অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

জবা ফুলৰ ঔষধি গুণ :

জবা ফুলৰ ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

জবা ফুল এবিধ সহজতে গজা ফুলৰ গছ।

জবা কেইবাবিধো আছে। তাৰে ভিতৰত ৰঙা জবা ফুলৰ ঔষধি গুণ বেছি।

জবা গছৰ পূৰঠ ডালৰ পৰা গছ গজে।

ই বহু বছৰ বাছি থাকে আৰু সহজে নমৰে।

সেয়ে বেছি যত্নৰ আৱশ্যক নহয়। জবা গছৰ কলিৰ পৰা ফুল হয়।

ইয়াৰ পাতৰ ৰং গাঢ় সেউজীয়া। ফুল আৰু পাতৰ ৰং গাঢ় সেউজীয়া। ফুল আৰু পাতৰ ৰস বীজলুৱা।

জবা গছৰ কিছুমান ঔষধি গুণ এনে ধৰণৰ-

*মহিলাৰ মাহেকীয়া অনিয়মিত হ’লে পুৱা খালী পেটত ৪-৫ পাহমান জবাফুল পিহি কেইদিনমান খালে ৰোগ নিৰাময় হয়।

*কেতিয়াবা বদ হজমৰ কাৰণে বমিভাব আহে। তেতিয়া জবা ফুলৰ ৰেণু পানীত মিহলাই খালে বমি হয় আৰু আৰাম পোৱা যায়।

*গ্ৰহণী ৰোগত জবা ফুলৰ কলি ২-৩টামান পিহি খালে ৰোগ সোনকালে ভাল হয়।

*মূৰৰ চুলি পাতল হ’লে জবা ফুলৰ পাত ১০-১২ টা পিহি মূৰত লগাই দুঘন্টামান পাছত ধুই দিব লাগে। এনেদৰে এমাহমান কৰিলে চুলি গজে।

*জবা ফুলৰ কলি ৩-৪টা ডালচেনিৰ লগত খালেও ঋতুস্ৰাৱ নিয়মীয়া হয়।

*জবা ফুল পিহি নাৰিকল তেলৰ লগত মিহলাই চুলিত সানিলে চুলি উজ্জ্বল আৰু ক’লা হয়।

*চুলি পকিলে জবা ফুল আৰু আমলখি একেলগে পিহি মূৰত লগালে চুলি পকা কমে আৰু চুলি সৰাও বন্ধ হয়।

লেখিকা: ললিতা শৰ্মা লহকৰ(অসম বাণী)

3.22222222222
আবুআলি Dec 17, 2018 09:24 PM

ভাল লাগিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top