুৰা কেতেকীৰ ফুলত ৰাখি সুগন্ধিত কৰাৰ পাছত পানৰ সৈতে ইয়াক প্ৰয়োগ কৰা হয় । আধুনিক ৰন্ধনশালসমূহতো বিভিন্ন প্ৰকাৰে কেতেকীৰ পৰা তৈয়াৰ কৰা সুগন্ধিৰ প্ৰয়োগ ঘটা দেখা যায় । বিশেষকৈ উত্তৰ ভাৰতৰ ৰাজস্থানত ৰসগোল্লা,লালমোহন,ৰাবৰি,ৰসমালাইআদিত ইয়াৰ প্ৰয়োগ ঘটে । তদুপৰি অত্যন্ত সুগন্ধিত মোগলাই ব্যঞ্জনকো কেতেকীৰ সুগন্ধিয়ে চুই গৈছে । ইয়াৰ অকণমান গ্ৰহণ কৰিলেই সন্তুষ্টিৰ ভাৱেৰে মন তৃপ্ত হৈ পৰে ।

3.09375
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top