অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

ঘৰুৱা চিকিৎসা

মানিমুনি শাক

ভেকুৰিৰ পাতৰ দৰে বহল ঘূৰণীয়া আকৃতিৰ পাতৰ এবিধ লতাজাতীয় উদ্ভিদ। আপোনা-আপুনি অলপ জেকা মাটিত ঘৰৰ পদুলি, বাৰীত ই গজে। এই মানিমুনি শাক দুবিধ। সৰু আকাৰৰ পাতৰ মানিমুনিক সৰু মানিমুনি বুলি কোৱা হয়। সকলো শাকৰ ভিতৰত মানিমুনি শাকেই উত্তম। ইয়াৰ কাণ্ড ফোঁপোলা আৰু কাণ্ডৰ পৰা যথেষ্ট ঠাল-ঠেঙুলি ওলায়। পাতবোৰ সৰু সৰু হয় আৰু প্ৰায় সৰল। প্ৰতিটো ফুলতে ৫ পাঁহ বেঁটুপাত পাঁচটা পাঁহি আৰু ৫ টা পুংকেশৰ থাকে। জুলাই আৰু আগষ্ট মাহৰ ভিতৰত ফুল ফুলা দেখা যায়। সাধাৰণতে হাতৰ কাষত ঘৰৰ পদূলিত পোৱা এইবিধ শাকৰ অসংখ্য ঔষধি গুণ আছে। যাক আমি সহজতে ব্যৱহাৰ কৰি বহু বেমাৰৰ পৰা আৰোগ্য লাভ কৰিব পাৰো। ঘৰতে চিকিৎসকৰ প্রয়োজন নোহোৱাকৈ বহু বেমাৰৰ পৰা পৰিত্ৰাণ পাব পাৰি।

গুণাগুণ

১। পেটৰ বিভিন্ন বেমাৰৰ মহৌষধ।

২। গ্ৰহণী ৰোগৰ কাৰণে পাতৰ ৰস উপকাৰী।

৩। ইয়াৰ পাতৰ পৰা পোৱা ৰসে শাৰীৰিক শক্তি বৃদ্ধি কৰে।

৪। ই হজম হোৱাত আৰু ভোক বঢ়োৱাত সহায় কৰে।

৫। মানিমুনি শাক প্রস্রাৱৰ ৰোগ নাশ কৰে।

৬। উচ্চ ৰক্তচাপৰ কাৰণে উপকাৰী।

৭। বহুমূত্ৰ ৰোগত ইয়াৰ পাতৰ ৰস তিনি চামুচ ১ চামুচ মিচিৰি গুৰিৰ লগত মিশ্রণ কৰি দিনে দুবাৰকৈ নিয়মীয়াকৈ খালে সুফল পোৱা যায়।

মহানিম

ভাৰতবৰ্ষৰ প্রায় সকলো ঠাইতে পোৱা যায়। সেউজীয়া, ওখ উদ্ভিদ। বালিচহীয়া মাটিত ভাল হয়। পাতৰ এটা মূৰ জোঙা আৰু পাতৰ কাষ খাজকটা। পাত-ছাল আদি সকলো অংশই তিতা। ফুলবোৰ সৰু সৰু আৰু বৰণ বগা।

গুণাগুণ

১। ইয়াৰ পাতৰ প্ৰধান গুণ হৈছে বসন্ত ৰোগ প্ৰতিৰোধ কৰিব পাৰে।

২। ইয়াৰ পাত বীজাণু আৰু কীটনাশক।

৩। মহানিমৰ পাত গৰম পানীৰে সিজাই খজুৱতি হোৱা ঠাইত ধুলে আৰু ৩ চামুচ কৰি মহানিমৰ পাতৰ ৰস খালীপেটত খালে খজুৱতি ভাল হয়। একেৰাহে ১০-১৫ দিন খাব লাগে।

৪। নিয়মীয়াকৈ খালীপেটত তিনি চামুচকৈ মহানিমৰ পাতৰ ৰস একেৰাহে ১০-২০ দিন খালে মেলেৰিয়া ৰোগ ভাল হয়।

উৎস: সাদিন।



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate