চতিয়না গছ অসমত সকলো ঠাইতে পোৱা যায়। চতিয়নাৰ পাতবোৰ দীঘল। ইয়াৰ একে ঠাইতে ছটাকৈ পাত হয়। ইয়াৰ পাতবোৰ ছিঙিলে বগা আঠা ওলায়। ইয়াৰ সংস্কৃত নাম ‘সপ্তপৰ্ণা’। এই গছত শীতকালত গুটি ধৰে আৰু শৰৎ কালত ফুল ফুলে। ইয়াৰ ছালৰ ৰস কেঁহা হয়। জ্বৰ, শ্বাসৰোগ, চৰ্মৰোগ, কৃমিনাশক, গ্ৰহণী, শক্তিহীনতা, দন্তক্ষয়, ৰক্তদোষ আদি বিভিন্ন ৰোগত চতিয়নাৰ পাত, ফুল আৰু ঠাল ব্যৱহাৰ কৰা হয়। গুণাগুণ আৰু ব্যৱহাৰ চতিয়নাৰ ছাল বাত বিষৰ বাবে উপকাৰী। বাতবিষ হ’লে ইয়াৰ দহ গ্ৰাম ছাল পানীত সিজাই পানীৰ পৰিমাণৰ চাৰিভাগৰ এভাগ হওঁতে নমাই প্ৰতিদিনে এক চামুচকৈ দুই-তিনিবাৰকৈ এমাহ খাব লাগে। এনেকৈ খালে বাত বিষ ভাল হয়। চতিয়নাৰ আঠা কুহুমীয়া গৰম পানীৰ লগত মিহলি কৰি কুল কুল কৰিলে দন্তক্ষয়, দাঁত পোকে খোৱা আৰু দাঁতৰ বিষ ভাল হয়। চতিয়নাৰ ছাল পুৰি ইয়াৰ ছাঁই একাপমান পানীত উতলাই তিনি ভাগৰ এভাগ হ’লে নমাই দিব লাগে। এতিয়া সেইখিনি চেকি ঠাণ্ডা কৰি দিনে এচামুচকৈ তিনিবাৰ খালে মেলেৰিয়া জ্বৰ আৰু অন্যান্য জ্বৰো ভাল হয়। চতিয়নাৰ ছাল পুৰি খাৰ প্ৰস্তুত কৰি ব্যৱহাৰ কৰিলে প্লীহা বৃদ্ধি ৰোগ ভাল হয়। চতিয়না ফুলৰ শুকান গুড়ি এক গ্ৰাম আধাকাপ কুহুমীয়া গৰম পানীৰ লগত মিহলি কৰি দিনে দুই-তিনিবাৰ খালে শ্বাসৰোগ, হাঁপানী, কাঁহ আদি ৰোগৰ পৰা আৰোগ্য লাভ কৰিব পাৰি। কেতিয়াবা কিছুমান মাতৃৰ স্তনত গাখীৰৰ পৰিমাণ কম হয়। দহ গ্ৰাম চতিয়নাৰ ছাল পানীত সিজাই চাৰি ভাগৰ এভাগ হওঁতে নমাই থব লাগে। সেই পানী আধা কাপ গৰু গাখীৰৰ লগত মিহলি কৰি এক সপ্তাহমান খালে মাকৰ স্তনত গাখীৰ বৃদ্ধি হয়। সকলো ধৰণৰ কুষ্ঠৰোগ আৰু চৰ্মৰোগ ভাল কৰিবলৈ হ’লে চতিয়নাৰ বাকলিৰ ৰস দুচামুচ গাখীৰৰ লগত মিহলাই নিয়মিত খাব লাগে। লেখিকা: সুমিত্ৰা গোস্বামী। বিশেষ সংযোজন: ৰীতু গগৈ।