ঘৃতকুমাৰী যিদৰে মহৌষধ সেইদৰে ঘাতকো হব পাৰে। ঘৃতকূমাৰী বা ছালকুৱৰী (Aloevera)আয়ুৰ্বেদিক ঔষধ হিচাবে কেবাহেজাৰ বছৰৰ পৰা নানা ধৰণৰ ৰোগ নিৰাময়ত ব্যৱহাৰ কৰি অহা হৈছে। চৰক সংহিতা আৰু দ্ৰব্যগুণৰ গ্ৰন্থত ঘৃতকূমাৰীৰ ঔষধি গুণাগুণ আৰু প্ৰয়োগ বিতংকৈ বৰ্ণনা কৰিছে । ঘৃতকূমাৰীত ভিটামিন এ , বি কমপ্লেক্স , চি ,এমাইনো এচিড আৰু ফলিক এচিড যথেষ্ট পৰিমাণে থাকে । দেখাত একেযেন লাগিলেও কিন্তু ঘৃতকূমাৰীৰ প্ৰজাতি প্ৰায় তিনিশ । ইয়াৰ ভিতৰত চাৰিবিধ অতি উৎকৃষ্ট গুণবিশিষ্ট । এঘাৰবিধ ঘৃতকূমাৰী বিষাক্ত আৰু দুশ পছাশী বিধ ঘৃতকূমাৰী অতি কম গুণসম্পন্ন । আয়ুৰ্বেদিক ঔষধৰ কাৰণে ঋতু অনুসৰি ঘৃতকূমাৰী সগ্ৰহ কৰিব লাগে । ভৌগোলিক অৱস্থান ভেদে ইয়াৰ গুণাগুণৰ তাৰতম্য দেখা যায় । ৰাজস্থান অঞ্চলত পোৱা ঘৃতকূমাৰী শ্বাস-প্ৰশ্বাস ৰোগৰ বাবে উপকাৰী । উত্তৰ প্ৰদেশ আৰু বিহাৰ অঞ্চলত পোৱা ঘৃতকূমাৰী বাত বিষৰ বাবে উপকাৰী ।
বহুতো আয়ুৰ্বেদিক ঔষধৰ মূল উপাদান হিচাপে ঘৃতকূমাৰী ব্যৱহাৰ কৰা হয় । অন্য কিছুমান ঔষধ তৈয়াৰী কৰোঁতে ঘৃতকূমাৰী ৰসৰে ভাৱনা দিয়া হয় । আয়ুৰ্বেদিক ঔষধত ধাতু আৰু অন্যান্য খনিজ পদাৰ্থ ব্যৱহাৰ কৰাৰ আগতে ঘৃতকূমাৰী ৰসৰে শোধন কৰা।হয় । এই শোধন কামত ঘৃতকূমাৰী ৰস প্ৰয়োজন হয় ।
ঘৃতকূমাৰীৰ ৰস ব্যৱহাৰ কৰিলে শৰীৰ তথা তেজত থকা বিষাক্ত পদাৰ্থ. (Toxin) ঘাম আৰু পেচাবৰ জৰিয়তে নিৰ্গত হৈ শৰীৰ শোধন কৰে । আহাৰ হজম আৰু বিপাকত সহায় কৰে । বিভিন্ন যকৃত ৰোগ , স্ত্ৰীৰোগ , প্লীহাৰোগ , ৰক্তহীণতা , ঘাঁ (Ulcer) ইত্যাদি নানা প্ৰকাৰৰ ৰোগত কেবাহেজাৰ বছৰৰ পৰা ঘৃতকূমাৰী আয়ুৰ্বেদিক ঔষধ হিচাপে ব্যৱহাৰ কৰি অহা হৈছে । জুইয়ে পোৰা , মুখৰ ঘাঁ, শালমন , মুখৰ ছালত কলা দাগ পৰা , নানা প্ৰকাৰৰ চৰ্মৰোগ , অৰ্শ , ভগন্দৰ , পেটফুলাকে আদিকৰী ভালেমান পেটৰ ৰোগত ঘৃতকূমাৰীৰ পৰা তৈয়াৰী ঔষধ ব্যৱহাৰ কৰা হয় ।
ঘৃতকূমাৰীত কেলচিয়াম,মেগনেছিয়াম , আইৰন , মেঙ্গানিজ , ক্ৰমিয়াম , চডিয়াম , পটেচিয়াম ইত্যাদি খনিজ পদাৰ্থ প্ৰাকৃতিক ভাবে উপলদ্ধ । তাৰোপৰি ওপৰত উল্লেখিত ধৰণৰ নানা প্ৰকাৰৰ ভিটামিন সমূহ প্ৰাকৃতিক ভাবে পোৱা যায় । হেজাৰ হেজাৰ বছৰ ধৰি ব্যৱহাৰ কৰি অহা ঘৃতকূমাৰী " এলোভেৰা " নামেৰে প্ৰচাৰ কৰি দেশী-বিদেশী কোম্পানীয়ে আমাৰ দূৰ্বলতাৰ সূযোগ লৈ অধিক মূনাফা লাভ কৰিছে । উল্লেখযোগ্য যে কেবা হেজাৰ বছৰ ধৰি ব্যৱহাৰ কৰি অহা আয়ুৰ্বেদিক "কুমাৰ্যাসৱ" অতি উৎকৃষ্ট মানদণ্ডৰ আৰু দাম কেবাগুণ কম । সেয়েহে ভাবি চাওক , অধিক দাম দি এলোভেৰা খাব নে কম দামত উৎকৃষ্ট কুমাৰ্যাসৱ খাব ।
লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704
উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ
শেহতীয়া উন্নীতকৰণ: : 12/31/2021
আয়ুৰ্বেদৰ ত্ৰিদোষ সিদ্ধান্তৰ বিষয়ে লিখা হৈছে ।
আয়ুৰ্বেদিক ঔষধ মানেই পাৰ্শ্বক্ৰিয়াহীন নহয়, সেই বিষ...
আর্য়ুবেদ