অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

জালুকৰ ঔষধি গুণ

জালুকৰ ঔষধি গুণ

জালুক আমাৰ দৈনন্দিন খাদ্যসামগ্ৰীৰ অন্তৰ্গত এবিধ বিশেষ প্ৰাকৃতিক উপাদান । ৰান্ধনীশালত যেতিয়াই কোনো মছলাযুক্ত আহাৰ তৈয়াৰ কৰা হয় বা সেউজীয়া চালাডৰ গুণ অধিক সোৱাদযুক্ত কৰিবলৈ মন যায়,তেতিয়া প্ৰায়ে জালুকৰ প্ৰয়োগ কৰা হয় । পিহি লোৱা জালুকৰ গুড়ি চালাডৰ উপৰিও কটা ফল বা দাইল শাকৰ ওপৰতো ব্যৱহাৰ কৰা দেখা যায় ।

আহকচোন,জালুকৰ কেইটামান বিশেষ প্ৰয়োগৰ ওপৰত চকু ফুৰাওঁ......
(১) ছালত কোনোধৰণৰ ফোহাঁ উঠিলে কেইটামান জালুক এখন শিলৰ পতাত পানীৰে সৈতে পিহি অনামিকা আঙুলিৰে কেৱল ফোহাঁটোত লগাই দিলে সেই ফোহাঁটো বহি যায় ।
(২) এটা জালুক বেজিৰে ফুটা কৰি সেইটো চাকিৰ শিখাত জ্বলিবলৈ দিয়ক । এতিয়া তাৰ পৰা যি ধোৱাঁ ওলায়, সেইখিনি নাকেৰে টানি শৰীৰৰ ভিতৰলৈ যাবলৈ দিয়ক । এনে কৰিলে মূৰৰ বিষ দূৰ হয় ।
(৩) আধা চামুচ জালুকৰ গুড়িৰ লগত অকণমান ঘিউ মিহলাই পুৱা গধূলি নিয়মিত ৰুপত খালে চকুৰ দৃষ্টিশক্তি বাঢ়ে ।
(৪) চাৰি পাঁচটা জালুকৰ লগত পোন্ধৰটা খিচমিচৰ দানা চোবাই খালে কাহৰ ক্ষেত্ৰত লাভজনক হয় ।
(৫) যদি জ্বৰত ভোগে,তুলসী আৰু জালুক দি চাহ তৈয়াৰ কৰি খালে কিছু আৰাম পোৱা যায় ।
(৬) আপোনাৰ ৰক্তচাপ(blood presure) আছে নেকি ? তেন্তে দিনত দুই তিনিবাৰ পাঁচটা জালুকৰ লগত ২১ টা খিচমিচৰ দানা সেৱন কৰাৰ অভ্যাস কৰক ।
(৭) জালুকে শৰীৰৰ মেদ হ্ৰাস কৰাৰ ক্ষেত্ৰতো সহায় কৰে । শৰীৰৰ ওজন কমাবলৈ অন্য উপায় অৱলম্বন কৰাৰ লগতে আপোনাৰ আহাৰত জালুকৰ পৰিমাণ বৃদ্ধি কৰক ।

লিখক: ৰিদিপ ৰঞ্জন চেতিয়া



© 2006–2019 C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate